Friday 12 January 2018

সাধুকথা… গছজোপাৰ

গছজোপা এদিন হঠাৎ মৰি থাকিল৷

অথচ মৰাৰ কথা নাছিল, কোনোকালে৷  আৰু মৰিবই বা কিয়? ওচৰে পাজৰে এনেকুৱা সতেজ গছ অন্য এজোপা আছিল জানো? যেনেকুৱা মসৃণ তাৰ গা, তেনেকুৱাই ধুনীয়া তাৰ পাতৰ বাহাৰ৷ নাজানো কৰ পৰা উফৰি আহি জন্ম ল'লে, গছজোপাই নিজেওঁ নাজানে৷ কেৱল গৰাকীৰ ঘৰৰ সন্মুখত অৱজ্ঞা আৰু অপৰিচিত ধুলিবোৰ গাত সানি অকাৰণত হাঁহি থাকে গছজোপাই৷ আবেলিৰ বতাহজাকে অবাক হৈ চাই থাকে গছজোপাক৷ দুষ্ট চৰাইবোৰে আনন্দত হাঁহি হাঁহি ঢলি পৰে তাৰ গাত৷ কাষৰ গছবোৰে তালৈ চাই থাকে, আৰু কোৱামেলা কৰে, " ইচচ্, তাৰ অহঙ্কাৰ চা৷ ইমান সাহস যে গৰাকীৰ অনুমতি নোহোৱাকৈ সি বতাহত উৰিবলৈ যায়৷"

  গছজোপাৰ বন্ধু বুলিবলৈ আছিল ফৰিং কেইটা, নানাৰঙী৷ সিঁহতে ভাল পাইছিল গছজোপাক৷ দুখে সুখে থিয় দিছিলহি কাষত৷ মৰ ঠাণ্ডাত যেতিয়া গছজোপা থকথককৈ কপিছিল, সিহতে আহি কৈছিল, "ভয় নকৰিবি, আমিওঁ আছো লগত৷" আৰু যিদিনা ধুমুহাজাকে অশান্ত ৰূপ লৈ তাণ্ডৱ সৃষ্টি কৰিছিল, সিহতেওঁ  সেইদিনা তাৰ লগতেই কান্দিছিল৷

তাৰপিছত? বুকুৰ কান্দোনবোৰ বসন্তৰ বতাহ হৈ ঘূৰি অহাৰ দিনা সিহতেওঁ আনন্দ কৰিছিল৷ আকাশখন সেইদিনা ৰঙীন হৈ উঠিছিল, ৰঙা- গেৰুৱা…… বগা! চৰাইবোৰৰ কলকলনিত ৰঙীন হৈ পৰিছিল সেই আবেলিটো৷ বিদেশী চৰাইজনীয়েওঁ উমাল চাদৰখন উৰাই দিছিল সেইদিনা৷ ঠাণ্ডা পাবি, ভালকৈ থাক৷ আহিছিল সিহত গছজোপাৰ মনৰ উমান ল'বলৈ৷ "আহ তোক লৈ যাম আমাৰ দেশলৈ, যাবি? আমাৰ দেশত ৰাতিৰ মায়াবী ৰাতিবোৰত আকাশৰ পৰা জলপৰীবোৰ নামি আহে৷ তাত বৰফবোৰ শুই আছে পাহাৰৰ কোলাত৷ সেইবোৰ সকলো আমাৰ বন্ধু৷ ৰাতি বতাহবোৰে অৰণ্যত সংগীতৰ মেলা পাতে৷ যাবি?"

সি আছিল নিজৰ মতেই৷ কাকো একো কোৱা নাছিল৷ আকাশখনক কথা দিছিল, "এদিন তোৰ বুকুত লিখি দিম সাহসৰ আখৰবোৰ৷" পশ্চিমৰ বতাহজাকক কৈছিল, " ভালদৰে যাবি, অহাবাৰ আকৌ দেখা হ'ব৷" গৰ্ভৱতী মেঘখিনিক কৈছিল, "সাৱধানে থাকিবি ভনী৷ পাহাৰৰ বুকুখন সাৱটি আলফুলে শুই থাকগৈ যা৷"

মায়াবোৰ বুকুতেই সাৱটি এদিন সি মৰি থাকিল৷ লৰি আহিল বৃক্ষ, পক্ষী, মেঘ, বতাহৰ সমদল৷ সকলোৱে বাহ্যিক দুখ প্ৰকাশ কৰিলে৷ দিন শেষ, সকলো গুছি গ'ল কামে কাজে৷ ৰৈ থাকিল "ৰ'দালীবোৰ"৷ সিহতক ভাড়া কৰি অনা সময়খিনি পাৰ হোৱা নাই যে এতিয়াওঁ৷

ৰৈ গ'ল ফৰিঙটো৷ কেৱল ফৰিঙটোৰ চকুত পৰিল মৃত গছজোপাৰ শুকাই যোৱা গুৰি, পঁচি যোৱা বাকলিবোৰ৷ দেখিলে গছজোপাৰ প্ৰতিটো পাতৰ আগত লাগি আছো বগা তেজবোৰ৷ আৰু সি কি দেখিলে জানা? গছজোপাৰ ফোঁপোলা শৰীৰটোৱে হাঃ হাঃ কৈ হাঁহিছে৷ হাঁহিটোত আছে তাহানিৰে পৰা কঢ়িয়াই ৰখা সুখ, দুখ, হাঁহি, কান্দোন, শুকোৱা অশ্ৰুকণাবোৰ৷

গছজোপাৰ গৰাকীয়েওঁ কান্দিছিল সিদিনা৷ তেতিয়াই নতুন মালীজনে সুধিলে, "কাটি পেলাই দিওঁনে গছজোপা?"

" কাটিবলগীয়া হৈ আছিলেই, পলমহে হ'ল৷ ভালকৈ কাটিবি৷ তই অনা নতুন পুলিটো কাষতে ৰুই দিবি৷ ঠাইখিনি খালী হৈ থাকিলে কিবা অসম্পূৰ্ণ যেন লাগিব৷"

ফৰিঙটোৱে শুনি আছে কথাখিনি৷ কথা দিছে সাক্ষী  হৈ থাকিব শেষ দৃশ্যটো শেষ হোৱাৰ পিছতো গছজোপাৰ লগত থিয় দিয়াৰ৷

Friday 5 January 2018

:: বিবাহোত্তৰ::


বিয়া বাৰু যে ধেমালি কৰা বস্তু নহয় সেয়া বিজয়ে বিয়াৰ আগতেই অনুমান কৰি লৈছিল৷ নিজৰ প্ৰিয় পল্টন বজাৰত কিনা খাটখন দলিয়াই বেডৰুমলৈ ডিভান কিনি অনাৰ দিনাই বুকুখন মোঁচৰ খাই উঠিছিল৷ বুজি উঠিছিল, কিবা এটা হ'বলৈ গৈ আছে৷ ডিভানখনত ড্ৰয়াৰ নামৰ তিনিটা বিশাল বাকচো আছে৷ বিজয়ৰ মনটো পুৰণি দিনবোৰলৈ উৰা মাৰিলে৷ নিজৰ পঢ়া টেবুলৰ ড্ৰয়াৰটোকেই কোনোদিন ভৰ্তি কৰিব পৰা নাছিল সি, ফলক্ৰমে কোনোবা এদিন সি গম নোপোৱাকৈয়ে সেইটো গৈ পৰিণত হৈছিল এচট্ৰেত৷ ইতিমধ্যে সি ষ্টীল আলমাৰী, ডিভান কিনিলেই৷ তাত সোমোৱাবলৈ এক-দুই ট্ৰাক বাচন- বৰ্তন, কাপোৰ কিনিবলৈ আছেই৷ আৰু ভাবিবলৈ মন নগ'ল বিজয়ৰ৷

পৰিৱৰ্তন অাহিব বুলি জনা আছিলেই বাৰু৷ কিন্তু পৰিৱৰ্তনযে চুনামীৰ গতিত আহিবলৈ ৰৈ আছিল সেয়া বাৰু কোনে জানিছিল৷ পৰিৱৰ্তনৰ প্ৰথমজাক বতাহ আহিল বেডৰুমৰ চিলিং ফেনখনৰ পৰা৷ ফেনৰ ৰেগুলেটৰ তিনি নে পাঁচত থাকিব সেই লৈ ফুলশয্যাৰ নিশা হোৱা তুমুল বিতৰ্কৰ অন্তত বিজয়ে শৰীৰ আৰু মনৰ সমস্ত বিৰক্তি একগোট কৰি পুৱাই বাথৰুমলৈ খোজ ল'লে৷

বাথৰুমত সোমায়েই বিজয়ৰ মুৰটো ৰিমঝিম কৰিবলৈ ল'লে৷ কি ৰঙ, কি কাৰুকাৰ্য্য… ইমানদিনে বাথৰুম মানে আছিল লাইফবয় এটুকুৰা, ৰেজৰ, সস্তীয়া শ্বেভিং ক্ৰীম, অলপ ফিটকিৰী আৰু হাৰপিকৰ এটা গেলন৷ সেই ৰূপটোকেই অ'তদিনে মন্দিৰ জ্ঞান কৰি আহিছে সি৷ কিন্তু আজি এয়া কি! সেইদিনা যেন বিধাতাই সমগ্ৰ পৃথিৱীখন ওলট পালট কৰি বিজয়ৰ শান্ত পৃথিৱীখন তচনচ্ কৰি পেলাইছিল৷ যিখিনি ঠাইত ঠিয় হৈ বিজয়ে সদায় প্ৰাৰ্থনাৰ নামত বিৰবিৰ কৰিছিল, আজি তাতে এটা যান্ত্ৰিক লেবৰেটৰী বিৰাজমান৷ ৰেক এখনত বিভিন্ন বটল, কোনোবাটো প্লাষ্টিকৰ কোনোবাটো কাঁচৰ৷ তাতেই আছে পৃথিৱীৰ সমস্ত ৰঙৰ দোকানখন৷ ৰিমঝিম ভাৱটো সামান্য শাম কটাৰ পিছত বাথৰুমটো জৰীপ কৰাত নামি পৰিল বিজয়৷

চেম্পু দুই বটল, দেখিলেই ঘিণ লগা কণ্ডিচনাৰ এবটল, গা ধোৱা চাবোন, হাত ধোৱা চাবোন, চাৰি- পাঁচ ৰকমৰ অদ্ভূত বটল যাৰ কাম কি জানিবলৈ হ'লে চেলেকি চোৱাৰ বাহিৰে অন্য একো উপায় বিজয়ে দেখা নাই৷ তাৰোপৰি ৰেকত আৱিস্কাৰ হ'ল মুখ ধোৱাৰ চাবোন, মুখত সনা কিবা প্যেক, মুখত লগোৱা লোচন, মুখত লগোৱা জেল, মুখত লগোৱা স্ক্ৰাব, মুখত লগোৱা তেল, তাৰোপৰি আৰু মোটোমুটি পইত্ৰিশবিধ নাম নজনা ক্ৰীম৷

মুৰ ঘূৰণি আৰু বমিৰ ভাবটোৰ ৰেশ কাটিছিলহে মাত্ৰ, হঠাৎ এক দৃশ্য দেখি বিজয় ভুলুন্ঠিত হৈ পৰিল৷  বিজয়ৰ সেই কলেজীয়া দিনৰ চাবোনদানীটো আৰু লাইফবয়টুকুৰা ইতিমধ্যে স্থানচ্যুত হৈ অৱস্থান কৰিছে পাইখানাৰ মগটোৰ কাষত৷

দিব্যদৃষ্টিৰে বিজয়ে দেখিবলৈ পালে নিজৰ সুৰক্ষিত সাম্ৰাজ্য আজি মহম্মদ বিন টোগলকৰ আগ্ৰাসী আক্ৰমণৰ কবলত৷ ধুলিসাৎ হৈ পৰিছে সেই গৌৰৱ৷ মহন্ত বংশৰ ঐতিহ্যত যেন কোনোবাই ভেজাল কেৰাচিন ঢালি দিলে৷

খঙে ৰাগে উন্মত্ত বিজয়ে গীজাৰ বন্ধ কৰি বন্ধ দুৱাৰৰ ভিতৰৰ পৰা চিঞৰ লগালে,

-  বাথৰুমৰ এই দশা কিয়?

বিজয়ৰ গমগমীয়া কন্ঠ তেতিয়াওঁ দেৱালত থকা গণেশ হাৰ্ডৱেৰৰ কেলেণ্ডাৰত খুন্দা খাই অন্য দেৱালত থকা মাৰিয়া শ্বাৰাপ'ভাৰ পোষ্টাৰত খুন্দা খাই বতাহত ভাঁহি আছে৷ তেতিয়াই সেইফালৰ পৰা ভাঁহি আহিল এজাক মলয়া বতাহ৷

- কিবা কৈছা সোণটো?

- নাই মানে, হেৰি মানে...বাথৰুমত..."।

- বাথৰুমত কি"?

- মানে কৈ আছিলোঁ যে মোৰ স্কীণখনযে ইম্মান ডাঠ৷ কোনটো ফেইচৱাছ লগালে ভাল হ'ব কোৱানা! প্লিজ!

:হাই-ফাইভ::


ডেচমণ্ড হেইনচ্ ক্ৰীজত৷ ভাৰতীয় বলিং আক্ৰমণক তচ্‌নচ্ কৰি আকৌ এটা অৰ্ধশতকৰ দিশে অগ্ৰসৰ হৈছে৷ কপিলদেৱৰ নতুন অভাৰৰ প্ৰথম ব'লটোতেই এটা দৃষ্টিনন্দন স্কোৱেৰ কাট্, ব'ল বীটচ্ দ্যা ফিল্ডাৰ ফৰ য়েট এনাদাৰ ফ'ৰ৷ অভাৰৰ দ্বিতীয়টো ব'ল, হেইনচ্‌ৰ ক্ৰছ শ্বট্, বল বতাহত৷ শ্ৰীকান্ত বলৰ পিছে পিছে দৌৰিছে, এণ্ড ইটচ্ এ চুপাৰ্ব কেটচ্৷ হেইনচ্ আউট৷ ভাৰতীয় দল আনন্দত আত্মহাৰা৷ সকলো প্লেয়াৰ পথাৰৰ মাজলৈ দৌৰি আহিছে৷ শ্ৰীকান্ত আৰু কপিলদেৱে দুই হাত তুলি উভয়ৰে হাতৰ তলুৱাত জোৰে মাৰি দিলে৷

অলপ ডাঙৰ হ'লো৷ গম পালোঁ তেনেকৈ মৰাটোক "হাই ফাইভ" বোলে৷ আমিওঁ গলিৰ ক্ৰিকেট/ফুটবলত হাই ফাইভ মৰা আৰম্ভ কৰি দিলোঁ৷ আৰু অলপ ডাঙৰ হ'লোঁ, কলেজ পালোঁ৷ এতিয়া ক্ৰিকেট/ ফুটবলৰ বাহিৰেও লগৰবোৰক দেখাদেখি হ'লে হাই ফাইভ এটা মাৰি দিয়াৰ ট্ৰেণ্ড আহিল৷ অমিত, ৰাণাহঁতে মাজে মাজে ছোৱালীৰ লগতো হাই ফাইভ মাৰে৷ গতিকেই আমাৰ বন্ধুমহলত সিহঁতৰ বজাৰ দৰ বহুত ওপৰত৷ হিংসাত জ্বলি পুৰি মৰো, আৰুনো কি কৰিম!

কিবা লিখিবলৈ লৈ তেতিয়াৰ পৰা আকাশ চোপ্ৰাই অপেনিং কৰিবলৈ আহি ষ্টপ কৰি সময় নষ্ট কৰাৰ দৰে কৰি আছো৷ নৃত্যনাটিকা শেষ, আচল কথালৈ আহো৷ ঘটনাটোৰ হিৰ' বেলেগ, মই এনেয়েহে প্ৰথম পুৰুষত লিখি আছো দেই৷

ৰাতিপুৱাই নাথ চাৰৰ টিউচন৷ টোপনিৰ জাল কাটি কোনোমতে হাজিৰ হওঁ৷ চেন্টি, বাবন, পচা, আন্ধাৰ, গুটি আদিৰ সমষ্টিৰে পৃথিৱীৰ চাগে আটাইতকৈ গাধ টিউচন বেট্‌চ্৷ কোনো ৰস পম নথকা এটা টিউচন গ্ৰুপ৷ তাৰ মাজতে নাথ চাৰে এদিন মিহি ডাড়িকোঁচা  মোহাৰি এটা ভাল খবৰ দিলে৷

- অই চোলিহাত, গ'ধ্লা‌ৰ আপীৰ  বেটচ্‌টো কালিৰ পে তুহাৰ লগোত টিউচন কৰব'৷ ঠাণ্ডাৰ দিন, তাহাৰ ৰাতি ঘৰ পাউতে দেৰি হয়৷

সিদিনা ঘৰ যাওঁতে "এক্স হেয়াৰ জেল" এটা কিনি নিছো৷ পিছদিনা "জো জিতা ৱহী চিকন্দৰ"ৰ আমীৰ খানৰ দৰে চাইকেলখন লৈ টিউচনলৈ গৈ আছো৷ চাৰৰ ঘৰ পামেই আৰু, বাকীবোৰ মোতকৈ আগতেই হাজিৰ৷ সকলো ফুলবাবু হৈ গেইটত ৰৈ আছে৷ লগত আছে নিশা৷ আমাৰ সকলোৰে সপোন সুন্দৰী, দিল কী ধড়কন…… আৰু ক'ত যে কি! যেন "কুছ্ কুছ্ হোতা হ্যে"ৰ টিনা আৰু এইফালে আধা ডজন ৰাহুল৷  তুম নহী সমঝোগী!

হাই-ফাইভ! হাই-ফাইভ, মই আৰু নিশা! জীৱনত এনে এটা ক্ষণ আহিছিল যেতিয়া ময়ো অমিত, ৰাণাহঁতৰ দৰে হাই-ফাইভৰ সুযোগ পাইছিলোঁ, নিশাৰ স'তে৷ কিন্তু! জীৱন!

টিউচনৰ পৰা সেইবাৰ আমি পিকনিক খাবলৈ চানডুবিলৈ গৈছিলোঁ৷ সকলো আহি উপস্থিত৷ কেৱল নিশা নাই৷ কি বা হ'ল! মনটো মৰহি গৈছে৷ শেষ মূহুৰ্তত যেনিবা নিশা হাজিৰ হ'ল৷ জীউটো ঘূৰি আহিল৷ পিকনিকৰ বাছখন কিছুদুৰ আগুৱালে, মন কৰিলো নিশাৰ মনটো মৰা৷ ক'ত গ'ল তাইৰ সেই চঞ্চলতা যাৰ বাবে আমি সকলো হোলচেলত পাগল৷  সময়ত গৈ চানডুবি পালোঁ৷ ব্ৰেড, বাটাৰ, জাম, কমলাৰে ব্ৰেকফাষ্ট আৰম্ভ৷ মন কৰিলো তাই একো খোৱা নাই৷ মই আগুৱাই গৈ নিশাক বইল কণী এটা অফাৰ কৰিলোঁ৷ 

- মন নাই৷ তয়েই খা মোৰ ভাগৰটো৷

ইতিমধ্যে দুটা কণী খাইছিলোৱেই৷ তথাপি নিশাৰ কণী, এই সুযোগ আৰু জীৱনলৈ নাহে৷ ডিঙিত সোপা লাগি মৰিবলগীয়া হ'লেওঁ হাঁহি হাঁহি মৰিম৷ মাৰি দিলোঁ গোটে গোটে৷

সেইফালে খৰিয়ে ডিচপোজেবল্ গিলাচ কেইটা হাতত লৈ ৰৈ আছে৷ এতিয়া কোনোৱে নেদেখা ঠাই এটুকুৰা বিচাৰি বহাহে কথা৷ খৰিৰ ইঙ্গিতত যাবলৈ লৈছিলোহে৷ তেতিয়াই,

- শুনচোন৷

- কি?

- অলপ থাকচোন মোৰ লগত৷

নিশাই লগত থাকিবলৈ কৈছে! মাৰ গুলী খৰিক৷ চকুৰেই খৰিক ইঙ্গিত দিলোঁ, "তহঁত গৈ থাক"৷

- ব'লচোন অলপ খোজ কাঢ়ো৷ কথা আছে৷

বুকুখনে চিৰিঙকৈ মাৰিলে৷ তাৰমানে মোৰ প্ৰেম একপক্ষীয় নহয় নেকি? তায়ো? আগুৱাই গৈ আছো, চানডুবিৰ গভীৰলৈ, অৰণ্যৰ বুকু ফালি৷

- তোক মই বিশ্বাস কৰিব পাৰোঁ?

নিশাৰ চকুলৈ চালোঁ৷ ক্ৰন্দণৰত দুটা চকু৷ আস্ মই পাগল হৈ যাম৷

- কি হৈছে তোৰ৷ মই তোৰ বিশ্বাস নাভাঙো৷

- কালি ৰাতি চহৰীয়াৰ দোকানলৈ গৈছিলোঁ৷ পৰ্ক ম'ম' খাবলৈ৷

এই চেনী চহৰীয়াই এইক নিশ্চয় কিবা কৈছে৷ আজি গৈয়েই তপাক দি আছো৷

- কি কৰিলে সি?

- নাই  সি একো কৰা নাই৷ খোৱাৰ পিছৰ পৰা মোৰ পেটটো ঠিক নহয়৷ নাহিমেই বুলি ভাবিছিলোঁ পিকনিকলৈ৷ ব'লচোন অলপ ভিতৰলৈ যাওঁ৷

সেই মূহুৰ্তত কি কোৱা উচিত ভাবি নাপালোঁ৷ খৰিৰ হাতৰ ডিচপোজেবল গিলাচ কেইটা মনলৈ আহিল৷ এতিয়ালৈ শেষেই কৰিলে চাগে৷

অৰণ্যৰ মাজত এজোপা প্ৰকাণ্ড গছ৷

- তই অকণমান ৰ'বি হা৷ কোনোবা আহিলে মাতি দিবি৷

কৈয়েই গছজোপাৰ সিটো পাৰে অদৃশ্য হৈ গ'ল  তাই৷ ৰৈ আছো,মাজে মাজে চোৰাং চিকাৰীৰ আক্ৰমণ বুলি সচকিত হৈ উঠো৷ নাই সকলো ঠিকেই আছে৷ তাইহে!

গছৰ সিপাৰে তাই৷ মই এইপাৰে ৰৈ থকাটো নীতিগতভাৱে শুদ্ধ নে ভুল নাজানোঁ৷ কিছুপৰ তাতে ৰৈ শেষত ওচৰৰে গছ এজোপাৰ শিপাত বহি ভাবিবলৈ ধৰিলোঁ, এই যে নিশাই তাইৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অথচ জটিল সন্ধিক্ষণত মোকেই বাচি ল'লে তাৰে অৰ্থ কি? মোৰ পুৰুষত্বৰ বাবে সেয়া ভাল নে বেয়া? গৰ্ব কৰো নে কপাল থপৰিয়াওঁ? এই ঘটনা  বন্ধুমহলত গৈ শুনোৱাতো গৰ্ব নে অপমানৰ বিষয় হ'ব?

দ্বিধাগ্ৰস্থতাৰ মাজতেই সময়বোৰ উৰি গৈছে৷ নিশাৰ কোনো সাৰসুৰ নাই৷ শেষত ময়েই অধৈৰ্য্য হৈ মাত দিলো৷

- হোৱা নাই?

- হৈছে৷ পানী নাই লগত, কি কৰো?

বেগত এটা এক লিটাৰৰ পানীৰ বটল আছিল৷ দুইঢোক পানী পি বটলটো গছজোপালৈ লক্ষ্য কৰি দলি মাৰি দিলোঁ, বিৰক্তিত৷

- হৈছে৷ বল যাওঁগে৷

নিশাৰ মাতত চমকি উঠিলোঁ৷ পানীৰ বটলটো মোলৈ আগুৱাই দিছে৷ অলপো পানী নাই৷ থকাৰ আশায়েই বা কিয় কৰো৷

- দলিয়াই দে৷ পিকনিকত পানী পামেই, খাবলৈ৷

দুয়ো আগুৱাই গৈ আছো পিকনিকস্থলীলৈ৷ হঠাৎ মন কৰিলোঁ মোৰ অন্যমনস্কতাৰ সুযোগ লৈ নাকটো খুজোৱাৰ চল কৰি বাওঁহাতখন শুঙি চাইছে৷ শেষ! তাইৰ প্ৰতি থকা শেষ আকৰ্ষণখিনিওঁ হয়তো শেষ!

- মায়ে আহিবলৈ মানা কৰিছিল জান৷ কিয়যে আহিলোঁ নহয়৷ তই কাকো নক'বি হা৷ প্লিজ!

মুৰ দুপিয়াই তাইক বুজাই দিলোঁ কাকো নকওঁ৷ মনে মনে তাই নুশুনাকৈ অন্তৰেৰে কলোঁ,

- তই কিয় আহিলি নিশা, মাৰৰ কথা কিয় নুশুনিলি৷ মোৰ মন এনেকৈ ভাঙি দিয়াৰ অধিকাৰ তোক কোনে দিলে অ' নিশা৷

কাকো নকওঁ বুলি প্ৰতিশ্ৰুতি পোৱাৰ পিছত নিশাৰ মুখৰ হাঁহি আকৌ ঘূৰি আহিল৷ পিছমূহুৰ্ততে নিশাই দুই হাত ডাঙি মোৰ সেই বহু আকাংক্ষিত হাই-ফাইভ দিবলৈ আগুৱাই আহিল৷ বহুত ইচ্ছা গৈছিল, কিন্তু সোঁহাতখনে কিয় জানো নামানিলে৷ অগত্যা মোৰ বাওঁহাতখনেৰে তাইৰ সোঁহাতত খুন্দিয়াই "হাই-টু পইন্ট ফাইভ" কৰি সামৰিলোঁ৷

মোক ক্ষমা কৰি দিবি নিশা৷