Sunday 17 September 2017

সমান্তৰাল

##

গোটেই কথাখিনি মন দি শুনিলে সমুদ্ৰই৷ সমুদ্ৰগুপ্ত দত্ত গুৱাহাটীৰ এজন নামজলা মনোবিজ্ঞানী৷ টেবুলৰ সিপাৰে বহি গোটেই কথাখিনি কৈ কান্দোনত ভাঙি পৰিছে বাসৱী৷ তাইৰ সৈতে একেলগে বহি থকা অতনু তাইৰ তুলনাত অনেক শান্ত, নিৰুত্তাপ৷ কিন্তু মন কৰিলেই বুজা যায়, অত্যন্ত মনোযোগেৰে গোটেইখিনি কথা শুনি আছে অতনুৱে৷ কিছুসময়ৰ নীৰৱতাৰ অন্তত সমুদ্ৰই কথা আৰম্ভ কৰিলে৷

- চাওঁক মেডাম, মই ইয়াত চিন্তাৰ বৰ বিশেষ কাৰণ দেখা নাই৷ চাইক'লজীত, ইন ফেক্ট চাইল্ড চাইক'লজীত এইটো নতুন কথা নহয়৷ বিশেষকৈ আজিৰ যুগত৷ আপোনালোকৰ উদাহৰণেই দিছো, দুয়োজনে চাকৰি কৰে৷ সন্তানৰ ভৱিষ্যতৰ চিন্তা কৰিয়েই দিন ৰাতি একাকাৰ কৰি টাৰগেট, প্ৰমোচনৰ পিছত দৌৰিছে৷ ল'ৰাটো হয়তো কামকৰা ছোৱালী এজনীৰ লগতেই ডাঙৰ হ'ব ধৰিছে৷ সময় কটাবলৈ, খেলিবলৈ তাৰ হয়তো কোনো বিশেষ লগ বন্ধু নাই৷ তাতে এইবাৰ আপোনালোকে তাক নতুন স্কুলত দিলে৷ এনে সময়ত শিশুবোৰ একাকীত্বত ভোগে৷ আৰু সেই একাকীত্বই জন্ম দিয়ে এনে কাল্পনিক চৰিত্ৰৰ৷ সিহঁতে বিশ্বাস কৰিবলৈ ধৰে যে এই চৰিত্ৰবোৰৰ বাস্তৱ অস্তিত্ব আছে, এই চৰিত্ৰবোৰৰ সৈতে কথা পাতিবলৈ লয়, বন্ধুত্ব গঢ় লৈ উঠে৷ 

সমুদ্ৰই কথাখিনি কৈ উঠি বাসৱীলৈ চালে৷ বাসৱীয়ে যেন সমুদ্ৰৰ কথা শেষ হোৱালৈহে ৰৈ আছিল৷

– ইজ ইট এ চাইক'লজিকেল ডিচঅৰ্ডাৰ ডাক্তৰ? মানে অঙ্গদৰ  কোনো মেডিকেল ট্ৰিটমেন্ট…

- না না, একদম না৷ এয়া কোনো মানসিক সমস্যা নহয়৷ এইটো এটা ফেইজ বুলি ধৰক৷ এটা বয়সৰ পিছত অঙ্গদে নিজেই বুজিব এয়া ইমাজিনেৰী ফ্ৰেইণ্ড, বাস্তৱত তাৰ কোনো অস্তিত্বই নাই৷ নতুন স্কুল, লাহে লাহে বন্ধু বান্ধৱ বাঢ়িব, বাস্তৱ জগতত পৰিপক্ক হ'ব… সি নিজেই ঠিক হৈ যাব৷ আপুনি একদম চিন্তা নকৰিব৷ বহুত প্ৰাপ্তবয়স্ক মানুহৰো এনেকুৱা ইমাজিনেৰী ফ্ৰেইণ্ড থাকে৷ তেতিয়া অৱশ্যে কিছুক্ষেত্ৰত ট্ৰিটমেন্ট, কাউন্সেলিং আদিৰ দৰকাৰ হ'ব পাৰে৷ অঙ্গদৰ ক্ষেত্ৰত আপোনালোকে চিন্তা নকৰিব৷  ইমান ভয় কৰিবলগীয়া একো নাই৷ মোৰ নিজৰ ছোৱালীজনীৰ বয়স চাৰি বছৰ৷ তাই পুতলাবোৰৰ নাম দি লৈছে, সিহঁতৰ সৈতে কথা পাতে৷ সিহঁতেওঁ হেনো তাইৰ সৈতে কথা পাতে৷ অঙ্গদৰো তেনেকুৱাই হৈছে৷ অৱশ্যে অঙ্গদৰ ক্ষেত্ৰত কথাখিনি অলপ বেলেগ৷ তাৰ বন্ধুৰ কোনো বাহ্যিক ৰূপ নাই, সম্পূৰ্ণ কল্পনাশক্তিৰে সি এটা কাল্পনিক চৰিত্ৰৰ সৈতে বন্ধু হৈ পৰিছে৷ 

অলপ ইতঃস্তত ভাবে বাসৱীয়ে সুধিলে,

- কিন্তু ডাক্তৰ ক'লা মেকুৰী??

- হ'ব পাৰে৷ ক'লা মেকুৰী মানে কিবা অদ্ভূত বুলি কিয় ভাবি লৈছে? অমংগলীয়া আদি কথা আমি নিজে ভাবি লোৱা৷ বাৰু মেকুৰীটোৰ কথা আৰু অলপ কওঁকচোন, ডিটেইলচত৷ 

- এটা সৰু, ক'লা মেকুৰী৷ তাৰ চকুদুটা বেলেগ বেলেগ ৰঙৰ৷ এটা হালধীয়া, এটা নীলা৷ অঙ্গদে ইমান ধুনীয়াকৈ বৰ্ণনা দিয়ে যে প্ৰথমতে আমি সঁচাকৈ মেকুৰীটো আছে বুলিয়েই ভাবিছিলোঁ৷ কিন্তু তেনে কোনো মেকুৰী আমি ক'তো নেদেখিলোৱেই৷ প্ৰথমে ময়ো সেয়া তাৰ কল্পনা বুলি ধৰি লৈছিলোঁ৷ কিন্তু আজিকালি অঙ্গদে তাৰ কথা লৈয়েই দিনটো ব্যস্ত৷ মেকুৰীটোক গা ধুৱাই দিয়া, মেকুৰীটোৰ সৈতে খেলা, হেৰালে তাক বিছাৰি যোৱা…… এইবোৰ জানো স্বাভাৱিক ডাক্তৰ?

- মই আপোনাক আগতেই ক'লো, স্বাভাৱিক যেন নালাগিলেওঁ শিশুমনত এনে ভাবে দোলা দিয়াটো বহুত ডাঙৰ কথা নহয়৷ তথাপি আমি অঙ্গদক অৱজাৰ্ভ কৰিম৷ অঙ্গদ ভাল হ'ব, আপুনি নিশ্চিন্ত থাকক৷ 

 

ইমানপৰে মনে মনে থকা অতনুৱে এইবাৰ মুখ মেলিলে,

- তেন্তে ডাক্তৰ, চিন্তাৰ ইমান কাৰণ নাই?

- নাই৷ কিন্তু আপোনালোকে তাক মেকুৰীটো যে মিছা কিবা এটা সেয়া এতিয়াই ক'বলৈ নাযাব৷ যেনেকৈ চলিছে চলিবলৈ দিয়ক৷ জোৰ কৰি বুজাবলৈ গ'লে হিতে বিপৰীত হ'ব৷ তাক সময় দিয়ক৷ বুজি পাওঁ, আপোনালোক দুয়ো ব্যস্ত… তথাপি কৈছো৷ অঙ্গদহঁতক বয়সৰ শিশুৰ এয়াই বুদ্ধি, স্মৃতি বিকাশৰ সময়৷ এই সময়খিনিত একাকীত্বই ভৱিষ্যতলৈ সমস্যা সৃষ্টি কৰিব পাৰে৷ 

##

- মা!

- উমম, কোৱা৷

- টুকটুক আকৌ কৰবাত হেৰাই গ'ল মা৷ 

কাইলৈ অফিচত প্ৰেজেন্টেচন আছে৷ লেপটপৰ পৰ্দাৰ পৰা মুৰ তুলি বাসৱীয়ে অঙ্গদলৈ চালে৷ মোলান পৰা মুখখনেৰে অঙ্গদে মাকলৈ চাই আছে৷ এই মুখখন বাসৱীৰ চিনাকী, অথচ তাইৰ সামৰ্থ্য নাই  অঙ্গদক বুজোৱাৰ, এয়াযে সঁচা নহয়৷ অঙ্গদৰ কল্পনা মাত্ৰ৷ 

- টুকটুক ইয়াতেই লুকাই আছে মা৷ বলানা বিছাৰো৷ 

" অলপ ৰৈ দিয়াচোন, সি নিজেই আহিব"- ক'ব খুজিওঁ ৰৈ গ'ল বাসৱী৷ সময় দিব লাগিব অঙ্গদক… সময়! পাৱাৰপইন্ট প্ৰেজেন্টেচনখনে মুখ মেলি ৰৈ থাকিল…

- ব'লা বিছাৰো৷ 

অঙ্গদে বাসৱীক পুৰণা ঘৰটোলৈ টানি আনিলে৷ বিল্ডিঙটো সজাৰ পিছত এই ঘৰটো এতিয়া এনেই পৰি আছে৷ 

- মা, টুকটুক ইয়াতে লুকাই থাকে জানা৷ তুমি এবাৰ বিছাৰি চোৱানা৷

- কিয়? তুমি নোচোৱা কিয়?

- আন্ধাৰ যে! মোৰ ভয় লাগে৷ 

- ব'লা আজি দুয়ো বিছাৰিম!

বাসৱীয়ে লাহেকৈ দুৱাৰখন খুলিলে৷ অন্ধকাৰ, অদ্ভূত গোন্ধৰ সংমিশ্ৰণ এটাই খেলি গ'ল৷ চুইচবোৰ্ডখন খেপিয়াবলৈ লওঁতেই চমকি উঠিল বাসৱী৷ 

পুৰণি আলমাৰীটোৰ ওপৰত দুটা উজ্বল কিবা৷ এটা হালধীয়া, এটা নীলা!!

বাল্বটো জ্বলায় দিয়াৰ লগে লগে একো নাই৷ একোৱেই নাই৷ 

- মা ব'লা টুকটুক ইযাত নাই৷ 

কি বা!! এক অস্বস্তি!!

## 

- ডাক্তৰ সমুদ্ৰ, অতনুৱে কৈছিলোঁ৷

- হয় হয়, কওঁক৷ 

- আপুনি সঁচাকৈ কি ভাবে কওঁকচোন৷ বৰ অশান্তিত ভুগিছো মই৷ 

- অতনু ডাঙৰীয়া, মই আপোনাৰ সতে ভালকৈ বহিম৷ এইবোৰ কথা ফোনত নহয়৷ আপুনি এদিন ইয়ালৈ আহক৷ ফোন কৰি আহিব৷ 

- ঠিক আছে৷ 

## 

- মা৷

- কোৱা৷

- টুকটুক আকৌ হেৰাইছে৷

- হয় নেকি? ব'লা আমি বিছাৰিম৷ 

- ব'লা৷ 

দুয়ো মিলি টুকটুকক বিছৰাত লাগিল৷ অঙ্গদ আগে আগে৷

-  এটা কথা কোৱাচোন৷ টুকটুক কিমান দিনৰ পৰা তোমাৰ লগত আছো৷

- মই দেখোন তোমাক কৈছিলোৱেই৷ তুমি মনেই নিদিলা চাগে৷

- মই আজিকালি বৰকৈ কথা পাহৰো অ'৷ আকৌ এবাৰ কোৱাচোন৷ 

- নাই নকওঁ, বেয়া পাইছো তোমাক৷ 

- বেয়া নাপাবাচোন৷ তুমি নক'লে দেখোন আমি টুকটুকৰ ঘৰ অহা এবছৰ চেলিব্ৰেট কৰিবই নোৱাৰিম৷ মই এটা ডাঙৰ কেক আনি চেলিব্ৰেট কৰিম বুলি ভাবি আছিলোঁ৷ 

অঙ্গদৰ চকুৱে মুখে উৎসাহৰ চিন স্পষ্ট৷ 

- সঁচাকৈ মা??

- একদম সঁচা৷ এতিয়া মোক কোৱা, টুকটুক কেতিয়াৰ পৰা ইয়াত আছে৷ 

- আমি যে আইভী মাহীৰ ঘৰলৈ যাওঁতে মেকুৰীৰ পোৱালি হৈছিল তোমাৰ মনত আছে?

- অ' আছে৷

- তাৰে এটা পোৱালিৰ লগত মোৰ দোস্তি হৈ গেছিল৷ তুমি যে কৈছিলা মেকুৰীয়ে চিন ৰাখিব পাৰে, মনত আছে৷

- অ' আছে৷

- টুকুটুকেওঁ মোৰ চিন ৰাখি থ'লে৷ এদিন বৰষুণত তিতি তিতি সি আমাৰ ঘৰ আহি ওলাইছে৷ 

এটা হুমুনিয়াহ কাঢ়িলে বাসৱীয়ে৷ আইভী থাকে দিল্লীত৷ বাসৱীহঁত গুৱাহাটীত৷ 

## 

- আহক, অতনু ডাঙৰীয়া৷ 

- অলপ পলম হ'ল ডাক্তৰ৷ বেয়া নাপাব, কওঁকচোন মাতি পঠিয়ালে যে৷ 

সমুদ্ৰ গম্ভীৰ হৈ বহি আছে৷ কিছুসময়ৰ নীৰবতাৰ অন্তত সমুদ্ৰই আৰম্ভ কৰিলে৷

- আপোনাক খোলাকৈ কৈছো৷ কেচটোত মই এতিয়া কনফিডেঞ্চ ফীল কৰা নাই৷ মানুহৰ মন, ডাক্তৰৰ কথা বাদেই দিয়ক, সেই ব্যক্তিজনে কেতিয়াবা নিজেওঁ ধৰিব নোৱাৰে৷ তথাপি মই কথা দিছো, মই এই কেচটো স্পেচিয়েলী লৈছো৷ যিমান পাৰো যুজিম৷ কিন্তু পেচেন্টৰ একো উন্নতিয়েই দেখা নাই৷ ক'ব টান পাইছো, মই লাহে লাহে নিজেই হতাশ হৈ পৰিছো৷ 

- এটা কথা সোধো ডাক্তৰ?

- নিশ্চয়৷

- সমস্যাটো ঠিক নহ'লে পিছলৈ কি হ'ব পাৰে?

- এনেকৈ কোৱা দিগদাৰ৷ আগতেওঁ কৈছো, সময় দিয়ক৷ মই লাগি আছো, বাহিৰৰ এক্সপাৰ্টৰ সৈতে যোগাযোগো কৰিছো৷

- চিধাচিধি ক'লে এয়া পাগল হোৱাৰ লক্ষণ?

- নহয়, পাগলামী বুলিলে ভুল হ'ব৷ ৰোগীৰ কথা বাৰ্তা, দৈনন্দিন জীৱন সকলোঁ স্বাভাৱিক৷ কেৱল সেই এটা ভ্ৰান্ত ধাৰণা… সেই কাল্পনিক চৰিত্ৰ… তাক লৈয়েই গোটেই চিন্তা ভাৱনা, কথাবাৰ্তা, পৃথিৱীখন৷ 

অতনুৰ চকু সেমেকি উঠিছে৷ 

- মই পৰা নাই৷ সদায় চকুৰ সন্মুখত এই দৃশ্য৷ মই দুৰ্বল হৈ পৰিলেওঁ ঘৰত প্ৰকাশ কৰিব নোৱাৰো৷ মই পৰা নাই ডাক্তৰ৷

সমুদ্ৰই কিবা ক'বলৈ গৈ ৰৈ গ'ল৷ 

অতনুৱে বিৰবিৰাই কৈ গৈছে…

- মই পৰা নাই ডাক্তৰ… নোৱাৰিছো অভিনয় কৰিব৷ মই কেনেকৈ বাসৱীক ক'ম এয়া যে এক ভাল নোহোৱা বেমাৰ? কেনেকৈ বাসৱীক ক'ম যে অঙ্গদ বুলি আমাৰ কোনো নাই, কেতিয়াওঁ নাছিলেই!

No comments:

Post a Comment