Sunday 13 August 2017

দ্ৰোণ পৰ্ব

চাৰিওফালে তয়াময়া যুঁজ!!

অৱশ্যেই একপক্ষীয়৷ গুৰু দ্ৰোণ ফুল ফৰ্মত৷ এফালৰপৰা পাণ্ডৱ সৈন্য চাফা কৰি গৈ আছে৷ একেবাৰে "কালা হিট" এটা লৈ বেডৰুমত তাণ্ডৱ চলোৱা এটিটিউট্৷

অৱস্থা দেখি নকুলে কাষৰ ফাৰ্মাছীখনলৈ দৌৰ দিলে, কেইটামান লম'ফেন সোনকালে আনি থৈ দিয়াই ভাল হ'ব৷ সহদেৱে সেই তেতিয়াতেই লাইটাৰ আনিম বুলি যি শিবিৰলৈ খোজ ল'লে, এতিয়ালৈ পাত্তা নাই৷ ভীমৰো কৰিবলৈ বিশেষ কাম নাই৷ গদাৰ মুঠিটোৰে পিঠি খজুৱাই বহি আছে৷ এইফালে আউট্  অফ চিলেবাচ প্ৰশ্ন দেখি অৰ্জুন কৃষ্ণৰ ওপৰত গৰম৷  " ##, মই জানিছিলোৱেই এই কেচ হ'ব৷ সেইবাবেই আৰম্ভণিতে ফান্দা মাৰি ৱাক অভাৰ দি পলোৱাৰ ধাণ্ডা  কৰিছিলো৷ এইজনা আকৌ ওলাল গীতাগিৰি কৰিবলৈ৷ এতিয়া কেইচ্ দেখি চুপ হৈ বহি আছে৷"

যুধিস্থিৰৰো মুখৰ মাত নাই৷ যুদ্ধুক্ষেত্ৰৰ দক্ষিণ কোণত অকলে বহি লৈ এডাল্ট জোকচৰ কিতাপ পঢ়ি নাৰ্ভাচনেচ্ কমোৱাৰ চেষ্টাত ব্ৰতী৷

কৃষ্ণই দেখিলে কিবা এটা নকৰিলে বিপদ আছে৷ টীম ইণ্ডিয়াৰ দৰে পঞ্চ পাণ্ডৱক লৈ হাডল্ কৰি ষ্ট্ৰেটেজীৰ সন্ধানত নামি পৰিল কৃষ্ণ, সহদেৱৰ পিছে তেতিয়ালৈ ঘুৰি অহাৰ নাম নাই৷ শেষত গৈ এটাই ৰাস্তা ভাবি পোৱা গ'ল-
" আউট্ অফ বক্স চলিউচন্"

নকুলে মিহিকৈ অফাৰ দিলে, "সহদেৱে খুউব ভাল আউট অফ দা বক্স ভাবিব পাৰে৷ মই এটা কাম কৰো, শিবিৰলৈ গৈ তাৰ লগত বহি আউট অফ শিবিৰ কিবা ভাবি পাওঁ নেকি চেষ্টা কৰো৷

যুধিস্থিৰে মাত দিলে, "এইকেইদিন নতুন অনলাইন ৰামিৰ গেইম এটা ডাউনলোড কৰি খেলি আছো, এক্সপাৰ্টাইজো আহিছে ভালেখিনি৷ দুৰ্যোধনক চেলেঞ্জ কৰি দিম নেকি"?

" কিন্তু এই আউট অফ বক্সৰ বাকচটো ক'ত ভাইলোগ? তেতিয়াৰ পৰা বিচাৰি আছো" - বেকগ্ৰাউণ্ডত ভীমৰ মাত৷

পাণ্ডৱৰ পাৰফ'ৰমেঞ্চ দেখি অগত্যা কৃষ্ণ নিজেই আউট অফ বক্স চলিউচন ভবাত ব্যস্ত হ'ল৷ সত্যবাদী  যুধিস্থিৰে মিছা মাতিলেই গুৰু দ্ৰোণৰ পিলাই চমকি যাব, সেই সুযোগতে দ্ৰোণক দুৰ্বল কৰি কাম হাঁচিল কৰাৰ সোণালী সুঁযোগ৷ মিছা মাতিব লাগিব বাবে যুধিস্থিৰে অলপ আপত্তি দৰ্শাইছিল, পিছে আইডিয়েলিজমতকৈ ৰাজসিংহাসনৰ ৰেভিনিউ বেছি দেখি পিছত সুৰসুৰকৈ মান্তি হ'ল৷

কৃষ্ণই যুধিস্থিৰৰ কাণে কাণে মিছা কোৱাৰ প্লেন A আৰু প্লেন B বুজাই দিলে৷

প্লেনমতে কাম৷ দ্ৰোণক দেখাৰ লগে লগেই যুধিস্থিৰে প্লেন A ফায়াৰ কৰিলে, "অশ্বত্থামা হত, বিপ বিপ"। শুনিয়েই দ্ৰোণ থমকি ৰ'ল৷ যুধিস্থিৰৰ ফালে লাহেকৈ  চাই মাত দিলে, " আহ, ভেৰী ভেৰী চেড্, ৰহ তঁহতক এইবাৰ ডাবল ড'জ দি আছো"৷

ভয়ত যুধিস্থিৰৰ কেৱল সৰুপানী চুবলৈ বাকী৷ কোনোমতে মৰণত শৰণ দি প্লেন B এৰি দিলে, "আই  হেভ ৰেড্ অল দ্যা অফাৰ ডকুমেন্টছ্ কেয়াৰফুলি বিফোৰ ইনভেষ্টিং"৷

ধৰ্মৰাজৰ মুখত এনে গোকোট মিছা শুনি অসহায় বোধ কৰিলে দ্ৰোণে৷ চাৰিওঁফালে ধুৱলী কুঁৱলী দেখিলে৷ নিজকে চম্ভালিব নোৱাৰি ভূ লুন্ঠিত হৈ পৰিল গুৰু দ্ৰোণ৷ বাকী ৰৈ যোৱা কামখিনি ধৃষ্টদ্যুম্নই অতি সহজতে সমাধা কৰি ল'লে৷

গোটেই কথাখিনি বহলাই লিখি ব্যাসদেৱক এটা দীঘলীয়া হোৱাটচএপ্ এৰিলে ধৰ্মৰাজে৷ ব্যাসদেৱে মেছেজটো পঢ়াৰ আগতেই আৰু এটা মেছেজ এৰিলে,

- দাদা, প্লেন Bৰ ৰেফাৰেঞ্চটো মেইন স্ক্ৰিপ্টত নাৰাখিলে বেছি ভাল লাগিব নেকি? নে কি কয়"?

Thursday 10 August 2017

:: পাটৰ পাক::

ৰবিবাৰৰ এটা অলস সন্ধিয়া৷ শ্ৰীমতীৰ চেফটী পিন এটাৰে কাণখন চাফা কৰি আছিল কলিতাবাবুৱে৷ টেবুলত এটা লাৰ্জ পেগ আৰু এবাটি বাদাম, মৃদু স্বৰত জয়ন্ত হাজৰিকাৰ গান বাজি আছে৷ এটা মন ভাল লগা পৰিৱেশ৷ 

হঠাৎ সন্মুখত এক নাৰীমূৰ্তিৰ আৱিৰ্ভাৱ৷ সচকিত হৈ বহিল কলিতা৷ 

- কোনপাট ভাল লাগিছে? 

কি "পাট"ৰ কথা বা সুধিলে৷ আহিয়েই বাউঞ্চাৰ৷ ডাক কৰিবলৈওঁ সুবিধা নাপালে কলিতাই৷ 

- অ'…… মানে মানে!

- কাণফুলিৰ কথা কৈছো৷ এইখন কাণৰপাট ভাল লাগিছে নে এইখনৰ পাট৷ 

সন্ধিয়াৰ আমেজটোত কোনোবাই যেন পাঁচটামান ভোট জলকীয়া সানি দিলে৷ চন্দ্ৰত নামিয়েই যেন নীল আৰ্মষ্ট্ৰঙে সন্মুখত বাপ্পী লাহিড়ীক দেখিলে৷ 

- কাণফুলি?

- ইয়েচ্ কাণফুলি৷

কলিতাবাবুৰ মাথাৰ স্ক্ৰুবোৰ মচৰমচৰ কৰি উঠিল৷ ফুলি৷ কাণফুলি৷ এনেই ভাবি চালে কলিতাই৷ কলিতাৰ জীৱনত কাণফুলিৰ গুৰুত্ব কিমান বাৰু৷ কলিতাৰ মগজু কেতিয়াবা কম্পিউটাৰতকৈ বেছি চলে৷ সেইদিনাওঁ কলিতাই  লগে লগে প্ৰায় চাৰিশমান বস্তুৰ কথা মনত পেলালে৷ নাই,  লিষ্টখনত  কাণফুলি নাছিল৷ 

ভাল কাণফুলি নে বেয়া কাণফুলি!

এই মূহুৰ্তত GSTতকৈওঁ গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ বাদামৰ বাতিটোত চকু দি এটা হুমুনিয়াই কাঢ়িলে কলিতাই৷ পেগটো শেষ কৰিবলৈ গাহৰি ভজা দিব নে মাছ ভজা দিব, সেয়াওঁটো সুধিব পাৰিলেহেঁতেন৷

যা হওঁক, প্ৰশ্নটো যে এভইড্ কৰিব নোৱৰা ধৰণৰ সেয়া ইতিমধ্যে কলিতাই বুজি উঠিছে৷ কাইলৈ বজাৰ  কৰিবলৈ গৈ কিবা এটা আনিবলৈ পাহৰি থাকিল, তাৰে বকনি আছেই৷ তাৰ ওপৰত আৰু এইটো টপিকত শুনিব নোৱাৰি৷ এটা ভুলৰ বাবে প্ৰায় বাইশ তেইশ বছৰমান ইনষ্টলমেন্টত গালি শুনিব লাগে বুলি আইডিয়া এটা হৈ গৈছে কলিতাবাবুৰ৷ বৰ্তমান কলিতাবাবুৰ হাতত এক সুৱৰ্ণ সুযোগ, কালিৰ পাহৰা বস্তুটোৰ বাবে খাবলগীয়া গালিখিনি অলপ হ'লেওঁ কমোৱাৰ৷ চোফাখনত অলপ ৰিলেক্স হৈ বহি ল'লে তেওঁ৷

- চাওঁ কেনেকুৱা কিনিছা৷

কাণফুলি চাই, পিটিকি, তেল-মছলা দি চোবাই খালেওঁ ভাল বেয়া বিচাৰ কৰাৰ দম নাই কলিতাবাবুৰ৷ তথাপি আগুৱালে, আৰে ভাই টিমস্পিৰিট্ দেখুৱাব লাগিব না! 

- আৰু অলপ ওচৰলৈ আহাচোন৷ ভালকৈ চাওঁ৷ 

ভালকৈ চেষ্টা কৰি চালে হয়তো পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন বেলেগকৈ উলিয়াই দিব পৰা যাব৷ কিন্তু কাণফুলিৰ ভাল বেয়া? আজিহে আজি৷ সিদ্ধান্ত নিদি উপায় নাই, সেয়াওঁ ইতিমধ্যে কলিতাবাবুৱে বুজি উঠিছে৷ 

- সোফালৰপাটত এটা খুউব হেৰি ভাব আছে বুজিছা, মানে তামাম গৰ্জিয়াছ৷ কিন্তু মই কম বাওঁফালৰপাট বেছি মজ্জা৷ মানে আচলতে কি জানা, তোমাৰ যিটো ইনহেৰেন্ট হেৰি,  সেইটো বাওঁফালৰপাটে বেছি ফুটাই তুলিছে৷ 

হেৰি!! কেতিয়াবা হেৰিতকৈ মজবুত শব্দ বিছাৰি পোৱা নাযায়৷ যত্ৰ, তত্ৰ, সৰ্বত্ৰ ইয়াক ব্যৱহাৰ কৰি সাৰি পলাব পৰা যায়৷ 

বাওঁফালৰ কাণফুলি! ঠিক সময়ত কেনেকুৱা এটা গুৱেভাৰা ফ্লেভাৰৰ উত্তৰ দি দিলে৷ ভাবিয়েই তৃপ্তি পালে কলিতাই৷ ঠিক তেতিয়াই যেন মিথুনে চাইকেলৰ আঁৰত লুকাই লৈ মৰা গুলীয়ে বিদ্ধ কৰি পেলালে কলিতাক৷ 

- চব জানো মই৷ কেতিয়াবা মোৰ মাৰ ঘৰৰ পৰা অনা কিবা বস্তু তোমাৰ পচন্দ হৈছেনে আজিলৈকে? সদায় একেই স্বভাৱ৷ মোৰ মা- দেউতাই তোমাৰ কি ক্ষতি কৰিছিল কোৱা!

কলিতাৰ বুকুৰ ভিতৰত প্ৰকাণ্ড "আজি মল্লু যাহ" এটাই ডবা কোবাই গ'ল৷ কি কাণফুলি, কি সোঁ ফাল, কি বাওঁফাল…… সোনকালে ভাতকেইটা হ'লে শুই থাকিবই পৰা গ'লহেতেন৷ 

- নহয় অ', তুমি বুজা নাই৷

- কি বুজা নাই?

- সমস্যাটো হৈছে টিউব লাইটটোৰ বাবে৷ নিজেই চোৱা, তোমাৰ মুখৰ সোঁফালে একদম আন্ধাৰ৷ মই কালিয়েই 'এল ই ডি বাল্ব' লগোৱাম ৰ'বা৷ চাওঁ এইফালে ঘূৰি দিয়া, বেছ৷ এইবাৰ বঢ়িয়াকৈ দেখিছো, একদম স্পষ্ট৷ অ' মাই গড! সোঁফালৰ পাটৰ ফিনিছিং চোৱা৷ হেৰিয়েই বেলেগ একদম৷ মই এতিয়াওঁ কম, বাওঁফালৰপাট ধুনীয়া, কিন্তু সোঁফালৰপাটে ফিনিছিঙত গেইম খেলি দিলে৷ তোমাৰ মায়ে পছন্দ কৰিছে চাগে ন'?

- অ'৷

- ঠিক জানিছিলোঁ৷ তোমাৰ মাৰ পচন্দ সদায় ইউনিক হয়েই৷ অহা ৰবিবাৰে এটা প্লেন ভাবিছো৷

-  কিনো? কোৱাচোন৷

- তোমাৰ ভন্টীয়ে যে তোমাক এখন সেউজীয়া কাঞ্জীৱৰমৰ শাড়ী গিফ্ট কৰিছিল, সেইখনৰ লগত মায়ে দিয়া এইজোৰ পিন্ধি ওলাবা৷ সোণাপুৰৰ ফালে  ওলাম, মানুহে তোমাক ঘূৰি ঘূৰি চাব!

কলিতা এতিয়া ইন্টাৰনেচনেল হস্পিটেলত বহি আছে৷ ডাক্তৰে মুৰৰ চিলাইকেইটা কৰা হ'লেই ঘৰলৈ যাব পাৰিব বুলি কৈছে, এডমিট হ'ব নালাগে হেনো!

শাড়িখন কাঞ্জিৱৰমৰ নাছিল, পাটৰ আছিল৷  

:: কৰ্পৰেট ভূত ::

পোন্ধৰ মিনিটমান হ'ল৷ মৰাৰ পিছত কাম বন বুলিবলৈ বিশেষ নাই৷ এনেই ইফালে সিফালে ঘূৰি আছো৷ সন্মুখৰ ঘড়ীটোত সময় চালোঁ, আঠটা বাজিছে৷ পঞ্জিকা হিচাপত আৰু দুঘন্টা আছে যমদুতক আত্মাটো হেণ্ডঅভাৰ কৰিবলৈ৷ মই সম্পূৰ্ণ সাঁজু হৈ আছো,যমদূতৰহে তেতিয়াৰপৰা একো খা খবৰ নাই৷

বৈদ্য কামোৰ খাইছো৷ আটাইতকৈ ডাঙৰ ভেজালটো হৈছে যে মৰাৰ পিছত ফ্ৰি জিঅ' চিমখনে  কাম কৰা নাই৷ এনেই এইখিনিত এয়াৰটেলৰ নেটৱৰ্ক বেয়া নহয়৷ পিছে সেইখন ৰিচাৰ্জ কৰা বাদেই দিলোঁ নহয়, কাম কৰিলেহেঁতেন যদিওঁ এতিয়া জনাৰ একো উপায়েই নাই৷ এতিয়া যমদূত নহালৈ বতাহত ভাহি ফুৰাৰ বাদে মোৰ বেলেগ একো কাম নাই৷ আত্মাৰ ওজন ইমান কম বুলি ভবাই নাছিলোঁ৷ এতিয়া ইচ্ছা কৰিলেওঁ মাটিত নামি পিটপিটাই ফুৰাৰ অপচন নাই৷

আধা ঘন্টা পাৰ হৈ গ'ল৷ বতাহত কিবা এটা দেখিলোঁ
ভালকৈ চালোঁ, যমদূত নহয়৷ আৰে!! এইখন দেখোন এম্ এছ্ এক্সেল ৱৰ্কশ্বীট৷ সেইখনে আকৌ কথাওঁ কয়৷

" আহি গ'লো", কৈয়েই মোক জপটিয়াই ধৰিলে৷

- আৰে আপুনি হয় কোন? আহিয়েই মোক জপটিয়াই ধৰিলে যে?
- নকব দাদা, গুগল মেপত লোকেচনটো অলপ গণ্ডগোল হৈ আছে আপোনাৰ৷ আপুনি বুলি বেলেগ এজনক নিব ওলাইছিলোঁ৷ ভালকৈ চাওঁতেহে গম পালোঁ৷
- মানে?
- মানে আপোনাক নিবলৈ আহিছো আকৌ৷ আজি আপোনাৰ নামৰ এগাল কেইচ আছে৷ "ভি লুক আপ" মাৰিহে আপোনাক বিছাৰি পাইছো৷ বলক বলক, একদম টাটকা হৈ আছে আপুনি৷ গৈ মজা পাব৷
- আৰে কি পাগলামি৷ আপোনাৰ লগত মই কিয় যাম? সেই শিং থকা যমদূতটো নাহিল যে?
- ধেই আপুনিওঁ কিবা সত্যযুগৰ মানুহৰ দৰে কথা কৈ  আছে৷ শিং থকা কেইটাক ১৯৯২ত ভি আৰ এছ দিছে৷ সেই মনমোহন সিং ফাইনেঞ্চ মিনিষ্টাৰ হোৱাৰ পিছতেই৷
- কি কয়?
- সোনকালে বলক৷ পলম হ'লে নৰকৰ দুৱাৰ বন্ধ হৈ যাব৷ আজি বন্ধ হৈ গ'লে আপোনাক আকৌ পাইভ'ট  টেবুল মাৰি লুকুৱাই ৰাখিব লাগিব৷ বৈদ্য কামোৰ কাৰবাৰ৷
- নৰক? স্বৰ্গত চৰ্টলিষ্ট নহ'লো নেকি ৰে এক্সেল দা?
- জীৱনটো প্ৰমোচনৰ লোভতেই দৌৰিছে৷ এনেকৈ স্বৰ্গ যাব পাৰি নেকি? জিভাখন আয়নাত ভালকৈ চাওঁক৷ এতিয়াওঁ আপোনাৰ বছৰ জোতা পালিছৰ ৰঙ লাগিয়েই আছে৷ তাতোকৈ ইম্পৰ্টেন্ট, আপুনি দেশভক্তওঁ নহয়৷ আপোনালোকৰ দেশৰ পৰা যোৱাবোৰৰ সেইটো কোটা অলপ অচৰপ চলে৷
- এহ, এইবোৰ কথা ইমান জোৰে জোৰে ক'ব লাগেনে? কৰ্পৰেটত চলেই আৰু সেইবোৰ৷
- বলক এতিয়া৷
- বাৰু এটা কথা সোধো৷ নৰকত এতিয়া ট্ৰেণ্ডিং কি চলি আছে বাৰু? গৰম তেলৰ কেৰাহী? পাপীবোৰক ডিপফ্ৰাই কৰেনে পানী দি উতলাই?
- ধেই আপুনি কি যুগত আছে? কেৰাহী- হেতা এতিয়া মিউজিয়ামত৷ এতিয়া নৰকত চাৰিওঁফালে লেপটপ৷
- কিয়?
- নৰকৰ প্ৰাইভেটাইজেচন হৈ গ'ল নহয়৷ এতিয়া গোটেই নৰকত লেপটপেই লেপটপ৷ গোটেইবোৰ পাপী বহি লৈ দিন ৰাতি এক্সেল আৰু পাৱাৰপইন্টত ব্যস্ত৷ এতিয়া পাৱাৰপইন্টৰ কাম বেছি৷ দিন ৰাতি প্ৰেজেন্টেচন তৈয়াৰ কৰাত সকলোঁ ব্যস্ত৷
- আকৌ সেইবোৰ?? হোৱাট্ দা হেল!!
- নৰক দিনে দিনে টাফ হৈ গৈছে দাদা৷ কি ক'ব এইবোৰ৷
- স্বৰ্গত পিছে কি চলি আছে এক্সেল ভাই?
- ৰোমান্টিক আবেলি, গোটেই পথটোত কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ…… অনুপমৰ গান৷ গলিটো পাৰ হৈয়েই ম'ম ঘৰ, গগৈদাৰ হোটেল৷ অ' আৰু পাহৰিছিলোৱেই…… ফ্ৰি চল্টেড বাদাম আৰু লগত ডিউটী ফ্ৰি…
- আহ! স্বৰ্গ মই ভবাতকৈওঁ সুন্দৰ৷
- সেইবোৰ বেছি ভাবি লাভ নাই দাদা৷ মন বেয়া হ'ব৷ মইতো ফ্ৰি তণ্ডুৰী আৰু পেপচিৰ কথা আপোনাক কোৱাই নাই৷
- বলক বলক৷ গোটেই ৰাতি পাইভ'টত সোমাব মন নাই৷ পাৱাৰপইন্টতেই লাগোগৈ৷ ৰক্ষা নাই দিয়ক, বুজি গ'লো!  

:: হিচাপ ::

টকাৰ হিচাপত হিমাংশুৰ কেতিয়াওঁ খেলিমেলি নালাগে৷ মানিবেগত আঠঅনাৰ খেলিমেলি হ'লেওঁ তাৰ চকুৰ পৰা সাৰি যাব নোৱাৰে৷ অতিমাত্ৰা হিচাপী বুলি তাৰ সামান্য এটা বদনামো নথকা নহয়৷ অৱশ্যে এনে ধৰণৰ কথাৰ প্ৰতি সি সামান্যতমো গুৰুত্ব নিদিয়ে৷ আজিৰ এই যুগত হিচাপ ঠিকে নাথাকিলে জানো টিকি থাকিব পাৰি?

আজি পিছে কি হৈ গ'ল সি ধৰিবই পৰা নাই৷ এতিয়া  মগজুটোৱেই কাম নকৰাত পৰিছে৷ মেজিকখনত ভাড়াটো দি নমাৰ পিছত তাৰ মানিবেগৰ হিচাপটো হ'ব লাগিছিল এনে ধৰণৰ-
এখন পাঁচশ টকীয়া, তিনিখন এশ টকীয়া, দুখন পঞ্চাশ টকীয়া, এখন বিশ টকীয়া আৰু আঠখন দহটকীয়া নোট৷ লগতে চাৰিটা দুটকীয়া আৰু পাঁচটা এটকীয়া মুদ্ৰা৷ মুঠ এক হাজাৰ তেৰ টকা৷ কিন্তু নাই, হিচাপ খেলিমেলি৷ মানিবেগত আছে এক হাজাৰ সোতৰ টকা৷ অৰ্থাৎ দুটা দুটকীয়া মুদ্ৰা বেছি আছে!!  কি ঝেং কাৰবাৰ৷

কপালখনত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছে৷ কৰপৰা আহিল চাৰি টকা? পিছে চাৰি টকাৰে আজিৰ যুগত কিনো পায়৷ উহু, কথা চাৰি টকাৰ নহয়৷ টকা বেছি কম থকা লৈ নহয়৷ কথা হৈছে, এনেকৈ হিচাপ খেলিমেলি কেনেকৈ হ'ব পাৰে? নিজকে দুই চৰ দিবলৈ মন গ'ল তাৰ৷ আজি চাৰি টকা বেছি৷ কাইলৈ  যদি চাৰিশ টকা কম ওলায়? বুকুখন হমহমাই গ'ল৷

ৰাতিৰ খোৱা পৰ্ব আজি সোনকালেই সামৰিব লগা হ'ল৷ বাচন ধুই মেলিয়েই সি টেবুলত বহি ল'লে৷ ডায়েৰী, ৰেইনল্ড পেন আৰু কেলকুলেটৰ লৈ বহি গৈছে সি৷ আজি হিচাপ বাহিৰ নকৰাকৈ তাৰ টোপনি নাহে৷

**
নিশা দুই বাজিছে৷ প্ৰচণ্ড বিৰক্তিত আধাখোৱা চিগাৰেটটো দলিয়াই দিলে সি৷ চিগাৰেটোৱেই আজি তাক আমেজ দিব পৰা নাই৷ চাৰি টকা!! ধেমালি নেকি? কৰপৰা আহিব পাৰে!

বিভ্রান্ত হৈ পৰিছিল হিমাংশু৷ শেষ উপায় হিচাপে কেলেণ্ডাৰত থকা মা কালীৰ ফটোখনৰ শৰণাপন্ন হ'ল৷
" হে মা, এইবাৰলৈ বঁচাই দিয়া৷ পাগল হৈ গৈছো৷ হিচাপটো মিলাই দিয়া৷ শপত খাইছো, কাইলৈ তোমাৰ মন্দিৰৰ দান পাত্ৰত এই চাৰিটকা জমা কৰি দিম৷ কেবল মোক হিচাপটো দিয়া৷ এই চাচপেঞ্চ লৈ মৰি থাকিম মা!!

**
ৰাতিপুৱা প্ৰায় চাৰিটা বাজিছে৷ হিমাংশুৱে খকমককৈ সাৰ পালে৷ মগজুত এটা কিক্ আৰু লগে লগে মগজুৱে কাম  কৰা আৰম্ভ কৰিলে৷ আজি দুপৰীয়া কেন্টিনত নিৰামিষ থালি খাইছিল৷ ইয়েচ্ ইয়েচ্, লগত এক্সট্ৰা পাপড়৷ কিন্তু বিল দিয়াৰ সময়ত তালুকদাৰে পাপড়ৰ বিল কাটিবলৈ পাহৰিলে৷

সমস্যা শেষ হ'ল জানো? উহু, চাৰি টকা বেছিৰ পৰা এইবাৰ এক টকা কম৷ দাস হাৰ্ডৱেৰৰ কেলেণ্ডাৰৰ মা কালীলৈ এসোপা বিৰক্তি নিক্ষেপ কৰিলে সি৷

**
ৰাতিপুৱাই আহি এই দৃশ্য৷ মুৰে কপালে হাত দি বহি আছে পঞ্চানন শৰ্মা৷ বিশ বছৰ ধৰি এই কালীমন্দিৰৰ পুৰোহিত হৈ আছে শৰ্মা৷ কিন্তু এনে কাণ্ড আজিলৈ কেতিয়াওঁ হোৱা নাই৷ ৰাতিপুৱাই আহি দেখে মন্দিৰৰ দানপাত্ৰৰ তলা ভঙা৷ টকাৰ পৰিমাণ দেখি লগা নাই যে চুৰে চোৰ কৰিবলৈ আহিছিল৷ দানপাত্ৰৰ বাহিৰত ওলমি আছে এখন চিঠি৷

" শৰ্মাবাবু,
মাথা মাৰি লাভ নাই৷ মাক জনাব, এগ্ৰিমেন্ট মতে এক টকাটো নিলোঁ৷ ডেফিচিট কম্পেনচেটেড্৷ মাক পাৰিলে বুজাব, টকাৰ পৰিমানটো জৰুৰী নহয়, জৰুৰী হৈছে হিচাপটো মিলি থকা৷
টেনচন হৈছে নেকি? চিন্তা নকৰিব৷ মায়ে গোটেই কেচটো জানে৷
ইতি,
:)  "

:: এনেই যা তা ::

- দাদা, দাদা!!
- কি হ'ল??
- মোক বচাওঁক দাদা৷
- এক মিনিট৷ আজি আমাক নতুন ইউনিফৰ্ম দিছে৷ আগতে চেলফী এখন মাৰি লওঁ৷
- দাদা, সেইবোৰ পিছত কৰিব৷ পলম কৰিলে মই মৰি যাম৷
- আগতে মোৰ হাতখন এৰক হে৷ হাতখন বন্ধ কৰি ৰাখিলে কেনেকৈ বঁচাম৷
- অহ, চৰী চৰী৷ দুখ পাইছে?
- অলপ টানিছে৷ ষ্টিল ইট্ ইজ অ'কে৷ কওঁক এতিয়া৷
- মোক বচাওঁক প্লিজ৷
- চাওঁক এটা কথা আগতেই ক্লিয়াৰ কৰি দিওঁ৷ বচোৱা কামটো নৰমেলী পুলিচ আৰু ডাক্তৰৰ৷ মই ট্ৰেফিক পুলিচহে, তাতে আজি নতুন ইউনিফৰ্ম পিন্ধি নিজকে এয়াৰফোৰ্চ অফিচাৰ যেন লাগি আছে৷ কিমান বচাব পাৰিম নাজানে দেই৷
- ডাক্তৰৰ দ্বাৰা নহ'ব দাদা৷ আপুনিয়েই বচাব লাগিব৷ সেই হাৰামজাদাৰ বাবে আজি মোৰ এই অৱস্থা৷
- কোন? সেই ডাঢ়িৱালাটো?
- অ'৷
- ৰহ আজি তাক৷ সি ইমান বাজে মেকআপ কিয় কৰিছে? মই আপোনালোক দুয়োকে যাত্ৰাপাৰ্টীৰ অভিনেতা বুলি ভাবিছিলোঁ৷ আপুনি নায়িকা, সি বেটা চাইড্ ৰোল৷
- এইবোৰ কি কৈ আছে আজি৷ মোক বচাওঁক আগতে৷
- সি আপোনাক জোকাইছে নহয় জানো? লকআপত নি দুই কোব দিলেই ঠিক লাগি যাব৷ চিন্তা  নকৰিব৷
- নাই নাই, তেনেকুৱা একো কৰা নাই৷
- তেন্তে? বাৰু যিয়েই নহওঁক, মই আপোনাৰ ৰিপৰ্টটো লৈ লওঁ৷ আপোনাৰ নাম?
- সীতা।
- সীতা কী?
- আচ্ছা উপাধি নিলিখে?
- নিলিখো৷
- পতিৰ নাম?
- ৰামচন্দ্ৰ৷
- ৱাহ৷ একেবাৰে ৰামায়নৰ জোৰা! এতিয়া কওঁক কি হৈছে৷ কি কৰিছে সেই মানুহটোৱে?
- তেনে বিশেষ একো কৰা নাই৷ মোক বিশ্বাসঘাটকতা কৰি এইদম বেয়া ঠাই এডোখৰত লৈ  আহিছে৷
- আপোনাক ঘৰ ক'ত?
- অযোধ্যা।
- কি? ধেমালি পাইছে এই দুপৰীয়াখন?
- দাদা শুনক৷ মই জনকৰজাৰ ছোৱালী৷ মিছা মই নকওঁ৷ এইটো ইউনিভাৰ্ছেলী জানে সকলোৱে৷
- ধেত তেৰী৷ কি অদ্ভূত কামোৰ বে৷ আপুনি সীতা? মৰ্যদা পুৰোষত্তম ৰামৰ পত্নী?
- হয়৷
- ৰামৰ পত্নী যদি এই দুপৰীয়া পল্টনবজাৰত কি কৰিছে? ৰাজপ্ৰসাদত নাথাকেগৈ কিয়৷
- ৰাজপ্ৰসাদত থাকিব দিয়ক ভালকৈ৷
- কিয়, কি হ'লনো?
- লঙ্কাত আছিলোঁ, জানেই চাগে৷
- জানো৷
- তাৰপৰা এখেতে মোক লৈ আহিলে৷ অহাৰ পিছত আপোনালোকৰ ইয়াৰে কেজু জাতীয় দুজনমানে মোৰ চাৰ্টিফিকেট খুজিলে৷ আমাৰ সেইফালে আকৌ চাৰ্টিফিকেট পাবলৈ টেষ্ট দিব লাগে৷ ইয়াৰ ইউনিভাৰ্চিটী কিছুমানৰ দৰে নহয়৷
- তাৰ পিছত?
- তাৰ পিছত আৰু কি? অগ্নিক মাতি পঠিয়ালোঁ৷ সৌ যে ডাঢ়িৱালাটো, সিয়েই অগ্নিদেৱতা৷
- ঔ মাই গ'ড!
- অগ্নিয়ে জানিছিল গোটেই কেইচটো৷ মোৰ যে দোষ নাই তাকো জানে৷ মোক সেয়ে ভিতৰুৱাকৈ ক'লে যে আৰামত পৰীক্ষা ক্লীয়েৰ কৰাই দিব৷
- তাৰ পিছত?
- তাৰ পিছত আৰু কি৷ অযোধ্যাৰ পৰা চেকেণ্ড ক্লাছ শ্লীপাৰত আনি এই মৰ গৰমত পল্টন বজাৰত নমাই দিছে৷
- কিন্তু কিয়?
- এয়াই বোলে মোৰ অগ্নিপৰীক্ষা দাদা৷ মোৰ দোষ থাকিলে দিল্লী নিলেহেঁতেন বোলে৷ স্বামীয়ে চিম্পলী অগ্নিপৰীক্ষাৰ কথা কৈছিল দাদা, ইমান কষ্টৰ কথা কোৱা নাছিল৷ ই বেটাই মাজতে গেইম খেলি দিলে৷ বচাওঁক দাদা৷
- মই কি কৰিম? নিজেই দেখোন ইয়াত ডিউটী দি আছো৷
- আজিকালি বোলে শ্বিলঙলৈ উবেৰ চলে৷ পাৰে যদি এখন উবেৰকে বুক কৰি দিয়ক৷ আয়ৌ গৰম!!