Friday 24 March 2017

::পৌনঃপুনিক ::

লেপটপটো বন্ধ কৰিলে সমুদ্ৰই৷ নতুন ঠাই, নতুন অফিচ…… এতিয়াওঁ ভালকৈ মন বহুৱাব পৰা নাই৷ জইন কৰাৰ পিছৰে পৰা কামে হেঁচা মাৰি ধৰিছে সমুদ্ৰক৷ গতিকেই এই ৰাতিখন অকলে অকলে লেপটপত ব্যস্ত হৈ আছিল সমুদ্ৰ৷

সমুদ্ৰৰ ঘৰ ডিব্ৰুগড়ত৷ বাঙ্গালোৰত পঢ়া শুনা কৰি তাৰেই এটা কোম্পানীত যোৱা পাঁচ বছৰে চাকৰি কৰি আছিল৷ ঘৰৰ ওচৰলৈ অহাৰ তাড়নাত সেই  চাকৰি এৰি কিছুদিন আগতে গুৱাহাটীত বৰ্তমানৰ কোম্পানীটোত জইন কৰিছে৷ বাঙ্গালোৰৰ তুলনাত গুৱাহাটী এখন শান্ত, সৰু চহৰ৷ ভুল সিদ্ধান্ত ল'লে নেকি?? কেতিয়াবা সমুদ্ৰৰ মনলৈ এনে ভাৱ নহা নহয়৷ এতিয়াওঁ ভাৰাঘৰ লোৱাই নাই সি, হোটেলৰ পৰাই কাম চলাই আছে৷ শনি, ৰবিবাৰৰ ভিতৰত ঘৰ এটা ঠিক কৰিব লাগিব৷ ঘৰটোৰ গতি লাগিলে বাকীবোৰো ঠিক হৈ যাব চাগে৷ এতিয়া হোটেললৈ গৈ ভালকৈ শুৱাহে কথা৷

পঞ্চম মহলাৰ পৰা লিফটেৰে নামি আহিল সমুদ্ৰ৷ অফিচৰ বিল্ডিঙটোৰ তৃতীয় মহলাতেই আছে টপাজ ডিস্ক'থেক৷ মুহুৰ্ততে হোটেললৈ যোৱাৰ পৰিকল্পনা সলনি কৰি লিফটৰ তিনি নম্বৰ বুটামটো টিপি দিলে সমুদ্ৰই৷

- লাৰ্জ৷
পচন্দৰ ব্ৰেণ্ডলৈ আঙুলিয়াই ৱেইটাৰজনক অৰ্ডাৰ দিলে৷

- বহিব পাৰো? যদিহে আপুনি বেয়া নাপায়৷ গোটেই টেবুলবোৰ ভৰ্তি৷
আগন্তুকৰ মাতত সচকিত হৈ পৰিল সমুদ্ৰ৷
- অ' নিশ্চয়, নিশ্চয়৷
- থেংক ইউ৷ টপাজত আপুনি নতুন চাগে৷ আগতে দেখা মনত নপৰে৷
- টপাজত নহয়, গুৱাহাটীতেই নতুন বুলিব পাৰে৷ এমাহো হোৱা নাই৷
- ঔকে৷ ফিফট্ ফ্লোৰত কাম কৰে চাগে?
- আপুনি কেনেকৈ জানিলে??
- বুকুত আই আৰ্ড ওলমি আছে মিষ্টাৰ সমুদ্ৰনীল  বৰা৷
- হাঃ হাঃ৷ ভাল অবজাৰ্ভাৰ আপুনি৷ ভাল লাগিল৷
- আপুনি ট্ৰেঞ্চফাৰ হৈ আহিছে?
- নহয়৷ চাকৰি সলালোঁ৷ আগতে বাঙ্গালোৰত আছিলোঁ৷
- বাঙ্গালোৰৰ পৰা গুৱাহাটী পালে? চেহ, মই হ'লে নাহিলোহেঁতেন৷
- মোৰো মাজে মাজে ভুল কৰা যেনেই লাগি আছে৷ পাৰিলে একেবাৰে ডিব্ৰুগড়তেই ঘূৰি যোৱাৰ মন আছে৷ গুৱাহাটীখন পচন্দ হোৱা নাই দেখোন৷
- হৈ যাব, হৈ যাব৷ আপুনি গুৱাহাটীখন ভাল পাবলৈ শিককচোন৷ এৰিবই নোৱাৰিব৷
- তাকেই৷ কিছুদিন থাকিলেহে মন বহিব চাগে৷

আড্ডা জমি আহিছে৷ সংলগ্ন- অসংলগ্ন, শ্লীল- অশ্লীল, ব্যক্তিগত৷

- আপুনি কি কৰে গম নাপালোঁ৷
- অহ, মই ব্যৱসায় কৰো৷ কাপোৰৰ৷ সৰু সুৰা ব্যৱসায়৷
- আপোনাৰ কাপোৰ- কানি, সোণৰ চেইন দেখি সৰু ব্যৱসায় যেন লগা নাই পিছে৷
- হেঃ হেঃ৷ ফেমিলী কোলকাতাত থাকে, মই এই ক্লাব, ডিস্ক', পাৰ্টি লৈয়েই ব্যস্ত হৈ থাকো৷
- ভাল ভাল, মইহে ইয়াত বিৰাট অকলশৰীয়া হৈ গৈছো৷
- আৰে এতিয়া সেইবোৰ চিন্তা নকৰিব৷ মোক লগ পালে যেতিয়া এতিয়া আপোনাৰ বাবে গুৱাহাটী একদম হেপেনিং কৰি দিম৷  
- বঢ়িয়া৷ অহা শনিবাৰে কিবা এটা প্লেন কৰো তেন্তে৷
- চিউৰ বছ্৷

টুং টাং!!! বেকগ্ৰাউণ্ডত "ব্ৰেক আপ চং"…

- বাৰু মিষ্টাৰ সমুদ্ৰ, এটা কথা সোধো৷
- কওঁক৷ বিন্দাছ কওঁক৷
- আপোনাৰ মুখখন বিৰাট চিনাকী যেন লাগি আছে৷ কেনেবাকৈ ক'ৰবাত আমি আগতে লগ পাইছিলোঁ নেকি?
- আচৰিত! এইটো প্ৰশ্নকেই মই তেতিয়াৰ পৰা সুধিম বুলি ভাবি আছিলোঁ৷ আপোনাক ক'ৰবাত পাইছো মই৷ ডিব্ৰুগড়, বাঙ্গালোৰ??
- এসময়ত খুব ডিব্ৰুগড় গৈছিলোঁ৷ হয়তো কৰবাত৷ ময়ো একদম মনত পেলাব পৰা নাই৷

- অৱশ্যে মোৰ মুখখনো একদম কমন৷ মোৰ দৰে মানুহ য'তে ত'তে দেখিব৷

- নাই নাই৷ ক'ৰবাত পাইছো আপোনাক মই৷ এদিন ভালকৈ বহিম দুয়ো মনত পেলাবলৈ৷ আজি উঠিব লাগিব৷ জৰুৰী কাম এটা আছে৷

- আৰে বহক, এই ৰাতি কিনো জৰুৰী কাম আছে৷

- নহয় মিষ্টাৰ সমুদ্ৰ৷ আজি মোৰ ডাক্তৰৰ ওচৰত এটা জৰুৰী এপইন্টমেন্ট আছে৷ 

- এই ৰাতি?? এতিয়া দহটা বাজিবৰ হ'ল দেখোন৷

- নক'ব বুজিছে৷ চিনাকী ডাক্তৰ, এই ৰাতিখন ঘৰলৈ গৈ দেখুৱাম৷ বৰ অশান্তি পাইছো৷ ছালৰ সমস্যা৷

- ডাক্তৰজন ভালনে? ময়ো বৰকৈ ভূগি আছো ছালৰ সমস্যাত৷

- আৰে ডাৰ্মাটোল'জিষ্ট নীহাৰ চৌধুৰী গুৱাহাটীৰ বেষ্ট৷ মই আপোনাৰ এপইন্টমেন্ট লৈ দিম বাৰু৷

- বৰ উপকাৰ হ'ব৷ গোটেই শৰীৰটোতে কিবা যেন চুৰীৰে খুঁচি দিয়াৰ দৰে দাগ৷ বৰ অসহ্য৷

- হোৱাট??

- কিয় কি হ'লনো?

- আচৰিত৷ মোৰো একেই সমস্যা৷ কিবা নতুন বেমাৰ নহয়টো৷ এনীৱেইজ, মই আপোনাৰ এপইন্টমেন্ট লৈ জনায় আছো৷

- বহুত ধন্যবাদ৷ পিছে মনটোহে বৰ খুচখুচাই আছে৷ আপোনাক ক'ত দেখিছিলোঁ মনত পৰা নাই একদম৷

- একদম৷ আমি ক'ৰবাত ভালকৈ লগ পাইছো৷ সেয়া চিউৰ৷ এনীৱেইজ আজিলৈ এৰিছো৷ বেছি পলম হ'লে ডাক্তৰে গালি দিব৷

ভদ্ৰলোকে ঢলং পলঙকৈ  গতি কৰিলে৷ হঠাৎ কিবা এটা মনত পৰিল সমুদ্ৰৰ৷

- এক্সকিউজ মি৷ আপোনাৰ নামটো সোধাই নহ'ল৷

- অহ, ময়ো ক'বলৈ পাহৰি থাকিলো৷ মাইচেল্ফ অতনু… অতনু বিশ্বাস!

*****

তেতিয়াৰে পৰা বহীখন সন্মুখত লৈ বহি আছে বাসৱী৷ হাতত দুডাল পেঞ্চিল৷ ক'ৰপৰা, কেনেকৈ আৰম্ভ কৰিব সেয়া যেন ঠিক কৰিব পৰা নাই তাই৷

দেৱালৰ ঘড়ীয়ে এঘাৰ বজাৰ সংকেত দিলে৷ একাপ ডাৰ্ক কফি৷ আকৌ বহীখনলৈ চকু দিলে বাসৱীয়ে৷ সোণ মামা, চুবুুৰীৰ ৰন্টুদা, স্কুলৰ ভাগৱতী চাৰ, গণেশগুৰিৰ সেই ফুটপাথৰ পাগলটো, চানমাৰীৰ সেই বাইকখন, আৰু ……… সকলো বন্ধ হৈ আছে এই বহীত৷ পুৰুষৰ নগ্নতা, লোভ, কামুকতা সকলো৷

আৰু আছে প্ৰেম৷ সকলো নেওঁচি কৰা প্ৰেম৷ লগতে ঘৃণা৷ ঘৃণা বৰ বেয়া বস্তু, বিশেষকৈ ভালপোৱা যেতিয়া ঘৃণাৰ পৰ্যায়লৈ গুছি যায়৷ প্ৰতিটো ভগ্ন হৃদয়ৰ খেলে সমৃদ্ধ কৰিছে তাইক৷ বেছি নিবিড় হৈ পৰিছে তাই এই বহীখনৰ সৈতে৷ পেঞ্চিলেৰে এটা খোঁচ মাৰি দিলে তাই বহীখনত, সজোৰে৷

শৈশৱ, কৈশোৰ, যৌৱনৰ সেই দিনবোৰ তাই মনত ৰাখি থৈছে, থৈ দিছে এই বহীত৷ সৌৱা তৃতীয় পৃষ্ঠাত ভাগৱতী চাৰৰ ছৱি৷ সুস্থ- সৱল মানুহজনক এদিন হঠাৎ কোনোবাই শোৱা কোঠাতে হানি খুঁচি মাৰি থৈ গ'ল৷ শেষৰ পৃষ্ঠাৰ বাইকাৰজন হেনো এক্সিডেন্ট হৈ চিৰজীৱনৰ বাবে পংগু৷ বহীখনৰ সকলো পৃষ্ঠা এটা এটা কাহিনী হৈ ৰৈ গৈছে৷
*******

উপসংহাৰ-
নুনমাটিত অতনুৰ গাড়ীখনে টাৰ্ণিং লওঁতেই প্ৰকাণ্ড অইল টেঙ্কাৰখনে খুন্দা মাৰিলে৷ কোনেওঁ হস্পিটেললৈ নিবলৈ সময় নাপালেই৷

অইল টেঙ্কাৰখনে আগটো অলপ লগাতকৈ বেছি চেপেটা হ'ল নেকি বাৰু? লাহেকৈ ৰবৰডালেৰে মচি সেইখিনি মিলাই দিলে বাসৱীয়ে৷ ৰবৰৰ গুড়িবোৰ ফু মাৰি উৰুৱাই দিলে বতাহত৷

অফিচৰ পৰা হোটেললৈ খোজ কাঢ়ি যাব পৰা দূৰত্ব৷ পাণ এখন মুখত দি সমুদ্ৰই খোজ কঢ়া আৰম্ভ কৰিলে৷

আস্, আকৌ সেই পিঠিত যেন কিহবাই জোৰকৈ  খুচি দিছে!

পেঞ্চিলডালে অহৰহ আক্ৰমণ চলাব ধৰিলে৷ এইবাৰ সমুদ্ৰৰ পাল……

**************************

(ধাৰণাটো মৌলিক নহয়৷ প্ৰধানকৈ অহল্যা নামৰ বঙালী চুুটিছৱি এখনৰ অৱলম্বনত)

:: নিনাদ ::

লেপটপটোৰ সন্মুখত অস্থিৰভাৱে বহি আছে অতনু৷ এই মূহুৰ্তত সি এটা চিগাৰেট ব্ৰেকৰ প্ৰয়োজনীয়তা বৰকৈ অনুভৱ কৰিছে৷ চিগাৰেটতো জ্বলাই লৈ খিৰিকীৰে বাহিৰলৈ চকু দিলে সি৷

অন্ধকাৰ এটা নিশা৷ আন্ধাৰতে কিবা উৰি যোৱাৰ শব্দ, বাদুলীয়েই হ'ব চাগে৷ সৌৱা দূৰত প্ৰকাণ্ড দালানটো৷ কোনে, কি ভাবি সেইটো সাজিছিল জানিবলৈ ইচ্ছা গ'ল অতনুৰ৷ দেখিলেই গম পোৱা যায়, বহু বছৰ ধৰি কোনো নাই সেই দালানটোত৷ অলপো পোহৰ নাই দালানটোত, তথাপি কিয় জানো সদায়েই অৱয়বটো স্পষ্টকৈ দেখা যায়৷

ভাবিলেই কিবা অদ্ভূত লাগে অতনুৰ৷ নাম নজনা বা জনাটো বৰ বিশেষ প্ৰয়োজনীয় বুলি নভবা জন্তুৰ শুন নুশুন চিঞৰ কিছুমানে যেন তোলপাৰ লগাই থাকে দালানৰ চৌহদত৷ বিশাল পথাৰখনৰ সিটো পাৰেই দালানটো৷ কেতিয়াবা যাব লাগিব তালৈ৷ প্ৰায়েই অহাৰ দৰে আজিওঁ মনলৈ সেই একেই ভাবেই আহিল৷ তিনি মাহেই হ'ল অতনুৰ ইয়ালৈ অহা৷ নিঃসংগতা আৰু ব্যস্ততাৰ এক অদ্ভূত কম্বিনেচনৰ মাজেৰে দিনবোৰ পাৰ হৈছে৷

চিগাৰেটটোত এটা দীঘলীয়া টান মাৰিলে অতনুৱে৷ কামৰ হেঁচা ইয়াতে অদ্ভূত ধৰণৰ৷ যোৱা তিনি মাহত এদিনো চুটী লোৱা হোৱা নাই৷ ৰবিবাৰ বুলি একোৱেই নাই৷ সা সুবিধা পিছে সকলো দিছে৷ প্ৰকাণ্ড এটা কোৱাৰ্টাৰ, ঘৰৰ বন কৰিবলৈ মানুহ, বজাৰ সমাৰ কৰিবলৈ বাহিৰলৈ যোৱাৰ দৰকাৰেই নাই৷ নিজেই এক চক্ৰত বন্দী হৈ পৰিছে অতনু, মুক্তিৰ সোৱাদ বিছাৰি সি ব্যাকুল৷

দুৱাৰত টোকৰ পৰিল৷ বাহিৰত সুন্দৰী নাৰ্চজনী৷ এই মূহুৰ্তত নাৰ্চজনীৰ নামটো তাৰ মনত পৰা নাই৷ দেখিলেই গম পোৱা যায়, একেবাৰে উধাতু খাই আহিছে৷

- চাৰ, বাৰ নম্বৰৰ পেচেন্টে আকৌ উৎপাত লগাইছে৷ সোনকালে বলক৷

ডিউটি নথকা সময়খিনিটো শান্তি নাই৷ এইবোৰ কাৰণতে থাকিবলৈ মন নাযায়৷ মানসিক ৰোগীৰ চিকিৎসাৰ বাবে স্থাপন কৰা এই চিকিৎসালয়খন একেবাৰে ভিতৰুৱা ঠাইত বাবে ইয়ালৈ কোনো ডাক্তৰ, নাৰ্চ আদি আহিব নোখোজে৷ ফলত মাত্ৰ কেইজনমান কৰ্মচাৰীয়ে এই বৰ্ধিত ৰোগীৰ দায়িত্ব মূৰ পাতি ল'ব লগা হৈছে৷

বাৰ নম্বৰ ৰুমৰ পৰা হুলস্থুলৰ শব্দ ভাঁহি আহিছে৷ কোনজন ৰোগী বাৰ নম্বৰত আছিল অতনুৰ ঠিক মনত পৰা নাই৷ আগতে সি এনেকুৱা  নাছিল৷ দিনে দিনে স্মৃতিশক্তিয়ে তাৰ লগত খেলিবলৈ লৈছে৷ কিবা যেন অসহ্যকৰ৷

এজন ডেকা ল'ৰা আছিল অৱশ্যে৷ নিজকে দিল্লীৰ কোনো হস্পিটেলৰ ডাক্তৰ বুলি ভাবে৷  মাজে মাজে বৰ ভয়ানকভাৱে উন্মাদ হৈ পৰে ল'ৰাটো৷

বাৰ নম্বৰত সোমাই পৰিল অতনু৷ ভিতৰৰ অৱস্থা দেখি আৰু বেছি গহীন হৈ পৰিল অতনু৷ ৰাধা নামৰ নাৰ্চগৰাকী মজিয়াত অচেতন হৈ পৰি আছে৷ এইফালে চাৰিজনী নাৰ্চে মিলিওঁ ৰখাব পৰা নাই ৰোগীক৷ এজনীয়ে ৰোগীক শিকলি লগাবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷

ৰাধাৰ কাষত বহি পৰে অতনু৷ ৰাধাই ৰোগীগৰাকীক বেজী দিবলৈ আহোতে ওলোটাই আক্ৰমণ কৰি বেজী সুমুৱাই দিছে হেনো৷ লগতে দুটা ঘোঁচাওঁ শোধাইছে৷ ৰাধাক লৰালৰিকৈ চিকিৎসাৰ বাবে পঠিয়াই দি ৰোগীৰ ওচৰলৈ আহে অতনু৷ ৰোগীক গোটেইকেইজনীয়ে ধৰি বান্ধি ৰাখিছে৷ ফলত সাময়িকভাৱে অৱস হৈ পৰিছে তেওঁ৷ ৰোগীজনীৰ কেচটো অলপ ব্যতিক্ৰমী৷ অতনুৱে এইজনী ৰোগীৰ কথা লৈ চিনিয়ৰ দুজনমানৰ লগত যোগাযোগো কৰিছে ইতিমধ্যে৷

- পেচেন্টৰ ফাইলটো লৈ আহা৷

এজনীয়ে ফাইলটো লগে লগে অতনুৰ হাতত তুলি দিলে৷ ফাইলটো লুটিয়াবলৈ আৰম্ভ কৰিলে সি৷

"নাম- বাসৱী বৰুৱা৷
বয়স- সাতাইশ৷"

বাসৱী বিবাহিতা৷ ছয় বছৰীয়া এজনী ছোৱালী আছে৷ সৰু আৰু সুখী পৰিয়াল৷ যোৱা বছৰ গোৱালৈ ফুৰিবলৈ গৈছিল তিনিওঁ৷ দেউতাক শুই থাকোতেই কণমাণিজনীয়ে ডাঢ়ি খুৰোৱা ৰেজৰেৰে দেউতাকৰ ডিঙিত ৰেপ দি হত্যা কৰিছে৷ তাৰ পিছৰ পৰা বাসৱী ইয়াত৷

কোনাবাক অকলে পালেই জপিয়াই পৰে বাসৱী৷ শহুৰৰ ঘৰৰ লগত বাসৱীৰ সম্পৰ্ক ভাল নাছিল৷ গতিকে শহুৰৰ ঘৰৰ মানুহে পাগলীৰ মিছা অপবাদ দি বাসৱীক পতি আৰু জীয়ৰীৰ পৰা নিলগাই ৰাখিছে৷ এয়া হ'ল বাসৱীৰ যুক্তি৷

আকৌ হিংস্ৰ হৈ পৰিছে বাসৱী, নাৰ্চ আইভীৰ জোৰে কামুৰি দিছে৷ এই শৰীৰটোত ইমান শক্তি ক'ত লুকাই আছে তাকেই ভাবি ত'ত পোৱা নাই অতনুৱে৷ নাই আৰু নহ'ব৷ পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব ধৰিছে৷

"বাসৱী"! অতনুৰ ধমকিত উচপ খাই উঠিল তাই৷ এপলকৰ বাবে ৰৈ যায় বাসৱী৷ লাহে লাহে অতনুৰ ফালে মুখ কৰি থিয় হয় তাই৷
- কওঁক ডাক্তৰ!

কি ভয়ানক মাত৷ অতনুৰ অন্তৰাত্মা কঁপি উঠে৷ যেন বাসৱী কোনোবা বেলেগ জগতলৈ গুছি গৈছে৷ যথাসম্ভৱ স্বাভাবিক হৈ থাকি অতনুৱে কথা আৰম্ভ কৰে,
- এইবোৰ কি কৰি আছা বাসৱী? মই তোমাৰ বাবে ইমান ভাল খবৰ লৈ আহিছিলো৷

অলপ অন্যমনস্ক হোৱা নাৰ্চজনীক এটা প্ৰচণ্ড ঘোঁচা শোধাই আগুৱাই আহে বাসৱী৷
- কি খবৰ?

তোমাৰ ঘৰৰ মানুহৰ লগত মোৰ কথা হৈছে৷ তুমি ভালকৈ থাকিলে অহা সপ্তাহত আমি তোমাৰ ছোৱালীক ইয়ালৈ লৈ আহিম৷ তাৰপিছত তুমি বিছৰা মতে একেলগে থাকিবা৷
- মোৰ ছোৱালী!!

চকুৰ কোণ সেমেকি উঠে তাইৰ৷ অতনুৱে চকুৱে পিছফালৰ নাৰ্চজনীক ইংগিত দিয়ে৷ বাসৱীয়ে লৰিবলৈ পোৱাৰ আগতেই অজ্ঞান হোৱা ইঞ্জেকচন বাসৱীৰ শৰীৰত সোমাই পৰে৷ ক্ষণিকৰ বাবে খঙত ফাটি পৰে বাসৱী৷ লাহে লাহে ঢলি পৰে মুহূৰ্ততে৷

সুন্দৰী এই নাৰীয়ে নিজৰ পতি- পুত্ৰীৰ সৈতে নিজৰ মানসিক ভাৰসাম্যওঁ হেৰুৱাইছে৷ অতনুৱে চেষ্টা কৰি মানসিক ভাৰসাম্যৰ সমস্যা ঠিক কৰিলেওঁ বাসৱীয়ে পিছলৈ কৰিব কি? জীয়াব কেনেকৈ?
কি বিচিত্ৰ জীৱন! হুমুনিয়াহ কাঢ়ি অতনু বাহিৰলৈ ওলাই আহে৷

****

- সুপ্ৰভাত৷
অতনুক দেখিয়েই মিঠা হাঁহি এটাৰে মাত লগালে তাই৷ কোনে ক'ব কালিৰ বাসৱীজনী এইজনীয়েই৷
- সুপ্ৰভাত৷ গা কেনেকুৱা এতিয়া?
- ঠিকেই আছো৷ অলপ মুৰৰ বিষ এটা হৈ আছে৷
- কিবা লিখি আছে?
- নাই এনেই৷ গল্প এটা লিখি আছিলো কিছুদিন ধৰি৷ আঁত হেৰাই গৈছে মাজতে, তাকেই  মিলাবলৈ চেষ্টা কৰিছো৷
- আপুনি লেখিকা? মই একেবাৰে নাজানিছিলো৷
- নাই নাই৷ মই লেখিকা নহয়৷ এনেই সময়বোৰ পাৰ কৰিবলৈ আঁক বাঁক কৰো৷ সিমানেই৷
- মোৰ নিজৰ জীৱনৰেই দুটামান ভাল প্লট আছে৷ পিছে আমি কলমেৰে সেইবোৰ সজাব নাজানো, সেয়াই দুখ৷
- ৱাহ, কবচোন দুটামান প্লট৷ কিজানি ময়েই কিবা সমল পাওঁ৷

বাহিৰৰ ফুলনিখনত পায়চাৰি কৰিছে দুয়ো৷ অতনুৱে জীৱনৰ অধ্যায় শুনাবলৈ সাঁজু৷

- তেতিয়া মোৰ বয়স তিনি- চাৰি বছৰ৷ যোৰহাটৰ কাষৰ এখন চাহ বাগানত মই ডাঙৰ হৈছিলো৷ ওচৰে পাঁজৰে মোৰ বয়সৰ কোনো নাছিল৷ নিঃসংগতাৰ মাজত ডাঙৰ হৈছিলো৷ ওচৰৰ বাগানৰ ল'ৰা ছোৱালীবোৰৰ সঙ্গ ল'বলৈ মোক ঘৰৰপৰা অনুমতি নাছিল৷ মাৰ ভাষাত সিঁহত জঙ্গলী৷ সেই ল'ৰা ছোৱালীবোৰৰ সৈতে মোক খেলিবলৈ দিয়াটো আছিল সপোনৰো অগোচৰ৷ ব্যস্ত মা - দেউতা, পুতলা, গাড়ী, সাধুকথা… এইবোৰেই জীৱন আছিল মোৰ৷

দেউতা আছিল খুবেই ধাৰ্মিক৷ পূজা- পাতলত প্ৰায়েই ব্যস্ত থাকিছিল৷ মোকো ভগবানৰ বিভিন্ন সাধু শুনাইছিল৷ নাজানো কিয় এই সাধুবোৰত অলপো ৰস নাপাইছিলো৷ মোৰ সেই সৰুৰেপৰা ভাল লাগিছিল ভূত, প্ৰেত, চয়তানৰ কাহিনী৷

বাসৱীয়ে একেথৰে অতনুৰ ফালে চাই  আছে৷ অতনুৱে গুৰুত্ব নিদিলে৷

- মাক আবদাৰ কৰি এইবোৰ সাধু শুনিছিলো৷ মায়ে মোক এখন বেলেগ জগতলৈ লৈ গৈছিল৷ মায়ে কোৱা চয়তানৰ চৰিত্ৰ এটাৰ লগত মোৰ আত্মীয়তা গঢ়ি উঠিছিল৷  গোটেই পৃথিৱীখন সেই চয়তানটোৰ বিচৰণভূমি আছিল৷ মন গলেই মানুহৰ শৰীৰত সোমাই সেই শৰীৰ নিয়ন্ত্ৰণ কৰিছিল৷ মই এই কাহিনীবোৰ শুনি ৰোমাঞ্চিত হৈ পৰিছিলো৷ চয়তানক বিছাৰি মই চলাথ কৰিছিলো ইফালে সিফালে৷

- আপুনি মোক এইবোৰ কিয় শুনাইছে ডাক্তৰ? কি ক'ব বিছাৰিছে বাৰু আপুনি?

- অৱশেষত চয়তানক মই লগ পালো৷ দুপৰীয়া সকলো শুৱাৰ পিছত চয়তানৰ লগত মোৰ মেল বহে৷ চয়তানে মোক সদায় খেলিবলৈ নতুন নতুন বস্তু আনি দিয়ে, নতুন নতুন কথা শিকাই দিয়ে৷

- ডাক্তৰ চুপ! একদম চুপ৷

- এদিন চয়তানে মোক এক মজাৰ খেল শিকাই দিলে৷ দেউতাৰ ৰেজৰখনৰ দৰে এখন ৰেজৰ মোৰ হাতত তুলি দিলে৷ দেউতা শুই থাকোতে দেউতাৰ ডিঙিত এবাৰ ঘঁহি দিলেই ময়ো পাই যাম চয়তানৰ দৰে চুপাৰ পাৱাৰ৷

- চাট আপ ডাক্তৰ৷ আপুনি বেছি বাঢ়ি গৈছে৷ এইবোৰ আপোনাৰ কাহিনী মুঠেই নহয়৷

- আমি গোৱালৈ ফুৰিবলৈ হৈছিলো৷ মা ৰাতিপুৱাই উঠি গা ধুবলৈ গৈছিল৷ দেউতা বিছনাতেই৷ চয়তানে খিৰিকীৰ সিপাৰেৰে চকুৰ টিপ মাৰি দিলে৷ মই ৰেজৰ লৈ বিছনালৈ আগুৱাই গ'লো৷

- আৰু এটা শব্দওঁ নকব ডাক্তৰ৷ জোৰ কৰি মোৰ মনত কথাবোৰ সুমুৱাই নিদিব৷ মই নুশুনো একো৷

মায়ে এতিয়াওঁ ভাবে মই সেইদিনা একো কৰা নাছিলো৷ মায়ে ভাবে দেউতা এতিয়াওঁ বাঁচি আছে৷ আছলতে কথাবোৰ কি বাৰু মিছেছ বাসৱী? মা শুদ্ধ নে মই?

অতনুৰ ডিঙিত সজোৰে টিপি ধৰে বাসৱীয়ে৷ লগে লগে চিকিৎসালয়ৰ কেইজনমান কৰ্মচাৰীয়ে দৌৰি আহি বাসৱীক আতৰাই নিয়ে৷

- তয়ো মোৰ ছোৱালীক মোৰপৰা আঁতৰাই নিবলৈ ওলাইছ?? তোক মই মাৰি পেলাম ডাক্তৰ!

****

সন্ধ্যা নামি আহিছে৷ নিজৰ কোঠাত বহি আৰামেৰে কফিৰ কাপত চুমুক দিছে অতনুৱে৷ হাতত এইবাৰৰ প্ৰান্তিকখন৷ দুৰৰ দালানটো আজিওঁ পোহৰ অবিহনেওঁ স্পষ্ট হৈ জিলিকি আছে৷ কাষৰ একোৱেই দেখা নাযায়৷ কেৱল দালানটো৷ আচৰিত!

দুৱাৰত তীব্ৰগতিত টোকৰ পৰিল, জোৰে জোৰে৷ বাহিৰত হস্পিটেলৰ চকীদাৰজন, একেবাৰে উধাতু খাই আহিছে৷
  চেহেৰাত স্পষ্ট বিৰক্তি লৈ অতনুৱে প্ৰশ্ন কৰে,
- এইবাৰ আকৌ কি হ'ল?
- বাৰ নম্বৰৰ পেচেন্ট পলাইছে চাৰ৷ গোটেই হস্পিটেল বিছাৰিওঁ নাপালো৷

বাহিৰত কিবা নাম নজনা জন্তুৰ বিকট চিঞৰ৷

****
*শেষচোৱা*

দুৱাৰত টোকৰ পৰিল৷ বাহিৰত সুন্দৰী নাৰ্চজনী৷ এই মূহুৰ্তত নাৰ্চজনীৰ নামটো একেবাৰে মনত পৰা নাই৷ দেখিলেই গম পোৱা যায়, একেবাৰে উধাতু খাই আহিছে৷

- বাৰ নম্বৰৰ পেচেন্টে আকৌ উৎপাত লগাইছে৷ সোনকালে বলক৷

ডিউটি নথকা সময়খিনিটো শান্তি নাই৷ এইবোৰ কাৰণতে ইয়াত থাকিবলৈ মন নাযায়৷ মানসিক ৰোগীৰ চিকিৎসাৰ বাবে স্থাপন কৰা এই চিকিৎসালয়খন একেবাৰে ভিতৰুৱা ঠাইত বাবে ইয়ালৈ কোনো ডাক্তৰ, নাৰ্চ আদি আহিব নোখোজে৷ ফলত মাত্ৰ কেইজনমান কৰ্মচাৰীয়ে এই বৰ্ধিত ৰোগীৰ দায়িত্ব মূৰ পাতি ল'ব লগা হৈছে৷

কোনজন ৰোগী বাৰ নম্বৰত আছিল  ঠিক মনত পৰা নাই৷ দিনে দিনে স্মৃতিশক্তিয়ে লুকাভাকু খেলিবলৈ লৈছে৷ কি যে অসহ্যকৰ!

এজন ডেকা ল'ৰা আছিল অৱশ্যে৷ নিজকে দিল্লীৰ কোনো হস্পিটেলৰ ডাক্তৰ বুলি ভাবে৷  মাজে মাজে বৰ ভয়ানকভাৱে উন্মাদ হৈ পৰে ল'ৰাটো৷

ৰিচিপচনৰ মুখতেই নাৰ্চ এজনীক দেখি অৰ্ডাৰ দিলে,
- পেচেন্টৰ ফাইলটো লৈ আহা৷

এজনীয়ে ফাইলটো হাতত তুলি দিলে৷ ফাইলটো লুটিয়াবলৈ আৰম্ভ কৰিলে৷

"নাম- অতনু বৰুৱা৷
বয়স- সাতাইশ৷"

বাৰ নম্বৰ কোঠাটোৰ ভিতৰত একো সাৰি শব্দ নাই৷
- পেচেন্টে এইমাত্ৰ শিকলি চিঙি পলাইছে৷ ক'ত লুকাই আছে কোনেওঁ বিছাৰি পোৱা নাই৷ আপুনি সাৱধানে থাকিব৷ আমি আকৌ বিছাৰো ভালকৈ৷

বাহিৰত কিবা নাম নজনা জন্তুৰ বিকট চিঞৰ৷ নোম শিয়ৰি উঠা নিনাদ৷ এক অজান আশংকাই গ্ৰাস কৰি পেলালে ডাক্তৰ বাসৱীক৷

পথাৰৰ সিপাৰৰ দালানটোতো একেই সময়তে এক অজান আশংকাত অস্থিৰভাৱে বহি আছে এক যুৱক, সন্মুখত ডাক্তৰ বাসৱীৰ কেবিনৰ পৰা লৈ অহা লেপটপটো৷

:: উদ্ভট উবাচ::

লাইফ ইজ আনফেয়াৰ!

এটা চুড়ান্ত অপ্টিমিষ্ট ষ্টেটমেন্ট৷ আচলতে জীৱনটো তাতকৈ বহু বেছি জহন্নামে গৈছে৷ বন্ধুৱে বিৰিয়ানী খাবলৈ নিমন্ত্ৰণ দি ভেজ বিৰিয়ানী খুৱাই দিয়া ধৰণৰ ট্ৰেজেদী চলি আছে৷

পৰিবেশটোৱেই কিবা খেলিমেলি৷ শাসক, বিৰোধী দুয়োপক্ষৰ এক্সট্ৰিম ষ্টেণ্ড৷ কিছু দিন পিছত নিৰপেক্ষ শব্দটো নেহোৱাই হৈ পৰিব চাগে৷ বতৰো একেই, ডিচেম্বৰটো ফেন চলাই বহি আছো৷ চোচিয়েলিজম্, কেপিটেলিজম্, আমুকইজম্, তামুকইজম্… … কিবা এটা ইজম্ হলেই হ'ল আৰু৷ দিনটো তাকে লৈ ফালি থকাই কাম৷

ধেই ময়ো ফ্ৰাষ্ট্ৰেচন ফালিবলৈ কিবাকিবি বকি আছো৷ বাই দা ৱে, মই ৰাকেশ৷ ৰাকেশ গাৰ্গ৷ কি কৈ আছিলো? জীৱন জহন্নামে যোৱা কাহিনী? এই ধৰক এতিয়া মই বহি আছো ট্ৰেফিক বাৰত৷ ঝিক ঝাক মিউজিক, ৰঙা-নীলা পোহৰ৷ চাৰিওফালে এক জাক সুখী মানুহ, লগতে উচ্চস্বৰত তেওঁলোকৰ ষ্টেৰিলাইজড্ কাহিনী৷ য'তচব ভেজাল, কেৱল যেন মোৰ লগতেই৷ হুইস্কী অৰ্ডাৰ দিছিলো, ৰাম দি গৈছে৷ আপত্তি নাই৷ জীৱনটো ঢিলাই দিওঁতেই গ'ল, চব চলি যায় আজিকালি৷ সৰুতে দেউতাক ফুটবল এটা খুজিছিলো, গধুলিলৈ দবাৰ বোৰ্ডখন আহি গ'ল৷ সেইদিন ধৰি চব চলি যায়৷ চলিব, ৰামো চলিব৷ এনেওঁ কিনো ভাল হ'বলৈ গৈ আছে? মল্লিকা আহি আছে৷ বহিব লাগিব৷ ক'ব লাগিব, "মল্লিকা থিংচ্ আৰ নট  ৱৰ্কিং আউট ৱেল"৷

মল্লিকা, মল্লিকা সেনাপতি!!

ব্লেডৰ দৰে ধাৰ নহয়৷ অন্য এক ধাৰ৷ কাষতে থকা কাটা চামুচ খনেৰে ৱালেটটোত লাহেকৈ ঘঁহি দিলো৷ এটা পাতল দাগ বহি গ'ল৷ মল্লিকাৰ চকুৰ ধাৰ এই কাটা চামুচখনে বহুৱাই দিয়াৰ দৰে৷ তীক্ষ্ণ নহয়, কিন্তু কৰ্পৰেটে গড়ৰ ছাল কৰি পেলোৱা আমিবোৰক হিলাই দিবলৈ যথেষ্ট৷ ২ জানুৱাৰী, ২০১৬ত মল্লিকাই HR হিচাপে আমাৰ অফিচত জইন কৰিছিল৷ HR সদায় মল্লিকাৰ দৰে হ'ব লাগে৷ আজিৰ পৰা চাকৰি নাই বুলি মেইল দিলেওঁ যাতে তাইৰ মুখখন চায়েই এক্সিট ইন্টাৰভিউ দিব পাৰি৷ ড্ৰেচিং চেঞ্চ, হাঁহি, নাকফুলি, লিপষ্টিকৰ ৰঙ, হাইলাইট কৰা চুলি, অলপ ফেঁচী নাকটো…… তৰালীৰ পিছত আমাৰ অফিচৰ নতুন "ৱাও" ফেক্টৰ৷ মল্লিকাই আমালৈ চালেই ভাব হয়, কালিৰ পৰা জিমলৈ যাম৷ অফিচ পাৰ্টীলৈ গ'লেই ভাব হয়, গীটাৰ ক্লাছ ওচৰত ক'ত বা আছে৷ ৰাতি এটা বজাতো কেতিয়াবা বেলা বোসক 2441139ত ফোন কৰি কবলৈ মন যায়, "চাকরিটা আমি পেয়ে গেছি বেলা শুনছ, কিন্তু আমি অন্য জাইগাই জইন করবোনা…"৷

অফিচলৈ আহিবলৈ ভাল লগা হৈছিল লাহে লাহে৷ কলিগৰ এশ বছৰীয়া পুৰণি কৌতুকটো হাঁহিবলৈ লৈছিলো, মল্লিকায়ো যে হাঁহিছিল৷ ক'ৰবাত কিবা এটা খেলিমেলি হৈ গ'ল৷ কেতিয়া, কিয়, কেনেকৈ নাজানো…কিন্তু হৈ গ'ল৷ চহৰৰ ৰেষ্টুৰেন্টবোৰৰ  ৱেইটাৰ, পাৰ্কৰ ৰখীয়াবোৰে জনা হৈ গ'ল, আৰু এজনী সুন্দৰী এটা বান্দৰৰ প্ৰেমত পৰিল৷ মল্লিকা মোৰ দৰে এটাৰ প্ৰেমত পৰাটো তাইৰ ডাঙৰ ভুল৷ কিন্তু মই তাইৰ ভুল শুধৰাবলৈ যোৱা ভকত নহয়৷ ভুলটো তাইৰ, তাইক উটি যোৱাত সহায় কৰাটো মোৰ কৰ্তব্য৷

ব্যতিক্ৰম কোনো নাছিল, না তাই না মই৷ ফলত যি হোৱাটো সকলোৱে আশা কৰে কথাবোৰ সেই ফালেই আগবাঢ়িল৷ স্থান?? 6C, ৰামোছ ৰেছিডেন্সী, উলুবাৰী৷ মল্লিকাৰ 1 BHK ফ্লেট, অনুপমৰ গান, টিচাৰ্চ আৰু পৰ্ক ড্ৰাই ফ্ৰাই৷ মই মল্লিকাৰ দুবাহুৰ মাজত, হয় ময়েই৷ ভীষণ কোমল চোফা খনত৷ তাইৰ আউলী বাউলী চুলিবোৰ, নাম নজনা পাৰফিউমৰ গোন্ধ, মৃদু লাইটিং আৰু তাৰ লগতে বোনাচ হিচাপে এটা তপত চুমা৷ নাজানো জীৱনে ইয়াতকৈ বেছি আৰু কি বিছাৰিছিল৷ পানী এঢোক গিলিছিল মল্লিকাই৷ হয়তো তাই অলপ বেছি এক্সাইটেড আছিল৷ দৌৰা দৌৰিত অলপ পানী বটলৰ পৰা তললৈ বৈ আহিছিল৷ তিনিটা বুটাম খোলা টপটোৰ ফাঁকেৰে নদী হৈ বৈছিল পানীবোৰ৷ একাত্ম হৈ পৰিছিলো নদীখনৰ সৈতে৷ এই নৈ যেন বৈ ৰ'ব অনন্তকাল৷ নদী, পৰ্বত, শৃঙ্গ, ভূগোল, বুৰঞ্জী সকলো ভাল লাগিব লৈছিল৷ টপটো যিমানেই খহিছিল, ভাল লগাবোৰ বাঢ়িব ধৰিছিল৷ অসংলগ্ন জপটাজপটি আৰু মৰমৰ অত্যাচাৰত খুলি পৰা ব্ৰাৰ হুক আৰু আৱৰণহীনতাৰ মাজত মই আৰু বেছি ডুবিবলৈ যাওঁতেই মোৰ সন্মুখত এয়া চে…… দা ফেমাচ্ টি চাৰ্ট বয় "চে গুৱেভাৰা"৷

- চে'????
- হয়৷ এনী প্ৰব্লেম?
- প্ৰব্লেম মানে? আপুনি ইয়াত? কিয়? কেনেকৈ?
- সেইটোৰ উত্তৰ এই বুকুখনৰ মালিকনীয়েহে ভালকৈ দিব পাৰিব৷ ওৱান ফাইন মৰ্ণিং তেওঁ মোৰ কথা ভাবিলে, অলপ পেইন, অলপ প্লেজাৰ৷ বচ্ দা ৰিভলুচনাৰী "চে" ইজ হিয়েৰ৷
- হোৱাট দা……
- আপোনাৰ নাম?
- ৰাজেশ৷ ৰাজেশ গাৰ্গ৷ আপুনি এইদৰে মল্লিকাৰ বুকুত লিপিট খাই থকাটো কোনোমতে নহ'ব৷ গেট আউট৷
- আপোনাৰ সমস্যাটো কি ৰাজেশ? আপোনাৰ শৰীৰ সৌ চোফাত পৰি আছে, কাষত উগ্ৰ সুন্দৰী এজনী৷ আৰু আপুনি এইফালে আহি মোৰ লগত গল্প কৰি আছে৷
- মল্লিকাক এৰি মই চখত আপোনাৰ লগত আড্ডা পিটি আছো বুলি ভাবিছে?
- তেন্তে কিয় আহিছে৷ মোৰ চিগাৰটোৰ ভাগ লাগে?
-  নাহ৷ মল্লিকাৰ বুকুত…
- মল্লিকা মানে আপোনাৰ গাৰ্লফ্ৰেণ্ড?
- হয়৷
- চাওঁক মিষ্টাৰ৷ মই বুজা নাই ইমান টপিক থাকোতে আপুনি গাৰ্লফ্ৰেণ্ডৰ বুকু লৈ আলোচনা?
-  আলোচনা নকৰি কিবা উপায় আছে৷ তাইৰ বুকুত যে আপোনাৰ টেটু!
- তাতে কি হ'ল আকৌ?
- কি হ'ল? বুকু মানে সেই কাব্যিক বুকু নহয়, হৃদয়টো নহয়েই৷ আপুনি ডাইৰেক্ট তাইৰ লেফ্ট ব্ৰেষ্টৰ ওপৰতেই৷
- অবভিয়াছলী৷ মই হ'লো ষ্টাইল ষ্টেটমেন্ট, দা আইকন অফ ৰিভলিউচন৷
-  উহু৷ আপুনি হ'ল টি চাৰ্ট মেটেৰিয়েল৷ টেটুটো চান্স ল'বলৈ গ'লে নচলে নহয়৷ আমাৰ দেশী শিৱ, গণেশ, হনুমানে লৈ থকা মাৰ্কেট খনতো আপোনাৰ চকু পৰি গৈছে৷ চাওঁক আপোনাৰ টি চাৰ্ট ময়ো পিন্ধো, ভাল লাগে৷ কিন্তু আপুনি টেটু মেটেৰিয়েল নহয়৷ ডেটচ্ অল৷
-  কিয়?
- ডাঢ়ি! মই এটা মুডত খুলিছো৷ খুলি দেখো এমুখ ডাঢ়ি৷ কিবা কথা হ'ল নেকি? এনেকুৱা লাগিছে চিগাৰটোৱে এতিয়া মোৰ মুখ পুৰিব৷
-  হাঃ হাঃ, কি এটা এক্সকিউজ!
- হে ভগবান কি পাল্লাত পৰিলো৷ অহ চৰি ভগবানৰ নাম লৈ কি লাভ, আপুনিটো নাস্তিক৷ নহয় জানো?
- ক'ব নোৱাৰিম দেই ৰাজেশ৷ মইটো আপোনাৰ কল্পনাতহে আহিছো৷ আপুনি নাস্তিক ভাবিলে নাস্তিক, আস্তিক ভাবিলে আস্তিক৷
-  কিন্তু টেটুটো কল্পনাত নাই৷ তাইৰ বুকুত হাত দিছো৷ আপোনাৰ গাল ফুলি উঠিছে৷ কেনে যন্ত্ৰণা৷
-   এহ্‌ সমস্যা আপোনাৰো৷ আচ্ছা মোৰ ডাঢ়ি আৰু চিগাৰ লৈ সমস্যা হৈছেটো৷ ক্লীন শ্বেভ হৈ যাওঁ? চিগাৰ শেষ হওঁতে দুই মিনিট৷
-  নাই নাই৷ ডাঢ়ি নাথাকিলে টি চাৰ্টৰ মাৰ্কেট ডাউন হৈ যাব৷
-  হোৱাট? মই ডাঢ়িৰ বাবে হিট? ৰিভলিউচনৰ বাবে নহয়?
- কোন দুনীয়াত আছে কমৰেড? মল্লিকাৰ চাকৰিত ৰিভলিউচন মানে ৱৰ্ড, এক্সেল, পাৱাৰ পইন্ট৷ আপুনি জাষ্ট এটা চাল৷
- চেহ…
- আপোনাৰ দুখ লাগিছে বুলি বুজিছো৷ কিন্তু এয়াই বাস্তৱ৷ সেইফালে মোৰ শৰীৰে মল্লিকাৰ লগত খেলিছে আৰু এইফালে মই আপোনাৰ লগত বহি আছো৷ মোৰ দুখটো ভাবকচোন৷
- বুজিছো৷
- সদায় ময়েই কিয় গুগলীবোৰ খাব লাগে? কলেজত বিমানদাৰ পাল্লাত পৰি তিনিমহীয়া বিপ্লৱী হৈছিলো৷ এতিয়া দেখিছো মল্লিকাৰ লগত ফিজিকেল হোৱাটোওঁ এটা বৈপ্লবিক কাৰবাৰ হৈ পৰিব৷ ডেম্ম্৷

"কি বিৰবিৰাই আছা বেবী!! হোল্ড মি হাৰ্ড"……



***
তেতিয়াৰ পৰা একেই ঘটনা৷ প্ৰতিটো শুক্ৰবাৰে মল্লিকাৰ ফ্লেটত চে আৰু মোৰ আড্ডা৷ বিছনাত অসন্তুষ্ট মল্লিকা৷ চেক্স মোৰ বাবে ফবিয়া হৈ পৰিছে ৷ উফ্!

**

তিনি পেগ পেটত পৰিল৷ তাইৰ খবৰ নাই৷ বুজি পালো, তাই নাহে৷ তেতিয়াই আহক তাইৰ হোৱাটচ্ এপ মেছেজ৷

"ৰাজেশ, থিংচ্ আৰ নট  ৱৰ্কিং আউট ৱেল, আমি কেতিয়াবাই বেলেগ হৈ যাব লগিছিল, মই মুম্বাইত চেটল হ'বলৈ গৈ আছো, লগ কৰিবলৈ চেষ্টা নকৰিবা"৷

- কাৰ মেছেজ আহিছে?
- মল্লিকাৰ, ব্ৰেক আপ কৰিলে৷
- অহ, চৰী৷
- ধেই, কিহৰ চৰী৷ কিন্তু এটা কথা কওঁকচোন৷ মল্লিকাৰ লগতটো মোৰ ব্ৰেক আপ হ'ল৷ আপুনি এতিয়াওঁ মোক এৰা নাই যে৷ নেৰিবই নেকি?
-  তাকেইটো৷ এৰাটোৱেই সমস্যা হৈ পৰিল দেখোন৷
-  কি সমস্যা৷ এটা পেগ?
- মই আপোনাৰ কল্পনা৷ মই একো খাব নোৱাৰো৷
-  অ' একদম পাহৰি গৈছিলো৷
-  বাই দা ৱে, আজি কিয় আহিলো জানেনে?
-  কিয়?
- এই যে কাষৰ টেবুলৰ ছোৱালীজনী, তাইৰ নাম প্ৰেৰণা৷
- তাতে?
- তাইৰ ফোনটো তলত পৰিছিল৷ তুলিবলৈ হালি দিওঁতে আপুনি নাচালেওঁ  বিশেষ একো লোকচান নাছিল৷
- কি ফাল্টু! আপুনি…
- মই জানো আপোনাৰ বাবে কেচটো অলপ কামোৰ হৈ গৈছে৷ কিন্তু কি কৰো কওঁক, নিজেই মগজুত বহোৱাই ল'লে৷ এতিয়া চে মাজে মাজে আহি থাকিব৷ কেতিয়াবা ষ্টাইল আইকণ হিচাপে, কেতিয়াবা ৰিভলিউচনৰ খাতিৰত……
- ডিচগাষ্টিং!! কি যে পাল্লাত পৰিলো৷ জীৱন…
- ময়েই লাইনটো সম্পূৰ্ণ কৰি দিওঁ, "জীৱন বৰবাদ"৷ আৰু এটা পেগ মাৰি এতিয়া ঘৰলৈ যাওঁক৷ সপোনত মল্লিকাই কন্দুৱাব আজি ৰাতি৷

*****

নতুন HR জাহ্নবীৰ অফিচ জইন কৰা চাৰি মাহেই হ'ল৷ সদায় নতুন নতুন নিয়মেৰে মোৰ বাৰ বজাই দিছে৷ থিংচ্ আৰ ৰিয়েলি নট ৱৰ্কিং ৱেল নাও৷ না অফিচত, না বজাৰত, না সমাজত……  ক'তো যেন মানুহক মানুহ হৈ থাকিবলৈ দিয়া নহ'ব৷ এই ডাঢ়ীয়াটোকো নেদেখা হ'লো আজিকালি৷ এইবাৰ তাক লগ পালেই বুজাব লাগিব, মল্লিকাৰ বুকুত বিলাসিতা কৰাৰ দিন গ'ল৷ এতিয়া সকলোবোৰ টি চাৰ্ট ফালি সমাজত জপিয়াই পৰাৰ বতৰ৷

চে', থিংচ্ আৰ ৰিয়েলি নট ৱৰ্কিং ৱেল!

(বন্ধু তন্ময়ৰ মাতাল নিশাৰ কল্পনা)