Monday 29 August 2016

নীলপৰীৰ দেশত সন্ধিয়াৰ দবা৷

যুদ্ধক্ষেত্ৰত এজন এজনকৈ ৰণত পৰিছে৷ সামান্য দুই এটা সৈন্য লৈ ৰজাই অকলেই যুঁজিবলৈ বৃথা চেষ্টা কৰিছে৷ ইতিমধ্যেই ৰজাক বিপক্ষই চাৰিওফালৰ পৰা ঘেৰি ধৰিছে৷ বিপক্ষৰ মন্ত্ৰীজনা ৰজাৰ একেবাৰে ওচৰত৷ অপেক্ষা মাত্ৰ এটা চালৰ……

- চেহ্ !! বাচিবলৈ একো সুৰুঙাই নাৰাখিলা দেখোন!

ডিচেম্বৰৰ এটা সেমেকা সন্ধিয়া৷ দবা খেলৰ বৰ্ডখন সন্মুখত লৈ বহি আছে দুয়োজন৷ খাৰঘূলি পাহাৰৰ প্ৰফেচাৰৰ ঘৰৰ খিৰিকীৰে লাহেকৈ নামি আহিছে শীত৷ এৰী চাদৰখন ভালদৰে মেৰিয়াই লৈ ঠাণ্ডা হৈ যোৱা চাহত চুমুক দিলে তেওঁ৷ আকৌ এবাৰ ভালদৰে চাই ল'লে, কিজানি বাচিবলৈ সুৰুঙা ওলায়েই৷ সন্মুখৰ চকুহালে আগ্ৰহেৰে চাই আছে৷ হয়তো নতুন কিবা জনাৰ আগ্ৰহ, কিবা আশা……

- এই গেম ঠিক নহ'ল বুজিছা৷ আৰম্ভণিতেই কেনা লাগিল নহয় এইবাৰ৷ দিয়া আকৌ এবাৰ নতুনকৈ খেলো৷ সময় আছে নহয় তোমাৰ?
- আছে চাৰ৷ হোষ্টেলত এতিয়াই গৈ কিনো কৰিম৷
- গুড৷ এইবাৰ হৰুৱাব লাগিল তোমাক৷ এইবাৰ মই বগা গুটি ল'ম দেই৷

প্ৰথম চালটো আগুৱাই দিলে প্ৰফেচাৰে৷

- চাৰ, এইযে চাহজাহানৰ কথা কৈ আছিলো, চাহজাহানে বাৰু নিজৰ সন্তানৰ মাজত কোনোবাজনক হয়তো বেছি ভাল পাইছিল৷ হয়তো……

- একেআষাৰে কোৱা মুস্কিল৷ ডাঙৰ পুত্ৰ দাৰা আছিল এজন বিদ্বান লোক, এইফালে চুজা আৰু মুৰাদ আছিল অদূৰদৰ্শী, নিচাখোৰ, কাজিয়াখোৰ আৰু যে ক'ত কি……
- কিন্তু আমি পঢ়ি শুনি যিখিনি বুজিছো, তাৰ পৰা অনুমান কৰিব পাৰি যে আৰম্ভণিৰ ফালে ঔৰঙ্গজেৱৰ এনেকুৱা বদগুণ নাছিল৷ তথাপিও কিদৰে…
- সিংহাসনৰ লোভ ডেকা ল'ৰা, সকলোবোৰ সিংহাসনৰ লোভ৷ চাবলৈ গ'লে জাহানাৰাও সমানেই যোগ্য আছিল৷ কিন্তু সেয়া আছিল পুৰুষতান্ত্ৰিক সমাজ৷ অৱশ্যে জাহানাৰাই নিজেও ৰাজপাটত বহিবলৈ মন মেলা নাছিল৷ দাৰাকেই ৰজা হোৱাটো কামনা কৰিছিল জাহানাৰাই৷

- তোমাৰ ঘোৰাটো গ'ল দেই ডেকাল'ৰা৷ এইবাৰ ফৰ্মত আহি গৈছো৷ ৰক্ষা নাই তোমাৰ৷ হা: হা:

খন্তেকৰ বাবে পৰ্দাৰ সিপাৰে ছায়ামূৰ্তি এটাই নিজৰ উপস্থিতিৰ উমান দিলে| দেখ নেদেখ হাঁহি এটা বিয়পি পৰিল তাৰ মুখত৷ যি কাৰণত সি সুবিধা পালেই পদাৰ্থ বিজ্ঞানৰ কিতাপবোৰ এৰি ইতিহাসৰ এই ৰিটায়াৰ্ড প্ৰফেছাৰৰ ঘৰলৈ ঢাপলি মেলে, ঘন্টাৰ পিছত ঘন্টা ডবা খেলে, আলোচনা কৰে, গুছি যায় কোনো ইতিহাসৰ পৃষ্ঠাৰ মাজলৈ…… সেই কাৰণটো ছায়ামূৰ্তি হৈ পৰ্দাৰ আঁৰত খেলা কৰিছে৷ হয়তো কিছুসময় পিছতেই চাহ দুকাপ লৈ বাহিৰলৈ আহিব … তাই……তপত নিশ্বাস দুটাই বুকুৰ কোবটো ডাঙৰ কৰি তুলিলে তাৰ!

- মোৰ ঘোৰাটো গ'লে আপোনাৰ নাওঁখন খোৱাৰ ৰাস্তা একেবাৰে চিধা হৈ আছে চাৰ৷ ভাবি চিন্তি চাব আপুনি৷
- নাই নাই৷ এই জপিয়াই ফুৰা ঘোঁৰাটো বৰ ডেঞ্জাৰাছ৷ ইয়াক নাখালে পিছত বৰ বিপদ কৰে৷ এয়া গ'ল তোমাৰ ঘোঁৰা৷

- বুজিছা ডেকা ল'ৰা, দাৰাৰ চিন্তা, ভাৱনা অনেক আধুনিক আছিল৷ সময়তকৈ আগত চলিছিল দাৰা৷
- মই বিশেষ নাজানো চাৰ৷ শুনিছিলো সকলোৰে লগত সদ্ভাৱ আছিল দাৰাৰ৷

- সকলো ধৰ্মৰ মানুহৰ লগত দাৰাই মিলা মিছা কৰিছিল৷ দাৰাৰ অত্যন্ত বিশ্বাসী অমৰ সিং আছিল এজন হিন্দু৷
- অমৰ সিং ৰাথোড়? কওকচোন তেওঁৰ বিষয়ে৷ মই জনাত দুয়োৰে চৰিত্ৰ আছিল বিপৰীত৷ দুয়োজন সঁচাকৈয়ে বন্ধু আছিলনে?
- ভালেই বন্ধু আছিল৷ অমৰ সিং নাথাকিলে হয়তো দাৰা অৱস্থা বহু আগতেই বেয়া হ'লহেতেন৷
- কিন্তু চাৰ আপুনিয়েই দেখোন ক'লে দাৰা ৰাজপাটৰ বাবে বেছি যোগ্য আছিল৷
- দাৰা হয়তো সুপ্ৰশাসক হ'ব পাৰিলেহেতেন৷ কিন্তু ঔৰঙ্গজেৱ আছিল এক সুনিপুণ যুঁজাৰু৷ দাৰাৰ সেই গুণ নাছিল৷ ফলত যুদ্ধত দাৰাৰ পৰাজয় ঘটিল৷
- চাৰ শুনামতে এতিয়া যে দিল্লীত ঔৰঙ্গজেৱ পথ আছে তাতেই হেনো দাৰা পৰাস্ত হোৱাৰ পিছত তেওঁক চাৰিওফালে ঘূৰাই অপমান কৰা হৈছিল৷
- চাৰিওফালে ঘূৰোৱা কথাটো হয়, কিন্তু সেইটো বৰ্তমানৰ ঔৰঙ্গজেৱ পথটো হয়নে নহয় সঠিককৈ কব নোৱাৰিম দেই৷ আজিকালিৰ খবৰবোৰত মছলা লগাতকৈ বেছি নহয়৷

- চাৰ আপোনাৰ হাতীটো গ'ল৷
- এহ এহ, ধৰিবই নোৱাৰিলো হে কোনফালেৰে লৈ গ'ল৷ বৰ ডাঙৰ ভুল হৈ গ'ল৷
- বাৰু চাৰ এইযে দিল্লীৰ ঔৰঙ্গজেৱ পথটো কালাম চাৰৰ নামেৰে কৰি দিলে, কিবা কামটো ভাল হোৱা যেন লাগিলেও মোৰ দেখোন হজম হোৱা নাই৷
- হাতীটো খায় নাৰ্ভাচ কৰি দিলা হে মোক৷ অ' কি কৈ আছিলা? পথৰ নাম সলোৱা কথা? দেখাতটো ভালেই কাম৷ কালাম চাৰক সন্মান আগতেই দিব লাগিছিল৷ কিন্তু কিবা এটা 'কিন্তু' ৰৈ গৈছে কোনোবাখিনিত৷ বৰ খেলিমেলি কাৰবাৰ এইবোৰ৷

অন্দৰমহলৰ টুং টাং টুকুৰা শব্দই তাৰ কাণত টুকুৰিয়ালে৷ চীনা মাটিৰ কাপ আৰু চামুচৰ এই যুগলবন্দী আজিকালি তাৰ অতিকে চিনাকী৷ টি পটটো লৈ পৰ্দা ঠেলি ওলাই আহিল তাই৷ নীলা টপটোৰ বহল হাতদুখনৰ মাজেৰে ওলাই অহা লিহিৰী আঙুলি দহটাই টেবুলখনত যেন কোমলতাৰ মেলা পাতিছে!  খন্তেকৰ চাৰি চকুৰ মিলনে বহু কিবাকিবি কৈ গ'ল…… নীৰৱে৷ তলমুৱা হৈ টেবুলত চাহৰ যোগাৰখিনি দি দেউতাকলৈ চালে তাই৷

- দেউতা, মন্ত্ৰীটো অলপ বাওঁফালে আনি থোৱা ভাল নেকি?
- কিয় মাজনী?
- গোটেইবোৰে একেলগে মন্ত্ৰীক আক্ৰমণ কৰিবলৈ সাজু কৰা যেন লগা নাইনে বাৰু তোমাৰ?

চকু তুলি তাইলৈ আকৌ এবাৰ চালে সি৷ এতিয়া মন্ত্ৰী তাৰ আয়ত্বৰ বাহিৰত৷

- এইকেইদিন ভৰলুৰ ফাললৈ গৈছা নে?
- হয় গৈ আছো৷ কুমাৰপাৰাত ল'ৰা এটা পঢ়ুৱাবলৈ যাওঁ নহয় মই৷
- অ' অ', কৈছিলা তুমি৷ এইযে ব্ৰহ্মপুত্ৰৰ পাৰত লাচিতৰ বিয়াগোম মুৰ্তিটো স্থাপনৰ কাম চলি থকা বুলি শুনিছো, সেইটো কিমান আগবাঢ়িছেনো?
- কাম পুৰাদমে চলি আছে চাৰ৷ প্ৰায় সাজু হৈছেই৷
- হওঁতে ভাল কাম এটা হৈছে দিয়া৷ পিছে ক্ৰেডিট ল'বলৈহে টনা আজোৰা লাগিব যেন পাইছো এতিয়া৷
- হয় পিছে কথাটো৷
- চাই থকাচোন এইবাৰ নভবা নোপোজা টপিক লৈ ইলেকচনৰ আগত কিমান পানী ঘোলা হব৷
- এইবাৰৰ ইলেকচন অলপ বেলেগ হ'ব যেন লাগিছে৷ নে কি কয় চাৰ৷
- বিহাৰে আমাৰ ৰাইজক জুতি লগাই দিছে এইবাৰ৷ হ'ব দিয়া, মৰাৰ আগতে ময়ো এটা হাইটেক ইলেকচন দেখি মৰো৷ হা হা হা৷

চাহৰ সৈতে তাৰ প্ৰিয় কাজু, আখৰোট…… কাষত নীলপৰী৷ কোঠাৰ সিমূৰে থিয় হৈ থকা তাইলৈ চাই চাহৰ কাপত এচুমুক দিলে সি৷ চকুত তাৰ সন্তুষ্টি আৰু প্ৰশান্তিৰ হাঁহি!

- লাচিত বৰফুকনৰ কথা ওলাওঁতে মনত পৰিল চাৰ, সেইদিনা হিন্দু পৰিষদৰ বেনাৰ এখন দেখিলো, তেওঁলোকে লাচিত দিৱস পাতিব৷  লাচিত বৰফুকনে হয়তো কল্পনাও কৰিব পৰা নাছিল যে মোগলক পৰাস্ত কৰাৰ অচিলা লৈ আজিৰ প্ৰজন্মৰ একাংশই তেওঁক হিন্দু বীৰ সজাবলৈ চেষ্টা কৰিব৷
- হমম! ঠিকেই কৈছা ডেকা ল'ৰা৷ দুবছৰমান আগতে পুণেত লাচিত দিৱস পাতিব বুলি খবৰ এটা শুনিছিলো৷ টোগাডিয়া মুখ্য বক্তা হৈ আহিব বুলি খবৰ এটা শুনিছিলো৷ কি হ'ল নাজানো পিছত৷ এইফালে মাৰাঠী ভাষাত লাচিতক লৈ কিতাপ ৰচনা হৈ গৈছে৷ অসমৰ বীৰ এজনে সৰ্বভাৰতীয় মৰ্য্যাদা পোৱা বাবে বাহ্যিক দৃষ্টিত ভাল লাগিব পাৰে, কিন্তু কথাবোৰ যেন খেলিমেলি৷
-  লাচিতক হিন্দু বীৰ সজাবলৈ চেষ্টা কৰা সকলে চাগে বাঘ হাজৰিকা, ৰামসিংহৰ নামেই শুনা নাই৷
- দুই এদিনতে হেনো কোনোবা এজন যোগী আহিব গুৱাহাটীলৈ ৷ উদ্দেশ্য লাচিত দিৱসত লাচিতৰ বীৰত্বত হিন্দুত্বৰ প্ৰলেপ সানিবলৈ ৷ যি লাচিতে শক্তিশালী মোগল সাম্ৰাজ্যৰ আক্ৰমন প্ৰতিহত কৰিবলৈ ৷ সেই লাচিতৰ ওপৰত আজি ষড়যন্ত্ৰ হৈছে৷ সেই লাচিতক আজি হিন্দুবীৰ সজাব খোজা হৈছে৷ কি যে দিনকাল আহিল নহয়৷
- কিন্তু চাৰ বাহিৰৰ মানুহক কিনো দোষ দিম৷ অসমীয়াৰ আৱেগক লৈ হেতালি খেলিবলৈ আৰম্ভ কৰিছে এচামে আৰু প্ৰশ্ৰয় দিছে এচাম অসমীয়াই৷
- ঠিকেই কৈছা৷ এনে অশুভ শক্তি সমাজৰ প্ৰতিটো স্তৰতে পাবা৷ আৰু এইযে বিষবাষ্পবোৰ, কেৱল ধৰ্মীয় স্তৰতে ইহঁতে ক্ষতি কৰি থকা নাই, খেলা ধূলা, পঢ়া শুনা, সমাজসেৱা সকলোতে ইহঁত বিৰাজমান৷ কিন্তু ধৰ্ম আমাৰ বাবে এটা স্পাইচী টপিক৷ গতিকেই ধৰ্মৰ ঢোলটো লগাতকৈ বেছিকৈ বাজে৷

খট্ খট্ খট্ খট্……

আন্ধাৰ নামি আহিছে৷ পৰ্দাৰ সিপাৰে কিবা শব্দ৷ বোধহয় চিলাই মেচিন চলোৱাৰ৷ নাহ, পৰ্দাৰ ফাঁকেৰে চাবলৈ চেষ্টা কৰিওঁ লাভ নহ'ল৷

- মাজনী…… জুইশলাটো দেছোন এবাৰ৷ লাইটাৰটো কাম নকৰা হ'ল দেখোন৷

কিছু মূহুৰ্তৰ অপেক্ষা৷ পৰ্দা ঠেলি আগমন নীল পৰী জনীৰ৷ প্ৰফেচাৰ ব্যস্ত গোল্ড ফ্লেক জ্বলোৱাত, মূহুৰ্ততে চকুৰ আদান প্ৰদান --  ক'ব নোৱৰা বহুত কথা ক'লে চকুকেইযোৰে৷ জুইশলা আকৌ নিজৰ ঠাই পালেগৈ৷

- বাৰু চাৰ এটা কথা কওঁকচোন, এই যে লাচিতক হিন্দু বীৰ সজোৱাৰ চেষ্টা এটা চলি আছে, এইটোৱে শেষত গৈ কি প্ৰভাৱ পেলাব পাৰে?
- চোৱা ডেকা ল'ৰা, জনাসকলে ভালকৈ জানে এয়া এক অপচেষ্টা৷ কিন্ত একেটা কথাকে বাৰে বাৰে কৈ থাকিলে একাংশই ইয়াক সঁচা বুলি মানি ল'ব৷ আৰু ই এদিন সঁচা হৈ পৰিব৷ হয়তো ই বহুত আগুৱাই যাব, তাৰ পৰা আকৌ আগৰ ঠাইলৈ উভটি আহোতে হয়তো বহুতো তেজৰ ডোঙা পাৰ হ'ব লাগিব আমি৷  সমস্যাটো তাতেই আৰম্ভ হয়৷ একেই ধৰণৰ কিবা অলপ অসম আন্দোলনৰ ক্ষেত্ৰটো হৈছিল৷

তুমি অসম আন্দোলনৰ বিষয়ে পঢ়িছা নিশ্চয়৷
- অলপ জানো৷ কিন্তু চাৰ মোৰ ভাৱ হয়, ইমান এটা ডাঙৰ আন্দোলনৰ বিষয়ে জানিবলৈ কিতাপ বা অন্য কৰবাত পোৱা ডাটাখিনি একোৱেই নহয়৷
- একেবাৰে ঠিক কথা কৈছা৷ ই যিদৰে হ'ব লাগিছিল তেনেদৰে বুৰঞ্জীত লিপিবদ্ধ নহ'ল৷ প্ৰথম অৱস্থাত এই আন্দোলন আছিল বিদেশীৰ বিৰুদ্ধে হোৱা আন্দোলন৷ কিন্তু পিছলৈ ইয়াক বিদেশী আৰু বহিৰাগত শব্দ দুটাক সনা পোটোকা কৰি পেলোৱা হ'ল৷ তুমি ভৃংগেশ্বৰ শৰ্মাৰ "তেজে ধোৱা সময়"খন পঢ়িবাছোন, এইবাৰ গ্ৰন্থমেলাত কিনিছো মই, লৈ যাবা পঢ়া যদি৷ উপন্যাসৰ চলেৰে অলপ সমল পাবা৷ আন্দোলনকাৰীসকল আছিল ডেকা তেজ৷ চৰকাৰে কৌশলগত আলোচনাৰে তেওঁলোকৰ ধৈৰ্য্যৰ সৈতে খেলিছিল৷ এক ভাল উদ্দেশ্যত গঢ় লোৱা আন্দোলনক অবাটে নিয়াত তেওঁলোক সক্ষম হ'ল৷ কেতিয়ানো এই আন্দোলনে সাম্প্ৰদায়িক ৰুপ ধাৰণ কৰিলে কোনেওঁ ধৰিবই নোৱাৰিলে৷ তাৰ মাজতে চৰকাৰৰ কৌশলী গেইম, আব্দুল গণিখান চৌধুৰীৰ নীলবাগানত দিয়া ভাষণ, ইন্দিৰা গান্ধীয়ে মৈৰাবাৰীত দিয়া ভাষণ, অসমীয়াৰ আবেগ… এই সকলোবোৰ মিলি আন্দোলনৰ উদ্দেশ্যই ধুলিসাৎ কৰি পেলাইছিল৷

- দেউতা এবাৰ ভিতৰলৈ আহিবাছোন৷
- অহ, তুমি অলপ বহা দেই৷ কি বা হ'ল আকৌ৷ গুটিবোৰ খেলিমেলি নকৰিবা আকৌ৷
- নাই নাই চাৰ৷ আপুনিও কিবোৰ যে কয়৷

মাকৰ লগত একেলগে উঠা তাইৰ ফটোখন ডাঙৰকৈ বন্ধোৱাই থোৱা আছে৷ একেবাৰে মাকৰ নাকটোৱেই পাইছে তাই৷ কুন্দত কটা সৌন্দৰ্য্য!!

- বুজিছা ডেকা ল'ৰা!!

প্ৰফেচাৰৰ মাতত সচকিত হৈ পৰিল সি৷
- ৰাতিপুৱা চিনাকী বেপাৰী এজনে হাজোৰ  লোকেল মাছ দি গৈছে৷ তুমি ইয়াতেই ভাতকেইটা খাই যাবা৷ বাকী যোগাৰ হ'লেই৷ ভাতকেইটা উঠাই দিলেই হৈ যাব৷
-  নাই চাৰ নালাগে মিছামিছি৷ হোষ্টেলটো আজি নন ভেজ্ আছেই৷
- এহ বাদ দিয়াহে৷ ময়ো হোষ্টেলত থাকি অহা৷ দুটুকুৰা ব্ৰয়লাৰে জোলত সাতুৰি নাদুৰি ফুৰিব৷ কিহৰ নন ভেজ্ সেইবোৰ৷

অ' মাজনী, খাব দে ইয়াতেই ভাতকেইটা বহাই দে|

টেপ খোলাৰ শব্দ! পানীৰ ঢৌ বোৰে বাচনত খুন্দিয়াই তাইৰ খাৰু চুইছে! খাৰু,বাচন,পানীৰ ফিউজনে তাৰ মনটোক পাকঘৰলৈ টানি নিছে| চকুদুটা মুদি সি অনুমান কৰি ল'লে, অবাধ্য চুলি দুডালে অলপ খং উঠাইছে তাইৰ!

- আজি আই এছ এলত নৰ্থ ইষ্টৰ খেল নাছিল জানো?
- হয় চাৰ৷
- একেবাৰে পাহৰি গৈছো হে৷ ৰ'বা ৰ'বা টিভিটো অন কৰো৷

টিভিই শব্দবোৰে তাইক আঁতৰাই পেলালে৷ নৰ্থ ইষ্ট ১- এথলেটিকো ডে কোলকাতা ০৷
- ইঁহত হাৰিলে ভাল হয় ৰবা৷ যোৱাবাৰ জিকি বৰ তেল ফুটিছে৷

মৃদু হাঁহি এটা মাৰিলে সি৷

ভেলেজ, এলেন, কাৰ্লোছ, মেছী, বেজ্জিঅ', প্ৰফেচাৰৰ এক নিপুন চাল, তাৰ হাতী প্ৰফেচাৰৰ দখলত, পেলে, পুতুল দা, বাবুল ফুকন, নীতা আম্বানী……… কুকাৰৰ হুইচেল!!

- ভাত হ'লেই৷ যোৱা হাত মুখ কেইটা ধুই লোৱা৷
- কোনফালে যাম চাৰ?
- চিধাই ভিতৰলৈ সোমাই যোৱা৷ মাজনী বাথৰুমৰ লাইটটো জ্বলাই দিবিছোন৷

…………………
অলপ উশাহ-- জীবনৰ!
- ………………
- গামোচা!!
: অঁ…দিয়া|
- ………………

অলপ প্ৰশান্তি!
……………
নীলপৰী আৰু ৰাজকোঁৱৰৰ সাধুটো আকৌ ঘুৰি আহিল ডাইনিং টেবুললৈ!

- এহ্ মাজনী, তই দেখোন একেবাৰে চিম্পল ৰান্ধিলি৷ আলহীৰ কাৰণে কোনোবাই ভেদাইলতা ৰান্ধেনে বাৰু? সৰিয়হৰ কিবা কৰিব লাগিছিল৷
- নাই নাই চাৰ৷ মোৰ এইকেইদিন ভেদাইলতাৰ জোল খাবলৈ বৰকৈ মন গৈ আছিল৷ চানমাৰী বজাৰত বিছাৰিও নাপালো৷ - অ' হয় নেকি? ভালেই হ'ল দিয়া তেনেহ'লে৷ আমাৰ এই আকৌ মানুহৰ মন পঢ়াত এক্সপাৰ্ট৷ তোমাৰো মন পঢ়ি ল'লে চাগে৷ হা: হা:

আবেলিৰ ৰঙচুৱা বেলিটোৱে যেন আঁকোৱালি ল'লে তাইক!!
- অকনমান জোল দিম নেকি আৰু???




- আজি নৰ্থ ইষ্ট জিকিব বুজিছা৷ আৰু দুই মিনিট একো অঘটন নোহাৱাকৈ কটালেই হয়৷
- হয় চাৰ৷ তথাপি ছেমি খেলিব পৰাকৈ পইন্ট নহ'ব চাগে৷
- হমমম৷ লোৱা তামোল খোৱা৷ মোৰ আকৌ ভাত খাই উঠি তামোল নাখালে টোপনিয়েই নাহিব৷ টিভিৰ ৰুমত বহো, দবাখন আধাতে এৰি আহিছো নহয়৷

...............................
...............................
- চেক!!
- চেহ! কোনফালেৰে আহি ওলালাহে৷ অহা শনিবাৰে তোমাক হৰুৱামেই৷ আজি কিবা খেলিমেলি হৈ আছে মোৰ৷ আহিবা অহা শনিবাৰে৷

- আহিম চাৰ৷ চাৰ আজিলৈ মই উঠো৷ বহু ৰাতি হ'ল৷
- অ' অ'৷ তুমি চাগে হোষ্টেলৰ ৱাল বগাইহে সোমাব লাগিব এতিয়া৷ তালুকদাৰ তোমালোকৰ ৱাৰ্ডেন নহয় জানো আজিকালি৷ সি মোৰ ষ্টুডেন্ট আছিল৷ কিবা সমস্যা হ'লে মোৰ তাতে অহা বুলি কবা৷
- নাই চাৰ, মই কৈ আহিছোৱেই৷
- ঠিক আছে তেন্তে৷যোৱা তুমি৷ মই ঔষধ খাওঁ৷ আহিবা আকৌ সময় সুবিধা মিলাই৷ মইটো বেকাৰ মানুহ৷
- নিশ্চয় আহিম চাৰ৷ এই সময়খিনি মোৰ বৰ প্ৰিয়৷

খুটুং!!
গেইট খোলাৰ শব্দ৷

- দেউতা…
- কি হ'ল মাজনী?
- ল'ৰাজনে বেগটো এৰি গ'ল দেখোন?
- অহ৷ যা যা দি আহ লৰালৰিকৈ৷ জৰুৰী কিবা থাকিব পাৰে৷

খিৰিকীৰে বাহিৰলৈ চালে প্ৰফেচাৰে৷ বেগৰ সৈতে কিতাপখনো হাত পাতি ল'লে সি৷ আলমাৰীলৈ চকু গ'ল প্ৰফেচাৰৰ৷ মাকাম খন আলমাৰীত নাই৷ অহাবাৰ সি আহিলে অসমৰ চীনা সকলৰ কাহিনীৰ ওপৰত ভাল আলোচনা এটা হ'ব তাৰমানে৷ নিশব্দে স্বস্তিৰ হাঁহি এটা মাৰিলে প্ৰফেচাৰে৷

দুয়ো তেতিয়াওঁ গেইটৰ দুয়োপাৰে৷ মাক নোহোৱা ছোৱালী৷ তাই সুখী হওঁক!!

Sunday 28 August 2016

:: চগা, অলপ ৰঙা আৰু কাহিনীটো::

১/ ডায়েৰীখনৰ শেষছোৱা-

অতনু আৰু মোৰ গল্পটো কেতিয়া আৰম্ভ হৈছিল মোৰ ঠিক মনত নাই৷ আগৰেপৰা দিন বাৰৰ হিচাপ ৰখাত মই বৰ বেছি কেজুৱেল৷ কেৱল মনত আছে; ৰঙা চকু, নীলা টি চাৰ্ট আৰু বৰষুণ জাকে নৱ যৌৱনা কৰি থোৱা এঁকা বেঁকা পথত সেই প্ৰথম মাতষাৰ! ফেঁচী!!

কৈশোৰৰ সেই ভালপোৱা! ৰঙা চকুৰ সেই ল'ৰাটো সঁচাকৈয়ে অদ্ভূত আছিল, আমাৰ সম্পৰ্কতকৈও অদ্ভূত৷ বহু দিনৰ মুৰত আমাৰ চহৰলৈ আহিছিল সি, দেখা পাইছিলো বহু চেষ্টাৰ অন্তত৷ প্ৰচণ্ড তৃষ্ণাত এটুপি পানী বিচৰাৰ দৰে বিছাৰিছিলো সেই দিনবোৰ৷ কিমানটা ৰাতি উজাগৰে কটাইছিলো নিজেওঁ নাজানো৷ ৰাতিৰ সেই নীৰৱতাবোৰ ভগাই লৈছিলো তাৰ স্মৃতিৰ সৈতে৷ উষ্ণতাবোৰ হিচাপৰ বেলেঞ্চ শ্বিটত asset হিচাপে জমা কৰি গৈছিলো৷ বছৰৰ শেষত সেইবোৰ হৈ পৰিছিল 'Doubtful Debt'৷ সি প্ৰায়েই হেৰাই গৈছিল৷ এক বুজাব নোৱাৰা বেদনাত চট্‌ফটাইছিলো৷ কোনেবাই যেন বুকুখন কুৰুকি কুৰুকি খাইছে৷ ৰঙা চকুৰ সেই ল'ৰাটোক যে মই বহুত ভাল পাইছিলো৷

তাৰপিছত?? তাৰপিছত মই আৰু কাকো ভালপাব নাজানিলো৷ নিজৰ স্বামীকো নোৱাৰিলো৷ মনে জানিছিল, সি মোক এতিয়াওঁ ভালপায়৷ শুনিছিলো সি হেনো তাৰ চহৰৰ কোনোবা এজনী ছোৱালীক ভালপায়৷ গোটেই জীৱন কঢ়িয়াই লৈ ফুৰা ইগ'ৰ চাদৰখন আঁতৰাই তাক ফোন কৰিছিলো,
"তাই মোতকৈয়ো ধুনীয়া?........
তুমি মোক কোৱা সেইবোৰৰ অৰ্থ কি আছিল?.........
কিয় তুমি নিজেই মোৰ ওচৰ চাপিছিলা?......"

প্ৰত্যুত্তৰত ফোনৰ সিপাৰে এটা হাঁহি৷ নাজানো সঁচা নে ফেইক৷ যিয়েই হওঁক, সেই হাঁহি আছিল মৃত্যু যন্ত্ৰণাৰ সমকক্ষ৷ সেইদিনাৰ পৰা হয়তো আৰু কাকো ভালপাব নোৱাৰিলো… নাজানিলো… নিশিকিলো…… ভালপোৱাৰ অৰ্থ বুজাবলৈ বহুতেই চেষ্টা কৰিলে, কিন্তু মই বুজিবলৈ অপৰাগ৷ ভালপোৱা মানেই 'অতনু'৷ তাতকৈ বেছি শিকিবলৈ মোৰ মন নাই৷

এদিন সি আহিব৷ এসোপামান মই ভালপোৱা কাণফুলি আৰু এটা ৰঙা গোলাপ লৈ৷ আহিয়েই হুলস্থুল লগাব কাণত নতুনকৈ আৰু দুটা ফুটা কৰা দেখি৷ মোৰ চকুপানী দেখি মিনাৰেল ৱাটাৰৰ প্লান্ট খোলাৰ প্লেন কৰিব৷

আঠ বছৰ হৈ গৈছে৷ বিকাশৰ সৈতে মোৰ এক সুখৰ(!) সংসাৰ৷ এদিন অতনু আহিব৷ আহিয়েই হৈ হাল্লা লগাই দিব, "অই ফেঁচী, মোৰ মিনাৰেল ৱাটাৰৰ ব্যৱসায়ত লালবাতি জ্বলি গৈছে৷ মোৰ চকুপানীৰ উৎসটো শুকাই গৈছে দেখোন? তই আজিকালি কন্দা কটা নকৰ? মোক জীয়াই ৰাখিবলৈ যে তোৰ চকুপানীৰ দৰকাৰ!"

এদিন লগ পাইছিলো তাক, মই যোৰহাটলৈ বদলি হৈ যোৱাৰ আগদিনা৷ তাক আৰু ঘূৰাই পাবলৈ নিবিচাৰো, সিওঁ নিবিচাৰে৷ আমি দুয়ো দুয়োকে হেৰুৱাই পেলাইছো! একেলগে!

*****
২/ অতনুৰ নোটপেডৰ এটা টুকুৰা–

বহুদিনৰ মুৰত শ্ব'হামত সোমাইছো৷ ব্লেক মেটেলৰ কাণফুলি কন্বকীৰ প্ৰিয়৷ ফ্লাইট লেইট হোৱা বাবে তাইৰ প্ৰিয় পাৰ্ক ষ্টিটৰপৰা তাইলৈ কাণফুলি কিনাৰ সময় নহ'ল৷

কাণফুলিজোৰ লিৰিকি বিদাৰি মোৰ কাষৰ চিটত বহি আছে তাই৷ ড্ৰাইভিং চিটত মই৷ বেকগ্ৰাউণ্ডত অনুপমৰ গীত৷ "তোর আমার একটাই পরিচয়, দুজনের কাঁচা অভিনয়…"

- কেতিয়া যাবা?
- কাইলৈ৷
- উভটি নাহা?
- অতীতলৈ ওভটা সম্ভৱ নহয় অতনু!
- ভালপোৱা? এতিয়াওঁ?

মিচিকিয়াই হাঁহি গাড়ীৰ ভলিউম কমাই দিলে কন্বকীয়ে,
- মনত আছে অতনু, তোমাৰ প্ৰেয়সীৰ কথা শুনি মই চাইক'ৰ দৰে ব্যৱহাৰ কৰিছিলো৷ তুমি যে মোক ভাল নোপোৱা, বিশ্বাস কৰিব পৰা নাছিলো৷ চিঞৰি চিঞৰি নিজকে সুধিছিলো, পৃথিৱীৰ আটাইতকৈ নিষ্পাপ চকু দুটাই কিয় মোক মিছা কৈছে৷ বুজি পোৱা নাছিলো তুমি মোক কিয় আৰু ভালপাব নোৱাৰিবা৷
অতনু, ভালপোৱাটো ইশ্বৰক বিশ্বাস কৰাৰ দৰে৷ তুমি বিশ্বাস কৰিব পাৰিব লাগিব যে ইয়াৰ অস্তিত্ব আছে৷ সেই বিশ্বাসকণ তুমি সেইদিনাই হেৰুৱাই পেলাইছা৷ মই ভীষণ ভীৰুু, বিশ্বাসকণ বুকুত বান্ধি জীয়াই আছো৷

বিষণ্ণ চকুৰ ছোৱালীজনী সৌৱা গুছি গৈছে৷ ভীষণ ইচ্ছা গৈছে সকলো পাহৰি তাইক গৈ সাৱটি ধৰিম৷ তাই কোনোদিন নাজানিব পকেটত এটা ৰঙা সপোন কঢ়িয়াই আনিছিলো তাইক সেই অতীতলৈ ওভোটাই নিয়াৰ বাবে৷ তাই অতীতলৈ উভটি নাযায়৷ তাইৰ অবিহনে ময়ো নিবিচাৰে৷ আমি দুয়ো দুয়োকে হেৰুৱাই পেলাইছো! একেলগে!

৩/ আকৌ কন্বকী-

যোৰহাটলৈ অহাৰ পিছত মই মনে প্ৰাণে চেষ্টা কৰিছিলো সংসাৰী হ'বলৈ৷ ধূসৰ অতীত ক্ৰমান্বয়ে বেছি ধূসৰ হৈ পৰিছিল৷ বিয়াৰ আগৰেপৰা বিকাশে জানিছিল অতনুৰ কথা, এটা মিছাৰে সংসাৰ আৰম্ভ কৰাৰ পক্ষপাতি নাছিলো মই৷ মোৰ অতীত, অতনুক লৈ বিকাশৰ কোনো আপত্তি নাছিল৷ কোনোদিনে ভুলতেওঁ মোক এই কথালৈ একো কোৱা নাছিল৷ টিপিকেল গুডি গুডি হাজবেণ্ড!

ভাললগা নাছিল মোৰ৷ কিয় ইমান টিপিকেল গুডি হাজবেণ্ড হ'ব বিকাশ? কিয়?? মই বিছাৰিছিলো-- বিছাৰিছিলো বিকাশে মোক গালি পাৰক, মাৰধৰ কৰক!! হিংসা কৰক সি অতনুক৷ মোক লৈ সি পজেচিভ হওঁক! অতুনক ঘৃণা কৰক-- মোৰ ভালপোৱাখিনি একান্তই তাৰ বুলি দাবী কৰক৷ মোক হেৰুৱাৰ ভয়ে বিকাশক আগুৰি ৰাখক৷ কিন্তু!

"ভাত দিছো, অফিচ পালো, আহোতে বাবাৰ কাৰণে এটা গাখীৰৰ পেকেট লৈ আহিবা"- এইখিনিৰ মাজতেই ক'ৰবাত ৰৈ গৈছিল আমাৰ সম্পৰ্কটো৷ দিনে দিনে আমি আগ্ৰহ হেৰুৱাই পেলাইছিলো… ইজনে সিজনক জনাৰ৷ হয়তো সকলো উদঙাই দিয়াৰ পিছত জানিবলৈ বিশেষ একো বাকী নাছিল আমাৰ৷ বিষণ্ণতাৰ মাজত হেৰাই যোৱা দিনবোৰত দুখন চিনাকী মুখ, নিশ্বাসৰ উমান পোৱা দুখন নিৰ্লিপ্ত পাহাৰ… অনবদ্য অভিনয়েৰে আমি গণি গৈছো কেৱল অন্ধকাৰ…… আৰু অন্ধকাৰ!!

৪/ মই বিকাশে কৈছো-

" ডিগ্ৰী ফাইনেল ইয়েৰত আছিলো মই৷ তেতিয়াই মাকৰ মৰমৰ বাগিছাৰ গোলাপ এটা মনে মনে চিগি আনিছিল মোলৈ৷ আৰু এবাৰ কি হ'ল জানা? আমাৰ কলেজ উইক আছিল৷ ৰাতিপুৱাৰে পৰা সকলো কাম বাদ দি মাৰ মেখেলা চাদৰ কেইজোৰেৰে ৰিহাৰ্চেল দি আছো৷ মানস ৰাইনো ট্ৰেইনখনেই হ'ব বুজিছা, অন্য ট্ৰেইন ইমান সোনকালে গুৱাহাটী আহি নাপায়৷ একদম জপৰা চুলি, ৰঙা চকুৰে সি আহি হাজিৰ৷
-" অই আজি হেনো শুক্লেশ্বৰৰ ফুলবোৰে তোমাৰ খোপাত উঠি প্ৰচেছন কৰিবলৈ যাব৷ এনেকুৱা দৃশ্য মিছ কৰিব নোৱাৰি দেই৷ গুছি আহিলো, মোৰ ফালৰপৰা এটা ৰঙা গোলাপ লৈ৷"

এক অপাৰ্থিৱ সৰলতা দেখিবলৈ পাইছিলো তাইৰ মুখত৷ মায়াসনা চকুদুটা আৰু বেছি মায়াবী হৈ পৰিছিল৷ এইজনী কন্বকীক মই চিনি নাপাওঁ৷ মই নাজানো তাইৰ প্ৰিয় ফুল কি, নাজানো তাই কি ভাল পায়৷ বুকুত যেন এক বিষ৷ তাইক পায়ো হেৰুৱাৰ কষ্ট নে  যিজনী কন্বকী কোনোদিন মোৰ নহ'লেই তাইক পোৱাৰ শেষ আশাকণো হেৰুৱাৰ ভয়৷ মনত কি চলিছিল নিজেওঁ নাজানো৷ কষ্ট পাইছিলো! বহুত! ওচৰত থাকিও দূৰে দূৰে ফুৰাৰ কষ্ট৷ দিনবোৰ ক্ৰমান্বয়ে একঘেয়ামী হৈ গৈছিল৷ তাইক পোৱাৰ আশা আৰু হেৰুৱাৰ ভয়ৰ মাজত মই কুঞ্চিত হৈ পৰিছিলো৷ অথচ ক'ব পৰা নাছিলো৷ একোৱেই ক'ব পৰা নাছিলো৷ নিজকে ডুবাই দিছিলো অন্য এক পৃথিৱীত৷

৫/ এক অধ্যায়ৰ সমাপ্তি-

পৰ্ণগ্ৰাফীত আসক্ত আছিল বিকাশ৷ বিয়া হোৱাৰ চাৰি বছৰ পিছত জানিবলৈ পাইছিলো এই কথা৷ অস্বাভাৱিক একোৱেই নাছিল৷ কিন্তু মই পৰা নাছিলো সহজভাৱে ল'বলৈ৷ কেনেকুৱা যে লাগিছিল নহয়, অন্যৰ আৰ্টিফিচিয়েল অন্তৰঙ্গ মূহুৰ্তবোৰৰ মাজত ডুবি থাকি সুখ বিছৰাৰ কি যে এক বিকল্প৷ বিকাশৰ এই নিচাৰ কাৰণ বুজিছিলো… মোৰে উদাসীনতা৷

বিকাশক সংগ দিবলৈ আৰম্ভ কৰিলো৷ বাবা লাহে লাহে ডাঙৰ হৈ আহিছে৷ সকলো ভাবি চিন্তি এদিন চাকৰিটো এৰি দিলো৷ প্ৰতিটো বিষণ্ণ আবেলিৰ অন্তত মই প্ৰতীক্ষা কৰিবলৈ আৰম্ভ কৰিলো বিকাশৰ ভালপোৱাৰ সন্মুখত পৰাজিত হ'বলৈ, প্ৰতিদিনে……

আকৌ মন যাবলৈ ধৰিলে বিকাশৰ ঘৰ্মাক্ত দেহৰ গোন্ধ পাবলৈ৷ কোনোবাই বুকুখনৰ মাজত কুৰুকি কুৰুকি সোমাই গ'লে কেনেকুৱা লাগে সেয়া আকৌ জানিবলৈ ইচ্ছা যাবলৈ ধৰিলে৷ মোৰ শৰীৰৰ মাজত ডুবিবলৈ বিকাশৰ কোনো তাড়না মই নেদেখিলো৷ মদৰ নিচাত থিয় হ'ব নোৱাৰা জনেওঁ বিছনাত পৰি আলিঙ্গনৰ খেলাত লিপ্ত হ'বলৈ চেষ্টা কৰে, বিকাশে নকৰে৷ মই একো কৰিব নোৱাৰো৷ কিন্তু কেতিয়াবা খুউব মন যায়… এক নিৰ্লজ্জ তৃষ্ণা বুকুত বান্ধি লৈ অতনুক অভিশাপ দিবলৈ৷

জেঠৰ এক শনিবাৰে বিকাশে মোক শেষবাৰৰ বাবে আঁকোৱালি লৈছিল৷ খুব শান্ত আছিল সেইদিনা বিকাশৰ স্বৰ৷
- তোমাৰ মই চাগে আৰু কেতিয়াওঁ ভাল পাব নোৱাৰিম৷ তুমি বিছাৰিলে এই বান্ধোনৰ পৰা মুক্ত হ'ব পাৰা৷

আঁতৰি আহিছিলো চিঙ্গল বেডৰুমৰ এই ফ্লেটটোলৈ৷

৬/ অপেক্ষা !

চাকৰিটোত আকৌ জইন কৰিলো৷ চাৱনিবোৰ এইবাৰ অলপ ভিন্ন৷ মোৰ দুখত যেন সমস্ত জগত সমভাগী৷ সুবিধা পালেই অত্যাধিক কেয়াৰ, বিকাশৰ কথা খুচৰিবলৈ সকলো যেন মাত্ৰাধিক আগ্ৰহী৷ কি অসহ্য যন্ত্ৰণা!! গা কিলবিলাই অহা এক অনুভৱ৷

ব্যতিক্ৰম সদায়েই থাকে, এই ক্ষেত্ৰটো আছিল৷ অভিষেক দা!!
"তই এইবোৰত কিয় মুৰ ঘমাই থাক? ব'ল আজি তই মোক ম'ম' খুৱাবি", "ব'ল আজি দীঘলী পুখুৰীৰ পাৰে পাৰে খোজ কাঢ়ো", "কাইলৈ তোৰ ঘৰত খাবলৈ যাম, লোকেল মুৰ্গী লাগিব কিন্তু"……

বিকাশৰ কথা লৈ কেতিয়াওঁ মোৰ ওচৰ চপা নাছিল অভিষেক দা৷ মোৰ প্ৰেজেন্টেচন লৈ লেপটপত চকু স্থিৰ কৰি চাই থকা অভিষেক দাৰ চকুকেইটা বাৰু ৰঙা পৰা নাইনে? মোলৈ আঁৰ চকুৰে চাই থকা সেই চকুকেইটা অতনুৰ দৰে নহয়নে? নাহ, হ'বই নোৱাৰে৷ তেনেহ'লে কি?? কিয় মই তেওঁৰ মাজত কৈশোৰৰ সেই ৰঙা চকুহাল বিছাৰিছো?

"তোমাৰ মই চাগে আৰু কেতিয়াওঁ ভাল পাব নোৱাৰিম৷" - বিকাশৰ হনীমুনৰ ফটোবোৰ ফেচবুকত দেখিছো৷ ভালেই আছে চাগে সি!

প্ৰচণ্ড যেন এক যন্ত্ৰণা!! চটফটাই কটাইছো বহু উজাগৰী নিশা৷ বাবাক বৰ্ডিং স্কুলত দিয়াৰ পৰা নিসংগতা হৈ পৰিছে চিৰলগৰী৷

অফিচৰ মিটিঙৰ পৰা সোনকালে এৰি দিলে আজি৷ সকলো ওলাই গ'ল গোৱাখন চাবলৈ৷ মই অকলে বহি আছো সাগৰৰ পাৰত, এসোপা অভিমান বুকুত লৈ৷ নাজানো কিয় এই অভিমান৷ হেৰাই যাব মন গৈছে ক'ৰবাত, হয়তো এই সাগৰৰ ঢৌৰ মাজত… নীলাভ সীমাহীনতাত যেন ডুবাই দিম অভিমানবোৰ!

- কন্বকী লোৱা৷

উচপ খাই উঠিলো৷ হাতত দুটা ফষ্টাৰ লৈ অভিষেক দা৷

- আপুনি নগ'ল গোৱা চাবলৈ??
- ব'লা!

এটুকুৰা ৰঙাৰ সন্ধানত মই যেন হেৰাই গ'লো গোৱাৰ অলিয়ে গলিয়ে, দিগ বিদিগ হেৰুৱাই……

৭/ চগাৰ কাহিনীটো-

চগাৰ কাহিনীটোৱে গজালি মেলিছিল তেতিয়াই
দীঘলনাকীয়া পোহৰ এছাটিত চগাটো জাহ গৈ আছিল
নজনাকৈ, নুশুনাকৈ৷
পোহৰচাটি আৰু দীঘল হ'ল৷
চগাৰ হাতত হাত থৈ পোহৰে এদিন মেল ৰচিলে
কথা গঢ়িলে
চগাক বুকুত ৰখাৰ,
চগাক জীৱন দিয়াৰ৷

জীৱনে আঁচোৰা দাগত চগাই শিল এটা পুতিছিল
পোহৰে শিলটো গলাই দাগবোৰ পিহিব লাগিল৷
মাহেকে পষেকে চগাই পোহৰত গা ধোৱে৷

ঘপ্‌কৈ এদিন পোহৰে চগাক ৰঙা কৰিলে৷
ৰাঙলী চগাটো পোহৰতে আকৌ জাহ গ'ল
পোহৰে সাঁতুৰিলে চগাৰ সোঁতত৷
জনাকৈ, শুনাকৈ৷
স্বজ্ঞানে, স্বাভিমানে-
ইটোৱে সিটোৰ পৰিপূৰক হৈ৷

………………………………………………………………………………

এইখিনিয়েই লিখা আছিল ডায়েৰীখনত৷ সৰুতে মাৰ লেখা আলোচনী আদিত দেখা মনত পৰে… তাৰ পিছত আৰু একো নাই৷ মই পাহৰিয়েই গৈছিলো মাই যে কিবা লিখিছিল৷ পুতলা লৈ মায়ে খেলি আছে--  কেতিয়াওঁ কল্পনা নকৰা অৱস্থাত সেয়া মোৰ মা৷ হয়তো এইবোৰ কাৰণতে মোক ককাহঁতে বোৰ্ডিং স্কুললৈ পঠিয়াই দিছিল৷ নাজানো ডায়েৰীৰ কথাবোৰ সঁচা নে মিছা৷ গোটেই কোঠাটোত বিশৃংখল হৈ পৰি আছে অসংখ্য ছবিৰে৷ গোটেইবোৰত মুখবোৰ কলমেৰে কাটি নষ্ট কৰি পেলোৱা৷ ক'ৰবাত হয়তো সেয়া মা নিজেই, ক'ৰবাত ৰঙাচকু, ক'ৰবাত কোনোবা……

চগাৰ পৃষ্ঠাটো পুনৰবাৰ লুটিয়াই চালোঁ৷ পোহৰ বিছাৰি যোৱা চগাটো, পৰিপূৰকতাৰ অভাৱত যেন শেষত জাহ গ'ল একুৰা জুইত !!

(টোকা: "চগাৰ কাহিনীটো" অংশভাগ Priyanka Dasৰ এটা কবিতাৰ পৰা লোৱা হৈছে৷ বাকিখিনি কেইজনমান বন্ধুৱে মিলি সম্পূৰ্ণ কৰিব নোৱাৰা এটা গল্পৰ প্লটৰ আধৰুৱা ৰূপ)