Friday 24 July 2015

উমম ( পাৰ্ট- ২) ::


- বজাৰৰ বেশ্যাজনীওঁ তোতকৈ ভাল বুজিছ...
- ইমান জানা তুমি৷ তোমাৰ বহুত বেশ্যাৰ লগত চিনাকী আছে যেন পাইছো৷
- অই মুখেৰে বেয়া কথা নুলিয়াবি মোৰ, কথা বেয়া হৈ যাব৷
- বেয়া কথা ক'বলৈ এতিয়াওঁ বাকী বুলি ভাবিয়েই আছা যে!!
- চুপ, একদম চুপ৷
- চুপ হৈ আছো বাবেইতো আজিলৈ সংসাৰখন বাছি আছে৷

তাৰপিছত নীৰৱতা৷

*****

অতনুৱে আজিও বাসৱীৰ লগত কাজিয়া কৰি ঘৰৰ পৰা ওলাই আহিল৷ বাসৱী তাৰ পত্নী৷ অতনু- বাসৱী সংসাৰখনৰ বয়স আঠ বছৰ৷ একমাত্ৰ সন্তান অঙ্গদৰ বয়স ছয়৷

অতনু বেংকৰ মেনেজাৰ৷ বাসৱী ডাক্টৰ৷ বিয়াৰ আগত দুয়োৰে তিনিমহীয়া প্ৰেমৰ সম্পৰ্ক এটা আছিল৷ দুয়োৰে ঘৰৰ মানুহে তিনিমহীয়া সম্পৰ্কটোক বেছিদিন টানিবলৈ নিদি চিৰস্থায়ী কৰি দিয়ে৷

পঢ়ুৱৈ সকলে ভবাৰ দৰে অতনু ইমানো বেয়া নহয়৷ বাসৱীও যে চাপ'ৰ্টিভ নহয়, তেনেকুৱা নহয়৷ তথাপিও ক'ৰবাত কিবা খেলিমেলি৷ জীৱনৰ সুৰ যেন ক'ৰবাত হেৰাই গৈছে৷ ফলত কাজিয়া হৈ পৰিছে দুয়োৰে নিত্যসঙ্গী৷

কাজিয়াৰ সূত্ৰপাত বাসৱীৰ চাকৰিটো লৈ৷

*****

বাসৱীৰ চাকৰিৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই৷ ফোন আহিলেই তাই দৌৰিব লাগে৷ দিনে, ৰাতি, শয়নে, সপোনে যিকোনো সময়ত বিনা নোটিচত তাইলৈ ফোন আহিব পাৰে৷ কাৰণ বিধাতাই প্ৰসৱ বেদনাৰ কোনো টাইম টেবল নিদিয়ে৷

অতনুৱে সকলো বুজে৷ সকলো জানে৷ তথাপিও তাৰ মনে নামানে৷ গভীৰ নিশা পত্নীৰ সৈতে মন আৰু শৰীৰৰ গভীৰ অনুভূতিবোৰ গভীৰৰ পৰা গভীৰতৰ বিনিময় হ'ব লগা ক্ষণবোৰত অতনুৱে বাট কৰে নিদ্ৰাবিহীন অকলশৰীয়া ৰাতি৷
কেতিয়াবা গভীৰ ৰাতি সাৰ পালে কাষত বাসৱীৰ অনুপস্থিতিয়ে তাৰ পুৰুষত্বত আঘাট হানি তাক যে থকা সৰকা কৰি দিয়ে সেয়া সি তাইক কেনেকৈ বুজাব৷
গতিকেই কাজিয়া.... সদায়৷ কাজিয়াখন সদায় অতনুৱেই আৰম্ভ কৰে৷ বাসৱীৰ অসহ্য লগা হৈছে আৰু৷ হয়তো অঙ্গদ নাথাকিলে কোনোবাদিনাই..........

*****

অতনুৰ গাড়ী চলিছে সোণাপুৰ অভিমূখে৷ আজিকালি প্ৰায়েই নিশা কাজিয়া লাগি এনেদৰে ৰাতি ওলাই আহে সি৷ সঙ্গী চিভাছ ৰিগেল আৰু জুবিনৰ গান.....

" মায়াবিনী ৰাতিৰ পোহৰ দেখা পালো তোমাৰ ছবি,
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত..."

চিগাৰেটৰ এক অসহ্য গোন্ধ...আৰু এটা ফিচ্‌ফিচিয়া মাত....

- কি হৈছে তোৰ???

ভীষণভাৱে চক্ খাই উঠিল অতনু৷ ষ্টিয়াৰিঙৰ নিয়ন্ত্ৰণ হেৰাই গ'ল৷ সন্মূখত এখন প্ৰকাণ্ড বাছ৷ কোনোমতে কন্ট্ৰ'ল হাতলৈ আনি এক নিশ্চিত মৃত্যুৰ পৰা হাত সাৰিল অতনু৷

উফ্…!!! এক স্বস্তিৰ নিশ্বাস এৰিলে অতনুৱে৷ হঠাৎ কি মাত শুনিছিল জানো সি৷ কোনো নাই দেখোন গাড়ীত৷ লাহেকৈ গাড়ীখন দিচাং ধাবাৰ সন্মুখত ৰখাই পেগ এটা বনাবলৈ ল'লে৷

- ভাল বাছিলি দেই মৰাৰ পৰা!!!

এইবাৰ একে জাপে গাড়ীৰ দৰ্জা খুলি পলাল অতনু৷ কোন আছে গাড়ীৰ পিছৰ চিটত??
হাৰ্টবিট অলপ কমাৰ পিছত বাহিৰৰ পৰা পিছৰ চিটটো ভালকৈ লক্ষ্য কৰিলে অতনুৱে৷ এক ক'লা অবয়ৱ৷

সাহস কৰি আগুৱাই গ'ল অতনু৷
- অই কোন তই৷ মোৰ গাড়ীত কেনেকৈ উঠিলি?

আকৌ সেই ফিচ্‌ফিচিয়া হাঁহি!!

- মোৰ গাড়ীত কিয় উঠিছ৷ নাম এতিয়াই৷
- মোৰ নিজৰ গাড়ীত নুঠি আৰুনো কাৰ গাড়ীত উঠিম ঔ বোপাই৷
- মানে??
ইতিমধ্যে গাড়ীৰ ভিতৰত এটা পঁচা গোন্ধ তীব্ৰ হৈ পৰিছে৷
- আজিৰ পৰা তিনি বছৰ আগতে এইখন মোৰ আছিল৷ পিছে কিনাৰ দিনাই এক্সিডেন্ট হৈ......

এখন হিম শীতল হাতে অতনুক স্পৰ্শ কৰিলে৷ চিঞৰিবলৈ লৈও অতনুৰ মাত নোলাল৷ সেই ৰহস্যময় চৰিত্ৰৰ ৰক্তাক্ত মুখমণ্ডল দেখি অতনুৰ হৃদস্পন্দন বন্ধ হোৱাৰ উপক্ৰম হ'ল৷

ভয়ত আধামৰা অতনুক সেই চৰিত্ৰটোৱে লাহেকৈ ক'লে,
- ভয় নকৰিবি বোপাই৷ তোক মই সহায় কৰিবলৈ হে আহিছো৷ কি দুখ হৈছে কচোন৷

কালি কিনা দামী পেন্টটো ইতিমধ্যে তিতি গৈছে৷  তথাপি কিবাকৈ অতনুৱে উচ্চাৰণ কৰিলে অতনুৱে,
- বাসৱী, বাসৱী৷ তাই মোক........

ৰহস্যময় কন্ঠই হাত ডাঙি তাক আধাতে ৰখাই দিলে৷ তাৰপিছত সেই ভয়াবহ মুখখন অতনুৰ নিচেই কাষলৈ আনি ফুচফুচাই ক'লে,

- মই সকলো কথা জানো৷ মোৰ কথা ভালকৈ শুন৷ যদি অহা ২৪ ঘন্টাৰ ভিতৰত তাই তোক নিজ মনেৰে আঁকোৱালি লয় তেন্তে তহঁতৰ জীৱন সদায় সুখৰ হ'ব৷ নহ'লে জানি ৰাখ তোৰ আৰু বেছি দিন আয়ুস নাই...... হেৰাই যাবি তই এই পৃথিৱীৰ পৰা৷

আকৌ সেই আলিফ লাইলাৰ জিনটোৰ দৰে হাঁহি....

অজ্ঞান হোৱাৰ আগমূহুৰ্তত অতনুৱে অনুভৱ কৰিলে এক মিঠা, ভাললগা গোন্ধ...
*****

টিং টং৷

দৰজা খোলাৰ শব্দ।

কন্দনমুৱা হৈ বাসৱী ওলাই আহিল৷

- ক'ত আছিলা গোটেই ৰাতি? ইমান ফোন কৰিছো, ইমান বিছাৰিছো৷ জানানে গোটেই ৰাতি কি কি চিন্তা মনলৈ আহি আছিল৷

- মই, মানে আচলতে মই.... চ'ৰি বাসৱী! আৰু এনেকুৱা নকৰো মই৷
- এটা কথা বুজি নাপাওঁ জানা৷ এই বিধাতাই ভালপোৱাৰ প্ৰতিদানত সদায় কষ্ট কিয় দিয়ে৷ কেতিয়াবাটো ভালপোৱাৰ প্ৰতিদানত অলপ হলেওঁ ভালপোৱা দিব পাৰে৷

অতনুৱে বাসৱীক আৰু একো ক'বলৈ সুযোগ নিদি সাজোৰে সাৱটি ধৰিলে৷ হুকহুকাই কান্দি কুচিমুচি বুকুৰ মাজলৈ সোমাই গ'ল বাসৱী৷ তাৰপিছত.......

*****

দুৱাৰ খোলাৰ শব্দত অতনু সচকিত হৈ উঠিল৷ বৰ্তমান সি ফ্লেটৰ দুৱাৰৰ সন্মুখত ৰৈ আছে৷
- কাক লাগে?

বাসৱীৰ প্ৰশ্নত থতমত খালে অতনুৱে৷ উফ্, কি অভিমান৷ আকৌ এবাৰ সাৱটি লৈ তাইক মৰম কৰাৰ তীব্ৰ ইচ্ছা এটাই তাক আমনি কৰিবলৈ ধৰিলে৷

অতনুৱে লাহে লাহে মূৰ তুলিলে৷ মুখত স্পষ্ট অপৰাধীৰ ভাৱ৷
- হেৰি কাক বিছাৰিছে নকয় কিয়? এনেকৈ মনে মনে থিয় হৈ আছে যে৷

কি ক'ব অতনুৱে ভাবি নাপালে৷ বাসৱী তাৰমানে বহুত চিৰিয়াচ৷ অৱশ্যে খং কৰাৰেই কথা৷ কালি খঙৰ ৰাগীত কি কি যে নক'লে সি তাইক৷

ভাবি থাকোতেই দুৱাৰখন সশব্দে বন্ধ কৰি দিলে বাসৱীয়ে৷

এইবাৰ অতনুৰ অলপ খং উঠিল৷ হেৰৌ অভিমান, খং- ৰাগ সকলো নিজৰ ঠাইত৷ কিন্তু দুৱাৰ কিয় বন্ধ কৰি দিব৷ ধেমালি পাইছে নেকি?

টিং টং৷
টিং টং৷
টিং টং৷

এইবাৰ অলপ জোৰে দুৱাৰখন খুলিল৷ বেছ খঙেৰেই বাসৱীয়ে ক'লে,
- হৈছে কি আপোনাৰ? বাৰেবাৰে বেল বজাই দিগদাৰ দি আছে যে?
- আই এম চৰি৷
- কি??
- আই এম চৰি৷
- চৰি? কিয়?
- বাসৱী প্লিজ৷ এনেকুৱাখন নকৰিবা৷ মানি লৈছো মোৰ ভুল হৈছে৷ আৰু নকৰো এনেকুৱা, প্ৰমিজ!

বাসৱীয়ে এইবাৰ অবাক হৈ অতনুলৈ চাই ক'লে,
- আপুনি কোন? মোৰ নাম কেনেকৈ জানিলে?
- মানে?
- সেই মানেটোৱেই জানিবলৈ বিছাৰিছো৷ আপুনি মোৰ নাম কেনেকৈ গম পালে৷
- উফ্, কি পাগলামী কৰি আছা? কৈছো নহয় ভুল হৈ গ'ল৷ গুচা এতিয়া, ভিতৰলৈ যাবলৈ দিয়া৷

ভিতৰৰ পৰা এক পুৰুষকন্ঠ ভাহি আহিল৷

- কোন আহিছে আইভী??

আইভী?? এই নামেৰে কেৱল অতনুৱে বাসৱীক মাতে৷ তাকো কিছুমান বিশেষ মুহূৰ্তত৷ কোন এই পুৰুষ?

ভিতৰৰ পৰা এজন পুৰুষ ওলাই আহিল৷ পিন্ধনত অতনুৰ পোচাক৷
- কি হ'ল আইভী?
- নাজানো অতনু৷ চোৱাছোন এই মানুহজনে মোক তেতিয়াৰ পৰা দিগদাৰ কৰি মাৰিছে৷ কৰ পৰা যে আহে নহয়৷

এইবাৰ পুৰুষজনে অতনুলৈ চাই প্ৰশ্ন কৰিলে,
- কি ভাই কি হৈছে? এনেকৈ বেলেগৰ ঘৰত আহি দিগদাৰ দিয়াৰ কি মানে আছে?

অতনু হঠাৎ উত্তেজিত হৈ পৰিল৷ বাসৱীৰ হাতখন থাপ মাৰি ধৰি ক'বলৈ ধৰিলে,
- এই, নাটক বহুত হ'ল৷ ইমানদেৰি বহুত সহ্য কৰিলো৷ চাওঁ ভিতৰলৈ যাব দিয়া৷ আৰু এই মলুৱাটো কোন?

একে টানে হাতখন এৰুৱাই আনিলে বাসৱীয়ে৷
- অই অসভ্য হাত এৰ বুলিছো৷
- চুপ! চুপ! বন্ধ কৰ তোৰ নাটক৷ বহুত বেছি হৈ গৈছে৷

ইতিমধ্যে দুয়োৰে মাজত আহি থিয় হৈছে সেই পুৰুষ৷ অতনুৰ কলাৰত হাত ৰাখি মাত দিলে,
- এই পুৱাই মাতলামি কৰিবলৈ আহিছ৷ চিনি পোৱা নাই মোক? তই যাবি নে গাৰ্ড মাতি চোঁচোৰাই বাহিৰত থৈ আহিম৷
- তই কোন? মোৰ ঘৰত তই কিয়? আৰু মোৰ পত্নীৰ লগত তই কি কৰি আছ?
- কি?? বাসৱী তোৰ পত্নী? থাপ্পৰ চিনি পাৱ? গোটেইকেইটা দাঁত সৰাম আজি তোৰ৷

এটা গোৰত অতনু চিটিকি পৰে৷ সজোৰে দুৱাৰখন বন্ধ হৈ পৰে৷

পাগলৰ দৰে অতনুৱে আকৌ দুৱাৰখন ঢকিয়াবলৈ লয়৷ ঠিক তেতিয়াই চিড়িৰে তললৈ নামি আহে ওপৰৰ মহলাত থকা নীহাৰ বৰুৱা৷ খুব ভাল মানুহ৷ অতনুৰ দবা খেলৰ সংগী৷ অতনুৰ অৱস্থা দেখি আগুৱাই গৈ সোধে,
- কি হৈছে আপোনাৰ? এনেকৈ আছে যে?
- আৰে নক'ব নীহাৰদা৷ আপোনাৰ পৰানো কি লুকুৱাম৷ কালি ৰাতি আকৌ অলপ কাজিয়া হ'ল৷ খঙতে ওলাই গৈ আজিহে আহিছো৷ তাতেই হুলস্থুল৷ মোক বোলে এতিয়া বাসৱীয়ে চিনিয়েই নাপায়৷ আৰু কোনোবা এটাক ৰুমত সোমোৱাই ৰাখিছে৷ সেয়া বোলে মই৷ কি পাগলামী কাৰবাৰ চাওঁকচোন৷

নীহাৰ বৰুৱা চিন্তাত পৰি গ'ল৷ অলপ সময় ভাবি লাহেকৈ অতনুক সুধিলে,
- পিছে আপুনি কোন হয়নো? ধৰিব পৰা নাই৷

*****

তলৰ ৰাজেনৰ দোকানত বহি চাহ খাই আছে অতনুৱে৷

কোনোৱে চিনি পোৱা নাই তাক৷ নীহাৰ বৰুৱা, চিকিউৰিটী গাৰ্ড, পাৰ্ট টাইম কাম কৰাজনী.... নাহ্ কোনেওঁ তাক চিনি পোৱা নাই৷

চাহকাপ কেনে যে বেয়া হৈছে খাবলৈ৷ অতনুৱে ৰাজেনক ডবিয়াই উঠিল,
- অই ৰাজেন কি বনাইছ আজি, চেনী ইমান কম দিছ৷
- দাদা, চেনী বেছি লাগিলে কৈ দিব৷ আজিকালি মানুহে চেনী কম খাই কাৰণে কম দিওঁ৷ এয়া লওঁক চেনী৷
- তোক আৰু কেইবাৰ ক'ব লাগিব ভাই যে মই বেছি চেনী খাওঁ৷
- মোক কেতিয়া ক'লে দাদা? আপোনাক আজিয়েই প্ৰথম দেখিছো৷
- ধুৰ #₹%&*

চুড়ান্ত হতাশ হৈ  খাই থকা গজাটো বাহিৰত শুই থকা কুকুৰটোৰ গাত দলি মাৰি দিলে অতনুৱে৷

*****

অতনুৱে কি কৰিব ভাবি পোৱা নাই৷ আজি এইফালো বেঙ্কো বন্ধ৷

বেঙ্ক!!

বেঙ্কৰ কোনোবাৰ ওচৰলৈ গলে নিশ্চয় চিনি পাব৷ আফটাৰ অল সি বেঙ্কৰ বছ৷ আৰু তাৰ ফটো আইদেনটিটী বেঙ্কত আৰামত পোৱা যাব৷

এইফালে পকেটত মোবাইলটো নাই৷ পিচিঅ' এটালৈ গৈ নম্বৰ টিপিলে৷

- বিজয়??
- অ' চাৰ কওঁক৷
- এটা ডাঙৰ সমস্যাত পৰিছো হে৷
- কি??

আছলতে কালি ৰাতি..........

সেইফালে বিজয়ে মন দি গোটেই কথাখিনি শুনি গ'ল৷ অতনুৱে কথাখিনি শেষ কৰাৰ পিছত লাহেকৈ সুধিলে,
- চাৰ এটা কথা সোধো বেয়া নাপায় যদি৷
- কোৱা কোৱা৷
- চাৰ আপুনি ৰাতিপুৱাই মাৰি দিলে নেকি? মোক আজি গধুলি চিভাছ ৰিগেলটো শেষ কৰিবলৈ মাতিছিলহে!!
- হোৱাট্ ?? কি যাতা বকি আছা? মই এই পুৱাই খাবলৈ মদাপী নেকি?
- নাই চাৰ, এনেই সুধিলো৷ ময়ো অলপ মদ খালে নিজকে মোডী বুলি ভাবো, বেছিকৈ পেটত গ'লে কেজৰিৱালৰ দৰে ফুটপাথত শুই থাকো৷ সেয়েহে বোলো আপুনিওঁ কিজানি.....
- মই কি?
- চাৰ আপুনি দেখোন বিয়া পতাই নাই!!

***

গধুলি পাঁচটা বাজিছে৷ সেই তিনিটা বজাৰ পৰা থানাত বহি আছে অতনু৷ বাসৱী আৰু সেই পুৰুষজনৰ বিৰুদ্ধে গোচৰ দিছে৷ বহুত জোৰ কৰাৰ পিছতহে কোনোমতে পুলিচে কেচটো লৈছে৷

- মিষ্টাৰ অতনু৷ আপোনাৰ শেহতীয়াকৈ কোনো মেন্টেল ব্ৰেকডাউন হৈছে যেন ভাব হৈছে মোৰ৷
- নাহ৷ হঠাৎ এই কথা ক'লে যে আপুনি?
- নাই মোৰ তেনেকুৱা ভাব হৈছে৷ হয়তো কিবা হেলুচিনেচন৷ হয়তো আপুনি এনেকুৱা এটা পৰিয়ালক নিজৰ বুলি ভাবিবলৈ লৈছে যাৰ লগত আপোনাৰ কোনো সম্পৰ্কই নাই৷
- কি?
- মই ইতিমধ্যে খবৰ ল'লো৷ আপুনি যাক নিজৰ স্ত্ৰী বুলি ভাবি লৈছে তেওঁৰ এখন সংসাৰ আছেই৷ ওচৰৰ সকলো মানুহে তেওঁলোকক ভালকৈ জানে৷ বিশেষকৈ আমি মনে মনে তোলা আপোনাৰ ফটো দুখন তেওঁলোকৰ সন্তান অঙ্গদক দেখুৱাইছিলো৷ সি আপোনাক চিনি নাপায়৷ ইমান সৰু ল'ৰাটোৱে মিছা নকয় নিশ্চয়৷
- অঙ্গদে মোক চিনি নাপায়? হ'বই নোৱাৰে৷ আপোনালোকে প্লিজ এবাৰ তাক ইয়ালৈ লৈ আহক৷ মই নিজেই তাৰ লগত কথা পাতিম৷
- চ'ৰি৷ আপুনি যাব পাৰে৷

*****

যোৱানিশাৰ ঘটনাবোৰ মন দি ভাবি আছে অতনুৱে৷
কাজিয়া, লং ড্ৰাইভ, সেই গোন্ধ, হিম শীতল হাত, সেই ভৌতিক কন্ঠ..…

"যদি অহা ২৪ ঘন্টাৰ ভিতৰত তাই তোক নিজ মনেৰে আঁকোৱালি লয় তেন্তে তহঁতৰ জীৱন সদায় সুখৰ হ'ব৷ নহ'লে জানি ৰাখ তোৰ আৰু বেছি দিন আয়ুস নাই...... হেৰাই যাবি তই এই পৃথিৱীৰ পৰা৷"

হেৰাই যাব?? এই পৃথিৱীৰ পৰা?? অতনু চমকি উঠে৷ হেৰাবলৈ বা বাকী আছেই কি? পত্নী, সন্তান, নিজ হাতে গঢ়া সংসাৰ সকলো হেৰাই গৈছে৷

অলৌকিক শক্তিত কাহানিওঁ বিশ্বাস নকৰে অতনুৱে৷ কিন্তু সি এয়া কেনেকৈ অস্বীকাৰ কৰে? এক অলৌকিক সত্বাৰ সৈতে তাৰ সেই কথোপকথন৷ সেয়াওঁ হেলুচিনেচন??

জাঁপ মাৰি উঠে অতনু৷ কি কৰিব লাগে সি গম পাই গৈছে৷

"যদি অহা ২৪ ঘন্টাৰ ভিতৰত তাই তোক নিজ মনেৰে আঁকোৱালি লয়......

অহা ২৪ ঘন্টাৰ ভিতৰত......

এতিয়া চাৰে পাঁচটা বাজিছে৷ হাতত মাত্ৰ চাৰে ছয় ঘন্টা৷

থানাৰ বাহিৰত ৰৈ আছে বিজয়৷
- চাৰ ব'লক মোৰ লগত৷
- ক'লৈ?
- মোৰ চিনাকী ডাক্টৰ এজনৰ ওচৰলৈ৷
- ডাক্টৰ? কাৰ কি হৈছে?
- অসুস্থ কোনো নহয়৷ কিন্তু তেওঁ হয়তো আপোনাৰ সমস্যাৰ সমাধান দিব পাৰিব৷ ৰোগী হিচাপে নহয়, বন্ধু হিচাপে ব'লক৷

***

- তাৰপিছত?
লিখা বন্ধ কৰিলে সুধিলে সমুদ্ৰই৷ অতি কম সময়তে চাইকিয়াট্ৰিস্ট হিচাপে যথেষ্ট নাম কৰিবলৈ সক্ষম হৈছে সমুদ্ৰ৷
- তাৰ পিছত আৰু কি হ'ব৷ কোনেওঁ মোক চিনি পোৱা নাই৷ বিজয়েওঁ কৈ আছে মোৰ বোলে বিয়া হোৱাই নাই৷ মই ধৰিবই পৰা নাই কি হৈছে৷
- ডিলিউচনৰ বিষয়ে আপুনি জানেনে বাৰু? ডিলিউচন হ'ল ভুল বিশ্বাস৷ চৰম পৰ্য্যায়ৰ ভুল বিশ্বাস৷ এনেকুৱা এক বিশ্বাস যাৰ কোনো ভিত্তি নাই৷ ধৰক আপুনি বিশ্বাস কৰিছে যে আপোনাৰ এখন সুখৰ সংসাৰ আছে৷ সুন্দৰী পত্নী আৰু এটা মৰমলগা ল'ৰা আছে৷ কথাবোৰ তেনেকুৱাই আৰু৷

- আপুনি তেন্তে ক'বলৈ বিছাৰিছে যে এই সকলো ডিলিউচন? আপুনি এটা কথা কওঁক, মই যে সেই ঘৰৰ প্ৰতিটো কোণৰ বিষয়ে সবিশেষ ক'ব পাৰো, বাসৱী, অঙ্গদৰ প্ৰতিটো কথাই শুদ্ধকৈ ক'ব পাৰো, সেয়াওঁ কি ডিলিউচন?
- শুদ্ধকৈ জানে বুলি আপুনি দাবী কৰিছে৷ কিন্তু আপুনি জনাখিনি সঁচাকৈয়ে শুদ্ধ জানো? আপুনি মোক অলপ আগতে কৈছিল যে বাসৱীৰ বাওঁ ভৰিত এটা সৰু কটা দাগ আছে৷ মোৰ প্ৰশ্ন হ'ল, সেয়া জানো সঁচাকৈয়ে আছে?

অতনুৰ চিঞৰি চিঞৰি কান্দিবলৈ মন যায়৷ তাৰ চকুৰ আগত স্পষ্টভাৱে ভাঁহি উঠিছে সেই কটা দাগ, যাৰ বিষয়ে হয়তো কোনেওঁ নাজানে৷ সেই বাসৱীয়ে আজি তাক চিনি নাপায়৷ তেতিয়া পুলিচ অফিচাৰে ক'লে ডিলিউচন৷ এতিয়া এই পাগলৰ ডাক্টৰৰো একেই কথা৷ সঁচাকৈ দাগটো আছিল জানো? নিজৰ ওপৰতে সন্দেহ ওপজে অতনুৰ৷

কিছুসময়ৰ পিছত সমুদ্ৰই আকৌ আৰম্ভ কৰিলে,
- আপোনাক কেইটামান চিটুৱেচন দিওঁ৷ যিটো পচন্দ হয় মোক ক'ব৷ দেখা যাওঁক তাৰ পিছে পিছে গৈ কিমানদুৰ পাওঁ৷
- ঠিক আছে৷
- প্ৰথমটো৷ বহুত আগৰে পৰা আপুনি সপোন দেখি আহিছে এখন সুখৰ সংসাৰৰ৷ পত্নী, সন্তানেৰে এক সুখৰ সংসাৰ৷
কিন্তু আপুনি ভবা মতে একো নহ'ল৷ হয়তো তাই বেলেগৰ লগত গুছি গ'ল আপোনাক প্ৰচণ্ড মানসিক আঘাট দি৷
লাহে লাহে আৰম্ভ হ'ল ডিলিউচন৷ আপোনাৰ অৱচেতন মনৰ খেলা৷ আপুনি বাসৱীৰ স্বামী, অঙ্গদৰ পিতৃ৷ আপুনি বাসৱীৰ দেহৰ প্ৰতিটো গোপন অঙ্গৰ ৰহস্য জানে৷ আৰু বহুত কিবাকিবি......
কালি অত্যাধিক মদ্যপানৰ ফলত আপোনাৰ সচেতন মনৰ নিয়ন্ত্ৰণ একেবাৰে নোহোৱা হৈ গ'ল৷ অৱচেতন মনে আগুৰি ধৰিলে আপনাক৷ যাৰ ফলত আপুনি ইয়াত৷ আপোনাক কোনেওঁ নিচিনে৷ অথচ আপুনি সকলোকে চিনে৷

চুপচাপ শুনি গৈছে অতনুৱে৷ লাহেকৈ সুধিলে,
- আৰু দ্বিতীয় বাখ্যা?
- আপুনি আলৌকিক শক্তি বিশ্বাস কৰে?
- নকৰো৷
- তেনেহ'লে এইটো পইন্ট লাহেকৈ বাদ দিওঁ৷ এইটো বাখ্যা মতে কালি আপোনাৰ গাত ভূতে লম্ভিছিল৷ এই সকলো ভূতৰ প্ৰভাৱ৷ বাসৱীয়ে আপোনাক নিজ মনে আকোৱালি ল'লেই খেলা খটম৷
- নেক্সট প্লিজ৷
- পিছৰ বাখ্যাটো মতে আপুনি এজন ফ্ৰড৷ বাসৱীৰ ৰূপত আপুনি মুগ্ধ৷ তেখেতৰ সুখৰ সংসাৰত জুই দি চলে বলে কৌশলে তেখেতক হাত কৰিব খুজিছে আপুনি৷ বা আপুনি এইবোৰ কৰি চৰ্চালৈ আহি বিখ্যাত হ'ব বিছাৰিছে৷
- ডাক্টৰ এটা কথা কম৷
- নিশ্চয়৷
- আপুনি ডাক্টৰী বাদ দি লিখা মেলা আৰম্ভ কৰক৷ ফিউচাৰ আছে আপোনাৰ৷ এই পাগলামীবোৰ শুনি থাকিবলৈ মোৰ সময় নাই৷ মই ঠিৰাং কৰিছো, মই অঙ্গদৰ ডি এন এ টেষ্ট কৰাম৷
- যদি ৰিপৰ্ট আপোনাৰ বিপক্ষে আহে?? সহ্য কৰিব পাৰিব এই সত্য?

- সেইবোৰ মই নাজানো৷ এই সচেতন, অৱচেতনে মোক আজি পাগল কৰি দিব৷ মই জানো সি মোৰ ল'ৰা৷ মই টেষ্ট কৰামেই৷
- নিশ্চয়৷ কিন্তু ইয়াত এটা সৰু সমস্যা আছে৷
- কি সমস্যা?
- এতিয়ালৈ তিনিটা দৃষ্টিকোণৰ পৰা চালো৷ চাইকিয়াট্ৰিক, আলৌকিক আৰু ফ্ৰড৷ আলৌকিকটো বাদ দিলো, বিজয়ৰ পৰা আপোনাৰ বিষয়ে যিখিনি জানিলো সেই হিচাপত আপুনি ফ্ৰডো নহয়৷
বাকী থাকল চাইকিয়াট্রিক ব্যাখ্যা। অথচ চাইক'লজিকেল ট্রমাৰ কোন স্মৃতি আপোনাৰ নাই।
- ডাক্টৰ মই সোনকালে যাব লাগে৷
- এক মিনিট৷ মোৰ লাষ্ট পইন্টটো শুনি যাওঁক৷
হয়তো আপুনি সঁচাকৈয়ে বাসৱীৰ হাজবেণ্ড, অঙ্গদৰ দেউতাক৷ সঁচাকৈয়ে আপুনি কাজিয়া কৰি ৰাতি ঘৰৰ পৰা ওলাই আহিছিল৷ কিন্তু ওলাই আহিলেই আপুনি মনে মনে নিজকে অপৰাধী অনুভৱ কৰি আছিল৷ প্ৰতিবাৰেই কাজিয়া হ'লে আপুনি নিজকে দোষী জ্ঞান কৰে৷
আপোনাৰ অৱচেতন মনে আপোনাৰ ওপৰত প্ৰতিশোধ ল'ব বিছাৰে৷ কালিৰ অতিৰিক্ত মদ্যপানে সেই সুযোগ আনে৷ আপোনাৰ নিয়ন্ত্ৰণ গুছি যায় অৱচেতনৰ ওচৰলৈ৷ আপোনাক অনুভৱ কৰাইছে যদি বাসৱী আপোনাৰ নহ'লহেতেন? যদি অঙ্গদে আপোনাক চিনি নাপায়? যি মৰমক আপুনি অৱজ্ঞা কৰিছে, যদি সেই মৰমে আপোনাক অৱজ্ঞা কৰা আৰম্ভ কৰে৷ তেতিয়া কেনে লাগিব?
নিজৰ ভুলৰ শাস্তি হিচাপে আপোনাৰ মনে আপোনাক ২৪ ঘন্টাৰ টাৰগেট বান্ধি দিছে৷ বাসৱীয়ে আপোনাক নিজ মনেৰে সাৱটি ধৰিব লাগিব৷ অথচ সেই বাসৱীয়ে আপোনাক চিনি নাপায়৷
অৰ্থাৎ আপোনাৰ মনে বিছাৰিছে যে আপুনি বাসৱীক ইমান মৰম কৰিব লাগিব যে তেওঁ বিশ্বাস কৰিবলৈ বাধ্য হ'ব যে আপুনিয়েই তেওঁৰ স্বামী৷ কামটো মুঠেই সহজ নহয়৷ আৰু এয়াই হৈছে চেলেঞ্জ৷
ইতিমধ্যে সাতটা বাজিল৷ আৰু পাঁচঘন্টা বাকী৷ যাওঁক চেলেঞ্জ লৈ চাওঁক৷ হয়তো তেনেকৈয়ে আপুনি এই অৱচেতনৰ মায়াজালৰ পৰা মুক্তি পাব৷ বেলেগ নহলেওঁ শান্তি পাব যে অন্তত আপুনি চেষ্টা কৰিছিল৷ নোৱাৰিলে হয়তো আপোনাৰ অৱচেতন মনে আপোনাক চুড়ান্ত শাস্তি দিব৷হয়তো তেতিয়া আপুনি বাসৱীক পাহৰি যাব৷ অঙ্গদ আৰু অন্য দহটা ল'ৰাৰ মাজত একো পাৰ্থক্য নাথাকিব৷ কিন্তু সিহঁতে আপোনাক ঠিকেই চিনিব৷

" এক মিনিট, এক মিনিট৷" হঠাৎ চিঞৰি উঠিল অতনুৱে৷
- এই যে আপুনি ক'লে মোক কোনেওঁ চিনি পোৱা নাই, এয়া মোৰ অৱচেতন মনৰ মায়াজাল৷ তাৰ মানে এই পুৰা কাৰবাৰটোৱেই তেনেকুৱা?? তাৰমানে??
- তাৰমানে কি অতনু?
- তাৰমানে মই বাসৱীক লগেই পোৱা নাই৷ ঘৰ, পুলিচ ষ্টেচন ক'তো যোৱা নাই? এই অৱচেতনৰ পাল্লাত পৰি চেন্টি খাই দিনটো ঘূৰি ফুৰিছো৷ নে কি কয় ডাক্টৰ??
- মে বি, মে নট বি৷
- এই যে এতিয়া আপোনাৰ সৈতে কথা পাতিছো, এয়া কি? এয়া কিবা অৱচেতন মনৰ মায়াজাল নেকি আকৌ? বাপৰে মই পাগল হ'বলৈহে বাকী এতিয়া৷ আপুনি, বিজয় এইবোৰ বাস্তৱ চৰিত্ৰ নে এইবোৰো কিবা অৱচেতনৰ ফাণ্ডা৷

- মই জানো এবাৰলৈও আপোনাক কৈছো মই বা বিজয় বাস্তৱ চৰিত্ৰ৷

হঠাৎ দৌৰ মাৰি বিজয় বাহিৰলৈ ওলাই গ'ল৷ সমুদ্ৰই মিচিক মাচাককৈ হাঁহিবলৈ ধৰিলে৷
- কি হ'ল ডাক্টৰ?
অট্টহাস্য কৰি উঠিল সমুদ্ৰই৷ সমুদ্ৰৰ সেই হাঁহিত আকৌ যেন ভাহি আহিল কালিৰ সেই পঁচা পঁচা গোন্ধ৷

*****

সন্ধ্যা চাৰে সাতটা৷

অতনু এখন ফুলৰ দোকানৰ সন্মুখত৷ ৰঙা গোলাপ বাসৱীৰ প্ৰিয়৷ মুৰটো এতিয়াও ঘূৰাই আছে অতনুৰ৷ এই ফুল কিনাটো সঁচা নে অৱচেতন মনৰ কাম সি পাত্তাই পোৱা নাই৷ সি সঁচাকৈয়ে ফুল কিনি আছে নে গাড়ীত মাতাল হৈ শুই আছে ধৰিবই পৰা নাই৷

যি হয় হ'ব৷ কিন্তু সি কিবা এটা কৰিবই লাগিব৷ নহ'লে এই অৱস্থাৰ পৰা সি মুক্তি নাপায়৷

অতনুৱে বাসৱীৰ বাবে বহুত গোলাপ কিনিলে৷ বিছাৰি বিছাৰি সতেজ গোলাপ৷

***

এটা কেডবেৰীজ ফ্ৰুইট এণ্ড নাটচ্৷ বাসৱীক প্ৰথমবাৰ প্ৰেমৰ প্ৰস্তাৱ দিওঁতে সি এনেকুৱা দুটা লৈ গৈছিল সি৷

***

টাইটেনৰ শ্বো ৰুমৰ পৰা এটা ঘড়ী কিনিলে৷ ঘড়ীৰ প্ৰতি তাইৰ দুৰ্বলতা সি ভালকৈ জানে৷ অঙ্গদৰ বাবেও এটা সৰু, মৰমলগা ঘড়ী৷

***

চিকিউৰিটী গাৰ্ডক দুশ টকা দি মেনেজ কৰা হ'ল৷ ধৰা পৰিলে গাৰ্ডে অতনুক চিনি নাপায়৷ চুক্তিত মান্তি নহৈ উপায় নাছিল তাৰ৷
ৰাতি নটামানত হুলস্থুলৰ শব্দ ভাহি আহিল৷ ৰহস্যময় সেই পুৰুষ দপদপাই নামি আহিল৷

গাড়ীত উঠি তীব্ৰবেগে ওলাই গ'ল সেই পুৰুষ৷

চিৰি বগাই নিজৰ ফ্লেটৰ সন্মুখ পালেগৈ অতনু৷

কোন? দুৱাৰখন খুলি অঙ্গদে মাত দিলে৷

কোনোমতে নিজকে চম্ভালি উত্তৰ দিলে অতনুৱে,
- বাবা মই দেউতাৰ অফিচৰ বিজয় আঙ্কল৷ এবাৰ তোমাৰ মাক মাতি দিয়াছোন৷
- মা, কোনোবা আহিছে৷

বাসৱী ওলাই আহি অতনুক দেখি চিঞৰ এটা মাৰিবলৈ মুখ মেলিছিলেই৷ একে জাপে অতনুৱে তাইৰ মুখত সোপা দি ধৰিলে৷

বাসৱীয়ে চট্‌ফটাবলৈ ধৰিলে৷
- বাসৱী প্লিজ৷ এবাৰ মোৰ কথাখিনি শুনি লোৱা৷ প্লিজ৷ তাৰপিছত যি কৰা তোমাৰ ইচ্ছা৷ এবাৰ মোৰ কথাখিনি শুনা৷

কিছু সময়ৰ টনা আজোৰা, অতনুৰ বুজনিত তাই ইংগিতেৰে সন্মতি জনালে৷ অতনুৱে এইবাৰ তাইক এৰি দিলে৷
- সোনকালে কওঁক৷ অতনু ঘুৰি আহিবই এতিয়া৷
- মোক ইমান সময় নালাগে৷ এবাৰ কেৱল কথাখিনি ক'বলৈ দিয়া৷

এফালৰপৰা অতনুৱে সকলো কৈ গ'ল৷ প্ৰেম, বিয়া, অঙ্গদ, কাজিয়াবোৰ, দুয়োৰে যুগ্ম জীৱনৰ সৰু সৰু মুহুৰ্তবোৰ, কালি ৰাতিৰ ঘটনা৷ কেৱল তাক সেই ৰহস্যময় মানৱে কোৱা কথাষাৰ সি ইচ্ছা কৰিয়েই নক'লে৷

- অসম্ভৱ৷ আপোনাৰ এই পাগলামীবোৰ শুনিবলৈ ভালেই হৈছে৷ কিবা উপন্যাসৰ দৰে৷ পিছে এতিয়া মোৰ বহুত কাম আছে আপুনি এতিয়া যাব পাৰে৷ আৰু এই উপহাৰবোৰ লৈ যাওঁক৷ গেট আউট৷

অতনুৱে বিভিন্ন ধৰনে বুজালে বাসৱীক৷ সৰু সৰু ঘটনাবোৰ মনত পেলাই দিলে৷ কিন্তু বাসৱী মানিবলৈ কোনোমতেই সাজু নহয়৷

- প্লিজ বাসৱী৷ তোমাৰ কিবা এটা হৈছে৷ এবাৰ ঠাণ্ডা মুৰেৰে কথাবোৰ ভাবা৷
- ভাবিবলৈ একো নাই৷ আপুনি মোৰ বিষয়ে ভালদৰে খবৰ সংগ্ৰহ কৰিছে৷ পিছে আপোনাৰ চলাহী কথাই মোক ভোল নিয়াব নোৱাৰে৷
আৰু এটা কথা, আৰু সঁচাকৈ অতনু হলেওঁ মই আপোনাক আদৰি নলওঁ৷ আপুনি নিজেই কোৱাৰ দৰে ইমান কাজিয়াখোৰ স্বামী মোক নালাগে৷
- আৰু এনেকুৱা ভুল নহয় বাসৱী৷ তুমিটো জানা মই তুমি এনেকৈ ৰাতি ডিউটীত যোৱাটো সহ্য নহৈছিল৷ লাহে লাহে মদৰ নিচা লাগিল মোৰ৷ কিন্তু এতিয়া মই এই সকলো এৰি দিম বাসৱী৷ মই আজি অনুভৱ কৰিছো তোমাৰ অবিহনে মই এক মূহুৰ্তও জীয়াই থাকিব নোৱাৰো৷ তোমাক কষ্ট দিয়াটো মোৰ জীৱনৰ এক ডাঙৰ ভুল হৈছিল৷

ভাবুক হৈ পৰিল বাসৱী৷ থোকাথুকি মাতেৰে তাই ক'বলৈ ধৰিলে,
- আপুনি কোন মই নাজানো৷ কিন্তু আপুনি যিয়েই নহওঁক মোৰ ইৰ্ষা হৈছে সেইজনী ছোৱালীলৈ যি আপোনাৰ হ'ব৷ মোৰ অতনুৱে যদি কেতিয়াবা এনেদৰে নিজৰ ভুল বুজিলেহেতেন৷ যদি অনুভৱ কৰিলেহেতেন মই তাক কিমান ভাল পাওঁ৷

আবেগিক হৈ পৰিল অতনু৷ বাসৱীৰ একেবাৰে ওচৰলৈ গৈ লাহেকৈ ক'লে,
- ফৰগিভ মি প্লিজ৷ আই লাভ ইউ!!!

সকলো পাহৰি বাসৱীয়ে তাক সজোৰে আঁকোৱালি ল'লে৷ আস্ !!! এই আলিঙ্গনৰ বাবে যেন যুগ যুগ আপেক্ষা কৰিছে সি৷

এক মিঠা, সন্মোহিনী গোন্ধই আৱৰি ধৰিলে তাক৷

অন্ধকাৰ!!!

*****

ৰাতিপুৱা ছটা বাজিছে৷

টোপনিৰ পৰা সাৰ পালে অতনুৱে৷ গাড়ীৰ ড্ৰাইভিং চিটটো বেকা কৰি শুই আছিল সি৷ বাহিৰত ঈষৎ ৰ'দ৷

এগালমান বিক্ষিপ্ত চিন্তা মুৰত লৈ ঘৰলৈ উভটিল অতনু৷ গেইট খুলিয়েই চিকিউৰিটীয়ে চালাম এটা দিলে৷

নিজৰ মূৰত নিজেই কোব এটা মাৰে অতনুৱে৷ ইয়াতেই কৰবাত বহি আছে তাৰ সেই অৱচেতন মন৷

***

টিং টং৷

দৰ্জা খোলাৰ শব্দ।

কন্দনমুৱা হৈ বাসৱী ওলাই আহিল৷

- ক'ত আছিলা গোটেই ৰাতি? ইমান ফোন কৰিছো, ইমান বিছাৰিছো৷ জানানে গোটেই ৰাতি কি কি চিন্তা মনলৈ আহি আছিল৷

- মই, মানে আচলতে মই.... চৰি বাসৱী! আৰু এনেকুৱা নকৰো মই৷
- এটা কথা বুজি নাপাওঁ জানা৷ এই বিধাতাই ভালপোৱাৰ প্ৰতিদানত সদায় কষ্ট কিয় দিয়ে৷ কেতিয়াবাটো ভালপোৱাৰ প্ৰতিদানত অলপ হলেওঁ ভালপোৱা দিব পাৰে৷

অতনুৱে বাসৱীক আৰু একো ক'বলৈ সুযোগ নিদি সাজোৰে সাৱটি ধৰিলে৷ হুকহুকাই কান্দি কুচিমুচি বুকুৰ মাজলৈ সোমাই গ'ল বাসৱী৷
- ৰাতি ক'ত গৈছিলা দেউতা??

একো উত্তৰ নিদি দুয়োকে সজোৰে সাৱটি ধৰিলে অতনুৱে৷

***

অতনুৰ কেবিনত৷

- চাৰ কালি কলৈ গৈছিল? বৌৱে মোক ফোন কৰি কান্দি কাটি হাহাকাৰ৷ গোটেই ৰাতি বিছাৰিছো আপোনাক৷
- একো নাই৷ এনেয়ে অলপ৷
- কৰবাত ঘাটি পালে যেন পাইছো কালি৷ পিছে মোৰ ভাগৰ মালখিনি শেষ নকৰিব আকৌ৷ চিভাছ ৰিগেল খাম বুলি মনত পৰিলেই জিভাৰ পানী পৰে৷
- গোটেই বটলটোৱেই লৈ ল'বা৷ মই মাল খোৱা বাদ দিলো৷
- আপুনি?? হেই বিশ্বাস নকৰো হে...!

***

ইয়াৰ পিছত অতনু আৰু বাসৱীৰ দাম্পত্য জীৱন খুব সুখেৰে অতিবাহিত হয়৷ বাসৱী অবিহনে যে অতনু অসম্পূৰ্ণ সেয়া সি বাৰুকৈয়ে বুজি উঠে৷ বাসৱীয়েও তাইৰ মৰমৰ দোলেৰে অতনুৰ চিৰদিনৰ বাবে বান্ধি ৰাখে৷

And thus, they lived happily ever after.

(সমাপ্ত)

*************
সময়ৰ অভাৱ নহ'লে এইখিনিও পঢ়ি চাব পাৰে -

*****
- বিজয় তোমাৰ এই উপকাৰ জীৱনলৈ নাপাহৰো৷ বহুত বহুত ধন্যবাদ৷
- কি যে কয় নহয়৷ এইখিনি কৰিব নোৱাৰিলে কিহৰ মানুহ হ'লো মই৷
- এই ডাক্টৰটো কোন আছিল? বাপৰে ইমান অভাৰ একটিং তাৰ৷
- এ নক'ব আৰু বৌ৷ সি ডুবাইছিলেই, কি ফান্দা তাৰ৷ তাতে আকৌ আমাৰ গজেন বুঢ়াই মই দিয়া টকা পায় দিনটো মদ পানী খাই আকৌ টকা বিছাৰি ডাক্টৰৰ চেম্বাৰ পাইছিল নহয়৷ গা পা একো ধোৱা নাই৷ সেই পঁচা চালানী মাছৰ ভেকেটা ভেকেট গোন্ধ গাৰপৰা যোৱাই নাই৷
- ইছ ৰাম৷ অতনুৱে একো গম নাপালেতো?
- গোন্ধ পায় ইফালে সিফালে চোৱা আৰম্ভ কৰিছিল৷ মই দৌৰ মাৰি গৈ গজেন বুঢ়াক বাহিৰলৈ খেদি দিয়াতহে ৰক্ষা৷
- বাকী চিকিউৰিটী, চাহ দোকানী সকলোকে টকা দিয়া হৈ গ'ল?
- একদম বৌ৷ খুচ কৰি দিছো গোটেইকেইটাক৷ পিছে এক্টিঙত ফালি দিছে আমাৰ অঙ্গদে৷ এইটো তাৰ কাৰণে স্পেচিয়েলী ডেইৰী মিল্ক আনিছো দেই৷

*****

উপসংহাৰ:-

লেপটপৰ স্ক্ৰীণৰ পৰা চকু আঁতৰাই বাসৱীয়ে প্ৰশ্ন কৰে,
- কি এইবোৰ?
- কিয় ভাল হোৱা নাই?
- তোৰ দ্বাৰা নহ'ব অমিতাভ৷ তোক অতনু আৰু মোক লৈ এটা ভাল ৰোমান্টিক গল্প লিখিব দিলো৷ তই আকৌ তোৰ সেই পাগলামীবোৰ আৰম্ভ কৰি দিলি৷ মোৰ ইমান শান্ত মানুহটোক তই কি যে নাগুৰ নাকটিখন কৰালি অই৷
- বাসৱীবা,এনেই আৰু অলপ৷ হি: হি: হি:৷
- মোৰ পিছে ভাবিয়েই হাঁহি উঠিছে বুজিছ৷ ক'ত তোৰ গল্পৰ বাজীগৰৰ শ্বাহৰুখ খান টাইপ হিৰ', আৰু ক'ত সৌ পাকঘৰত সোমাই পটল ভাজি থকা মোৰ পেটলু পটলটো৷

হেতাখন হাতত লৈ প্ৰৱেশ ঘটিল অতনু ভিনদেউৰ৷
- হেৰা গোটেই কাপোৰত হালধি পৰিলহে৷ কাম কৰাজনী আহিলে ধুব দিম৷ যাবলৈ নিদিবা৷
- হ'ব দিয়া ময়েই ধুই দিম৷
- ৱাহ্৷ কি শুনিলোহে আজি! তুমি কাপোৰ ধুবা৷ ভাল, ভাল, চৰ্বি কমিব অলপ৷ অমিতাভে লিখা লাভ ষ্টোৰী পঢ়ি মোৰ প্ৰতি প্ৰেম একেবাৰে উথলি পৰিছে যেন পাইছো৷
- উমমমমম.....

( বন্ধু চালেহ মহম্মদৰ বেবেৰিবাং চিন্তা)

Saturday 18 July 2015

:: উমমম ::


অতনু আছিল সামাজিক৷
হৈ পৰিল অসামাজিক৷
আছিল কবিতাৰ ঘোৰ বিৰোধী৷
হৈ পৰিল বিমূৰ্ত প্ৰেমৰ কবিতাৰ নিয়মিত লেখক৷
আছিল নাৰীবিদ্বেষী৷
হৈ পৰিল ঈষৎ নাৰীবাদী৷
অতনু এক ভয়াবহ ব্যাধিত আক্ৰান্ত- প্ৰেম!!!
অতনুৱে আজিকালি ফেচবুকত প্ৰেমৰ টুকুৰা টুকুৰ ষ্টেটাছ দিয়ে৷ দিয়ে নামবিহীন কোনোবাক উদ্দেশ্যি ৰোমান্টিক চিঠি৷ গভীৰ ৰাতি হোষ্টেলক চাদত তাক প্ৰায়েই ফিচফিচাই কোনোবাৰ সৈতে ফোনত কথা পাতি থকা দেখা যায়৷ আজিকালি সি নিজৰ ফোনটো কোনোপধ্যেই বেলেগক এটা মূহুৰ্তৰ বাবেও নিদিয়ে৷
অতনুৰ এই আকস্মিক পৰিৱৰ্তন অপৰ্ণাৰ চকুৰ পৰা সাৰি নাযায়৷ সাৰি যোৱাৰ কোনো কথায়েই নাছিল৷ তাইটো কলেজৰ সেই প্ৰথম দিনটোৰ পৰা সেই জধলাটোৰ প্ৰেমত নিমজ্জিত৷
কেতিয়াও পিছে তাক কোৱা হোৱা নাই৷
ঘৰত যে নামানিব সেয়া নহয়৷
হয়তো মানিব৷
পিছে অতনুৱে যদি নামানে??
যদি দুয়োৰে বন্ধুত্ব শেষ হৈ যায়৷
অতনু অপৰ্ণাৰ যিমান ভাল বন্ধু, তাতকৈ হাজাৰগুণ অপৰ্ণা অতনুৰ বন্ধু৷ সি কি খাই ভাল পায়, কি পিন্ধে, কিয় কলেজলৈ অহা নাই, সকলো খবৰেইটো ৰাখে তাই৷
পিছে সিহে.......  হয়তো জানিও নজনা ভাও ধৰি থাকে৷
- অতনু তোৰ কি হৈছেনো? কিয় এনেকৈ থাক তই???
- কি হৈছে মোৰ? ঠিকেইটো আছো৷
- তই কোনোবাৰ প্ৰেমত পৰিছ?
- ধুৰৰ৷
পূৰ্ব নিৰ্ধাৰিত প্লেন অনুসৰি মনোজে অতনুৰ ফোনটো লৈ দৌৰ মাৰে৷ অতনুৱে কিবা বুজি উঠাৰ আগতেই ফোনটো গোটেই গ্ৰুপৰ কব্জাত৷
"9706007524"
এই নম্বৰটোতেই ঘন্টাৰ পিছত ঘন্টা কথা পাতে অতনুৱে৷ শ শ মেছেজৰ আদান প্ৰদান৷
অতনু ধৰা পৰি যায়৷ সকলোৰে হেঁচাত সৈ কাঢ়িবলৈ বাধ্য হয়, প্ৰেমত পৰিছে সি৷
বাসৱী, এৰা বাসৱী তাইৰ নাম৷ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ফাইনেল ছেমিষ্টাৰৰ ছাত্ৰী৷ ফেচবুকতেই চিনাকী৷
অপৰ্ণাৰ অন্তৰে কান্দি উঠে৷ তাই অতনুৰ ভাল হোৱাটোৱেই সদায় কামনা কৰে৷ হলেও বাসৱীৰ প্ৰতি অন্তৰৰ কোনো এটা কোণত ইৰ্ষা জাগি উঠে তাইৰ৷
আজি অতনুৰ সেই আকাঙ্খিত দিন।
হয়তো অপৰ্ণাৰ বাবে সেই অতি অনাকাঙ্ক্ষিত দিন৷
আবেলি চাৰিটা বজাত দুয়ো অতনুৰ কলেজৰ মেইন গেইটৰ সন্মূখতেই লগ হ'ব৷
অতনু ৰৈ আছে কমাৰ্চ কলেজৰ গেইটৰ সন্মূখত৷
তিনিঘন্টা পাৰ হৈ গ'ল৷ সন্মূখৰ দোকানখনৰ পৰা অপৰ্ণা আগুৱাই আহিল৷
- তাই চাগে নাহিব অতনু৷
- জানো৷
- জান?? কেনেকৈ??
- মোৰ কপালেই বেয়া৷ কোনেও মোক ভাল নাপায় অ'৷ তাইৰ মবাইলো অফ৷
লাহে লাহে সকলো গোট খালে৷ কাৰো কথা নুশুনি সেই ৰাতি বাৰটালৈ অতনু তাইৰ আপেক্ষাত তাতেই থিয় হৈ ৰ'ল৷
তিনি দিন কলেজলৈ নাহিল সি৷ ফোন অফ, হোষ্টেলটো নাই অতনু৷
তিনি দিনৰ শেষত অপৰ্ণাৰ ফোনত বহু আকাঙ্খিত ফোনটো আহিল৷ এই বিশেষ ৰিংটোনটো তাইৰ ফোনত কমেই বাজে৷ কিন্তু যেতিয়া বাজে তেতিয়া অপৰ্ণাৰ সমগ্ৰ পৃথিৱীখনত বৃষ্টিৰ ঢল নামে৷
- অতনু তই ক'ত? সকলোৱে ইমান বিছাৰি আছে তোক৷
- আজি ৰাতি মই যোৰহাট যাম৷ তাইক এবাৰ সুধিম কিয় তাই এনেকুৱা কৰিলে৷
  অপৰ্ণাৰ মনে বাৰে বাৰে কলে, তই নাযাবি৷ তই মোৰ বুকুৰ মাজত আহ৷ এবাৰ কেৱল চা কিমান ভাল পাওঁ তোক৷
মুখেৰে ক'লে, যা৷
- দুটা টিকট কাটিছো৷
- দুটা? আৰু কোন যাব?
- তই৷
- মই??
তাই ঘৰত কি বুলি মেনেজ কৰিলে সেয়া জনাৰ আমাৰ বিশেষ দৰকাৰ নাই৷ বৰ্তমান এইখিনি জানি থোৱা ভাল যে বাছৰ ভিতৰত অতনু অপৰ্ণাৰ কান্ধত ঢলি পৰিছিল৷
আৰু জানি থব পাৰে যে, অপৰ্ণাই তাক আতৰাই দিয়াৰ কোনো চেষ্টা নকৰিলে
***
- নাই ভাইটি, ইয়াত বাসৱী নামৰ কোনো নাথাকে৷
- নাই, আমাৰ বেটছত বাসৱী নামৰ কোনো ষ্টুডেন্ট নাই৷ আপুনি বাসনাৰ কথা কৈছে নেকি?
***
চাহদোকানখনত বহি আছে অতনু, কাষত অপৰ্ণা৷
- কি কৰো এতিয়া অপৰ্ণা?
- কি কৰিবি? বাসৱীক দেখোন বিছাৰিয়েই নাপালো৷
- তাকেই অ'৷
- তাই কিয় তোক মিছা ক'লে?
- একো ধৰিবই পৰা নাই অ'৷
- তই তাইক বহুত ভাল পাইছিলি ন'?
- এতিয়াও পাওঁ৷
তাৰপিছত বহুসময় কথা নাই৷
- তাই হয়তো আহিছিল৷ মোক দেখি পছন্দ নোহোৱা বাবে গুছি গ'ল৷
- হ'বই নোৱাৰে৷ তোক পচন্দ নকৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে৷
- মোক কোনেও ভাল নাপায় অ'৷
- পায়৷
- কোনে?
- আছে এজনী, তোৰ ওচৰতেই থাকে৷ তইহে চিনি নাপাৱ৷
- কোন অ'? ধৰিব পৰা নাই৷
অপৰ্ণাই কিবা ক'বলৈ মুখ মেলোতেই অতনুৱে হঠাৎ পকেটৰ পৰা ফোনটো উলিয়াই ধৰিলে৷
অলপ সময় পিছত ফোনটো ৰাখি বাহিৰত থিয় হ'ল অতনু৷ চকু মুখত উত্তেজনাৰ চিন স্পষ্ট৷
- বাসৱীয়ে ফোন কৰিছিল৷ তাইৰ আজি বিয়া৷ মাক দেউতাকে জোৰ কৰি ডাক্টৰ এজনৰ লগত তাইৰ বিয়া ঠিক কৰিছে৷
"প্ৰজাপতি বিবাহ ভৱন"৷
অতনুৰ বাহিৰে বেলেগ কোনোবাই তাইক স্পৰ্শ কৰাৰ কথাও তাই ভাবিব নোৱাৰে৷ অতনু নাহিলে তাই আত্মহত্যা কৰিব৷
- ৰিক্সা....
অতনুৰ চিঞৰত ৰিক্সা ৰৈ গ'ল৷ উঠিয়েই অপৰ্ণাই ক'লে,
- প্ৰজাপতি ভৱনলৈ বলা৷
****
দৌৰি বিয়াঘৰত সোমাল দুয়ো৷
দৰা কইনা ষ্টেজত বহি আছে৷ অতনুৱে কাকো কেৰেপ নকৰি দৌৰি গৈ কইনাৰ হাতত ধৰি ক'লে,
- বাসৱী, আই লাভ ইউ৷ বলা আমি যাওঁগৈ৷
গোটেই বিয়াঘৰ স্তব্ধ হৈ গ'ল৷ কইনাই লাহে লাহে ক'লে,
- আপোনাৰ কিবা ভুল হৈছে৷ মোৰ নাম আইভীহে৷
অপৰ্ণাই অতনুক টানি কাষলৈ লৈ আহিলে৷ ষ্টেজৰ পিছফালে ডাঙৰ ডাঙৰকৈ লেখা,
:: SAMUDRA WEDS IVY ::
- অতনু ইয়াত কোনো বাসৱী নাই৷ তোৰ কিবা ডাঙৰ ভুল হৈছে৷ বাহিৰলৈ ব'ল৷
হঠাৎ কোনোবাই যেন তাইক নাম ধৰি মাতিলে৷ এবাৰ ঘূৰি চালে তাই৷ কোনো নাই, হয়তো ভুল শুনিলে তাই৷
আৰু নৰল অপৰ্ণা৷ সকলোৰে মাজেৰে অতনুক টানি আনি বাহিৰৰ চাহদোকান এখনত বহিল দুয়ো৷
- চাহ খাবি?
- নাখাও৷
- চিগাৰেট?
- বিস্কুট?
- নাহ৷
- ভাইটি, দুটা গাখীৰ দিয়া চাহ দিবা৷
অলপ ৰৈ তাই আকৌ আৰম্ভ কৰিলে,
- তোৰ মনত আছেনে আমি তোৰ মবাইল কাঢ়ি লৈ তোৰ কল, মেছেজ ডিটেইল চাইছিলো৷
- হুমম৷
- সেই নম্বৰটো কাৰ নামত আছে তই জাননে?
- কাৰ?
- বাবুল ৰয়৷ বাবুল ৰয় কোন জান নহয়?
- কোন?
চাহৰ কাপত চুমুক দি অপৰ্ণাই ক'লে,
- তহতৰ হোষ্টেলৰ ৰান্ধনী৷ এতিয়া প্ৰশ্ন হৈছে তই বাবুলৰ লগত কিয় ঘন্টাৰ পিছত ঘন্টা কথা পাতিবি৷ তই গে নেকি?
মুৰ তল কৰি অতনু বহি আছে৷
- মই এয়াৰচেলৰ অফিচত গৈ গোটেই খবৰ লৈছো৷ সেই নম্বৰটোৰ পৰা কেৱল তোলৈ ফোন, মেছেজ আহে৷ চা অতনু মই কোনো ডিটেকটিভ নহয়, কিন্তু ইমানখিনি ময়ো  বুজি পাওঁ৷ তই বাবুলৰ চিমখন ব্যৱহাৰ কৰি আছ৷
অতনু নিশ্চুপ।
- তোৰ এই বলিয়ালিৰ বিষয়ে মই আগতেই আন্দাজ কৰিছিলো৷ তথাপিও মই কিয় তোৰ লগত আহিছো জাননে?
কিয়?
- তোৰ মানসিক সমস্যাটো কিমান গম্ভীৰ তাক জানিবলৈ  তই এটা মস্ত চাইকো অতনু৷ বাসৱী নামৰ কোনো নাই৷ বাসৱী তোৰ উৰ্বৰ মস্তিস্কৰ কল্পনা৷ তই এটা মোবাইলেৰে ফোন কৰি এটা ৰিচিভ কৰ৷ নিজেই নিজকে মেচেজ দি থাক৷
অতনুৱে যেন কথা কোৱাৰ শক্তি হেৰুৱাই পেলাইছে৷
- বিবাহ ভৱনলৈ তোক কোনেও মতাই নাছিল৷ তথাপি তই এইখন নাটক কৰিলি৷ কিয় অতনু কিয়??
তই হয় এটা মস্ত চাইকো নহ'লে ডাঙৰ এক্টৰ৷ চাইকো হ'লে তোক ভাল কৰিব পৰা যাবও পাৰে, কিন্তু অভিনেতা হ'লে? কিয় কৰি আছ এইবোৰ অতনু?? কিয়??
- যদি মই কওঁ তোৰ ওচৰত বহি এই অসম্ভৱ মূহুৰ্ততো এনেকৈ উপভোগ কৰাৰ বাবে৷
অপৰ্ণাৰ হাতৰ পৰা চাহৰ কাপ পৰি ভাঙি গ'ল৷
- সঁচা কৈছ?
-হুম।
- তই সঁচাকৈয়ে মোক...?
- মে বি।
- মে বি মানে কি?
- মে বি মানে মে বি।
- অই, বান্দৰামি নকৰিবি।
- বান্দৰামি কৰা নাই৷ চাব খুজিছিলো মোৰ দৰে পাগল এটাক তই সহ্য কৰিব পাৰ নে নাই৷
***
পৰবৰ্তী দিনবোৰ অপৰ্ণাৰ বাবে সপোনৰ দৰে হ'ল৷ তাইৰ সপোনে পূৰ্ণতা পাইছে৷ পিছে তাইৰ স্বপ্নভঙ্গ হ'বলৈ বেছিদিন নালাগিল৷
কাৰণ.....? অতনু৷
কিমান সপোন দেখিছিল তাই অতনুক লৈ৷ গোটেই জীৱন একেলগে কটোৱাৰ অঙ্গীকাৰ কৰিছিল দুয়ো৷
প্রথম কেইদিন ভালেই চলিছিল।
ফোন, মেছেজ, আউটিং.....
কিন্তু তাই মন কৰিলে মাজে মাজে অতনুৰ  মন কোনো কাৰণ অবিহনে বেয়া হৈ যায়৷ তাই প্ৰথম ধৰিব পৰা নাছিল অতনুৰ হৈছে কি৷ তাক সুধিলেও একো নকয় সি৷ দিনে দিনে অতনুৱে যোগাযোগ কমাই আনিবলৈ ধৰিলে৷
সম্পর্কৰ বান্ধোন লাহে লাহে ছিঙিবলৈ ধৰিলে৷
হঠাৎ এদিন অপৰ্ণাই দেখিলে, অতনু ফোনত ব্যস্ত৷ মুখত এক অপাৰ্থিৱ হাঁহি৷ চাৰিওফালে কি চলি আছে অতনুৱে গমেই নাপায়৷
খপককৈ কিবা চিন্তা কৰি অতনুৰ পৰা ফোনটো টানি লৈ যায় তাই৷
বাসৱী!!!
আগৰ দৰেই সেইমুৰত কোনো নাই৷ আহত বাঘিনীৰ দৰে গৰ্জি উঠি ফোনটোক দুৰলৈ দলিয়াই ঘৰলৈ লৰ মাৰে তাই৷
আৰু অতনু?? কল্পনাৰ বাসৱীক সেইদিনা বিয়াঘৰৰ পৰা উদ্ধাৰ কৰিব নোৱাৰি অনুতাপত দগ্ধ সি৷
তাৰ হৃদয়ত এতিয়াও কেৱল বাসৱী!!
পিছদিনা কলেজলৈ আহোতে দেউতাকৰ মাতত থমকি ৰয় অপৰ্ণা৷
- কি কৰে ল'ৰাটোৱে?
দেউতাকে শূণ্যত তৰোৱাল ঘূৰোৱা মানুহ  নহয়৷ কথা লুকুৱাই লাভ নাই বুলি জানি তাই লাহকৈ মাত দিলে,
- পঢ়ে, মোৰ লগত একেলগে৷
- ক'ত থাকে?
- গোৱালপাৰাৰ ল'ৰা৷ ইয়াতে হোষ্টেলত থাকি পঢ়ে৷
- মই খবৰবোৰ পাইছো৷ ক্লাছমেটক ভাল পোৱাটোত মোৰ বিশেষ আপত্তি নাই৷ কিন্তু পাগল এটাক ভাল পোৱাটোত মোৰ আপত্তি আছে৷
- সি পাগল নহয় দেউতা৷ অলপ মানসিক সমস্যা থাকিলেই জানো তাক পাগল বুলি ক'বা?
- যাৰ কোনো অস্তিত্বই নাই তাৰ সৈতে ঘন্টাৰ পিছত ঘন্টা কথা পতা তাৰমানে তোৰ মতে পাগলামি নহয়?
অপৰ্ণাক বুকু ঢপঢপাবলৈ ধৰিলে৷ দেউতাকে ভালকৈয়ে খবৰ লৈছে৷ তাই যোৰহাট যোৱা কথাটো জানে যদি সৰ্বনাশ৷
- তই সোনকালে সেই পাগলটোৰ লগত সম্পৰ্ক চেদ কৰ মাজনী৷ তোৰ বাবে এটা খুব ভাল বিয়াৰ প্ৰস্তাৱ আহিছে৷
- কি???
- অ' মোৰ কলিগৰ চিনাকী ল'ৰা৷ অইলত কৰে৷ তোৰ মা আৰু মই ইতিমধ্যে খাটাং কৰিছো৷ তই ল'ৰাটোক কাইলৈ এবাৰ লগ কৰিবি৷
অপৰ্ণাৰ মুৰত তেতিয়া ভাগি পৰিছে সমগ্ৰ আকাশ৷
- দেউতা প্লিজ!!!
- মই তোৰ বেয়া হোৱাটো নিবিচাৰো৷ যি ভাবিছো৷ সেই পাগলটোৰ কথা ভাবিবলৈ বাদ দে৷
- তাৰ পিছত কন্দা- কটা, মৰম, গালি গালাজৰ এক অধ্যায়৷
কৰিশ্মা কাপুৰ, আয়েশা ঝুলকাৰ চিনেমাৰ যুগ পাৰ হৈ যোৱা বাবেই চাগে অপৰ্ণাৰ কলেজ যোৱা বন্ধ কৰা নহ'ল৷ ল'ৰাৰো পঢ়া শুনা কৰা ছোৱালী পচন্দ৷ গতিকেই তাই কলেজ যোৱাত কোনো বাধা নাপালে৷ কলেজ গৈয়েই তাই অতনুক সকলো খুলি কলে৷
- ল'ৰাটো ভাল৷ বিয়া পাতি পেলা৷
- কি?
- কলো যে বিয়াখন পাতি পেলা৷ ভাল ল'ৰা৷ মইতো চাইকো এটা৷
- ফাল্টু কথা বন্ধ কৰ৷ তোক এৰি মই জীয়াই থাকিব নোৱাৰো৷
- এনেয়েও সদায়ৰ বাবে জীয়াই নাথাক৷ এদিনটো মৰিবিয়েই৷
- উফফফ, তোক কথা কোৱাই ভুল৷
- আচ্ছা আচ্ছা,  আৰু ফটুৱামি নকৰো৷
তাৰ পিছত চান্দমাৰী অভাৰব্ৰীজত দুঘন্টাৰ আলোচনা৷
পৰহি দুয়ো ঘৰ এৰি পলাব৷ অপৰ্ণাৰ তেজপুৰত থকা বান্ধৱীজনীৰ ঘৰত গৈ দুয়ো প্ৰথম উঠিবগৈ৷ তাৰ পিছত বাকী দেখা যাব৷
টিকট কটা হ'ল৷ প্লেনমতে অপৰ্ণা আগদিনাই সন্ধিয়া বান্ধৱী এজনীৰ ঘৰলৈ থকাকৈ গুছি গ'ল৷ অৱশ্যেই মাকৰ পাৰ্মিচন লৈ৷
বাছ পিছদিনা পুৱা পাঁচটাত৷ গোটেই ৰাতি তাইৰ টোপনি নাহিল৷ অতনুৱে দহবাৰমান ফোন কৰিলে৷ সি খুউব এক্সাইটেড৷
গোটেই ৰাতি সাৰে থকা বাবেই চাগে পুৱতি নিশা চিলমিলকৈ টোপনি আহিল তাইৰ৷ সপোনত দেখিলে এটা সুন্দৰকৈ সজোৱা কোঠাত কেৱল দুয়ো৷ এটা সময়ত অতনুৱে অপৰ্ণাক নিজৰ বুকুৰ মাজলৈ টানি নিলে৷ তাই বাধা নিদিলে৷ তাইক সাবটি লৈ অতনুৱে পৰম আবেগেৰে কবলৈ ধৰিলে,
- বাসৱী, মোৰ বাসৱী.....
টোপনিৰ পৰা খকমককৈ সাৰ পাই উঠিল অপৰ্ণা৷ ঘামি জামি তাই একাকাৰ৷ তাৰ পাছত বহুত চিন্তা ভাৱনা কৰি মোবাইলটো অফ কৰি টোপনি যাবলৈ যত্ন কৰিলে তাই৷
শান্তিৰ টোপনি৷
***
পাঁচটা ত্ৰিশ৷ মানুহে গালি গালাজ কৰি অতনুক অতীষ্ঠ কৰি তুলিছে৷ অপৰ্ণাৰ বাবে আৰু আপেক্ষা কৰিলে অতনু, ড্ৰাইভাৰ, কণ্ডাক্টৰ সকলোৱে পাব্লিক ধুলাই খোৱাৰ চান্স ক্ৰমাৎ বাঢ়ি আহিছে৷
অতনুৱে অসংখ্য যোগ এক বাৰ তাইৰ নম্বৰটো ডায়েল কৰিলে৷
চুইটচড্ অফ৷
অতনুৱে আকৌ ডায়েল কৰিলে৷ এইবাৰ বাসৱীক৷
ৰিং হ'ল৷ অতনুৱে পকেটৰ পৰা আনটো ফোন উলিয়ালে৷ ভাঁহি আহিল, 'অতনু কলিং'!!!
সেউজীয়া বুটামটো টিপি দিলে অতনুৱে৷
- কি কৰিছা বাসৱী?
কোনো উত্তৰ নাই৷
- মোৰ কথা ভাবি আছা?
উত্তৰ নাই৷
- তাই মোক ঠগালে জানা৷ ঠিকেই কৈছিলা তুমি৷
সেইফালে আকৌ নীৰৱতা৷
- বাসৱী!!
উত্তৰ নাই৷
- একো নোকোৱা কিয়? কিয় এনেকুৱা কৰিছা? মোক এভইড কৰিছা তুমিওঁ?
গাড়ীখন গৈ এখন দলঙৰ ওপৰত উঠিল৷ বাছ চলিছে৷ তলত দলং খন৷ তাৰ তলত পানী৷
অতনুৱে বিৰবিৰালে,
- তোমাক বহুত ভাল পাওঁ বাসৱী৷ বহুত!!
পুলিচ আহি অতনুৰ দুয়োটা মবাইল সি বহা চিটতেই পালে৷ কানেকচন তেতিয়াওঁ অন কৰা৷ কেৱল অতনু হেৰাই গৈছিল পানীৰ মাজত৷
***
অতনুৱে আত্মহত্যা কৰিছে৷
অপৰ্ণাই এই খবৰ শুনিলে প্ৰচণ্ড শোকত ভাগি পৰিব৷ অনুতাপত দগ্ধ হৈ পৰিব৷ হাজাৰ হলেও তাইৰ প্ৰতাৰণাৰ বাবেই সি এই পৃথিৱীৰ মায়া এৰি গুছি গ'ল৷
আচৰিতভাৱে তেনেকুৱা একো নহ'ল৷
এক অদ্ভুত স্বস্তি অনুভৱ কৰিলে তাই৷
*****
আন্দামানৰ অপৰুপ সৌন্দৰ্য্যত অপৰ্ণা আপোনপাহৰা৷ হনীমুনৰ বাবে সিঁহত আহিছে৷ এক নতুন পৃথিৱী আৱিষ্কাৰৰ আনন্দত সকলো দুখ, কষ্ট, অনুতাপ পাহৰি গ'ল তাই৷
নিশাৰ এক নীবিড় মূহুৰ্তত অপৰ্ণাই বিৰবিৰাই উঠিল,
- অতনু, অতনু!!
একেজাপে তাইৰ পতি বিছনাৰ পৰা উঠিল৷
- অতনু কোন?
উত্তৰ হ'ব লাগিছিল কোনো নহয়৷
উত্তৰ আহিল, যাক মই ভাল পাইছিলো৷ এতিয়াও সমানেই ভাল পাওঁ৷
গোটেই ৰাতি তাইৰ পতি বিজয়ে বাৰাণ্ডাত পায়চাৰি কৰি কটালে৷
অতনু বিষয়ক আৰু কোনো কথাই নহ'ল দুয়োৰে মাজত৷
ঘূৰাৰ দিন আগুৱাই দিয়া হ'ল৷ বিমানত হঠাৎ বিজয়ৰ হাতত ধৰি অপৰ্নাই ক'লে,
- মোৰ ভুল হৈ গৈছিল৷ মোক ক্ষমা কৰি দিয়া৷ গোটেই ভুল মোৰ৷ এবাৰলৈ ক্ষমা কৰি দিয়া মোক৷ 
বিজয় নিশ্চুপ।
- অতনু মোৰ ক্লাচমেট আছিল৷ সি ভাল পাইছিল বাসৱীক৷ কিন্তু সমস্যাটো হ'ল বাসৱী নামৰ কোনো ছোৱালীৰ অস্তিত্ব নাছিল৷ তাই কেৱল আছিল তাৰ এক কল্পনা৷
বিজয়ক প্ৰথমবাৰৰ বাবে আগ্ৰহী যেন দেখা গ'ল৷
- অতনুৱে কল্পনাতেই খবৰ পালে তাইৰ বিয়া ঠিক হৈছে৷ বিয়াঘৰৰ পৰা তাইক উদ্ধাৰ কৰিবলৈ সি গ'ল, লগত মই৷ বিয়াঘৰত গৈ কইনাৰ হাতত ধৰি সি টানিবলৈ সাঁজু৷ অথচ কইনাই তাক নিচিনেই৷ কইনাৰ যে কোনো অস্তিত্বই নাই৷ সেয়া কেৱল তাৰ খেয়ালী মনৰ কল্পনা৷
- অদ্ভুত।
প্ৰথমবাৰলৈ বিজয়ে কিবা ক'লে৷
তাৰ অসহায় অৱস্থাই মোক লাহে লাহে তাৰ প্ৰতি আকৃষ্ট কৰে৷ কিন্তু শেষত মই নিজৰ ভুল বুজি পালো৷ আমি দুয়ো পলোৱাৰ কথা আছিল৷ কিন্তু মই শেষত আতৰি আহিলো৷ কিয় জানা?
- কিয়?
- কাৰণ সি তাইক একেবাৰেই পাহৰিব পৰা নাছিল৷ বাৰে বাৰে বুজোৱাৰ পিছতো সি সেই কাল্পনিক বাসৱীৰ সৈতে সম্পৰ্ক ৰাখি গৈছিল৷ ঘন্টাৰ পিছত ঘন্টা কথা পাতে, কিন্তু সেইপাৰে নাথাকে কোনো৷
- কি চাইকো৷ আচৰিত৷
বিজয় লাহে লাহে নৰম হ'বলৈ আৰম্ভ কৰিছে৷
- চাইকো বাবেই তুমি তাৰ লগত গুছি নগলা?
- নহয়৷ মই নগলো কাৰণ ভালপোৱাত প্ৰতিদানৰ দৰকাৰ৷ অতনুৱে মোক কোনোদিন ভাল নাপালে৷ ভৱিষ্যতেও নাপালেহেতেন৷ বাসৱী তাৰ প্ৰেম আছিল৷ মোক এনেকুৱা কোনোবা এজনৰ দৰকাৰ যি চিৰজীৱন মোকেই ভাল পায়, কেৱল মোক৷
- মই সেইজন হৈ দেখুৱাম অপৰ্ণা৷ মোক এটা সুঁযোগ দিয়া৷
প্ৰয়োজনতকৈ বেছি আবেগিক হৈ পৰিল বিজয়৷
***
- অতনু এতিয়া ক'ত?
মুখখন অন্যফালে ঘুৰাই দি অপৰ্ণাই কলে,
- ঢুকাইছে৷
- ঢুকাইছে? কেনেকৈ??
 - আত্মহত্যা৷ বাছৰ খিৰিকীৰে নদীত জপিয়াইছিল৷
- অহ!
 - সেই বাছখনত ময়ো যোৱা কথা আছিল, কিন্তু শেষত মই নগলো৷ হয়তো সেইবাবেই......
কথাখিনি শেষ কৰিব নোৱাৰিলে তাই৷
 কোনো ভাব প্ৰকাশ নকৰাকৈ শুনি গলেও মনে মনে স্বস্তি অনুভৱ কৰিলে বিজয়ে৷
***
- তুমি এতিয়াই ঘৰলৈ আহা৷
- এতিয়া? এতিয়া মই অফিচত, অলপ জৰুৰী কাম আছে৷ কোৱাচোন কি হৈছে৷
- সেইবোৰ মই নাজানো৷ এতিয়াই আহা৷
- কিন্তু কিয়?
- আহিবা নে কোৱা?
- অপৰ্ণা বুজিবলৈ চেষ্টা কৰা অফিচত বহুত কাম৷ অলপ সোনকালে যাম বাৰু৷
ফোনটো কাটি গ'ল৷ বিজয়ে আকৌ ডায়েল কৰি চালে৷ ফোনটো বন্ধ৷
আনদিনাতকৈ অলপ সোনকালে ঘৰলৈ উভতিল বিজয়৷ বিজয়ক দেখিয়েই হুকহুকাই কান্দি উঠিল অপৰ্ণা৷
- নাকান্দিবা অপৰ্ণা৷ আহিছো দেখোন সোনকালে৷ কি হৈছে কোৱাচোন৷
বিজয়ক সাবটি হুকহুকাই কান্দিবলৈ ধৰিলে অপৰ্ণাই৷
- অতনু মোৰ বাবেই মৰিল৷ মই সেইদিনা তাৰ লগত গুছি যাব লাগিছিল৷ মোৰ ডাঙৰ ভুল হৈ গ'ল৷
এটা যেন কুৎসিত, ঘৃণনীয় প্ৰানীক বুকুৰ মাজত আকোৱালি আছে, তেনেকুৱা ভাব হ'ল বিজয়ৰ৷
কোন এই অতনু? অপৰ্ণাই কিবা লুকুৱাইছে নেকি? গোটেইখিনি নজনালৈ বিজয়ে শান্তি নাপাব৷ এই মূহুৰ্তত তেনেকুৱাই অনুভৱ হ'ল তাৰ৷
 শহুৰৰ ঘৰৰপৰা অতনুৰ বিষয়ে কোনো সন্তোষজনক খবৰ পোৱা নগ'ল৷ কিবা যেন লুকুৱাব খুজিছে বিজয়ৰ পৰা৷
বন্ধু মহলতো একেই৷ অতনুৰ কথা সুধিলে সকলৱে কিবা ইতস্তত বোধ কৰে৷
অৱশেষত অপৰ্ণাৰ ক্লাছমেট ভাৰ্গৱে সকলো কথা খুলি ক'লে৷
***
ৰাতি বাৰটা বাজিছে৷ বিজয়ে একেৰাহে অপৰ্ণাক চাই আছে৷
- এনেকৈ চাই আছা যে? কি হ'লনো?
- তুমি অতনুক কিমান ভাল পাইছিলা?
- আজি হঠাৎ অতনুৰ কথা যে? অতনু এটা অতীত৷ মই আগতেই কৈছো সেয়া মোৰ ভুল আছিল৷
- ভুল- শুদ্ধ বাদ দিয়া৷ মোৰ প্ৰশ্নৰ উত্তৰ দিয়া৷ ভাল পাইছিলানে নাই৷
- পাইছিলো৷
- চিওৰ?
- হুম।
- অতনুৰ ৰোল নম্বৰ কিমান আছিল?
- ৰোল.......ঠিক মনত নাই৷ ২৭ বা ৩৭ হ'ব৷ কিয় সুধিলা?
- তাৰ দেউতাকে কি কৰিছিল?
- কিবা অফিচ এটাত চাকৰি কৰিছিল৷
- শেষৰ পৰীক্ষাটোত তাৰ পাৰ্চেন্টেজ কিমান আছিল?
- ৭৩%৷
- তাৰ কোনখন হাতত সৰুতে অপাৰেচন হৈছিল?
- সোঁহাতত৷
- তাৰ চুলি কিমান দীঘল আছিল?
- কান্ধত পৰা আছিল৷
- তাৰ ৰোল নম্বৰ কিমান আছিল?
- ৩২৷

লাহেকৈ পকেটৰ পৰা কাগজ এখন ওলালে বিজয়ে৷
- ৰোল নম্বৰ ২৭ জয়দীপৰ, ৩৭ কৌশিকৰ আৰু ৩২ বিশালৰ৷ অতনুৰ ৰোল নম্বৰ কিমান জানা?
- কিমান?
- শূন্য৷ তোমাৰ লগত অতনু নামৰ কোনো ল'ৰা পঢ়ায়েই নাছিল অপৰ্ণা৷
- কি???
- হয় অপৰ্ণা৷ ক'বলৈ টান লাগিলেওঁ অতনুৰ বিষয়ে তুমি কোৱা পাগলামিবোৰৰ আছল চিকাৰ আছলতে তুমি৷

অপৰ্ণাৰ চকু মুখে ফুটি উঠিছ চূড়ান্ত অবিশ্বাস আৰু অস্বস্তি৷
- হ'বই নোৱাৰে৷ মই অতনুক কিয় কল্পনা কৰিবলৈ যাম?
- ময়ো নাজানো৷ হয়তো তুমি সদায় মনৰ মাজত ড্ৰীম বয়ৰ ছবি এখন লৈ ফুৰিছিলা, যি বাস্তৱ জীৱনত কেতিয়াওঁ তোমাৰ জীৱনলৈ নাহিল৷ তোমাৰ সকলো বান্ধৱীৰেই বয়ফ্ৰেইণ্ড আছিল, তোমাৰ বাহিৰে৷ হয়তো অজানিতে তোমাৰ মনতো জাগিছিল প্ৰেমৰ অতৃপ্ত বাসনা৷ হয়তো এইবোৰেই জন্ম দিছিল অতনুৰ, যাৰ প্ৰকৃততে কোনো অস্তিত্বই নাই৷

কিছুসময়ৰ নীৰৱতাৰ অন্তত অপৰ্ণাই মাত দিলে,
- তাৰমানে অতনুৰ সমস্যাবোৰত মইহে আক্ৰান্ত??
কান্দিবলৈ ধৰিলে তাই৷
- নাকান্দিবা অপৰ্ণা৷ তোমাক মই বহুত ভাল পাওঁ৷ ৰাজৰাণী কৰি ৰাখিম তোমাক৷ তুমি এই কল্পনাৰ ৰাজ্যৰ পৰা ওলাই আহা৷
***
লাহে লাহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল৷
এমাহ পিছত৷ বিজয়ে বাৰে বাৰে কলিং বেল বজোৱাৰ পিছত অপৰ্ণাৰ কোনো সাৰিশব্দ নাই৷ শেষত উপায় নাপায় এক্সট্ৰা চাবিপাট ব্যৱহাৰ কৰি বিজয় ঘৰত সোমাল৷

অজান আশঙ্কাত বুকুখন কপি আছিল বিজয়ৰ৷ সন্দেহ কৰাটোৱেই হয়৷
বিছনাত পৰি আছে অপৰ্ণা৷ চাৰিওফালে এগাল টেবলেটৰ খালী পেকেট৷
টেবুলত এখন চিঠি৷
" মোক ক্ষমা কৰি দিবা৷ তুমি যিমান কলেওঁ অতনুৰ মৃত্যুৰ বাবে ময়েই দায়ী৷ মই তাক হত্যা কৰিছো৷ মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই৷
ওচৰৰ হস্পিটেললৈ লগে লগে লৈ যোৱা হ'ল তাইক৷ ডাক্টৰৰ কৃপাত সেইবাৰলৈ নিৰাপদে ঘৰলৈ ঘূৰি আহিল অপৰ্ণা৷
***

বিজয়ে জোৰ দিয়াৰ পিছতো অপৰ্ণা চাইকিয়াট্ৰিস্টৰ ওচৰলৈ যাবলৈ সাঁজু নহ'ল৷ অতনুৰ কথা তাই কেতিয়াওঁ নাভাবে৷ আত্মহত্যাৰটো প্ৰশ্নই নাহে৷ 

কথা নাৰাখিলে তাই৷ দুবাৰ আত্মহত্যাৰ চেষ্টা কৰিলে তাই৷ চকু কান মুদি সকলো সহ্য কৰি গ'ল বিজয়ে৷ সি যে পাগলীজনীৰ প্ৰেমত পৰি গৈছে৷
এদিন ৰাতি অপৰ্ণাৰ প্ৰচণ্ড জ্বৰ৷ গোটেই ৰাতি বিজয় তাইৰ কাষত সাৰে বহি থাকিল৷ পুৱতি নিশা চিলমিলকৈ টোপনি আহোতেই কিবা গুণগুণনি শুনিবলৈ পালে সি৷
- মোক ক্ষমা কৰি দিয়া অতনু... মোক ক্ষমা কৰা৷ প্লিজ!!
নিজৰ অজানিতে হাতৰ মুঠি টান হৈ পৰিল তাৰ৷ ক'ব নোৱাৰাকৈ মুখৰ পৰা ওলাল এষাৰী বাক্য,
- তোক মই মাৰি পেলাম অপৰ্ণা৷ চাই থাক!!
**
 - তাৰপিছত?
লিখা বন্ধ কৰিলে সুধিলে সমুদ্ৰই৷ অতি কম সময়তে চাইকিয়াট্ৰিস্ট হিচাপে যথেষ্ট নাম কৰিবলৈ সক্ষম হৈছে সমুদ্ৰ৷

- তাৰপিছত৷ তাৰপিছত লাহে লাহে অপৰ্ণাৰ প্ৰতি মোৰ ভালপোৱা লাহে লাহে ঘৃণালৈ পৰিবৰ্তন হ'ব ধৰিলে৷ তাইক হত্যা কৰাৰ প্লেন তৈয়াৰ কৰাত লাগি গলো মই৷ কেনেকৈ হত্যা কৰো তাইক, কিদৰে কৰিলে কোনেও একো শুংশুত্ৰ নাপায়৷ কেনেকৈ তাইক বেছি কষ্ট দি মাৰিব পাৰো৷ সেইবোৰ চিন্তাই মোক খুলি খাব ধৰিলে৷

জীৱনটোৱেই খেলিমেলি হৈ গ'ল৷ ঘৰলৈ যিমান ৰাতিকৈ পাৰি যাওঁ৷ অফিচতেই বহি থাকো৷ ৰাস্তাত ঘূৰি ফুৰো৷ ভয় লাগে, পাগলামিবোৰ বেছিকৈ দেখি থাকিলে সঁচাকৈয়ে কিজানি তাইক মাৰিয়েই পেলোৱা যাব৷
 অৱশেষত এদিন মোৰ মুখলৈ হাঁহি উভটি আহে৷ তাই প্ৰেগনেন্ট হোৱা খবৰটো মোক দিয়ে৷ আকৌ তাইক ভালপাবলৈ আৰম্ভ কৰো৷ তাইৰ মুখতো আৰু অতনুৰ কথা নুশুনা হ'লো৷ তাৰপিছত....

আগ্ৰহী স্বৰেৰে সমুদ্ৰই সুধিলে,
- তাৰপিছত?
- সেই আকাঙ্খিত দিনটো আহে৷ আমাৰ মাজলৈ এক দেৱশিশুৰ আগমন হয়৷ সুখ কি বস্তু সেয়া মৰ্মে মৰ্মে উপলব্ধ কৰিছিলো সেইদিনা৷
 *******
- চোৱা আমাৰ বাবাটোৰ নাকটো একেবাৰে মোৰ দৰে৷
- অ',  তোমাৰ দৰেই হ'ব দেখিবলৈ৷
- কি মৰমলগা ন'? নহ'বনো কিয় নাকটো বাদ দি গোটেইখিনি দেউতাকৰ কাৰ্বন কপি৷
গৰ্বত বুকু ফুলি যায় বিজয়ৰ৷

- কি নাম ৰাখিলে ভাল হ'ব অপৰ্ণা৷ অৰ্পন ৰাখো নেকি? তোমাৰ লগত মিলিব৷
- নাহ৷ ল'ৰাৰ নাম দেউতাকৰ লগত মিলিলেহে ভাল লাগে৷ আচ্ছা কোৱাচোন কৃষাণু নামটো কেনেকুৱা হ'ব?
- বঢ়িয়া৷ ভাল লাগিছে নামটো৷
- তেনেহ'লে কৃষাণু ফাইনেল৷ ধুনীয়াকৈ অতনুৰ নামৰ লগত মিলি যাব৷
 ******
 খঙত ফাটি পৰিলো মই৷ ভাৱ হৈছিল তেতিয়াই মাক- পুতেক দুয়োকে হত্যা কৰি নিজেও মৰি যাওঁ৷ কিন্তু কেচুৱাটোলৈ কিবা মায়া ওপজি নোৱাৰিলো৷
কিবা কৰক ডাক্টৰ৷ মই নোৱাৰিছো আৰু৷
সমুদ্ৰই গভীৰ মনোযোগ দি কিবাকিবি লিখিলে৷  তাৰপিছত ক'লে,
- আপুনি চিন্তা নকৰিব৷ কিবা এটা ব্যৱস্থা কৰিম মই৷ আজি মই আপোনাক বেছি সময় দিব নোৱাৰিম৷ মোৰ ফালৰ পৰা এটা উপদেশ, আজি আপুনি ঘৰৰ বাহিৰত থাকক৷ আপুনি আজি আকৌ ভায়লেন্ট হৈ পৰিব পাৰে, ৰিস্ক লোৱাৰ কোনো দৰকাৰ নাই৷
 - ডাক্টৰ আপুনি মোৰ সমস্যাটো এতিয়ালৈ শুনাই নাই৷ মই কিয় আপোনাৰ ওচৰলৈ আহিছো শুনক৷
- বিজয় ডাঙৰীয়া, সেই বিষয়ে আমি অবাবাৰ ভালকৈ কথা পাতিম৷ অহা শুক্ৰবাৰে গধুলি সময় লৈ আহিব৷ মই ভালদৰে জানো আপুনি কি ক'ব৷ যদি বিশ্বাস হোৱা নাই তেন্তে আপুনি এখন কাগজত কথাখিনি লিখি লৈ আহিব৷ মই কোৱাৰ পিছত চাব৷
- কিন্তু ডাক্টৰ৷
বিজয়ক কোনো কথা কোৱাৰ সুযোগ নিদি ওলাই আহিল সমুদ্ৰ৷
 
বাহিৰলৈ ওলায়েই সমুদ্ৰই কোনোবাক ফোন কৰিলে,
- এইবাৰ সকলো ঠিক হ'ব যেন লাগিছে সোনকালে৷
****
 আজি শুক্ৰবাৰ৷
টেবুলৰ ওপৰত এখন ভাঁজ কৰা কাগজ৷ য'ত  বিজয়ৰ প্ৰকৃত সমস্যা লেখা আছে৷
সমুদ্ৰই সেইখন চোৱাই নাই৷
- ডাঙৰীয়া, আপোনাৰ কেচটো মই অলপ ষ্টাডী কৰিলো৷ দুটামান প্ৰশ্ন সোধো আপোনাক, যদিহে আপোনাৰ আপত্তি নাই৷
- নিশ্চয় ডাক্টৰ৷
 -আপোনাৰ নাম?
- বিজয় চৌধুৰী৷
- আপোনাৰ নামটো কোনে ৰাখিছিল?
- দেউতাই৷
- আপোনাৰ দেউতাৰ নাম?
- উমেশ চৌধুৰী৷
 - ককাৰ নাম?
- ককাৰ নাম..... এইমূহুৰ্তত ঠিক মনলৈ অহা নাই ডাক্টৰ৷
- আপুনি ক'ত চাকৰি কৰে৷
- অইলত৷
- আপোনাৰ পত্নীৰ নাম?
- আপুনি জানেই ডাক্টৰ, অপৰ্ণা৷
- মই সম্পূৰ্ণ নামৰ কথা কৈছো৷
- হমমমমম৷ বিয়াৰ আগত কি উপাধি আছিল মনত পৰা নাই৷ বিয়াৰ পিছত চৌধুৰী৷
- আপোনাৰ বয়স?
- ৩৫৷
- আপুনি নীহাৰ বৰুৱা নামৰ কোনোবাক চিনি পায়?
- নাই নাপাওঁ৷
- কেতিয়াবা লিখামেলা কৰিছে?
- সৰুতেই স্কুল মেগাজিনত৷
 - মোক আপুনি কেতিয়াৰ পৰা চিনি পায়?
- যোৱাবাৰ আহোতেই আপোনাক প্ৰথম দেখা৷
সমুদ্ৰই বেগৰ পৰা এখন পুৰনা ফটো উলিয়ালে৷ এজন মানুহ আৰু এটা কিশোৰৰ৷
- এয়া কোন চিনি পাইছে?
বিজয়ে ফটোখন লৈ মনোযোগেৰে চোৱাত লাগিল৷ অলপ অলপ চিনাকী যেন লাগিলেওঁ ঠিক ধৰিব নোৱাৰিলে বিজয়ে৷
- নাই৷ ঠিক ধৰিব পৰা নাই৷
- এই ল'ৰাজনকো ধৰিব পৰা নাইনে?
 
বহুত সময় মনোযোগেৰে চাই বিজয়ে ক'লে,
- আপুনি?
- হয় ময়েই৷ মোৰ কাষৰজন হ'ল নীহাৰ বৰুৱা৷ খুব টেলেন্টেড লিখক আছিল৷ আজিৰ বহু লিখকে তেওঁৰ আগত পাত্তাই নাপাব৷ কিন্তু এওঁৰ সমস্যা কি আছিল জানে?
- কি?
- এখেতৰ কিতাপ বিক্ৰী নহৈছিল৷ হয়তো মানুহে তেওঁৰ চাইকোল'জিকেল বাখ্যাবোৰ বুজিয়েই নাপাইছিল৷ আমাৰ পঢ়ুৱৈসকলৰ বাজেটে তেওঁৰ পাগলামিবোৰ কিনিবলৈ উৎসাহ নাপাইছিল৷
- হমমম৷
- আপুনি মন কৰিলে দেখিব ফটোখনত তেখেতে এখন কিতাপ লৈ আছে৷ হয়তো তেখেতে লিখা শ্ৰেষ্ঠ কিতাপ৷ নাম বিষন্নতা৷ এইখনে তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ সলনি কৰি দিব বুলি তেওঁ নিশ্চিত আছিল৷
- তাৰপিছত?
- একেই৷ আগৰবাৰৰ দৰে আকৌ ফ্লপ৷ হতাশ, বিধস্ত নীহাৰ বৰুৱাই মানুহৰ লগত মাতবোল বন্ধ কৰি দিলে৷ নিজৰ পত্নী, ল'ৰাটোকো অচিনাকীৰ দৰে ব্যৱহাৰ কৰা হ'ল৷
এদিন তেখেত নিৰুদ্দেশ হ'ল৷ ক'ত গ'ল কোনেও নাজানিলে৷
- তাৰপিছত?
 - সকলো কম৷ তাৰ আগত বিষন্নতাৰ ঘটনাটো অলপ কৈ লও আপোনাক৷ বিষন্নতাৰ নায়কজনৰ নাম কি জানে?
- কি?
- বিজয় চৌধুৰী৷ পত্নীৰ নাম অপৰ্ণা৷
- হোৱাট??
- হয়৷ কাহিনীত অতনু, বাসৱী, অপৰ্ণা, বিজয় সকলো আছে৷ বিজয়ে শেষত অন্তিম আশা হিচাপে চাইকিয়াট্ৰিস্টৰ ওচৰলৈ আহে৷ গোটেই কাহিনী তেওঁক কৈ শেষত বিজয়ে ......
এইখিনিলৈ কৈ বিজয়ে ভাঁজ কৰি যোৱা কাগজখন খুলি বিজয়ৰ ফালে মেলি ধৰি সমুদ্ৰই আকৌ ক'বলৈ আৰম্ভ কৰিলে,
- বিজয়ে ভালকৈ জানে অপৰ্ণা আৰু সন্তানটো বিজয়ৰ কল্পনা মাত্ৰ৷ অপৰ্ণা নামৰ কোনো বিজয়ৰ জীৱনত নাই৷ অথচ তাইৰ প্ৰতি থকা ঘৃণা বিজয়ে অলপো কমাব পৰা নাই৷ সেয়াই বিজয়ৰ সমস্যা৷
 চক খাই উঠিল বিজয়৷ কাগজখনত লিখা আছে, " মই জানো অপৰ্ণা মোৰ কল্পনা৷ কিন্তু সেয়া মোৰ সমস্যা নহয়৷ মোৰ সমস্যা হ'ল সকলো জনাৰ পিছতো মই তাইক হত্যা কৰিবলৈ চটফটাই থাকো"৷
 ডাক্টৰজন ভীষণ টেলেন্টেড৷ মনে মনে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল বিজয়৷
- কিন্তু ডাক্টৰ মোৰ কাহিনী কিতাপখনৰ লগত হুবহু কেনেকৈ মিলি গ'ল৷ কিতাপখনটো বহুত আগতে লিখা৷
- বঢ়িয়া প্ৰশ্ন৷ উত্তৰ পাবলৈ আকৌ নীহাৰ বৰুৱাৰ ওচৰলৈ উভটি যাওঁ৷ এইখন কিতাপো পাঠকে আদৰি নোলাৱাত চুড়ান্ত হতাশ হৈ পৰিল তেখেত৷ হয়তো চৰিত্ৰবোৰৰ মাজলৈ সোমাব পৰা নাই তেওঁ৷ লাহে লাহে নিজেই গম নোপোৱাকৈ তেওঁ চৰিত্ৰবোৰৰ মাজত গভীৰভাৱে সোমাই পৰিল আৰু এদিন গল্পৰ নায়ক বিজয় চৌধুৰী ৰুপে জীৱন যাপন কৰিবলৈ লাগিল৷
নীহাৰ বৰুৱাৰ এই দ্বিতীয় সত্ত্বা লাহে লাহে বেছি শক্তিশালী হ'বলৈ ধৰিলে৷  কেতিয়া তেওঁ বিজয়, কেতিয়া নীহাৰ বৰুৱা হৈ পৰে তেওঁ নিজেওঁ ধৰিব নোৱাৰা হ'ল৷ শেষত বিজয়ে নীহাৰ বৰুৱাক গ্ৰাস কৰি পেলালে আৰু শেষত ৰৈ গ'ল কেৱল বিজয়৷
ইমানপৰে চাগে বুজিছেই যে আপুনিয়েই বিজয় ওৰফে নীহাৰ বৰুৱা৷ যিবোৰ কথা বিষন্নতা কিতাপখনত আছে আপুনি তাৰহে উত্তৰ দিব পাৰিছে, বাকীবোৰ আপুনি একো নাজানে৷

বিজয় মৌন হৈ আছে, সত্যক হজম কৰাৰ চেষ্টা কৰিছে৷ মুৰটোৱে অলপো কাম কৰা নাই৷
- ডাক্টৰ মোক এটা কথা কওঁক, যদি আপোনাৰ কথা সঁচা বুলি অলপ সময়ৰ বাবে মানিও লওঁ, তেন্তে এই ফটোখনৰ অৰ্থ কি? যদি মই নীহাৰ বৰুৱা হয়, তেন্তে মই কিদৰে আপোনাৰ লগত?
 - আপুনি নিজকে নীহাৰ বৰুৱা হিচাপে আকৌ ভাবিবলৈ আৰম্ভ কৰক, হয়তো আপুনি প্ৰশ্নৰ উত্তৰ নিজেই পাব৷ মনত পৰিব আপোনাৰ কিতাপৰ চাইকোল'জিকেল বাখ্যাবোৰৰ টিপচ ময়েই দিছিলো৷
- আপুনি?? কেনেকৈ?? আপনাক মই কেনেকৈ আগৰ পৰা চিনি পাওঁ? আপোনাৰ মোৰ লগত সম্পৰ্ক কি??
- আপোনাৰ সঁচাকৈয়ে একো মনত পৰা নাই?
- নাই৷ কেৱল মুৰটো ফাটি যাব যেন লাগিছে৷
- আপুনি মোৰ ভিনদেউ৷
***
 নীহাৰ বৰুৱাই কোনোমতেই বিশ্বাস কৰিব পৰা নাই যে তেওঁ বিজয় চৌধুৰী নহয়৷
 - ডাক্টৰ মই কি হৈছে একোৱেই ধৰিব পৰা নাই৷ যদি মই নীহাৰ বৰুৱা হয় তেন্তে মোৰ পত্নী আৰু ল'ৰাটো ক'ত? মই নিজৰ পৰিয়ালৰ কথা এনেকৈ পাহৰিম নে?
- দুৰ্ভাগ্যক্ৰমে আপুনি পাহৰিছে৷ কাইলৈ আপোনাৰ সতে মই দুয়োকে লগ কৰাই দিম৷
- মোৰ ল'ৰাটো কিমান ডাঙৰ?
- ২১ বছৰ৷
- ২১? তেনেহ'লে মোৰ বয়স কিমান?
- ৫১৷ আপুনি ভাবি থকাৰ দৰে আপুনি ৩৫ বছৰীয়া বিজয় নহয়৷ আপুনি ৫১ বছৰীয়া নীহাৰ বৰুৱাহে৷ চিন্তা নকৰিব, অতি সোনকালে এখন বিয়াত আপুনি সিহঁতক দেখা পাব৷
- কাৰ বিয়া৷
- মোৰ, কাইলৈ৷
***
ষ্টেজত কইনাৰ সৈতে সমুদ্ৰ৷ বিবাহভৱনৰ এটা কোণত নিজৰ পত্নী আৰু পুত্ৰক সাৱটি কন্দাকটা কৰিছে নীহাৰ বৰুৱাই৷
 ফটোচেচনৰ মাজে মাজে আৰ চকুৰে আইভীক চাই আছে সমুদ্ৰই৷ ইমান ধুনীয়া তাই৷ মুগ্ধ হৈ পৰিল সি৷
**
হঠাৎ দীঘলচুলীয়া ল'ৰা এটা দৌৰি আহি আইভীৰ হাতত ধৰি ক'লে,
- বাসৱী, আই লাভ ইউ৷ বলা আমি যাওঁগৈ৷
গোটেই বিয়াঘৰ স্তব্ধ হৈ গ'ল৷ কইনাই লাহে লাহে ক'লে,
- আপোনাৰ কিবা ভুল হৈছে৷ মোৰ নাম আইভীহে৷
নীহাৰ বৰুৱাই ষ্টেজলৈ অবাক হৈ চাই আছে৷ ল'ৰাটোক টানি লৈ যোৱা সেইজনী দেখোন অপৰ্ণা৷

নীহাৰ বৰুৱাই চিৎকাৰ কৰি উঠিল,
- অপৰ্ণা!!

ছোৱালীজনী ৰৈ এপলকৰ বাবে তেওঁক চালে৷ এই চাৱনি যে নীহাৰ বৰুৱাৰ অতিকে চিনাকী৷
অপৰ্ণাই তেওঁক চিনি নাপায়!!
***
 উপসংহাৰ::
সমুদ্ৰ ৰুমত সোমাইছে৷ আইভী ইতিমধ্যে শুই পৰিছে৷ আস কি সৌম্দৰ্য্য৷
 লাইটটো নুমাই আইভীৰ কাষলৈ আহিল সমুদ্ৰ৷ হঠাৎ নীহাৰ বৰুৱাৰ কথা মনলৈ আহিল সমুদ্ৰৰ৷
কাকতালীয় ভাবে অতনুৱে তাৰ কাল্পনিক প্ৰেয়সীক বিচাৰি অহা ঘটনাটো বিয়াৰ দিনা হ'ল৷ তাৰ একো বাখ্যা সমুদ্ৰই বিছাৰি পোৱা নাই৷ কি হ'ল আছলতে?
বোধহয় এয়াও নীহাৰ বৰুৱাৰেই সৃষ্ট কোনো প্লটৰ ৰুপায়ণ৷ কোনে জানে৷ আৰু ভাবিবলৈ মন নগ'ল সমুদ্ৰৰ৷
লাহেকৈ সাৱটি ধৰিলে আইভীক৷ এতিয়া আৰু সেই খেলিমেলিবোৰে তাক আমনি কৰা নাই৷ কিবা এক অদ্ভূত ভাললগাই আকোৱালি ল'লে সমুদ্ৰক৷
 বাসৱী!! কি অদ্ভূত৷ গল্পৰ বাসৱীয়ে কিয়বা মিছা কথা কৈ অতনুক আইভী বোলাজনীৰ বিয়ালৈ পঠিয়াইছল৷ আৰু সেইদিনা বিয়াটো একেই ঘটনা৷
কি কাকতালীয় সংযোগ!!
 বাসৱী৷ মনৰ মাজতে নামটো উচ্চাৰণ কৰিলে সি৷ কি সুন্দৰ নাম৷
বাসৱী! বাসৱী! বাসৱী! ল'ৰাজনৰ ঠাইত নিজকে কল্পনা কৰি চালে সি৷ কি পাগল ল'ৰা৷ বেলেগৰ বিয়াত এনেকৈ সোমাই আহিছে৷ অদ্ভূত৷
আইভীৰ মুখলৈ চালে সমুদ্ৰই৷ কি নিষ্পাপ মুখ৷ লাহে লাহে ক'লে,
- তোমাক দেখি ময়েই সকলো পাহৰি যাওঁ৷ বেলেগৰ কথানো কি কম৷ আজি অলপ পাগলামি কৰিবলৈ মন গৈছে৷ আজিৰ বাবে মই অতনু আৰু তুমি মোৰ বাসৱী৷ হ'বনে?
আইভী গভীৰ নিদ্ৰাত মগ্ন৷
সমুদ্ৰই লাহেকৈ আইভীৰ কানৰ কাষত গৈ ক'লে,
- অই বাসৱী উঠা৷ বলা আমি কৰবালৈ পলাই যাওঁ৷
টোপনিতে এটা দেখ নেদেখ হাঁহি মাৰিলে আইভীয়ে৷ সমুদ্ৰ আৰু ওচৰ চাপি আহিল৷ ফুচফুচাই ক'লে,
- এই বাসৱী, বাসৱী!! বাসৱী!!
টোপনিতে সমুদ্ৰক সাৱটি আইভীয়ে লাহেকৈ ক'লে,
- উমমমম....

:: বেবেৰিবাং ::


বিয়াগোম ফেচবুক চেলিব্ৰেটি বিশিষ্ট বৰ্মনে ঘড়ী ঘন্টা, পঞ্জিকা আদি চাই ঠিক দহ বাজি পয়ত্ৰিশ মিনিট আৰু বাৰ চেকেণ্ডত দেশ, জাতি আৰু সমাজ উদ্ধাৰকাৰী ষ্টেটাচ এটা প্ৰসৱ কৰিলে৷
শনিবাৰৰ ৰাতিপুৱা৷ বৰ্মনৰ অফিচ সেইদিনা বন্ধ৷ গতিকেই ঠেং ঠুং মেলি হালধীয়া বক্সাৰটো পিন্ধি আৰামত বাহিৰৰ চোফাখনত বাগৰি ল'লে৷ বেমাৰী মুৰ্গীৰ দৰে চকু মুদ খাই আহিলেওঁ কাণদুখন সম্পুৰ্ণ জাগ্ৰত কৰি ৰাখিছে৷ আপেক্ষা সেই বিশেষ শব্দৰ......ন'টিফিকেচনৰ৷
যোৱা চাৰিমাহৰ হিচাপ উলিয়াই থৈছে বিশিষ্ট বৰ্মনে৷ আজিকালি তেওঁৰ একোটা ষ্টেটাছত গড়ে ৫৪৭টা লাইক পৰে৷ জাতীয়তাবাদ, আলফা আৰু ইন্টাৰনেচনেল কাম কাজত লাইক বাঢ়ি হাজাৰ পায়গৈ৷ লাইকতকৈ কমেন্টৰ সংখ্যা বেছি হোৱা আপডেটো নথকা নহয়৷ বিশিষ্টৰ আপডেটত এমাহমাহমান যুঁজি থাকি মুখৰ ফেন বাহিৰ কৰি মিনি চেলিব্ৰিটি হৈ যোৱা লোকৰ সংখ্যাও একেবাৰে কম নহয়৷
গড়ে পৰা ৫৪৭টা লাইকৰ শ্ৰেষ্ঠাংশ পৰে প্ৰথম ঘন্টাতেই৷ বিশিষ্টৰ অফিচত নতুনকৈ অহা পিয়ন নৰেনে প্ৰথমতে বচে কেবিনৰ ভিতৰত গীটাৰ বজাই থাকে বুলি ভাবিছিল৷ পিছতহে বেলেগৰ মুখত গম সেয়া বুলি কিবা ফেচবুকহে৷ আৰু তাতে বচৰ ফেনবোৰে বচৰ নামত ন'টিফিকেচন বুলি কিবাৰে গীটাৰ বজায়৷ একেৰাহে টুং টাং কৰি থকা ম'বাইলটোৰ কষ্টৰ কথা ভাবিহে বৰ দুখ লাগে বেছেৰা নৰেনৰ৷
এই টুং টাং শব্দই বৰ্তমান বিশিষ্ট বৰ্মনৰ চালিকা শক্তি৷ জীৱনত বহুত মধুৰ সংগীত শুনিছে তেওঁ৷ পিছে এই ন'টিফিকেচনৰ দৰে মধুৰ সুৰ তেওঁ জীৱনত শুনা নাই৷ এই শব্দতেই যেন বিশিষ্ট বৰ্মনে কটাই দিব জনম.... অনেক জনম৷
টোপনি টোপনি ভাব এটাই আমনি কৰিছিল বিশিষ্ট বৰ্মনক৷ হঠাৎ একেজাপে চোফাৰ পৰা উঠিল৷ ২১ ছেকেণ্ড!!!!
২১ ছেকেণ্ড পাৰ হৈ গ'ল৷ কিন্তু এটাওঁ শব্দ নাই৷ বাওঁ চকুৰ আধা ফালটোৰে লাহেকৈ মবাইলটোলৈ চালে৷ আজি কানখনে বিশ্বাসঘাটকতা কৰা নাইতো৷ নাই, সঁচাকৈয়ে আজি একো নাই৷ না লাইক, না কমেন্ট৷
বিশিষ্ট বৰ্মনৰ মুৰটোৱে কাম নকৰা হ'ল৷ এফালৰ পৰা গুগল, য়াহু, দেচীবাবা সকলো খুলি চালে৷ ঠিকেই খুলি আছে৷ নেটে ঠিকেই কাম কৰি আছে তাৰমানে৷
কি হ'ল আজি!!!!
এক অজান আশংকাত মিনিটত চাৰিটা হাৰ্টবিট মিচ কৰিলে বিশিষ্ট বৰ্মনে৷
আপডেট ডিলিট কৰি আকৌ পোষ্ট, ডিলিট- পোষ্ট, আকৌ এবাৰ৷ নাই এটামান লাইকো পৰা নাই৷
ক'ত মৰিল আজি গোটেইসোপা৷
সেইদিনা এটা ৰাষ্ট্ৰবাদী চেলিব্ৰিটিৰ লগত কাজিয়া লাগিছিল যে৷ সিয়েই কিবা কৰা নাইতো??
পাগলৰ দৰে চটফটাব ধৰিলে বিশিষ্ট বৰ্মনে৷ ৰ'ব নোৱাৰি ইফালে সিফালে চাই শেষত নিজেই এটা লাইক বহুৱাই দিলে৷ নাই, কাৰো সাৰসুৰেই নাই৷
কপালত বিন্দু বিন্দু ঘাম জিলিকি উঠিছে৷ হালধীয়া বক্সাৰ আৰু বগা জকীৰ গেঞ্জীটোৱেও অলপো গৰম কমাব পৰা নাই৷ কপালৰ ঘাম মাটিত টপ টপকৈ পৰিব ধৰিছে৷
বুকুখন কিবা খালী খালী লাগিছে৷ অথলে গ'ল নেকি ইমান দিনৰ কষ্ট, সাধনা, নেটপেকবোৰ৷
আকৌ দুবাৰ ষ্টেটাচ ডিলিট কৰি নতুনকৈ দিলে৷
ফলাফল শূণ্য।
হে ভগৱান৷ কোনে তাৰ এনে অৱস্থা কৰিলে? কিয় কৰিলে?
বিশিষ্ট বৰ্মনে ইয়াৰ আগৰ ষ্টেটাছতো চালে৷ ৪৭১টা লাইক, ১৩৮টা কমেন্ট৷ হঠাৎ আজি এনেকৈ পপুলাৰিটি কেনেকৈ কমিব পাৰি৷ বিজেপিক আক্ৰমণ কৰি দিয়া ষ্টেটাছৰ অৱস্থা দেখোন বিজেপিৰ দিল্লী ইলেকচনতকৈও বেয়া৷ নিজকে ফেচবুকৰ কেজৰিৱাল বুলি ভবা বিশিষ্ট বৰ্মন আজি কিৰণ বেদীতকৈও..........   আৰু ভাবিবলৈ মন নগ'ল৷
কি হ'ব এতিয়া?
লাইক, কমেন্ট নোহোৱাকৈ বিশিষ্ট বৰ্মন বাচিব কেনেকৈ??
উশাহ লোৱাত কষ্ট হয় বিশিষ্ট বৰ্মনৰ৷ বুকুৰ বাওঁফালৰ বিষটো হঠাৎ বাঢ়ি যায়৷ সহ্যাতীত বিষ৷
হাৰ্ট এটাক হৈ চোফাৰ পৰা বাগৰি তলত পৰি আছে বিশিষ্ট বৰ্মন৷ এতিয়ালৈকে ব্যস্ত ঘৰখনৰ কাৰো চকুত পৰা নাই৷
এইফালে ষ্টেটাচটোৰ একোণত জিলিকি থকা তলাটোৱে যেন দাঁত নিকটাই হাঁহি সকলোকে কৈছে.....
Only me... Only me....

( Courtesy: Ashim Ahmed )

:: আলু- পাৰ্ট ২ ::


 বিপাশা অবাক৷ মুখখন যিমান মেলিব পাৰি সিমান মেলি তাই সন্মুখলৈ চাই আছে৷ যি বস্তুটো দেখি তাই মুখ বন্ধ কৰিবলৈ পাহৰি হৈছে সেয়া হৈছে এজন মানুহ৷ নাম ৰতন৷
এই মুহূৰ্তত ৰতন বিপাশাৰ পৰা মাত্ৰ পাঁচ হাত দূৰত্বত অবস্থান কৰিছে। তাৰ হাত ভৰিৰ সঞ্চালন অত্যন্ত ক্ষীপ্র, শৰীৰৰ পেশী টান। দেখি ভাৱ হয় চিকাৰৰ ওপৰত জপিয়াই পৰাৰ আগ মুহূৰ্তৰ ক্ষুধার্ত বাঘ৷ কিন্তু এই বাঘে বিপাশাক একো কৰিব পৰা অৱস্থাত নাই৷ কাৰণ দুয়োৰে মাজত আছে গ্ৰীল৷ ৰতনে সেই গ্ৰীলত কোনোমতে ওলমি আছে৷
ওপৰা ওপৰিকৈ কিবা কিবি প্ৰশ্নই বিপাশাৰ মূৰত খেলি  আছে৷ এই ৰাতিখন ছয়মহলাত এইটো কোন? কিয় আহিছে? কেনেকৈ আহিছে? যদি মানুহজন পৰি যায়? মৰি যাব নেকি?

ৰতনে বৰ কষ্ট পাইছে৷ নিজকে গালি দি আছে সি৷ কিহে পাইছিল তাক এইটো ঘৰত ৰাতি আহিবলৈ? এই ৰাতি তিনিটা বজাটো যে এই দমৰা চকুৱাজনী যে সাৰে থাকিব সি ভবাই নাছিল৷ এনেওঁ সি আজিকালি ফেচবুক কৰা মানুহৰ ঘৰত চোৰ কৰিবলৈ নাহেই৷ আজি বৰ টানত পৰিহে.....

লাহে লাহে বিপাশা প্ৰকৃতিস্থ হ'ল৷ ইতিমধ্যে মানুহটোৰ উদ্দেশ্য তাই বুজি উঠিছে৷ কিন্তু এতিয়া কি কৰা যায়, তাকেই তাই ভাবি পোৱা নাই৷
 ৰতনে খুব সাৱধানে গ্ৰীলবোৰত ধৰি নমা আৰম্ভ কৰিছে৷ ঠিক সেই সময়তেই শৰীৰৰ সৰ্বশক্তি প্ৰয়োগ কৰি বিপাশাই চিৎকাৰ কৰি উঠিল৷ সেই কৰ্ণভেদী চিঞৰত এটা কাউৰী উৰি গ'ল, এটা ফেঁচা ইষৎ বিৰক্ত হ'ল, বিল্ডিঙটোৰ একাংশ মানুহ সাৰ পাই উঠিল৷ কিন্তু তাৰ মাজতে ৰতনৰ ভৰি পিছলি কেৱল হাত দুখনেৰে গ্ৰীলত ওলমি থাকিল৷
ৰতনৰ দুৰ্দশা বিপাশাৰ সহ্য নহ'ল৷ তাই দৌৰি তাক ধৰিবলৈ গ'ল৷ পিছে সি জানো কম? একেটানে তাইৰ সোণৰ চেইনদাল টানি হিচাপ এটা কৰি সি পাঁচ মহলাৰ গ্ৰীলৰ ফালে লাহেকৈ জাপ এটা দিলে৷ দূৰ্ভাগ্যবশত দুই ইঞ্চিৰ বাবে তাৰ লক্ষ্য সফল নহ'ল আৰু সেইবাবেই সি বৰ্তমান বতাহ ফালি তললৈ উৰি আছে৷
 বিপাশাই লগে লগে ফোন লগালে অনিৰ্বাণলৈ৷ অনিৰ্বাণ তাইৰ বয়ফ্ৰেইণ্ড৷ আনদিনা হ'লে এতিয়ালৈ দুয়োৰে ফুচফুচনি চলি থাকিলেহেতেন৷ পিছে আজিৰ কথা বেলেগ৷ ফোন অফ!!
আজি বাৰ্চিলোনা আৰু জুভেন্টাচৰ ফাইনেল৷ কিমান দিনৰ পৰা যে সি ৰৈ আছে ফাইনেলখন চাবলৈ৷
মেচীৰ ভৰিত ব'ল৷ দৃষ্টিনন্দন ড্ৰিবলিং৷ গ'লপোষ্টৰ ফালে আগুৱাইছে মেচী৷ ডিফেণ্ডাৰে তৰ্কিবই নোৱাৰিলে৷ অনিৰ্বাণে ফুৰ্তিত সৰু ল'ৰাৰ দৰে জপিয়াই উঠিল৷ মেচী তাৰ আইডল৷ মেচীৰ বাওঁ ভৰিখন এবাৰ চুবলৈ পালে তাৰ জীৱন ধন্য হ'ব৷
 এইফালে মেচীৰ খুব মনত পৰিছে তাইৰ কথা৷ তাইৰ পেটত মেচীৰ সন্তান৷ তাই চাগে এই অৱস্থাটো খেল চাবলৈ এৰা নাই৷ তাইৰ কথা ভাবিয়েই মনটো ভাল লাগি গ'ল তাৰ৷ আকৌ খেলত মন দিলে মেচীয়ে৷ গ'ল এটা দিয়াটো খুবেই দৰকাৰ৷ বিশেষকৈ এই পিৰ্লোক আজি কন্দুৱাইহে বিদায় দিব মেচীয়ে৷
পিৰ্লোৰ মুখখন শুকান পাউৰুটীৰ দৰে হৈ আছে৷ তেতিয়াৰ পৰা কোনোমতে চেপি ধৰি খেলি আছে পিৰ্লোৱে৷ খেলৰ আগত দৌৰাদৌৰিত পেচাব কৰা নহ'ল৷ এতিয়া ভুগিছে, মেচীয়ে আজি ব্লাডাৰ ফটালেও ফটাব৷ নিজৰ ব্লাডাৰটো নাফাটিলে হ'ল আজি৷
 প্ৰায় ফাটি যোৱা ব্লাডাৰেৰেও পিৰ্লোৱে এইমাত্ৰ মেচীৰ আক্ৰমণ চিটিকাই পেলালে৷ পিৰ্লোৰ ডিফেন্স দেখি টিভিৰ সন্মুখত ফুৰ্তিত জপিয়াই উঠিল ইটালীৰ বিশ বছৰীয়া আৰ্ণিকা৷ সৰুৰপৰাই দেউতাকৰ লগত খেল চাই চাই তাই খেলৰ পোক হৈ উঠিছে৷ আজি খেল মিছ কৰাৰ প্ৰশ্নই নুঠে৷ বাফন আৰু পিৰ্লো দুয়ো আছে৷ দেউতাকৰ লগত খেল চোৱাৰ মজাই বেলেগ৷ চেহ আজিহে দেউতাক বাহিৰলৈ যাবলৈ পাইনে৷
 এই মুহূৰ্তত আৰ্ণিকাৰ দেউতাক পেৰেটোৰ কপালত পিষ্টল টোৱাই ৰৈ আছে মাফিয়া ৰিটিনো কানোচি৷ বাৰে বাৰে কোৱাৰ পিছতো আৰ্ণিকাক তালৈ নিদিলে দেউতাকে৷ আজি প্ৰতিশোধৰ দিন৷
ধেই!! ছুৱাৰেজে ভৰাই দিলে এটা গ'ল ঠিক ৬৮ মিনিটত৷ খঙতে পিষ্টল দলিয়াই দিয়াৰ সুযোগতে কেতিয়া পেৰেটো পলাল কানোচিয়ে তৰ্কিবই নোৱাৰিলে৷
ঘৰৰ সকলো খেল চোৱাত ব্যস্ত৷ এই সুযোগতে বিহাৰৰ পৰা চোনিয়াই বাৰাম্বাৰ তাইৰ বয়ফ্ৰেইণ্ড ৰামবিলাসক ফোন কৰি আছে৷ সোতৰটা মিচড্ ক'ল৷ সি এবাৰো ফোন উঠোৱা নাই৷ তীব্ৰ অভিমান হ'ল তাইৰ৷ সি বাৰু তাইক জানিবুজি অৱহেলা কৰিছে নেকি? তেনেহ'লে তাইৰ স্কাইপৰ খোলামেলা চাটবোৰ এনেই গ'ল নেকি? মাইক্ৰমেক্সটো দলিয়াবলৈ লৈও কিবা মায়া ওপজিল তাইৰ৷
ৰামবিলাস বি এছ এফৰ জোৱান৷ কান্ধত বন্দুক লৈ অস্থিৰ হৈ ইফালে সিফালে ঘূৰিছে ৰামবিলাস৷ এইমাত্ৰ তাৰ লগৰ ইমতিয়াজে কাটাতাৰৰ বেৰ পাৰ হ'বলৈ চেষ্টা কৰা ছোৱালী এজনীক গুলিয়ালে৷ এতিয়া তাইৰ মৃতদেহ তাতে ওলমি আছে৷ গুলিয়াই উঠিহে মনত পৰিল, মোডীৰ নতুন সীমা মতে এয়া ভাৰতহে৷ কি হ'ব এতিয়া? ইমতিয়াজৰ লগতে তাৰো যদি জেইল হয়?
ইতিমধ্যে মৃতদেহৰ খবৰ জনজাত হৈ পৰিল৷ গাঁৱৰেই নিয়াজে গুৱাহাটীলৈ ফোন লগালে৷
মতিনে খপজপকৈ সাৰ পালে৷ মতিন যোৱাবাৰৰ নিৰ্বাচন হৰা নেতাৰ চেলা৷ এই ৰাতি ভতিজাকৰ ফোন? নিশ্চয় ঘটনা ডাঙৰেই৷
- নিয়াজ এই ৰাতি যে? কি হ'ল?
- মাড্ডাৰ চাচা৷ মাড্ডাৰ৷
- কি??
......
......
.....
- নিয়াজ ভালকৈ কছোন৷ একো শুনা নাই৷
ফোনত একো শুনা নাই মতিনে৷ বাহিৰলৈ ওলাই আহিল মতিন৷ হেল্ল, হেল্ল কৈ সন্মুখৰ বিল্ডিঙটোৰ ফালে আগুৱাই গ'ল মতিন৷
- এতিয়া শুনিছো৷ ভালকৈ কছোন কি কৈ আছিলি৷
কথাখিনি আধাশুনা হওঁতেই চকুৰে আন্ধাৰ দেখিলে মতিনে৷ ধাৰাম!!!
এক প্ৰচণ্ড শব্দ৷ অজ্ঞান হৈ পৰি ৰ'ল মতিন৷ লগত পৰি ৰ'ল তাৰ ভঙা মবাইলটো, ৰতনৰ দুটা ভঙা দাঁত আৰু বিপাশাৰ চেইনডাল....... 

:: ক্লিক ::

  
নিৰ্মল ষ্টুডিঅ'...
সৰু গাঁওখনত ফটো উঠিবলৈ আৰু বেলেগ বিকল্প নাই৷ মবাইল ফোন, ডিজিকেম, ৭০-৮০ টকীয়া এছ এল আৰৰ কথা মানুহে সপোনতো ভাবিব পৰা হোৱা নাই৷
অতি প্ৰয়োজন নহ'লে গাঁৱৰ মানুহে ফটো উঠাটো বৰ দৰকাৰী বুলি নাভাবে৷ গতিকেই বিয়া বাৰু আদি বাদ দি বাকী সময়ত কেটেঙা নিৰ্মলৰ কেমেৰাৰ গাঁৱৰ ঘৰবোৰত বৰকৈ প্ৰৱেশ নঘটে৷ সেয়াও অৱস্থাসম্পন্ন মানুহৰ ঘৰৰ বিয়া বাৰু হলেহে৷ বাকী সৰস্বতী পূজা, পাছপোৰ্ট ফটো,  নতুন দৰা-কইনাৰ ফটোৰ বাবেহে নিৰ্মলৰ ষ্টুডিঅ'৷
তাইৰ প্ৰথম প্ৰেম!! পিছে নিৰ্মলৰ লগত  নহয়, কেমেৰাৰ লগতহে৷ কিন্তু সেয়া প্ৰেম কৰাৰ বয়স নাছিল, না নিৰ্মলৰ লগত, না কেমেৰাৰ লগত৷ তাইৰ দহ বছৰ হৈছেহে মাত্ৰ৷ কোনো চৰকাৰী কামত তাইক এতিয়াও ফটোৰ দৰকাৰ হোৱা নাই৷ আৰু তাইৰ মাক দেউতাকো ষ্টুডিঅ'লৈ গৈ ফটো উঠিবলৈ ইমান চৌখিন নাছিল৷ গতিকেই ৰশ্মিতাৰ বাবে নিজা এখন ফটো সপোনেই হৈ থাকিল৷
লাহে লাহে পৰিস্থিতি উন্নত হ'বলৈ ধৰিলে৷ বিয়া বাৰু, অন্নপ্ৰসন্ন আদিত কেমেৰাৰ উপস্থিতি ঘূনুক ঘানাককৈ বাঢ়িবলৈ ধৰিলে৷ কিন্তু তেতিয়ালৈ তাইৰ এখন ফটো উঠাৰ সপোন পূৰ্ণ হোৱা নাছিল৷ তাই আছিল কেৱল এক সুযোগৰ সন্ধানত৷ কোনো অনুষ্ঠানত এক কেমেৰাৰ সন্ধানত৷ সুযোগ পালেই তাই দৌৰ মাৰি থিয় দিয়ে কেমেৰাৰ সন্মূখত৷ এইফালে "সাজন"ৰ সঞ্জয় দত্তৰ লুক নকল কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা নিৰ্মলৰ বাহাদুৰি কি চাবা৷ সৰু ল'ৰা ছোৱালীয়ে ফটো উঠিবলৈ চেষ্টা কৰিলেই ঢেকুৰা কুকুৰৰ দৰে ঘেং ঘেঙাই উঠে- অই ছোৱালী গুচ, গুচ, তঁহতৰ পাল পিছত৷
তাতেও সফল নহৈ অৱশেষত ৰশ্মিতাক টানি ফ্ৰেমৰ বাহিৰ কৰি দিয়া ঘটনাও নঘটা নহয়৷
নিৰ্মলক দোষ দি পিছে কি হ'ব? সিয়ো নিৰুপায়৷ বেছিভাগ বিয়াতে জোৰোণৰ পৰা আৰম্ভ কৰি আঠমঙলালৈ কেৱল দুটা ৰীলেৰে সি কাম চলাব লগা হয়৷ গতিকেই আজে বাজে ফটো তুলি সি গৃহস্থৰ গালি কেইটা কিয়নো শুনিব৷
পিছে তাই জানো কম? স্কুলত তাৰ গুণ্ডামি সকলোৰে মুখে মুখে৷ মনে মনে আকৌ ৰশ্মিতা কেমেৰাৰ ফালে আগুৱাই যায়৷ এইবাৰো কেমেৰামেনৰ বিষাক্ত দৃষ্টিৰ পৰা তাই সাৰি নাযায়৷ নিৰ্মলৰ কাণমলায়ো তাইক নিৰাশ কৰিব নোৱাৰে৷ তাই যে যিকোনো উপায়েৰে ফটো উঠি লগৰবোৰক দেখুৱাবই লাগিব৷ নহলে স্কুলত নিজৰ সন্মান ৰক্ষা কৰাটোৱেই ডাঙৰ কথা হৈ পৰিছে৷ কিন্তু নিৰ্মল নাচোৰবান্দা৷ শেষত ৰশ্মিতাৰ ফটো উঠা নহয়গৈ৷
এইখন বিয়াটো তাইৰ ফটো উঠা নহ'ল৷ হতাশ হৈ ঘৰলৈ উভতিল তাই৷ পিছে ঘৰলৈ উভটি আহিয়েই তাই পালে মন ভাল লাগি যোৱা খবৰটো৷ গুৱাহাটীত থকা বাবুল মামাৰ বিয়া৷ কোন বাবুল মামা তাই চিনি নাপায়৷ পিছে ঘৰত হৈ থকা কথা বতৰাত এইখিনিয়েই গম পাইছে যে বাবুল মামা বৰ ধনী আৰু গুৱাহাটীত প্ৰকাণ্ড ঘৰ এটা আছে৷ তাই মনে মনে হিচাপ কৰি পেলালে, এইবাৰ বাবুল মামাৰ বিয়াত তাইৰ নিজা ফটো এখন হোৱাটো খাটাং৷ ফূৰ্তিত গোটেই ৰাতি তাইৰ টোপনিয়েই নাহিল৷
অভ্যৰ্থনাৰ দিনা সিহঁত বাবুল মামাৰ ঘৰ পালেগৈ৷ টিংকলত দেখা ৰাজমহলৰ দৰে ঘৰ, সজাই পৰাই আটকধুনীয়া কৰি পেলোৱা হৈছে৷ তাইৰ বয়সৰেই কেইজনীমানে বহি বহি বেলুন ফুলাই আছে৷ কোন হয় তাই ধৰিব নোৱাৰিলে, বৰ বেছি অহা যোৱা নাই যে৷
তাই আগুৱাই গৈ ফুলাবলৈ এটা বেলুন হাতত ল'লে৷ ক'ৰপৰা জানো এজনী দৌৰি আহি দপদপাই উঠিল,
- অই ছোৱালী বেলুন কিয় লৈছ? একদম নুচুবি৷ যা এতিয়া ইয়াৰ পৰা৷ আমাৰ সজোৱা নোহোৱালৈ একদম হাত নিদিবি৷
ছোৱালীবোৰে বেলুন ফুলাব পৰা নাই৷ এটা বেলুন ফুলাওতে এযুগ লাগিছে৷ কিনো হয় তাইক এটা ফুলাব দিলে, এবাৰতে ডাঙৰকৈ ফুলাই দিব পাৰিব তাই৷
ইফালে সিফালে ঘূৰি ফুৰোতেই কেমেৰামেন জনক দেখি আকৌ আগুৱাই গ'ল তাই৷
- অ' দাদা, ফটো কেতিয়া তুলিব?
উত্তৰ দি দি ইতিমধ্যে বিৰক্ত হৈ পৰিছিল কেমেৰামেন৷ নাক মুখ কোঁচাই উত্তৰ দিলে,
- কৈছো নহয় ৰাতি উঠিবা৷ এতিয়া দিগদাৰ নকৰিবা৷
ৰাতি অনুষ্ঠান আৰম্ভ হ'ল৷ চাৰিওফালে পোহৰৰ খেলা৷ ৰশ্মিতাৰ চকু চাট মাৰি ধৰিছে৷ দৰা কইনা বহা আসনৰ ওচৰে পাজৰে ঘূৰি আছে ৰশ্মিতা৷ অপেক্ষা মাঁথো এটা সুঁযোগৰ৷ কিন্তু গুৱাহটীয়া কেইটাৰ ওস্তাদিত তাই দৰা কইনাৰ ওচৰলৈ যাব সুযোগেই পোৱা নাই৷ বাবুল মামায়ো তাইক এবাৰো ওচৰলৈ যাবলৈ কোৱা নাই৷ তাইৰ পিছে তাকে লৈ অভিমান কৰিবলৈ মুঠেও সময় নাই৷ তাইৰ আপেক্ষা কেৱল এটা ক্লিকলৈ৷
ৰাইজে লাইন পাতি ফটো উঠিছে৷ চাৰিওফালে আনন্দৰ নিজৰা বৈ গৈছে৷ ৰশ্মিতা কিন্তু এই সকলোৰে পৰা আতৰত,  লক্ষ্য কেৱল সেই আকাংঙ্খিত ক্লিকটোৰ৷ চকুত কাকুতি মিনতি৷ কোনোবাই কিয় আহি নকয়, ' যা ৰশ্মি, ফটো এখন উঠি ল'
'৷ কিন্তু নাই, কাৰো মতি গতিয়েই নাই৷
হঠাৎ আহিল এক সুৱৰ্ণ সুযোগ৷ দেউতাকে বাবুল মামালৈ বুলি অনা উপহাৰটো দিবলৈ আনি আছে৷ দৌৰ মাৰি তাই দেউতাকৰ ওচৰলৈ গ'ল৷ দেউতাকৰ লগত তায়ো যাব উপহাৰটো দিবলৈ৷ তাই দেখিছে উপহাৰ দিয়া সকলোৰে ফটো তুলিছে৷ এনেকুৱা সুযোগ আৰু নাহে৷
হাঁহিলে তাইৰ কিছুদিন আগত সৰি যোৱা দাঁতৰ ফাঁকটো দেখা যায়৷ উপহাৰটো দি থকা মূহুৰ্তত তাই সজাগ হৈ থাকিল, কেমেৰামেনে স্মাইল বুলি কলেই যেন সেই ফাঁকটো দেখা নাযায়৷
পলকহীন দৃষ্টি৷ পলক পেলালেই যে তাইক অন্ধ যেন দেখিব৷ পল্লবীৰ দৰে চকু মুদা ফটো হ'লে লগৰবোৰে তাইক কমখন জোকাবনে৷
এক, দুই, তিনি......ক্লিক!!! আস কি এক অদ্ভুত শিহৰণ৷
বিয়া শেষ৷ সিঁহত ঘৰলৈ আহিল৷ ইতিমধ্যে তাইৰ ফটোৰ কথা স্কুলত জনজাত হৈ পৰিছে৷ কিবা কথাত তাইৰ চকু জাপ খাই যোৱা নাছিলতো? মাজে মাজে এই ভয়ে তাইক বিতত কৰি তোলে৷ হে ভগৱান, যেনে তেনে ফটোখন ভাল কৰি দিয়া৷
দেউতাক অফিচৰ কামত গুৱাহাটীলৈ গৈছে৷ বাবুল মামাই বোলে ফটোখন দি পঠাব৷ গোটেই ৰাতি তাইৰ টোপনি নাহিল৷ পিছদিনা দেউতাক পাবহি৷ মাকক এবাৰ সেইদিনা স্কুল নাযাওঁ বুলি কৈ চাইছিল যদিও ধমকিৰ কোবত চুপ চাপ স্কুললৈ ওলাল৷
সেইদিনা স্কুল তালফাল৷ লগৰবোৰ বাদেই, অনিমা বাইদেউকো তাই কৈ দিলে ফটোৰ কথা৷ ইমান ফূৰ্তি তাইৰ কেতিয়াও লগা নাছিল চাগে৷
স্কুল ছুটীৰ পিছত আজি ৰ'বলৈ সময় নাই৷ দৌৰি দৌৰি ঘৰ পালে তাই৷ আহিয়েই হাত ভৰি নুধুৱাকৈ  বেগ দলিয়াই দেউকাকৰ বেগ খুঁচৰিলে৷
পালে পালে৷ একেবাৰতেই বেগত ফটোখন পালে৷ হয়, এইখনেই হয়৷ এয়া বাবুল মামা, কাষত হাঁহি এটা মাৰি দেউতাক৷ এয়া তাই নিজহাতে বান্ধি নিয়া উপহাৰটো, এয়া যোৱাবাৰ বিহুত দেউতাকে তাইক দিয়া ট্ৰেণ্ডী হাতঘড়ীটো৷ স্কুলত এনেকুৱা ঘড়ী আৰু কাৰোৱেই নাই৷ বেলেগে চিনি উলিয়াবলৈ সময় লাগিলেও বাবুল মামাক উপহাৰ দি অৱস্থাত উঠা তাইৰ হাতখন চিনি পাবলৈ তাইৰ এক চেকেণ্ডো নালাগিল৷
ফটোত সকলোৱে হাঁহি আছে৷ ইমান হাঁহিমুখীয়া ফটোখন দেখিও কিয় বা চকুপানী ৰখাব পৰা নাই তাই!!!!
(ছাঁ লৈ)