Monday 17 March 2014

মধ্যযুগীয় নাৰী


বৰ্তমান মোৰ অৱস্থান 'প্ৰজাপতি বিবাহ ভৱন'ৰ ফুলেৰে সজোৱা ষ্টেজখনৰ মাজৰ সিংহাসন খনত৷ পিন্ধনত তিনি চাৰি কিলো ওজনৰ এযোৰ কাপোৰ আৰু মোক ঢাকি পেলোৱাকৈ এসোপামান গহণা৷ এইবোৰৰ ভৰত মোৰ উশাহ নিশাহ প্ৰায় বন্ধ হোৱাৰ উপক্ৰম৷ কাণফুলি পিন্ধা বাদ দিয়া বহুদিনেই হ'ল বাবে কানৰ ফুটা বুলিবলৈ বিশেষ একো নাছিলেই৷ তাতেই হেঁচি ঠেলি পেহীয়ে প্ৰকাণ্ড কাণফুলি এজোৰ পিন্ধাই দিছে, এতিয়া তাৰে বিষত ত্ৰাহি মধুসুধন দেখি গৈছো৷

এইবোৰ তথাপিও সহ্য কৰিলোহেঁতেন৷ কিন্তু এই মুহুৰ্তত যিটো মই একেবাৰে সহ্য কৰিব পৰা নাই সেয়া হ'ল মানুহবোৰৰ নগদ বত্ৰিশটাকৈ দাঁত উলিয়াই মৰা হাঁহি৷ চাৰিওফালে হাঁহি ভৰ্তি মুখ, খুব মজা পাইছে সকলোৱে৷ আৰে বিয়া হৈছে মোৰ, তহঁতক ইমান হাঁহিবলৈ কিহে পাইছে৷ ইমানেই যদি ফুৰ্তি লাগিছে নিজে বিয়া পাতি হাঁহি থাকিলেই হয় দেখোন৷ ছোৱালীকেইজনী আৰু এখোপ চাৰ, সিঁহতৰ ষ্টাইলৰ বাহাৰ কি চাবা৷ গাইপতি এপাটকৈ চৰ বহুৱাই দিলেহে চাগে শান্তি পাম৷

সকলোৰে ওপৰত খং উঠি আছে আজি মোৰ৷ কিন্তু আটাইতকৈ খং উঠি আছে মোৰ ওচৰত বহি দাঁত নিকটাই থকা পটলটোৰ ওপৰত, হয় এইটোক মানুহ বোলাতকৈ পটল বুলিলেহে বেছি শুৱাব৷ হেৰৌ তই বিয়াহে পাতিছ, একো বিশ্বজয় কৰা নাই নহয়৷ উফফ্ কি হাঁহি তাৰ৷

এয়াহে আছিল নে মোৰ কপালত? শেষত গৈ এটা পটলৰ লগত বিয়া!!! হায় ৰে কপাল৷

পটলৰ নাম অভিনৱ৷ ডুবাইত চাকৰি কৰে, ইঞ্জিনিয়াৰ৷ প্ৰথমদিনা মায়ে ইয়াৰ ফটো দেখুৱাওতে মোৰ পটলৰ বাহিৰে বেলেগ একো মনলৈ অহা নাছিল৷ কিন্তু মাৰ মতে সি সাক্ষাৎ ৰাজপুত্ৰ, তাৰ শাহু হ'ব নোৱাৰিলে মাৰ জীৱন যেন বৃথা৷ মই তাক দেখাত পটলৰ দৰে বুলি কোৱাত মায়ে এনেকুৱা দৃষ্টিৰে মোক চালে যে মানুহ হোৱা বাবেহে মই বাচি গলো৷ কাগজ হোৱা হ'লে সেই মুহুৰ্ততে পুৰি ছাই হৈ গলোহেতেন৷

ফটো চোৱাৰ এসপ্তাহ পিছৰ কথা,

- মাজনী আজি আবেলি অভিনৱে তোক লগ পাবলৈ আহিব৷
- কোন অভিনৱ মা?
- সেই যে তোক সিদিনা ফটো দেখুৱাইছিলো৷ ডুবাইত ইঞ্জিনিয়াৰ যে৷
- অ' পটলা, সি আকৌ কিয় আহে৷ সেইদিনাই ৰিজেক্ট কৰিছো তাক মই৷

আকৌ মাৰ সেই দুৰ্বাষাৰ দৃষ্টি৷
- সেইবোৰ মই একো নাজানো, দেউতাই ইতিমধ্যে তাক কথা দি দিছে৷
- মোৰ সময় নাই৷
- সময় নাই?? দিনটো পিলৌ পিলৌকৈ ঘুৰিবলৈ সময় আছে তোৰ, এতিয়া ফেন্সী যাবলৈ কোনোবাই লগ ধৰকছোন৷ চুপ চাপ ওলাবি৷

শেষত মাৰ দাবী ধমকি, দেউতাৰ বুজনি, ভণ্টিৰ আবদাৰত হাৰ মানি মই এয়া পটলৰ সন্মুখত৷ স্থান মেইনলেণ্ড চাইনা, মগজুত পটলে যাতে মোক ৰিজেক্ট কৰে তাৰে আঁচনি৷

মোৰ ইমেজ বেয়া কৰাৰ বাবে যি পাৰো কৰিলো৷ ৱেইটাৰক দুই আঙুলিৰে ইংগিত দি মাতিলো, কাষৰ টেবুলৰ এজনৰ লগত কাজিয়া লাগিলো, শব্দ কৰি কফি খালো৷ বেছিভাগ সময় ফোন, ফেচবুকত ব্যস্ত থাকিলো৷ মাজতে এবাৰ নাক খুচৰিম বুলি ভাবিও নিজৰেই লাজ লগা বাবে সেয়া নকৰিলো৷

মোৰ প্লেন কাম কৰা যেনেই লাগিছে৷ পটলক অলপ বিৰক্ত হোৱা যেন লাগিল, যাবলৈ উচপিচ লগালে৷ সাতটা বজাৰ পৰা বোলে কলেজৰ বন্ধুবোৰৰ গেট টুগেদাৰ আছে৷ সময়ৰ ক্ষেত্ৰত বৰ পাংকচুৱেল যেন লাগিল৷ অৱশ্যে মক্কেলবোৰ এনেকুৱাই হয়৷ 'দিল চাহতা হে' চিনেমাখনৰ সুবোধৰ যেন কাৰ্বন কপি আমাৰ এই পটল চাহাব৷

ময়ো ফূৰ্তিত ঘৰলৈ উলটিলো৷ আহি মোৰ মূৰত বিনা মেঘে বজ্ৰপাত পৰিল৷ ইতিমধ্যে সিঁহতৰ ঘৰৰ পৰা ফোন কৰি জনাইছে যে তাৰ বোলে মোক পচন্দ হৈছে৷ আমাৰ ঘৰত উৎসৱমুখৰ পৰিবেশ৷ মোৰ পচন্দ অপচন্দক সামান্যতমো গুৰুত্ব দিয়া নহল৷ মাৰ ধমকি, দেউতাৰ বুজনি, আইতাৰ মৰাৰ আগতে নাতিৰ বিয়া চোৱাৰ হেঁপাহ আদিৰ মাজত মই কেতিয়ানো বিয়াৰ বাবে সন্মতি দিলো নিজেই ধৰিব নোৱাৰিলো৷

হাতত সময় একেবাৰে কম৷ সি ডুবাইলৈ ঘুৰি যোৱাৰ আগতেই বিয়া হ'ব৷ গতিকে ঠিক হ'ল যে কৰ্টমেৰিজ কৰি পাৰ্টি এটা দিয়া হ'ব৷

তাৰেই ফলশ্ৰুতিত আজি মই এই পৰিবেশত৷ কৃত্ৰিম হাঁহি মাৰি মুখ বিষাই গৈছে৷ আধাৰ বেছি মানুহ চিনিয়েই নাপাওঁ৷
পটল কিন্তু এইফালে পুৰা একটিভ, খুব ফুৰ্তি পাইছে যেন পাইছো বিয়া পাতি, ৰহ বেটা তোক মই এইবাৰ ডুবাইত আবতৰীয়া বিহু দেখুৱাম৷ কিমান হাঁহিব পাৰ আজিয়েই হাঁহি ল৷

এসময়ত গৈ ৰিচিপশ্যন শেষ হ'ল৷ মোৰ বিদায়ৰ সময়ত মা, মাহী, খুড়ী, পেহী সকলোৱে কান্দিবলৈ ধৰিলে৷ এইবাৰ মোৰ মুৰটো আৰু গৰম হ'ল৷ বিয়া নোহোৱালৈ শান্তি নিদিলে, এতিয়া আকৌ কান্দি লেন চেলাবলৈ আহিছে৷ একদম মধ্যযুগৰ নাৰীৰ মানসিকতা, এতিয়াও অলপো মডাৰ্ণ হ'বলৈ নিশিকিলো৷ কন্দাকটা আদি মই এনেও ভাল নাপাও, এইবোৰ ফাল্টু ইমোশ্যন মোৰ নাই৷ বৰ্তমান মই বহুত বেলেঞ্চত কাম কৰিবলগীয়া হৈছে৷ জীৱনত প্ৰথম ইমান গধুৰ কাপোৰ আৰু হাই হিলৰ কম্বিনেশ্যন পিন্ধিছো, কৰবাত ধুপুচকৈ পৰিলে কম সন্মান যাবনে? গতিকেই কন্দাৰ কথা ভাবিবলৈ সময় নাই৷

সময়ত দৰাঘৰৰ গাড়ীত উঠি ৰাওনা হলো৷ পটলৰ ঘৰত গৈ দেখো বিভিন্ন চাইজৰ দেওৰ ননদ জাতীয় প্ৰাণীবোৰ সেই একেই ষ্টেমিনাৰে সাজু, কি উৎসাহ সিঁহতৰ বাপৰে বাপ৷ নবৌ নবৌকৈ মাতি মোক অস্থিৰ কৰি তুলিলে৷

ইচ্ নবৌ, এতিয়াৰ পৰা এনেকুৱা মধ্যযুগীয় সম্বোধনৰ মাজত মই থাকিব লাগিব৷ এতিয়াও ইঁহতে নবৌ বোলাতেই আছে, ধেইত৷

শেষত গৈ এটা বিশেষ কোঠাত পটলৰ মুখামুখি হলো৷ মোক দেখি এটা খুব অমায়িক হাঁহি দিলে৷ দেখিয়েই যেন গাৰ ভিতৰত ভকভককৈ জুই একুৰা জ্বলি উঠিল৷ ইয়েই আছল কালপ্ৰিট, যত সৰ্বনাশৰ মূল৷ খুব চখ আছিল নহয় বিয়া কৰাৰ, এইবাৰহে গম পাবি কাৰ লগত বিয়া পাতিলি তই৷

- কিবা টেনশ্যনত আছা? কিবা সমস্যা৷

অ' পটল তাৰমানে কেয়াৰিং ও৷ মুহুৰ্ততে মই চলনাময়ী টাইপ হাঁহি এটা মাৰি উত্তৰ দিলো,
- নাই নাই তেনেকুৱা একো নাই৷ আছলতে বিয়াখন ইমান লৰালৰিকৈ হ'ল যে ভাবিবলৈ একো সময়েই নাপালো৷ অলপ টেনশ্যনটো হ'বই৷ একো ডাঙৰ কথা নহয় বাৰু, ঠিক হৈ যাব৷ চিগাৰেট এটা টানিব পাৰিলে ভাল আছিল৷

পটলে কিছুসময় একেৰাহে মোৰ ফালে চাই অৱশেষত গম্ভীৰ মাতেৰে কলে,
- চিগাৰেট খোৱা তুমি? এতিয়া খাবা?

কোনোমতে হাঁহিটো চেপি ৰাখি কলো,
- মন থাকিলেও উপায় নাই৷ লগত আনিবলৈ পাহৰিলো৷ আৰু ইয়াত খামনো কেনেকৈ, নতুন ঘৰ৷

মূৰ তুলি দেখো সি এটা চিগাৰেটৰ পেকেট মোলৈ আগুৱাই দিছে৷ হে ভগৱান বেয়াকৈ ফচিলো, এতিয়া কি কৰা যায়৷ পিচ মুহুৰ্ততে যি হয় দেখা যাব বুলি তাৰ হাতৰ পৰা স্বাভাবিকভাবে পেকেটটো ললো৷ মুখত এডাল চিগাৰেট সুমুৱাই ললো, পটলে লাইটাৰটোৰে জ্বলাই দিলে৷

শেষ...... কাহি কাহি মোৰ অৱস্থা নাই৷ চিগাৰেট খাবলৈ যে ইমান বেয়া ভবাই নাছিলো৷ আজি কাহি কাহি মৰিমেই যেন পাইছো৷ এইফালে পটলো মৰিব...... হাঁহি হাঁহি৷

খং, দুখ, অপমান, কাঁহৰ প্ৰকোপ সকলোৰে প্ৰকোপত মোৰ চকুপানী ওলাল৷ এইকেইদিন ইমান কিবাকিবি হোৱাৰ পিছতো মই কন্দা নাই, কিন্তু আজি যেন মই হাৰি গৈছো৷

অন্যফালে মুখ ঘুৰাই কন্দাটো বন্ধ কৰাৰ চেষ্টা কৰিছো, কিন্তু পৰা নাই৷ সন্মুখত থিয় হৈ নৰম কন্ঠেৰে কলে,
- বেয়া নাপাবা আৰু নাহাঁহো৷ কিন্তু মই কি কৰিম কোৱা? তুমি সেইদিনাৰ পৰা যি কাণ্ডবোৰ কৰি আছা ভাবিলেই হাঁহি উঠি যায়৷ সেইদিনা ৰেষ্টুৰেণ্টত নিজকে বেয়া বুলি প্ৰমাণ কৰিবলৈ যিবোৰহে কৰিলা, মই সেইদিনাই তোমাৰ প্ৰেমত পৰি গলো৷ সেইদিনাই ঠিক কৰিছিলো যে মই তোমাকেই বিয়া কৰাম৷ মই ভালকৈ জানো এই পাগলামীবোৰৰ আৰত লুকাই থকা নিষ্পাপ ছোৱালীজনীয়ে এদিন মোকো সমানেই ভাল পাব৷

মই কেৱল অবাক হৈ তাৰ ফালে চাই আছো৷ পাগলী, অসামাজিক, অহংকাৰী এইবোৰ বিশেষণ বহুবাৰ শুনিলো, কিন্তু নিষ্পাপ অপবাদটো কেতিয়াও শুনা নাছিলো৷ কোনোমতে কন্দাটো চেপি আছো, গতিকে একো কথা কোৱা নাই৷ হঠাৎ অভিনৱে লাহেকৈ মোৰ গালেৰে বৈ অহা চকুপানীখিনি আলফুলে মচি দিলে৷ তাৰপিছত লাহেকৈ কলে,
- তুমি সদায় এনেকৈয়েই থাকিবা দেই৷

গোটেই জীৱন সকলোৱে মোক কলে- 'তই এনেকুৱা কিয়?' এয়া প্ৰথমবাৰৰ বাবে কোনোবাই ক'লে............. উফ আৰু একো ভাবিব নোৱাৰিছো মই৷ কেৱল কান্দিছো, কোনোমতে কান্দোন ৰখাব পৰা নাই৷

এইবাৰ আকৌ হাঁহি মাৰে অভিনৱে কলে,
- বাই দা ৱে, কইনাক প্ৰথম নিশা চিগাৰেট অফাৰ কৰা কাৰবাৰটো বেছ ৰোমাণ্টিক আছিল কিন্তু৷

একো কব নোৱাৰিলো, কেৱল কান্দি কান্দি হাঁহি দিলো৷

হে ভগৱান, কি হৈছে মোৰ? এবাৰ কান্দো, এবাৰ হাঁহো৷ পটল গৈ কেতিয়া অভিনৱ হ'ল গমেই নাপালো৷

শেষত ময়ো গৈ মধ্যযুগীয় নাৰীৰ দলতেই যোগ দিলো নেকি বাৰু???

Monday 10 March 2014

গোৰ




ঠিক পেটৰ মাজভাগত গোৰটো পৰিল প্ৰিয়াৰ৷ বিষত কেঁকাই উঠিল তাই৷ পিছমুহুৰ্ততে অবাক হৈ বিষ পাহৰি তাই সন্মুখত থিয় হৈ থকা মানুহজনলৈ চালে৷ ৰিদিপ তাইৰ ঠিক সন্মুখত থিয় হৈ আছে৷ এইবাৰ আগতকৈও জোৰে এটা গোৰ পৰিল৷ বিষত বিতত হৈ পৰিল প্ৰিয়া৷

ৰিদিপে তেতিয়াই প্ৰিয়াৰ হাতৰ পৰা টান মাৰি ডায়েৰীখন কাঢ়ি ললে৷ সেইখন প্ৰিয়াৰ একান্ত ব্যক্তিগত ডায়েৰী৷ তাত লিখা কথাবোৰ তাইৰ একান্তই ব্যক্তিগত৷ তাই ৰিদিপক সেইখন ন'লবলৈ অনুৰোধ কৰিব খোজোতেই আকৌ এটা গোৰ৷ ৰিদিপে পঢ়িবলৈ আৰম্ভ কৰিলে৷

৬-৮-০৯:
আজি ৰিদিপ আহিছিল৷ কালিয়েই ফোন কৰি জনাইছিল আহিব বুলি৷ কলেজৰ গেইটৰপৰা ফোন কৰিলে মোক৷ লগৰ সহকৰ্মীবোৰৰ আগত তাক লগ ধৰিবলৈ অলপ লাজ লাগিছিল যদিও লক্ষীবাহঁতে পৰিবেশটো সহজ কৰি দিলে৷ ৰিদিপক আমাৰ কলেজ কেম্পাছটো দেখুৱালো৷ একেলগে 'ভেজি ফুড'ত খালো৷ তাৰ অলপ লৰালৰি আছিল বাবে সোনকালেই গুছি গ'ল৷ ৰিদিপ যোৱাৰ পিছত কিবা যেন উকা উকা লাগিছে মনটো৷

১৩-৫-১০:
আজি ৰিদিপৰ জন্মদিন৷ গুৱাহাটীত কিবা কিবি কাম থকা বুলি দেখুৱাই ঘৰৰ পৰা কোনোমতে গুৱাহাটীলৈ আহিছো৷ দিনটো ৰিদিপৰ লগত ফুৰিলো৷ ডেলিকেচীত খালো৷ ৰাতি মই মাহীৰ ঘৰত থকা কথা আছিল৷ ৰিদিপে মোক ৰিক্সা এখনত উঠাই নিজে বেলেগ ৰিক্সা এখনত উঠি মোক একেবাৰে মাহীৰ ঘৰলৈ আগবঢ়াই দিলে৷

৬-৯-১০:
ইতিমধ্যে ঘৰত আমাৰ কথা গম পাইছে৷ দেউতাই কোনোপধ্যেই আমাৰ এই সম্পৰ্ক মানি লোৱা নাই৷ মায়ে এইকেইদিন খঙতে মোৰ লগত মাত বোল কৰা নাই৷ কি যে হ'ব আমাৰ একো ধৰিবই পৰা নাই৷

১-১২-১০:
মোক কোনো খবৰ নিদিয়াকৈ ৰিদিপ আজি আমাৰ ঘৰ আহি ওলাইছিল, লগত মানস৷ মই কলেজত থকা বাবে তাক লগ নাপালো৷ এনেদৰে খবৰ নিদিয়াকৈ আহি ওলোৱা বাবে মোৰ চিন্তাত ত'ত নাই৷ সি কি কথা পাতিলে নাজানো, কিন্তু ঘৰত সকলোৰে খঙতো আগতকৈ কমা যেন লাগিল৷

৭-১০-১১:
ইমান বছৰৰ আপেক্ষাৰ অন্ত পৰিল৷ আজি আমাৰ বিয়া৷ অৱশেষত অনেক বাধা বিঘিনি নেওচি আজি আমি দুয়ো এক হ'বলৈ গৈ আছো, জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ৷

ডায়েৰীখন কাষৰ বিচনাখনত ৰাখি এইবাৰ ৰিদিপ প্ৰিয়াৰ ফালে আগুৱাই আহিল৷ প্ৰিয়াই শুই থকাৰ পৰা মুৰ তুলি চাওঁতেই এইবাৰ আকৌ এটা গোৰ৷

এইবাৰ কোনোমতে নিজকে চম্ভালি প্ৰিয়াই সেহাই সেহাই ৰিদিপক কলে,
'ৰিদিপ, আমাৰ সন্তান ফুটবলাৰেই হ'ব যেন পাইছো, এতিয়াৰপৰাই যি গোৰ শোধোৱা আৰম্ভ কৰিছে নহয়৷ তুমি বেডৰুমৰ পৰা বেজ্জিওৰ ফটোখন সোনকালে গুছোৱা৷ নহলে কণমানিটোৱে বেজ্জিওক দেখি দেখি মোৰ অৱস্থা নোহোৱা কৰিব৷'

ৰিদিপে প্ৰিয়াৰ কথা শুনি জোৰে জোৰে হাঁহিবলৈ ধৰিলে৷