Friday 28 February 2014

নিৰ্জীৱ কথন




মোৰ জন্মৰ উৎস সম্পৰ্কে মই নিজেওঁ সন্দিহান৷ যিমানদুৰ মনত পৰে চিকচিকিয়া সোনৰ বিস্কুট এখনৰ পৰা মোক সৃষ্টি কৰা হৈছিল৷

হয়, দেহৰ মধ্যভাগত আটকধুনীয়া ডিজাইনেৰে নিজৰ সৌন্দৰ্য্যতাত নিজেই মুগ্ধ মই এটা আঙুঠি৷ নিজৰ ৰুপৰ বাবে সদায়েই গৰ্বিত মই, নিজৰ ৰুপত মই যেন নিজেই বিভোৰ৷

সিদিনা এক মধ্যবয়সীয়া ভদ্ৰলোকে তেওঁৰ ছোৱালীজনীক লৈ মই থকা গহণালয়লৈ আহিছিল সেইদিনাই মোৰ জীৱনলৈ এক আমূল পৰিবৰ্তন আহিছিল৷ কাঁচৰ বাকচৰ ভিতৰৰ পৰা লুকাই লুকাই তাইক চাইছিলো৷ কাণফুলি, খাৰু, নেকলেচ্ আদি মোৰ ভাই-ভনীবোৰক মনোযোগেৰে খুটি নাটি মাৰি চাই আছিল তাই৷ হঠাৎ তাইৰ চকু মোৰ ওপৰত পৰিল৷ তাইৰ অনুৰোধমৰ্মে দোকানীয়ে মোক তাইৰ হাতত তুলি দিলে৷ তাই বাল্বৰ উজ্বল পোহৰত মোক খুটি নাটি মাৰি চাবলৈ ধৰিলে, ময়ো যথাসম্ভৱ আকৰ্ষণীয় হৈ তাইৰ আগত ধৰা দিলো৷ ধৰিব পৰাৰ আগতেই এপাকত গৈ তাইৰ আঙুলিত সোমালো৷ আসঃ, কি যে অনুভুতি আছিল সেয়া, মোৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম৷ অৱশেষত মই বিজয়ী হলোঁ, তাইৰ পছন্দৰ তালিকাত ময়ো অন্তৰ্ভুক্ত হলোঁ৷

সগৰ্বে এটা সুন্দৰ বাকচত বন্দী হৈ তাইৰ লগত দোকানৰ পৰা ওলাই আহিলো৷ বাকচত বন্দী হলেওঁ সেই বন্দীত্ব সেইদিনা কিয় জানো বৰ ভাল লাগিছিল৷ কিছুপৰ পিছত যেতিয়া বাকচ খোল খালে, নিজকে আৱিস্কাৰ কৰিলো তাইৰ শোৱনি কোঠাত৷

এইবাৰ চিধাই গৈ উঠিলো তাইৰ মাকৰ হাতত৷ কিছুপৰ পিছতেই বিভিন্ন হাতলৈ মোৰ যাত্ৰা আৰম্ভ হ'ল৷ সকলোকে মুখে মুখে মোৰ প্ৰশংসা শুনি আনন্দৰ জোৱাৰত মই উটি ভাহি গলো৷ ইতিমধ্যে মানুহৰ মুখে মুখে শুনি তাইৰ নাম জানিব পাৰিলোঁ, মৃণালিনী, হয় মৃণালিনী আছিল তাইৰ নাম৷

সকলো ঘৰাঘৰি যোৱাৰ পিছত ৰাতি মৃণালিনীয়ে মোক আকৌ উলিয়াই চালে৷ তাই পিন্ধাৰ পিছত মই আইনাখনত নিজকে চালো৷ ই কি? যি সৌন্দৰ্য্যত মই চিৰ গৰ্বিত আছিল, সেই সৌন্দৰ্য্য যেন নিষ্প্ৰভ হৈ পৰিছে৷ মৃণালিনীৰ সৌন্দৰ্য্যত মই বিমুগ্ধ, নিজকে পাহৰি গলো মই৷

কোনোবা কেনেকৈ ইমান ধুনীয়া হ'ব পাৰে!!! সেই মুহুৰ্ততেই মই তাইৰ প্ৰেমত পৰিলে, অনন্তকাললৈ৷ তাইৰ সৌন্দৰ্য্যতাত নিজকে বিলীন কৰি গোটেই জীৱন কটোৱাটো বৰ সহজ যেন লাগিবলৈ ধৰিলে৷

কিছুদিন পিছতেই তাইৰ বিয়া আছিল৷ তাইৰ ইমান ফুৰ্তি মই আগতে কেতিয়াও দেখা নাছিলো৷ তাইৰ সুখত ময়ো সুখী৷ বিবাহৰ সমগ্ৰ প্ৰক্ৰিয়াত এক মুহুৰ্তৰ বাবেওঁ মই তাইৰ সংগ এৰা নাছিলো৷ বিদায় বেলাত মৃণালিনীৰ উষ্ণ অশ্ৰু আহি যেতিয়া মোৰ দেহত চুলে তেতিয়া মোৰ অন্তৰাত্মাও মৃণালিনীৰ বাবে কান্দি উঠিল৷ সেই অশ্ৰুত ময়ো উটি ভাহি গৈছিলো৷

তাৰ কিছুদিন পিছতেই মোৰ জীৱন সলনি হৈ পৰিল৷ এনে এক জীৱনৰ বাবে মই মুঠেও সাজু নাছিলো৷ অতি সোনকালেই মোৰ পৰবৰ্তী বাসস্থান হ'লগৈ মৃণালিনীৰ শাহুৰ আলমাৰীটো৷

খুব অভিমান হৈছিল তাইৰ ওপৰত৷ নিষ্ঠুৰ মৃণালিনীয়ে সেই যে শেষবাৰৰ বাবে মোক তাইৰ শাহুৰ হাতত ঘটালে, তাৰ পিছত তাইৰ আৰু কোনো খবৰ নাই৷ ন্যাফথালিন দিয়া ড্ৰয়াৰৰ ভিতৰত বিষময় হৈ পৰিল মোৰ বন্দী জীৱন৷

বাহিৰত কি হৈ আছে একো দেখা নাছিলো, কেৱল টুকুৰা টুকুৰ কিছুমান শব্দ শুনিবলৈ পাইছিলো৷ লাহে লাহে বুজিছিলো, নিষ্ঠুৰ তাই নহয়, নিষ্ঠুৰ তাইৰ নিয়তিহে৷ কোমল, মৰমলগা এটা শহাপহু যেন এজাক ধূৰ্ত শিয়ালৰ গাঁতত সোমাই পৰিছে৷

গ্ৰীষ্মৰ এক দুপৰীয়া চিলমিলকৈ টোপনি আহিছিলহে মাত্ৰ, হঠাৎ বাহিৰৰ হৈ চৈত খকমককৈ সাৰ পালো৷ সকলোবোৰ কথা নুবুজিলেও মোক যে অন্যৰ লগত বিক্ৰীৰ যোজা কৰা হৈছে সেয়া ঠিকেই বুজিলো৷

হঠাৎ আলমাৰীটো টান মাৰি খুলিলে তাইৰ স্বামীয়ে৷ অন্য গহনাবোৰৰ লগত মোকো তাৰপৰা বাহিৰ কৰা হ'ল৷ বিস্ফোৰিত নেত্ৰৰে লক্ষ্য কৰিলো মোৰ মৃণালিনীৰ ৰক্তাক্ত মুখ৷ সন্মুখত থকাজনক মৃণালিনীৰ স্বামী বুলি মানি ল'বলৈ কোনোপধ্যেই সন্মত হ'ব পৰা নাছিলো৷ মানুহৰ মুখৰ আৰত এয়া যেন কোনো হিংস্ৰ পশু৷ বহুত সময়লৈ মৃণালিনীৰ ওপৰত তাণ্ডৱ চলিল৷ তাইৰ স্বপ্নবোৰ ধুলিসাৎ হোৱা নিজ চকুৰে দেখিলো৷ সেইদিনা প্ৰথমবাৰৰ বাবে নিজৰ অপৰাগতাৰ বাবে নিজৰ ওপৰত ক্ষোভ উপজিছিল৷

মৃণালিনীৰ দৃঢ়তাৰ বাবে সেইবাৰলৈ আমি সকলোৱে ৰক্ষা পৰিলো৷

কিছুদিন পিছত দোভাগ নিশা এক মৃদু পোহৰে মোৰ শৰীৰ পোহৰাই তুলিলে৷ ভালদৰে চাই দেখিলো এটা সৰু টৰ্চৰ পোহৰ৷ মনটো এক অজান আশংকাত কপি উঠিল, চোৰ নহয়তো৷ চিঞৰি চিঞৰি মৃণালিনীক কবলৈ ইচ্ছা হ'ল, " মৃণালিনী উঠা, এয়া চোৱা মোক কোনোবাই লৈ যাব ওলাইছে৷ মই তোমাৰ অবিহনে থাকিব নোৱাৰিম মৃণালিনী৷ মোক তোমাৰ নিচেই ওচৰত ৰাখি থোৱা, চিৰকাললৈ৷”

হঠাৎ ৰুমটো পোহৰ হৈ পৰিল৷ হে ভগৱান, এয়া মই কি দেখিছো৷ চোৰৰ ৰুপত এয়া দেখোন মৃণালিনীৰ স্বামী৷ এইফালে বাল্বৰ চুইচৰ ওচৰত থিয় হৈ আছে স্বয়ং মৃণালিনী৷ দুয়োৰে মাজত উত্তপ্ত বাক্যবাণ চলিল৷ লাহে লাহে স্বামীৰ বাক্যবাণে প্ৰহাৰৰ ৰুপ ললে৷

হঠাৎ দেখিলো মৃণালিনীৰ সুকোমল চুলিকোঁচা সেই পশুটোৰ হাতৰ মুঠিত, টানি লৈ গৈছে তাইক ওচৰতে থকা পাকঘৰৰ ফালে৷ নীলা ৰঙৰ পানীৰ দৰে কি জানো তাইৰ গাত ঢালি দিলে সেই পশুটোৱে৷

জ্বলন্ত দিয়াশলাইৰ কাঠি সেই পশুটোৰ হাতত........ !

বুজি পাইছিলো, মৃণালিনীৰ কিবা এক ডাঙৰ বিপদ সমাগত৷ সেই বিপদৰ মুহুৰ্তটো মই হঠাৎ নিজকে মৃণালিনীৰ দুহাতৰ মাজত আৱিষ্কাৰ কৰিলো৷ সাহস গোটাই তাইৰ চকুলৈ চালো, তাইৰ চকুত ভয়ৰ কোনো ৰেশ নাছিল৷ আছিল কেৱল সেই পশুটোৰ প্ৰতি পৃথিৱীৰ সমস্ত ঘৃণা৷

একোৱেই কৰিব নোৱাৰিলো, কোঠাটোৰ একোণত চিটিকি পৰি মোৰ ভালপোৱাৰ অগ্নিদাহন নিজ চকুৰে চোৱাৰ বাহিৰে৷

মোৰ শেষছোৱা কবলৈ বিশেষ একো নাই৷ মোক প্ৰেমত পৰিবলৈ বাধ্য কৰোৱা মৃণালিনী আজি এই পৃথিৱীত আৰু নাই৷ আইনী মেৰপাচৰ পৰা সেই পশুটো ইতিমধ্যে মুক্ত হৈ পৰিছে৷ আইনী খৰছৰ জোৰা মাৰিবলৈ বৰ্তমান মই থকা দোকানখনত মোক বিক্ৰী কৰি দিয়া হৈছে৷ যি সমাজত মৃণালিনীৰ হত্যাকাৰী আইনৰ সুৰুঙাৰে সৰকি গল, সেই সমাজত মোৰ আৰু এদিনো জীয়াই থকাৰ ইচ্ছা নাই৷

মৃণালিনীৰ গাৰ জুইকুৰাই আজিওঁ দহে মোক৷ কাঁচৰ বন্দীশালৰ মাজত এতিয়া প্ৰহৰ গণিছো....... মৃণালিনীৰ দৰে জুইৰ শিখাত নিঃশেষ হৈ যোৱাৰ প্ৰতীক্ষাত৷

(বহুবছৰ আগতে বঙালী আলোচনী এখনত গল্প এটা পঢ়িছিলো, তাৰেই আলমত)৷