Wednesday 29 January 2014

এলিয়েন সুন্দৰী কিৰিন



এলিয়েন সুন্দৰী প্ৰতিযোগিতাৰ ছেমি ফাইনেলিষ্ট 'কিৰিন' মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পৃথিৱীলৈ নামি আহিল৷ এই প্ৰতিযোগিতা কত হ'ব, কেনেকৈ ৰেজিষ্ট্ৰেচন হ'ব কিৰিনে একো নাজানে৷ কেৱল এলিয়েন সুন্দৰী প্ৰতিযোগিতাত বিজয়ী হ'ব নোৱাৰাৰ পোতক তুলিবলৈ কিৰিনে পৃথিৱীলৈ ঢাপলি মেলিছে৷ কিৰিনে এফনেটৰ ত্ৰুগলত চাৰ্চ কৰি চালে নিশ্চয় গোটেই খবৰখিনি পালেহেতেন, কিন্তু লৰালৰিৰ কোবত তাইৰ সময়েই নহ'ল৷

কিৰিন আহিছে টৰেন্ট গ্ৰহৰ পৰা৷ এই গ্ৰহৰ প্ৰাণী সাধাৰণতে অতি বুদ্ধিমান, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত অতি আগবঢ়া৷ কিন্তু কিৰিন অলপ ব্যতিক্ৰম, তাইৰ বুদ্ধি অলপ কম৷ কেৱল এফনেটত এই প্ৰতিযোগিতা খনৰ খবৰ পঢ়িয়েই তাই 'ফ্লাইং ফলচ্ স্কিনখন পিন্ধি পৃথিৱীলৈ নামি আহিছে, লক্ষ্য তাই নিজেওঁ নাজানে৷ একো চিনি নাপায় কিৰিনে ত্ৰুগুল ট্ৰেপৰ মতে আহি গুৱাহাটী নামৰ চহৰ এখনত নামিল৷

কিৰিনে এয়াৰ কেমোফ্লেজ মুডটো অন কৰিয়েই লেণ্ড কৰিছিল৷ ফলত স্বাভাবিকতেই কোনো মানুুহে তাইক দেখা নাছিল৷ তাইৰ শৰীৰত থকা ছফ্টৱেৰটোৰ দ্বাৰা পৃথিৱীৰ সকলো ভাষাকে কনভাৰ্ট কৰিব পাৰি৷ আৰু কিছুদিন আগতেই তাই 'অল ইন ওৱান' ভোকেল কৰ্ডদালো ইনষ্টল কৰি লৈছে৷ গতিকে কিৰিনে পৃথিৱীত আহি বিশেষ একো চিন্তা কৰিব লগীয়া নাই৷

কিৰিনৰ সন্মুখত এখন কিতাপৰ দোকান৷ এখন আলোচনীত এজনী ধুনীয়া ছোৱালীৰ ফটো দেখিলে, আলোচনীত লিখা থকা কথাখিনি তাই কনভৰ্টাৰেৰে পঢ়ি চালে, "কৰীণা, দ্যা ৰিয়েল বিউটি"৷ এই ছোৱালীজনাৰ নাম তাৰমানে কৰীণা৷ কিৰিনৰ বৰ মন গ'ল কৰীণাৰ লগত কথা পাতিবলৈ৷ তাই কৰীণাৰ ছবি স্কেন কৰি ছাউণ্ড ৱেব অন কৰি কথা আৰম্ভ কৰিলে৷

কৰীণাৰ কোনো উত্তৰ নাই৷ বোধহয় পৃথিৱীত ছাউণ্ড ৱেব মেছেজ কাম নকৰে৷ টৰেণ্ট গ্ৰহত কোনোবাৰ ছবি নিজৰ দেহত থকা বিল্ড ইন কম্পিউটাৰত স্কেন কৰি ছাউণ্ড ৱেবৰে মেছেজ কৰিলেই কথা কব পাৰি৷ এই মেছেঞ্জাৰৰ নাম Yoooo Messenger.

কিৰিন হতাশ হ'ল৷ কৰীণাই হয়তো কব পাৰিলেহেতেন এই প্ৰতিযোগিতাখন কত হ'ব৷

ইমানপৰে কিৰিন কেমোফ্লেজ মুড অন কৰি অদৃশ্য হৈ আছিল৷ গতিকে দোকানৰ মালিকে তাইক দেখা নাছিল৷ দোকানত থকা একমাত্ৰ গ্ৰাহক সাংবাদিক জনেও তাইক দেখা নাছিল৷

কিৰিনে ভাবিলে শ্বপ বীং ( Shop being) মানে দোকানীজনে এই প্ৰতিযোগিতাখন কত হ'ব সেয়া হয়তো জানিব৷ গতিকে তাই মানুহৰ ৰুপ ধাৰণ কৰাৰ সিদ্ধান্ত ললে৷ কৰীণা কাপুৰৰ ছবিখন স্কেন কৰা আছিলেই৷ সেই ছবিখনকেই 'ফেইচ কনভাৰ্টৰ' ফোল্ডাৰত পেষ্ট কৰি 'কনভাৰ্ট ইন হিউমেন' আইকনত ক্লিক কৰি এয়াৰ কেমোফ্লেজ মুডৰ পৰা ওলাই আহিল৷

দোকানীজন ব্যস্ত হৈ থকা বাবে কৰীণাৰুপী কিৰিনক দেখা নাপালে৷ কিন্তু সাংবাদিক মহোদয়ে ঠিকেই দেখা পালে৷ মুহুৰ্ততে পদোন্নতি, ব্ৰেকিং নিউজ, আপোনাৰ অনুভৱ আদি বিভিন্ন শব্দ সাংবাদিকৰ মগজুৰে পাৰ হৈ গ'ল৷ লগে লগে প্ৰশ্নবাণ আৰম্ভ হৈ হ'ল,
- কৰিণাজী আপ য়াহা?

কিৰিনে লেংগুৱেজ কনভাৰ্টাৰ অন কৰিলে৷ বীঙটোৱে সুধিছে, 'আপুনি ইয়াত কেনেকৈ'? কিৰিনে সাংবাদিকৰ মগজু স্কেন কৰি বিশুদ্ধ অসমীয়াত উত্তৰ দিলে,
- মোক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা কত হয় সেই বিষয়ে খবৰ লাগিছিল৷

প্ৰশ্ন শুনি সাংবাদিক মহোদয়ৰ মূৰ ঘুৰি গ'ল৷ কৰীণা কাপুৰে সুধি আছে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা কত হ'ব, তাকো অসমীয়াত৷ কিবা এটাতো গণ্ডগোল হৈছে৷ যোৱাৰাতি অলপ নিচা হৈ ৰুমীৰ লগত ফোনত কাজিয়া হৈছিল বাৰু৷ কিন্তু মাতাল হোৱা নাছিল সি৷ মাতাল অৱস্থাত থাকিলেও সি ৰিপৰ্ট থিকেই মেনেজ কৰে৷ আজি কি হৈছে একো বুজিব পৰা নাই৷
হয়তো ছোৱালীজনী কৰীণা নহয়, দেখাতহে সাইলাখ একে৷ অলপ বুৰ্বক যেন লাগিছে৷ মুহুৰ্ততে বিভিন্ন বুদ্ধি সাংবাদিকৰ মনলৈ আহিল, এটা ব্ৰেকিং নিউজ হৈ যাব৷ ৰুমীৰ লগতো লাহে লাহে ভাল নলগা হৈ আহিছে৷ এইবাৰ বিনয়ৰ অৱতাৰ হৈ সাংবাদিকে উত্তৰ দিলে,
- এই প্ৰতিযোগিতাখনৰ বিষয়ে ভালদৰে জানো৷ যোৱা দুবছৰ আমাৰ চেনেলটোৱেই লাইভ টেলিকাষ্ট কৰি আছে৷ মই আপোনাক সকলো ঠিক ঠাক কৰি দিম৷ আপুনি একেবাৰে ঠিক মানুহকে পাইছে৷

মিছা আজিকালি তাৰ মুখতে থাকে৷ কথাখিনি কৈ তাৰ নিজকে প্ৰতিযোগিতাখনৰ বিচাৰক যেন লাগি গল৷
কিৰিনে এইবাৰ ক'লে,
- তেনেহলে আপুনি মোক তালৈ লৈ যাব নেকি বাৰু?

তাইৰ কথা শুনি সাংবাদিকৰ মনত দুষ্ট ৰোমান্টিক বুদ্ধি খেলিবলৈ ধৰিলে৷ আগৰেপৰা এই খেল খেলাত সি পাকৈত৷

এইবাৰ নিউজ বীঙটোৱে তিনিচকীয়া এক অদ্ভুত যান এখন মাতি আনিলে৷ স্কেন কৰি চাওঁতে ড্ৰাইভাৰ বীঙটো ওচৰৰে দেশ এখনৰ বুলি গম পোৱা গ'ল৷ বিদেশী ড্ৰাইভাৰ!!! নিউজ বীঙটো বৰ পাৱাৰফুল হ'ব, কিৰিনে মনে মনে ভাবিলে৷ বীঙটোৱে উঠাৰদৰে কিৰিনেও যানখনত উঠি ললে৷

ৰিক্সা চলিছে সাংবাদিকৰ প্ৰিয় 'ক্লাব মিন্ট পাব'লৈ৷ এইফালে কিৰিন ভিতৰে ভিতৰে ৰোমাঞ্চিত৷

পাবত লৈ গৈ নিউজ বীঙে কিৰিনক পানীৰ দৰে কিবা খাবলৈ দিলে৷ তাই 'ফুড টেষ্টিং ৰে' ব্যৱহাৰ কৰি দেখিলে সেয়া খাব পাৰি৷ এগিলাছমান খাই তাই সোৱাদ পালে, গতিকে হিচাপ নোহোৱাকৈ খাবলৈ ধৰিলে৷

এইফালে সাংবাদিক নিজৰ প্লেনমতে গৈ আছে৷ তাইক মাতাল কৰি লব পাৰিলেই তাৰ কাম সহজ হৈ যাব৷ লাহে লাহে সি তাইৰ হাত এখনত ধৰিলে৷

কিৰিনে মন কৰিলে নিউজ বীংটোৰ গাৰ পৰা 'ৰোমান্টিক ৰে (ray)' বাহিৰ হৈছে৷ কিয় জানো তাইৰ পিংকিকৰ কথা মনলৈ আহিছে৷ পিংকিক তাইৰ বিশেষ বন্ধু৷ কিন্তু এতিয়ালৈ দুয়ো ফিটেড (Fitted) হোৱা নাই৷ পিংককে কৈছে আগন্তুক 'লাভ লাইট ডে'ত দুয়ো ৰেজিষ্ট্ৰেচন কৰি ফিটেড হ'ব৷

সাংবাদিকে সুধিলো,
- তুমি বিবাহিতা নেকি?

বিবাহিতা শব্দটোক কিৰিনে স্ক্ৰীণত দেখি ফিট বুলি বুজিলে৷
- নাই মই এতিয়াও বিয়া হোৱা নাই৷

ৰোমান্টিচিজম ৰে হয়তো নিউজ বীঙে বেছিকৈ প্ৰযোগ কৰিলে৷ কিৰিনে ধৰিব নোৱাৰা হ'ল৷ তাইৰ মনত পৰে তাই বীংটোৰ লগত বহুত নাচিলে৷ নাচৰ তালে তালে বীঙে তাইৰ টেম্পোৰাৰী স্কিন্ দুখনমান খুলিলে৷

- বলা মোৰ ৰুমলৈ যাওঁ৷ বীঙটোৱে কিৰিনক ফুচফুচাই কলে৷

কিৰিন নিউজ বীঙৰ লগত ধলং পলংকৈ তললৈ নামি আহিল৷ নিচাগ্ৰস্ত, কাপোৰ কানি অসংলগ্ন৷ পাবৰ তলতেই বহুত বীঙ ঘুৰাপকা কৰি আছিল৷ কিৰিনক সেই ৰুপত দেখি এচামে কিৰিলি পাৰি উঠিল, এচামে আকৌ অপসংস্কৃতি ৰোধ কৰিবলৈ লগে লগে আগুৱাই আহিল৷ মুহুৰ্ততে জনতাই কিৰিনক আগুৰি ধৰিলে, বেছিভাগৰে পৰা নিউজ বীঙৰ লগত খোৱা পনীয়বিধৰ গোন্ধ৷ চাৰিওফালে বীঙবোৰৰ চিঞৰ বাখৰ আৰম্ভ হ'ল৷

কিৰিনে দেখিলে নিউজ বীঙটো কৰবাত পলাল৷ তাইক আগুৰি ধৰা সকলোৱে বিভিন্ন ৰে তাইলৈ নিক্ষেপ কৰিছে৷ ৰে বোৰ যে ভাল নহয় সেয়া তাইৰ ইন্দিকেটৰে এলাৰ্ম দি তাইক সাৱধান কৰি দিছে৷

চাৰিওফালে হুলস্থুল৷ বিভিন্ন টুকুৰা শব্দ যেনে, মাৰ তাইক, চুলি খুৰাই দে, খোল খোল, ইহ একেবাৰে যেন কৰীণা হে এইবোৰ চাৰিওফালৰ পৰা উৰি উৰি আহিল৷ তাৰ মাজত ৰঙা টি ছাৰ্ট পিন্ধা এটা বীং এটাই কিৰিনৰ ফলচ্ স্কীণবোৰ খুলিবলৈ চেষ্টা কৰি জোৰে জোৰে চিঞৰি আছিল,
- ফিউজ লাইভ মাত , জল্দি জল্দি৷

টনা আজোৰা চলি থাকোতেই কিৰিনে দেখিলে নিউজ বীংটো আহি ওলাইছে, লগত এটা কেমেৰামেন বীং৷ এইবাৰ কিন্তু তাৰ গাৰপৰা ৰোমান্টিক ৰে ওলোৱা নাই৷ আগতে কেতিয়াও নাম নুশুনা 'অনুভৱ ৰে' তাইৰ গাত প্ৰয়োগ কৰি নিউজ বীঙে তাইক সুধিলো,

- মাজনিশাখন এই অৱস্থাত হাতে লোটে ধৰা পৰি আপোনাৰ অনুভৱ কেনে?

ইতিমধ্যে কিৰিনৰ ধৈৰ্য্যৰ বান্ধ খুলি গৈছিল৷ নিউজ বীংটোৱে দিনটো ভাল ব্যৱহাৰ কৰি হঠাৎ যে এনেদৰে স্কিন্ সলাই দিব তাই ভবাই নাছিল৷

তাই ক্ৰুগুলত পঢ়িছিল এই হিউমান বীঙবোৰ জীৱশ্ৰেষ্ঠ কেটেগৰীত পৰে৷ কিন্তু তাই পঢ়া শিয়াল, কুকুৰকেইটাতকৈ বেয়া কেটেগৰী যেন লাগিছে দেখোন তাইৰ৷ পিংককে ঠিকেই কৈছিল, ক্ৰুগুলত সকলো কথাতে বিশ্বাস কৰিব নোৱাৰি৷

কিৰিনৰ বিৰক্তি লাগিছে আৰু৷ মিছ ইউনিভাৰ্ছ হোৱাৰ নিচা কেতিয়াবাই ফাটিছে৷ তাই লগে লগে ঘুৰি যোৱাৰ সিদ্ধান্ত ল'লে৷ লগে লগে এয়াৰ ক্লেমোফেজ অন কৰিলে৷ লগে লগে তাই বীঙবোৰৰ পৰা নিৰাপদ দুৰত্বলৈ উৰি গল৷

চাৰিওফালে হাহাকাৰ, কলৈ গল ছোৱালীজনী৷ পুলিছো আহি পাইছিল৷ ৰঙা টি ছাৰ্ট পিন্ধাজনে বীৰদৰ্পে পুলিছ আৰু কেমেৰামেনক কিৰিনৰ ফলচ্ স্কিন্ দেখুৱাই আছিল৷ সাংবাদিকেও লাইভ কভাৰেজত ব্যস্ত৷

ওপৰৰ পৰা কিৰিনে সকলো চাই আছিল৷ পিংককে দিয়া ফলচ্ স্কীণখিনি নিউজ বীঙ আৰু ৰঙা বীঙৰ হাতত৷ কিৰিনৰ মনত দুষ্ট বুদ্ধি খেলালে৷ ওপৰৰ পৰা ৰে প্ৰয়োগ কৰি দুয়ো পিন্ধি থকা ফলচ্ স্কিনখিনি টানি লৈ তাই পুনৰ টৰেন্ট অভিমুখে প্ৰস্থান কৰিলে৷ পিংককক প্ৰেজেন্ট দিব তাই৷ ৰঙা স্কিনটোৰে পিংককক কি যে ধুনীয়া লাগিব৷

কেমাৰামেন বীৰেনে প্ৰমোচনৰ এই সুবৰ্ণ সুযোগ হেৰুৱাত নাই৷ সেই স্থানত উপস্থিত ৰাইজ আৰু টিভিৰ দৰ্শকে ঠিকেই দেখিলে, আকাশত উৰি থকা কাপোৰৰ পিছে পিছে দৌৰিছে উলংগ দুই যুৱক৷ পিছে পিছে অনুভৱ জানিবলৈ থ্ৰী ৱাইৰ সাংবাদিক৷

Sunday 26 January 2014

কল্পবিজ্ঞানৰ জগতত মোৰ এভূমুকি

আজিৰ যুগত বিজ্ঞান অবিহনে মানৱ সভ্যতাৰ কল্পনা কৰাটো অসম্ভৱ হৈ পৰিছে৷ বিজ্ঞান আজি মানুহৰ হাতৰ লাখুটি৷ বিজ্ঞান অবিহনে আমি আজি অন্ধ৷ সেয়েহে কোৱা হয় আজিৰ যুগ বিজ্ঞানৰ যুগ৷ বিজ্ঞানকেই সাৱটি লৈ আজিৰ মানুহে মহাবিশ্বত বিজয় অভিযান ঘোষণা কৰিছে........ " ৷

ৰচনা প্ৰৱাহ আৰু ৰচনা বিচিত্ৰাৰ ওপৰত ভৰষা কৰি পৰীক্ষাত ৰচনাৰ প্ৰত্যাহ্বান ওফৰোৱা বেছিভাগৰে চাগে ওপৰোক্ত শাৰী কেইটা মনত আছে৷ বিজ্ঞানৰ অৱদানৰ বিষয়ে লিখি লিখি পৰীক্ষাৰ বহীখনৰ ওজন বঢ়ালেও এই বিষয়টোৰ প্ৰতি মোৰ অলপো ভাল ভাব নাছিল৷ বিজ্ঞানীসকলে মোৰ দৰে চিন্তা-চৰ্চা কৰা হ'লে আজি চাগে আমি বল্কল পৰিধান কৰি অৰণ্যৰ মাজত এক টেনশ্যন ফ্ৰি জীৱন নিৰ্বাহ কৰিলোহেঁতেন৷

বিজ্ঞান বিষয়টোক চকু পাৰি দেখিব নোৱাৰিলেও পঢ়িব লগা হৈছিল কেইটামান নম্বৰৰ লোভত আৰু একেবাৰতে মেট্ৰিক পাছ কৰাৰ তাড়নাত৷ ইতিমধ্যে ওচৰ চুবুৰীয়া আৰু সম্পৰ্কীয় মানুহৰ কথাত মনত এটা বদ্ধমুল ধাৰণা গঢ় লৈছিল যে ভাৰতত জন্ম লৈ ডাক্তৰ-ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলে জীৱন বৃথা, ডাক্তৰ-ইঞ্জিনিয়াৰ নোহোৱাটো পূৰ্বজন্মৰ পাপৰ ফল৷ কিন্তু বিজ্ঞান বিষয়ত পোৱা নম্বৰৰ নমুনা দেখি মই বিজ্ঞান শাখাত ভবিষ্যত গঢ়াৰ চিন্তাত অষ্টম শ্ৰেণীতে পানী এচলু ঢালি সংস্কৃত ঐচ্ছিক বিষয় হিচাপে লৈ এক ভয়ানক ভবিষ্যতৰ দিশে ( ৰাইজৰ মতে) অগ্ৰসৰ হ'লো৷

কিন্তু মই বিজ্ঞানক এৰিব বিচাৰিলেও বিজ্ঞানে মোক এৰা নাছিল৷ বৰঞ্চ ওপৰৰ শ্ৰেণীলৈ যিমানেই আগুৱাইছিলো সিমানেই বিজ্ঞানে মোক চেপি ধৰিছিল৷ ওচৰ-চুবুৰীয়া, সম্পৰ্কীয় সকলে মিলি মোক ডাক্তৰ- ইঞ্জিনিয়াৰ বনাইহে এৰিব, সকলোৰে যুদ্ধং দেহি মনোভাৱ৷ তেনে এটা দিনতে মৰণত শৰণ দি ঘোষণা কৰিলো যে মই কমাৰ্চ পঢ়িম৷ ঘৰত একো আপত্তি নকৰিলে, পিছে বাকীবোৰ জাঙুৰ খাই উঠিল৷ গধূলিলৈ ওচৰৰ বৰ্মন বৰদেউতা আমাৰ ঘৰলৈ আহিল৷ আহিয়েই মোলৈ চমন পঠিয়ালে৷ গলো৷
- কি হা? কমাৰ্চ পইৰ্হবি বলে?
- ভাবিছো৷
- কি কইৰবি তাৰ পাছোত?
- চি এ পঢ়িম৷
- সেইগলা পঢ়ি?
- নিজা ফাৰ্ম খুলিম৷
- কুনি এইগিলা বুদ্ধি দিছি তোক? ফাৰাম খুইলবা পইৰ্হবা লাগে নেকি? আমাৰ চামতাৰ যগেনে চুন এল পি ক লেগি পঢ়িয়েই কি মস্ত ফাৰাম খুইলছি৷ বাৰটা হাথীহেন জাৰ্ছি৷ বৰ কষ্ট পাছে, বৰি পুৱাতে উঠি একখাদা গবৰ ফেলবা লাগে৷ মই তাক কাইন্ধাতে বইলাৰৰ ফাৰাম এখানো খুলবা দিছু৷

তাৰ পিছত এঘন্টা ধৰি তেওঁ মোৰ দেউতাক বিজ্ঞান শাখাৰ উপকাৰিতা বুজালে৷ ভতিজাকে মেট্ৰিকত ছেকেণ্ড ডিভিজন পায়ো যে বাঙ্গালোৰৰ পুত্তুস্বামী নে ৰামস্বামী জাতীয় কলেজত ইঞ্জিনিয়াৰিং পঢ়ি আছে তাকো গৌৰৱেৰে কলে৷

দেউতায়ো সেই বুজনিত পতিয়ন গৈ পুত্তুস্বামী জাতীয় কলেজত ডনেশ্যন দিবলৈ টকা জমা কৰাত লাগি গল৷ টিউশ্যন কৰিলে ল'ৰা বেয়া হয় বুলি ধাৰণা থকা দেউতায়েই মোক দশম শ্ৰেণীত বান্ধি কুন্ধি নি টিউশ্যন নামৰ বিৰক্তিকৰ বস্তুটোৰ সঙ্গী কৰি দিলে৷

তাৰ পিছত বিজ্ঞানৰ লগত মোৰ হৰিহৰৰ যুদ্ধৰ লেখীয়া যুদ্ধ আৰম্ভ হ'ল৷ মই বোলো বুজিমেই, বিজ্ঞানে বোলে নিদিও বুজিব৷ ইতিমধ্যে উজান বজাৰৰ এক 'বি এ, পাছ কোৰ্চ' দাদাই পৰামৰ্শ দিলে,
- আব্বে চন, কেলেই চিন্তা কৰিছ৷ চাইন্স লৈ টেনচন কৰে নেকি? থোৰাই বাহিৰৰ বোৰ্ড? আমাৰ ছেবা হে৷ ডাঙৰ ডাঙৰ মাৰ্জিন টানিবি, গেপ দি দি লিখিবি, খালী পেজ খুজিবি৷ আমাৰ ছেবাত ওজন চাই নম্বৰ দিয়ে বুজিলি৷ তাৰ পিছতো মেট্ৰিকত নম্বৰ নাপালে মোক কবি, ছেবাত মোৰ গেহেৰা ফিটিং আছে৷ বুজিলি চন?

ছমহীয়া পৰীক্ষা আহি পালেই৷ উজান বজাৰৰ দাদাৰ উপদেশ সাৰোগত কৰি যুদ্ধত জপিয়াই পৰিলো৷ বায়'লজীখিনি অলপ-অচৰপ জানো, কিবা কিবি লিখিলো৷ তাৰ পিছতহে আচল খেলা আৰম্ভ হ'ল৷ প্ৰশ্নকাকতখনলৈ ভয়ে ভয়ে চকু দিলো৷ পানী আৰু নিমখৰ বৈজ্ঞানিক নামৰ বাদে একো কমন পৰা নাই৷ এইফালে সেইফালে ডিঙি ঘূৰাই দহ-পোন্ধৰ নম্বৰ বুটলিলো৷ তেনেতে পাটগিৰি বাইদেৱে দেখা পায় প্ৰথম বেঞ্চলৈ উঠাই লৈ গ'ল৷

এইবাৰহে এইবাৰ, দহ মিনিটমান কলম কামুৰিলো৷ তাৰ পিছত উজান বজাৰৰ দাদাৰ উপদেশ সাৰোগত কৰি কল্পনাৰ সাগৰত নিজকে উটোৱাই দিলো৷ কল্পনা আৰু বিজ্ঞানৰ যুগলবন্দীত মোৰ কলমেৰে নিৰ্গত হ'ল কল্পবিজ্ঞান৷ বিজ্ঞানৰ কাল্পনিক কাহিনীৰে পৃষ্ঠা ভৰি পৰিল৷ 'পৃষ্ঠা ভৰাব লাগে'- এই বেদবাক্যশাৰী মগজুত সোমাই গৈছিল৷ তাৰেই ফলশ্ৰুতিত 'ওমৰ সুত্ৰ'ৰ ঠাইত ডাৰৱিন আৰু নিগনিৰ নেজ কটা কিবা এটা সুত্ৰ লিখি চাৰি পৃষ্ঠা ভৰালো৷ ৰবলৈ সময় নাই, পৃষ্ঠা ভৰাই গৈ আছো৷ বিজ্ঞানৰ দুৰ্ভেদ্য প্ৰাচীৰে সেইদিনা মোক ৰখাব পৰা নাই৷

এইবাৰ সন্মুখত কেমেষ্ট্ৰিৰ কেমিকেল ইকুৱেশ্যন৷ জীৱনত মিলাই পোৱা নাই৷ কিন্তু সেইদিনা মই শেনৰ এজাত৷ হাৰ মনাত নাই৷ কেনেকৈ মিলোৱা যায়৷ সেই সময়ত শেষ নম্বৰ লটাৰীৰ পয়োভৰ আছিল৷ শেষ নম্বৰ মিলাবলৈ ৰাইজে নাভুত-নাশ্ৰুত সপোন দেখি তাৰ লগত শেষ নম্বৰ মিলোৱাত এক্সপাৰ্ট আছিল৷ যেনে, সাপ দেখিলে আঠ মাৰিব, দলং দেখিলে চাৰি৷ ময়ো সেই ফৰ্মূলাকেই সাৰোগত কৰি নামি পৰিলো৷ লগতে 'লুক গুড ফেক্টৰ'ৰ ওপৰতো পুৰাদমে গুৰুত্ব দিলো৷ ইকুৱেশ্যনটো দেখাত চালে চকুৰোৱা হ'বই লাগিব৷

ৱাৰ্ণিং বেল পৰিল৷ মোৰ মূৰ তুলিবলৈ সময় নাই৷ মোৰ লিখাৰ প্ৰকোপ দেখি নাথ চাৰে ওচৰতে দুটামান পাত থৈ গৈছে৷ ফাইনেল বেল পৰাৰ পিছত মোৰ বহী টানি নিয়াৰ পিছতহে ৰক্ষা৷

এক গভীৰ সন্তুষ্টিৰে পৰীক্ষাগাৰৰ পৰা ওলাই আহিলো৷ কল্পবিজ্ঞান সাহিত্যত অসমবাসীৰ অজানিতে ৰঞ্জু হাজৰিকাদেৱৰ এক প্ৰতিদ্বন্দীৰ সেইদিনাই জন্ম হ'ল৷

গৰম বন্ধ খোলাৰ পিছত পুনৰ শ্ৰেণী আৰম্ভ হ'ল৷ সেইদিনা বিজ্ঞানৰ বহী দিব৷ বুকুত এক চেপা উত্তেজনা৷ যেন মোৰ কিতাপ এখনহে সেইদিনা মুকলি হ'ব৷

সময়ত বহী দিলে, মই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই৷ জিলিকি আছে, '34/100' ৷ মূহুৰ্ততে জীৱনটো অসাৰ যেন লাগিবলৈ ধৰিলে৷ ইতিমধ্যে মোৰ বিশেষ উত্তৰ কিছুমান শ্ৰেণীকোঠাত ডাঙৰ ডাঙৰকৈ পঢ়ি শুনোৱা হ'ল৷

অসমত যে কল্পবিজ্ঞানৰ অৱস্থাৰ কোনোকালে উন্নতি নহ'ব সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰি ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ আশা বাদ দি পিছৰ বছৰ চিধাই গুৱাহাটী কমাৰ্চ কলেজত নামভৰ্তি কৰি ৰঞ্জু হাজৰিকাদেৱৰ পথ পৰিহাৰ কৰিলো৷ সেইদিন ধৰি আজিলৈ বিজ্ঞানৰ মুখামুখি হোৱা নাই, হোৱাৰ মনো নাই৷

নামনিত কথা বতৰা



অসমীয়া ভাষাটোৰ বিভিন্নতাই মোক সদায়েই মুগ্ধ কৰে৷ সৰুৰে পৰা দেউতাৰ চাকৰি সংক্ৰান্তত বিভিন্ন ঠাইত থকা বাবে এই বিভিন্নতাৰ সোৱাদ সৰুৰপৰা পাইছো৷ বহুতেই কয় মই হেনো এটা খিচিৰি ভাষা কওঁ৷ মোৰ ভাষা শুনি মই আছলতে হেনো মই কোন ঠাইৰ সেয়া ঠাৱৰ কৰা কঠিন৷ মই নামনি আৰু পাহাৰত শৈশৱৰ বেছি সময় কটাইছো৷ নামনিৰ ভাষা নদীৰ নামৰ দৰে, ঘাটে ঘাটে বেলেগ বেলেগ নাম৷ যেনে ধৰক ৰবাব টেঙা৷ গোৱালপাৰাত কয় জম্বুৰা, নলবাৰীৰ হুকমা,পাতিদৰং আৰু গোৰেশ্বৰৰ আদি অঞ্চলত ৰবক আদি৷ উজনিত আকৌ কেতিযাবা উচ্চাৰণ ৰেবাব হয়গৈ৷

চেঙা আৰু পলাশবাৰীৰ পিনৰ একাংশ মানুহে আকৌ 'ঙ' টো 'ৱ' বুলি উচ্চাৰণ কৰে৷ চেঙাৰ মানুহক সেইবাবে জোকায়- 'চেৱাঁক যাওঁ ৰহ' বুলি ৷

পলাশবাৰীৰ মানুহে আকৌ কয়,
- অ' কাকা ভাত খাছা ?
- অ' খাছোদে৷
- কি আঞ্জানু খাছা অই৷
- এহ্, কিনু খাবি অই, টেঁৱা, বাওনা আৰু মাওচ৷ ( অৰ্থাৎ টেঙা, বাঙনা আৰু মাংস, মানে বিলাহী, বেঙেনা আৰু মাংস)

পলাশবাৰীৰ মানুহে 'ক'ক গেছলিয়ে' বুলি নলবাৰীৰ মানুহৰ দৰে নকয়৷ কব, 'ক'ক গেছিলি অই' বুলিহে৷ আকৌ পলাশবাৰীৰ মানুহে যদি আপোনাক সোধে - 'হুৰাছা চোন অই', ভয় নাখাব, আপুনি কতো হেৰুৱাই যোৱা নাই৷ আপুনি খিনাইছে হে৷ পলাশবাৰীৰ ফালে চুপাৰহিট শব্দ হৈছে 'পোনে'৷ কোনোবাই 'পোনে যা' বুলি ক'লে চিধাচিধি গুছি নাযাব৷ আপোনাক এতিয়াই যাবলৈ হে কৈছে৷ 'পোনে পালো' মানে এইমাত্ৰ পালো৷

আকৌ অচিনাকী ব্যক্তিৰ লগত কথা পাতোতে পলাশবাৰীৰ ফালৰ মানুহে বিশেষ ধৰণ এটা ব্যৱহাৰ কৰে৷ ধৰক আপুনি মোক প্ৰথম লগ পাইছে৷ তই, তুমি নে আপুনি, কি বুলি মোক মাতিব সেই সম্বন্ধে আপোনাৰ দ্বিধা আছে৷ সাধাৰণতে তই বুলি মাতিয়েই বেছিভাগে ভাল পায়৷ কিন্তু অচিনাকী এজনে বেয়া পাব পাৰে বুলি তেওঁলোকে তই-তুমি একো ব্যৱহাৰ নকৰাকৈ কথা আগুৱাই নিয়ে৷ যেনে,
অমিতাভ আহিলি? অমিতাভ থাকবিনা আজি? অমিতাভ ক'ক ঝা ( ক'ত যা)? এনেধৰণে তুমি,তই বা আপুনিৰ পোনপটীয়া ব্যৱহাৰ নকৰাকৈ তেওঁলোকে কথা বাৰ্তা আগুৱাই নিয়ে৷

বহুবচনাৰ্থক প্ৰত্যয় 'হ'ত' টোকে ধৰক৷ টিহু- নলবাৰীত কয় 'হানা', বৰপেটাত 'আহা', পলাশবাৰীৰ ফালে কয় ঠেত বুলি৷ 'ভায়েকহঁতৰ তাত'- এই শব্দটো নলবাৰীত কব ভাকহানাৰ তাত, বৰপেটাত ভাকঅহাৰ তাত আৰু পলাশবাৰীত ভিয়াকৰঠেত বুলি৷

'হাও' লগালেই নিশ্চিত থাকক এখেত বৰপেটীয়া (বৰপেইটা) বুলি৷ বৰপেটাৰ মানুহে ধেমালিতে কয় ইংৰাজীৰ 'how do you do, how are you' এইবোৰৰ হাওটো বোলে বৰপেটাৰ পৰাহে ধাৰ কৰা৷ কোনো কোনোৱে সন্দেহ প্ৰকাশ কৰে যে বৰপেটীয়া ইংৰাজী এনে ধৰণৰ হ'ব,
- হাও আৰ ইউ এ?
- ৱেল দক৷

বৰপেটাৰ দৰে বহুবৰ্ণ কথাৰ অলংকাৰ অসমৰ চাগে কতো নাই৷ কথাই কথাই অলঙ্কাৰৰ জোৱাৰ৷ আইদ্দে, পিতাচৌদ্দ আদি বৰপেটাৰ সৃষ্টি৷ পাটোৱাৰীৰ দকনৰ পুৰণ ঘিউ, মেম হেন, নইৰিয়াৰ গুৰিৰ দাও,চন্দ্ৰমোকাৰ ছাতা আদি বৰপেটাৰ নিজা অলঙ্কাৰ৷ বিশেষ বস্তু, অৱদান আদি বুজাবলৈ কয় পাটোৱাৰীৰ দকনৰ পুৰণ ঘিউ বুলি৷ হয়তো কোনোবা পাটোৱাৰীৰ দোকানত বেলেগত নোপোৱা বস্তু পোৱা গৈছিল৷ মসৃণ বা মিহি বুজাবলৈ কব মেমহেন৷ তেনেদৰে কোনো স্থিৰ ব্যৱসায় নথকা মানুহক খবৰ সুধিলে কব, ' আছোদে ভাই চইৰিয়াৰ তিৰিহেন আজি অ'ত কালি ত'ত কৰি'৷ নইৰিয়াৰ গুৰিৰ দাও আৰু সাংঘাটিক৷ নইৰিয়া মানে নৰিয়া অৰ্থাৎ প্ৰসুতি৷ প্ৰসুতিৰ ওচৰত ভুত প্ৰেত নাহিবলৈ লোৰ বস্তু বুলি এখন দা থৈ দিয়ে৷ সেই দাখন বুটী দা৷ নামত হে দা, কামত একো নাই৷

চন্দ্ৰমোকাৰ ছাতা আৰু সাংঘাটিক৷ চন্দ্ৰমোকা আছিল তাহানিৰ বৰপেটাৰ এজন মানুহ৷ তেওঁৰ ছাতিটো টাপলি দিওঁতে আগৰ কি ৰং আছিল ধৰিবলৈ চান হ'ল৷ সেইবাবেই নানান জোৰা টাপলি মৰা কাম বা কথাক কয় চন্দ্ৰমোকাৰ ছাতা৷

যদি আপুনি গইধলা (গধুলি) বেলা কান্ধ্যাৰ (ওচৰৰ) মানুহ ঘৰৰ তালৈ যাওঁতে ভিতৰৰ পৰা গৃহস্থই 'কুনি হা' (কোন) বুলি মাত দিয়ে, তেওঁ নলবৰীয়া৷ 'ইংকে হলি কেংকে হ'ব'- মানে কি বুজি পাইছে চাগে৷ ইত্তে, সিত্তে, ৰাজেইহা, বিলেইনা, আহুন,তাহুন আদি শব্দবোৰে নলবৰীয়াৰ বিশেষত্ব৷

হাজোৰ ফালে বিভিন্ন জনগোষ্ঠী যেনে কোচ,কেওট,কলিতা, ব্ৰাহ্মন, মুছলিম, কুমাৰ, ৰাজবংশী, বৈশ্য, মৰিয়া, নাপিত, ধোবা আদি আৰু দাঁতিকাষৰীয়া বংশৰ, বৰগাঁও, কলিতাকুছিৰ কোনো কোনোঅংশত বড়ো জনজাতিৰ লোকো আছে ৷ গতিকে ঠাইভেদে উচ্চাৰণ বেলেগ হ'লেও মূল খিনি একেই ৷
যেনে- 'কাপোৰখান উপাৰটেনি ডাঙি ধৰচোন আইহেৰে ৷ তহতোৰ চলিকিটা বৰ বজ্জাত দি মাইহাৰে ৷ তয়ো যি কিছুমান কথা ক.......হয়দে ৷ নহয় দে মায়াকে চ'লটোক ইমেন কুব্বা নালগেই দি ৷ চ'ল্ টো মৰলাক হৈ যদি ,কি ক'ৰলি হৈ বাপাহাৰে'৷

(কাপোৰখন ওপৰৰ ফালে দাঙি ধৰচোন ৷ তহঁতৰ ল'ৰা -ছোৱালী কেইটা বৰ বদমাছ দেই ৷ তয়ো যে কথা কিছুমান ক আৰু! যি হ'লেও, মাক জনীয়ে ল'ৰা / ছোৱালীজনীক ইমানকৈ কোবাব (?) নালাগে দেই, যদি মৰি গ'ল হেতেঁন!! )

নামনি অসমৰ ভাষাৰ এনে বৈচিত্ৰ দেখি তাহানি পাদুৰিসকলে হয়তো নামনিৰ ভাষাক অসমৰ লিখিত ভাষা হিচাপে গ্ৰহণ নকৰিলে৷ উজনিটো বিভিন্নতা নথকা নহয়, কিন্তু তুলনামূলক ভাবে কম৷ কিন্তু নামনিৰ বহু শব্দ উজনিৰ বাবে আচহুৱা হলেও সৰ্বভাৰতীয় ভিত্তিত গ্ৰহণযোগ্য৷ অৱশ্যে অসমীয়া স্বাতন্ত্ৰ ৰক্ষাৰ বাবে থলুৱা শব্দৰাজিক অসমীয়া ভাষাত সুমুৱাই ভাৰতীয় ভাষাৰ প্ৰধান সুঁতিৰপৰা আতৰাই ৰখা হৈছে বুলি ভাবিবৰ থল আছে৷

কেতিয়াবা মনলৈ প্ৰশ্ন আহে অসমীয়া ভাষা কোৱা আদিম মানুহ কোনবোৰ বাৰু? বামুুণ, কলিতা, কায়স্থ,বড়ো, কছাৰী, আহোম আদি সকলোৱে আৰম্ভণিতে নিজা ভাষা এটায়েই নিশ্চয় কৈছিল৷ তেনেহ'লে অসমীয়া ভাষাটো কেনেকৈ গঢ় ল'লে? বহুতেই অনুমান কৰে যে এইক্ষেত্ৰত কৈৱৰ্তসকলৰ এক বিশেষ অৱদান আছে৷ লুইত আৰু বিভিন্ন নৈত বেহা বেপাৰ কৰি ফুৰা এই কৈৱৰ্তসকলে সকলোৱে বুজি পোৱা ধৰণে কথা কৈছিল৷ তাতে কালক্ৰমত সংস্কৃত, হিন্দী, আৰবী, ফাৰ্চী, বড়ো, টাই, ইংৰাজী আদি বিভিন্ন ভাষাৰ সংমিশ্ৰণ ঘটি কালক্ৰমত আজিৰ অসমীয়া ভাষাটো গঢ় ললে৷

নামনিৰ বাকী ভাষাবোৰৰ বিষয়ে লিখিব মন আছিল, কিন্তু লিখিবলৈ উপযুক্ত ভাষাজ্ঞানৰ অভাৱৰ বাবে লিখাৰ পৰা বিৰত থাকিলো৷ বিশেষকৈ গোৱালপৰীয়া থলুৱা ভাষাৰ বিষয়ে লিখাৰ বৰ মন আছিল৷ ভাষাৰ বিষয়ে আলোচনা এক অতি স্পৰ্শকাতৰ আৰু অন্তহীন বিষয়৷ মই মেদিনী চৌধুৰীদেৱৰ গ্ৰন্থ 'অনন্য প্ৰান্তৰ' খন পঢ়ি এইখিনি লিখাৰ মন গ'ল, বেছিভাগ কথা মই তাৰ পৰা পোনে পোনে ইয়ালৈ উঠাই আনিছো৷ যদি কিবা ভুল ভ্ৰান্তি হৈছে গঠনমুলক আলোচনাৰে আঙুলিয়াই দিবলৈ অনুৰোধ জনালো

Wednesday 1 January 2014

প্ৰেমৰ এক অসম্পুৰ্ণ ত্ৰিভুজ




- দাদা কিবা ভাল নাটক বা গল্পৰ ভাল প্লট থাকিলে দিয়কনা আমাক এইবাৰ৷
- কিয় আপোনালোকৰ সেই বিখ্যাত নাট্যকাৰজন আছেই দেখোন৷ আজিকালিটো সকলো থিয়েটাৰত তেওঁৰেই নাটকৰ ধুম৷
- নাই নাই দাদা, তেওঁ আছে মানিছো বাৰু৷ কিন্তু গোটেইকেইখন নাটকটো তেওঁৰেই ৰাখিব নোৱাৰি৷ এতিয়া প্ৰত্যেক থিয়েটাৰ গোষ্ঠীয়ে তেওঁৰ নাটক লোৱা দেখি বেলেগে নিলিখাই হ'ল, এইটো বৰ বেয়া কথা হৈছে৷ আপোনালোক আগুৱাই নাহিলে এই থিয়েটাৰ উদ্যোগটোৰ কি হ'ব ভাবি চাওকচোন৷
- নাই দিয়ক তেওঁৰ প্ৰকোপত আমি টিকিবই নোৱাৰা হৈছো৷ আমাৰ দ্বাৰা চাউথ ইণ্ডিয়ান চিনেমা চাই চাই নাটক লিখা নহব দিয়ক৷ বাৰু কওকচোন কি ধৰণৰ কাহিনী লাগে আপোনাক৷
- মানে দাদা আপুনি জানেইছোন আজিকালিৰ ট্ৰেণ্ড৷ প্ৰেমৰ কাহিনী এটাকে দিয়ক৷ অলপ মাৰপিট, গানৰ দৃশ্য থাকিলে ভাল৷ এটা ভাল ভিলেইনৰ চৰিত্ৰও লাগিব৷ আমি এইবাৰ চিনেমাৰ ভিলেইন গজেন দাসক লৈছো নহয় আমাৰ থিয়েটাৰত৷
- হেৰি, ইমান মিলাই মই লিখিব নোৱাৰিম, মই কাহিনী চুৰি কৰি নিলিখো নহয়৷ এটা থীম ভাবি থৈছো, যদি পচন্দ হয় নিব পাৰে, নিনিলেও আপত্তি নাই৷ জানেই নহয় মই টকাৰ কাৰণে নিলিখো৷
- জানো জানো দাদা৷ আপুনি প্লটটো কওকচোন৷ মই প্ৰযোজকক কব লাগিব নহয়৷
- ঠিক আছে শুনক, এইটো মুলতঃ এটা ত্ৰিকোণ প্ৰেমৰ কাহিনী৷
- প্ৰেম চলিব দাদা, কেৱল আপুনি দুটামান ফাইট আৰু ভিলেইন এটা পাৰিলে সোমাই দিবছোন৷
- আৰে অদ্ভুত মানুহ আপুনি৷ শান্তিৰে শুনিবনে নুশনে কওক৷
- কৈ যাওক দাদা৷
- আৰম্ভনিটো এনেকুৱা.... কলেজৰ প্ৰথম দিনৰে পৰা ৰিদিপে ময়ুৰীক ভাল পায়৷ প্ৰথম দৃষ্টিতে ভালপোৱা বুলিলে যি বুজাই ঠিক তেনে ভালপোৱা৷ তাই ওচৰলৈ আহিলেই তাৰ বুকুখন কিবাকিবি লাগি যায়৷ যদিও তাইৰ লগত চিনাকী হৈছে কিন্তু তাৰ মনৰ কথা কবলৈ সাহস হোৱা নাই তাৰ এতিয়াও৷
- আৰম্ভণি ভালেই দাদা৷ এইবাৰ আমি ৰিহানক চাইন কৰিছো নহয়, তাক বঢ়িয়া মিলিব৷ ৰিদিপক কলেজৰ বক্সিং চেম্পিয়ন বনাব দাদা৷ ৰিহানৰ বডী তামাম, ৰেগুলাৰ গোল্ড জীম যায়৷
- ঠিক আছে বাৰু৷ ৰিদিপৰ অভিন্ন বন্ধু তপন৷ সৰুৰে পৰা একেলগে ডাঙৰ হোৱা৷ কিন্তু বন্ধু হলেও দুয়োৰে স্বভাৱ ভিন্ন প্ৰকৃতিৰ৷ৰিদিপ হ'ল একদম এক্টিভ, কলেজৰ শ্ৰেষ্ঠ এথলীট, বক্সিং চেম্পিয়ন৷ আনহাতে তপন অন্তৰ্মুখী স্বভাৱৰ৷ কবিতাৰ জগতত বিচৰণ কৰি ফুৰে, ভাল গীটাৰ বজায়৷ বেছি মানুহৰ লগত মিলামিছা নকৰে৷ কিন্তু তপন সদায় ৰিদিপৰ লগত, ৰিদিপে ফুটবল খেলিলে তপন উৎসাহ যোগাবলৈ থাকিবই৷ ৰিদিপে বক্সিংত আঘাত পালে বেণ্ডেজ কৰিবলৈ আগুৱাই সিয়েই আহিব৷ ৰিদিপে তপনকো কৈছে ময়ুৰীৰ কথা৷ তপনে অলপ চাইমেলি সাৱধানে আগুৱাবলৈ উপদেশ দিছে ৰিদিপক৷
- বঢ়িয়া৷ এই তপনেই লাভ ট্ৰায়েংলৰ এটা নহয় জানো৷ কিন্তু দাদা, যোৱাবাৰ অঙ্গনা থিয়েটাৰেও লাভ ট্ৰায়েংগলৰ এনেকুৱা নাটক এখন কৰিছিল৷
- আৰে আপুনি শুনি যাওকনা৷ আগতেই হাল্লা কৰে৷ ৰিদিপে এদিন সাহ গোটাই ময়ুৰীক প্ৰেম নিবেদন কৰিলে৷ কিন্তু তাই তাৰ প্ৰস্তাৱত সহাৰি নজনালে৷ তাইৰ ঘৰুৱা সমস্যা, বায়েক এজনী পলাইছে আগতে৷ গতিকে তাই মাক দেউতাকৰ বিৰুদ্ধে নাযায়৷
- বায়েক নালাগে, পেহীয়েক বুলি দেখাওক৷ আমাৰ তৰালি বাইদেউক দেখুৱাব পাৰিম দৰকাৰ পৰিলে৷ আৰু এটা কথা, তাই ৰিদিপক না কৰোতে এটা ট্ৰেজেডি গান থাকিব কিন্তু৷
- সেইবোৰ পিছত মিলাম ৰ'ব৷ কিন্তু কালক্ৰমত দুয়ো ভাল বন্ধু হৈ পৰে৷
- হেঃ হেঃ দাদা, আপুনি তেওঁক চাউথ ইণ্ডিয়ান চিনেমাৰ পৰা ঘটনা লোৱা বুলি কয়৷ আপোনাৰ ঘটনাও কিন্তু একদম বলীউডলৈ পোনাইছে৷
- আৰে শুনকচোন আগতে৷ দুয়োৰে মাজত অতি সোনকালে গাঢ় বন্ধুত্ব গঢ় লৈ উঠিল৷ এইফালে তপন যেন একেবাৰে শেষ হৈ গৈছে৷ বাহিৰত সকলোকে দেখুৱাই হাঁহি মাতি থাকিলেও অন্তৰত তাৰ গভীৰ বেদনা৷ ময়ুৰীক সি ৰিদিপৰ লগত কল্পনা কৰিলেও তাৰ অন্তৰে কান্দি উঠে৷
- এটা নতুন ল'ৰা আছে বুজিছে দাদা৷ তাক লম এই তপনৰ ৰোলটোত৷ দুখী ভাবকেইটাত ফালি দিব সি৷ চাই থাকক আপুনি৷
- এইফালে ৰিদিপেও তপনৰ এই পৰিবৰ্তন মন নকৰা নহয়৷ কিন্তু সি ব্যস্ত ময়ুৰীৰ মন জয় কৰাত, তপনক দিবলৈ তাৰ আগৰ দৰে সময় নাই৷ তাৰ দৃঢ় বিশ্বাস ময়ুৰীয়ে এদিন তাৰ প্ৰস্তাৱত সন্মত হ'বই৷
তেনে এক দিনতে কলেজৰ পৰা শিক্ষামুলক ভ্ৰমণত ৰিদিপহঁত দাৰ্জিলিংলৈ ওলায়৷
- হমমম্, গান এটা থাকিব দেই দাদা এইখিনিতে পৰিণীতা ষ্টাইলত৷
- সেইবোৰ দেখা যাব বাৰু সময়ত৷ তালৈ গৈ ৰিদিপে ময়ুৰীক আৰু ওচৰৰ পৰা পায়৷ তপনে এক অনামী বেদনা অনুভৱ কৰিলেও নীৰৱে সকলো সহ্য কৰি যায়৷ তপনে লাহে লাহে নিজকে ৰিদিপ আৰু ময়ুৰীৰ পৰা আতৰাই আনে৷
ইতিমধ্যে কলেজ জীৱন শেষ হয় সিহঁতৰ৷ ৰিদিপ ময়ুৰীৰ ভাল বন্ধু হোৱা স্বত্তেও সি তাইৰ মন জয় কৰিবলৈ সক্ষম নহ'ল৷ কলেজীয়া জীৱন শেষ হোৱাৰ লগে লগে ৰিদিপে মুম্বাইত এটা ভাল চাকৰি এটা পায়৷ জীৱনত সোনকালে প্ৰতিষ্ঠিত হৈ ময়ুৰীক নিজৰ কৰি লোৱাৰ আশাৰে ৰিদিপে নতুন চাকৰিলৈ ধাপলি মেলে৷
এইফালে তপন আৰু ময়ুৰী স্নাতকোত্তৰ শ্ৰেণীত ভৰ্তি হয়৷ ৰিদিপ নথকা বাবে তপন আৰু ময়ুৰী আগতকৈ ভাল বন্ধু হৈ পৰে৷
- হেঃ হেঃ, ক্লাইমেক্সত আহিছে আৰু দাদা৷
- তাৰ মাজতে ময়ুৰী কিবা ডাঙৰ বেমাৰত পৰে৷ ঘৰত তাই একেবাৰে নিসঙ্গ হৈ পৰে৷ তাইক সঙ্গ দিবলৈ তপনে সিহঁতৰ ঘৰলৈ যোৱা আৰম্ভ কৰে৷ কবিতা-গীটাৰৰ মাজেৰে তপনে তাইৰ গা মন ভাল কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে৷
ৰিদিপ যদিও ময়ুৰীৰ ভাল বন্ধু আছিল, কিন্তু সি ময়ুৰীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নাছিল৷ ৰিদিপৰ মাজত নোপোৱাখিনি তাই দেখোন তপনৰ মাজত হে অনুভৱ কৰিবলৈ লৈছে৷ তাই যেন সংগোপনে তপনৰ প্ৰেমত পৰিল৷ তপনক কিন্তু তাই এই বিষয়ে একো জানিবলৈ নিদিলে৷
- তপনৰ দেখোন মজাই হ'ল৷ কষ্ট নকৰাকৈ ময়ুৰী আহি গ'ল৷
- মোক কৈ শেষ কৰিবলৈ দিয়কছোন আগতে৷ সেই সময়তে ৰিদিপ মুম্বাইৰ পৰা আহে৷ এইবাৰ সি নতুন উদ্যমেৰে ময়ুৰীক আকৌ ভালপোৱাৰ প্ৰস্তাৱ দিয়ে৷ ময়ুৰীয়ে ৰিদিপৰ আগত একো লুকঢাক নকৰে৷ কেনেকৈ তাই কব নোৱাৰাকৈ তপনক ভাল পায় পেলাইছে সকলো বিৱৰি কলে৷
হতাশ, বিধ্বস্ত ৰিদিপ ময়ুৰীৰ কাষৰ পৰা উভতি আহে৷ মনত পৰে তপনৰ সেই বিমৰ্ষ অৱস্থাৰ কথা৷ লাহে লাহে সকলো কথা পৰিস্কাৰ হৈ পৰে ৰিদিপৰ৷ তপনে প্ৰথমৰ পৰা ময়ুৰীক ভাল পাইছিল৷ যিহেতু ময়ুৰীয়েও তপনকেই ভাল পায় গতিকে ৰিদিপ সিহঁতৰ মাজৰ পৰা আঁতৰি যোৱাই শ্ৰেয়৷
ৰিদিপে যোৱাৰ আগতে এবাৰ তপনক লগ ধৰে অভিনন্দন জনাবলৈ৷ ৰিদিপৰ মুখত ময়ুৰীৰ মনৰ কথা জানি তপন হতবাক৷ হাজাৰ হলেও ৰিদিপ তাৰ বন্ধু৷ নিজৰ স্বাৰ্থৰ বাবে ৰিদিপক সি কেনেকৈ দুখলৈ ঠেলি দিয়ে৷
- ক্লাইমেক্স আহি গৈছে আৰু দাদা৷ মছলা মাৰি এইখন বঢ়িয়া কৰিব পৰা যাব৷
- পিছদিনা ৰাতিপুৱা ৰিদিপে তপনৰ পৰা এটা এছ এম এছ পালে৷ জীৱনত কেতিয়াও ৰিদিপ আৰু ময়ুৰীৰ মাজলৈ নহাৰ অংগীকাৰ কৰি তপন ঘৰ এৰি গুছি গৈছে৷

তপনক বিছাৰি চাৰিওফালে হাহাকাৰ লাগি যায়৷ আবেলি খবৰ আহে তপনে এক নিৰ্জন ঠাইলৈ গৈ নিজকে শেষ কৰি দিছে৷ আত্মহত্যা কৰিছে তপনে৷
- অলপ টুইষ্ট আনিছে আপুনি৷ সামৰণিটো কেনেকৈ কৰিব?
- ৰ'বহে টুইষ্ট আহিবহে অলপ পিছত৷ আৰক্ষীয়ে পোষ্টমৰ্টেমৰ পিছত তপনে ৰিদিপলৈ লিখি যোৱা চিঠি এখন আগুৱাই দিলে৷ চকুপানী মচি ৰিদিপে পঢ়ি গল,
' ৰিদিপ,
তই এই চিঠি পঢ়ালৈ মই চাগে জীয়াই নাথাকিম৷ যোৱাৰ আগতে তোক কিছুমান কথা জনাই যাব বিছাৰিছো৷ যিবোৰ হয়তো তই ইমান দিন মোৰ লগত থাকিও নুবুজিলি৷
সৰুৰে পৰা মই অলপ বেলেগ আছিলো৷ যি সময়ত তই আৰু বাকীবোৰ খেলা ধুলাত ব্যস্ত থাকিছিলি, সেই সময়ত মই কবিতা,সংগীত আদিৰ মাজত থাকিছিলো৷ সৰুৰে পৰাই তই মোৰ বেষ্ট ফ্ৰেইণ্ড আছিলি৷ তোৰ লগতেই মই সদায় থাকিছিলো৷
শৈশৱ পাৰ হৈ কৈশোৰতে ভৰি দিওতেই চাগে মই অনুভৱ কৰিছিলো তোৰ প্ৰতি তীব্ৰ আকৰ্ষণ৷ মই জানো এয়া আমাৰ সমাজত মানি নলয়৷ কিন্ত মই অপৰাগ আছিলো তোক ভাল নাপাবলৈ৷ দিনে দিনে তোক মই বেছি ভাল পাব লৈছিলো৷ ময়ুৰীক তোৰ কাষত মই সহ্য কৰিব নোৱাৰা হৈছিলো৷ জানিছিলো তই মোৰ দৰে নহয়৷ কিন্তু মই কি কৰো ৰিদিপ, মোৰ মনে যে তোকেই বিছাৰে৷
মনটোক বহুত বুজাই বঢ়াই ৰুঢ় বাস্তৱৰ মুখামুখি হ'বলৈ কোনোমতে সাজু হৈছিলোহে৷ তেতিয়াই গম পালো মোৰ বাবে তই তোৰ প্ৰেম হেৰুৱাবলৈ লৈছ৷ মোৰ বাবে বহুত দুখ পাইছ তই৷ ময়ুৰীয়ে মোক ভাল পালেও মই কোনোদিন তাইক ভাল পাব নোৱাৰিম৷ তহঁত সুখেৰে থাক৷ কেতিয়াও তহঁতৰ মাজত নহাৰ প্ৰতিশ্ৰুতিৰে চিৰদিনৰ বাবে বিদায় ললো৷

ইতি
তপন'

- কৃষ্ণ কৃষ্ণ, দাদা এয়া কি ক্লাইমেক্স কৰিলে আপুনি৷ ৰিদিপে ভাল পায় ময়ুৰীক, ময়ুৰীয়ে তপনক আৰু তপনে ৰিদিপক৷ তাৰমানে তপন.........৷
- ঠিকেই ভাবিছে৷ প্ৰেমৰ ত্ৰিভুজটো ইয়াতেই সম্পুৰ্ণ হ'ব৷
- হুমমমম, মানে আছলতে গল্পটো বেয়া নহয়৷ কিন্তু আমাৰ দৰ্শকে বা কেনেভাবে লয়৷ মানে বুজিছেই নহয় কথাটো৷
- হয় বাৰু৷
- হেৰি দিয়ক দাদা, আজিলৈ উঠো৷ মানে এবাৰ ভাবি চাবছোন শেষৰ খিনি কাটিব পাৰি নেকি৷ খবৰ লম মই দুদিনমান পিছত৷ ৰাস আদিতো চলাব লাগিবটো, বুজিছেই চাগে৷ কোৰ্টেও কি নিৰ্দেশ দিছে জানেই দেখোন৷ উঠো দিয়ক আজিলৈ, ভাল লাগিল দেই কাহিনীটো৷ হেঃ হেঃ৷
..................................................
লেখকে গল্পটো কাটি কুটি ঠিক কৰে৷ নতুন গাড়ীখনৰ ডাউন পেমেন্ট দিবলৈ অলপ টকা কম পৰি আছে৷ বৰ্তমান টকাৰ খুবেই দৰকাৰ৷ হেৰাই যোৱাই ভাল তপনৰ ভালপোৱা, এই সমাজত তপনৰ কোনো স্থান নাই৷ ত্ৰিভুজটো অসম্পুৰ্ণ হৈয়েই থাকক, সেয়াই ভাল হ'ব সকলোৰে বাবে৷

( এক বিদেশী গল্পৰ আলমত )