Friday 29 November 2013

বিভ্ৰান্তি




প্ৰায় এবছৰৰ মূৰত বৰপেটাৰ আপোন গাওঁখনলৈ আহিছে শান্তনু৷ পেশাত অভিযন্তা শান্তনু কৰ্মসুত্ৰে দিল্লীৰ বাসিন্দা৷ যোৱা দুদিন সম্পৰ্কীয় মানুহবোৰৰ ঘৰত খুব ফুৰিলে শান্তনুৱে৷ আজি সি কতো ওলাই যোৱা নাই৷ মাকে ৰাতি ৯ বজাত ভাত খাবলৈ মাতিলেই৷ ঘৰলৈ আহিলে এই কামটোৱেই বৰ অশান্তি পায় সি৷ দিল্লীত খাই বৈ বিছনালৈ যাওতে ৰাতি দুইমান বাজে৷ ইয়াত ৰাতি দহ বজাৰ আগতেই সকলো বিছনাত পৰে৷ টোপনি নধৰাত সি লেপটপটো উলিয়াই ল'লে৷

লোডিং লোডিং লোডিং.............. ধেইৎ ইমান বেয়া ইয়াতে নেটৰ কানেকচন৷ বহুপৰ ৰোৱাৰ পিছত কোনোমতে পেইজটো খোল খালে৷ চিধাচিধি ফেচবুকত গৈ সোমাল শান্তনু৷ এনেয়ে ওপৰৰ পৰা তললৈ চকু ফুৰালে, দুটামান লাইক,কমেন্ট মাৰিলে৷ এইবাৰ গৈ অ-ক-বত সোমাল৷ নাই আজি বিশেষ একো নাই৷ মোডীক লৈ এসপ্তাহ ধৰি চলি থকা যুদ্ধখন এতিয়াও পিনড্ পোষ্টৰ দৰে ওপৰতে জিলিকি আছে, ৰোমান আক্ৰমণ প্ৰতিহত কৰি প্ৰশাসকে ত'ত পোৱা নাই৷ বহুদিন দেৱপ্ৰতীমে ভূতৰ গল্প পোষ্ট কৰা নাই, পৰীক্ষা চলি আছে নেকি৷

ভূতৰ গল্প শান্তনুৰ বৰ প্ৰিয়৷ নেটৰ স্পীড আৰু অকবত বিশেষ একো নেদেখি লেপটপটো বন্ধ কৰিবলৈ লওতেই দেখিলে দেৱপ্ৰতীমে কিবা পোষ্ট কৰিছে৷ গল্প নহয়,কিবা ভৌতিক ছবি এখনহে পোষ্ট কৰিছে৷ ভালদৰে চাই দেখিলে এটা ভূতবাংলা সদৃশ ঘৰৰ ছবি৷ ৰাতিৰ ছবি৷ ভালদৰে চালে ছবিখনৰ মাজত এজনী সৰু ছোৱালীৰ দেখ নেদেখ অবয়ব এটা দেখা যায়৷ তলত লিখিছে,
" ১৯৪৯ চনত নেদাৰলেণ্ডৰ এই ঘৰটোত ৰহস্যজনক বাবে জুই লগাৰ ফলত জেমছ ৰাডাৰফৰ্ডৰ নামৰ এজন অধিবক্তাৰ সমগ্ৰ পৰিয়ালটোৰ জুইত পুৰি মৃত্যু ঘটে৷ পিছত ঘৰটোৰ ফটো লওতে এক ফটোগ্ৰাফাৰৰ কেমেৰাত ধৰা পৰে এক বিৰল দৃশ্য৷ সুক্ষ্মভাবে লক্ষ্য কৰিলে আপোনালোকে দেখিব যে ফটোখনৰ মাজভাগত এজনী ছোৱালীৰ এক দেখ নেদেখ অৱয়ব আছে৷ এইছোৱালীজনীৰ সেই দুৰ্ভগীয়া পৰিয়ালটোৰ সৰু ছোৱালীজনীৰ লগত মিল থকা বুলি স্থানীয় লোকসকলে কয়৷ কোৱা হয় যে যিয়েই এই ছবিখন দীৰ্ঘসময় ধৰি চাইছে, সেই ব্যক্তিৰ জীৱনত অতি সোনকালেই কিবা অঘটন ঘটে "৷

কৌতুবলবসত শান্তনুৱে ছবিখন ভালদৰে চালে৷ এজনী দহ-বাৰ বছৰীয়া ছোৱালী৷ শেতা শেতা ভাব এটা আছে৷ ইতিমধ্যে লাইক, কমেন্ট পৰা আৰম্ভ হলেই৷
- ভয়ানক৷
- ফটোছপৰ বাহাদুৰি৷
- ৰাতি ৰাতি এইবোৰ কিয় পোষ্ট কৰে? টোপনিয়েই নাহিব আজি মোৰ৷

এফালৰপৰা কমেন্টবোৰ পঢ়ি গৈ থাকিল শান্তনু৷ কৌতুহলবসত ফটোখন আকৌ এবাৰ চাবলৈ সি এবাৰ ওপৰলৈ গ'ল৷ হাৰে, এয়া কি৷ এইবাৰ ফটোখনত ছোৱালীজনী নাই দেখোন৷ আজব ঘটনা, এয়া কেনেকৈ হ'বলৈ পালে৷ আকৌ এবাৰ ভালদৰে চাই দেখিলে ছোৱালীজনী আছে৷ কিবা চিন্তাত চাগে সি নেদেখিলে৷ আকৌ স্ক্ৰলিং কৰি সি বেলেগ পোষ্টবোৰ পঢ়াত লাগিল৷

হঠাৎ ভাব হ'ল শান্তনুৰ কোঠাত যেন কোনোবাই পায়চাৰি কৰিছে৷ খামিডাঠ মানুহ হলেও তাৰ বুকুখন চিৰিংকৈ উঠিল৷ একে জাপে উঠি সি চাৰিওফালে চালে, বিছনাৰ তলৰপৰা মেকুৰী এটা দৌৰ দিলে৷ মেকুৰীটো দেখি শান্তনুৰ নিজৰ ওপৰতে হাঁহি উঠিল৷

ঘড়ীটোৱে বাৰটা বজাৰ সংকেত দিলে৷ শুবলৈ হ'ল আৰু, শান্তনুৱে বাথৰুমলৈ গৈ ফ্ৰেছ হৈ আহিল৷ বিছনাত শুই বেবেৰিবাং চিন্তা কিছুমান কৰি থাকোতে কেতিয়া টোপনি আহিল সি গমেই নাপালে৷

ফোঁচ............!!!

হঠাৎ এটা শব্দত তাৰ টোপনি ভাগি গ'ল৷ আকৌ হ'ল শব্দটো৷ কোনোবাই যেন বিছনাৰ তলত ঘন ঘনকৈ উশাহ লৈছে৷

লাহে লাহে সোফালে ঘুৰিলে শান্তনুৱে৷ একে জাপে বিছনাৰ পৰা নামি কোঠাৰ চুকত থকা ভায়েকৰ ক্ৰিকেট বেটখন ডাঙি ল'লে৷

- কোন? বিছনাৰ তলত কোন? ওলাই আহ ভালে ভালে৷ নহলে ফালি দিম৷

কোনো শব্দ নাই৷ লাইট জ্বলাই বিছনাৰ তলত, কোঠাটোৰ চুকে কোনে চালে৷ নাই, একোৱেই নাই৷

তেনেহ'লে কি শুনিছিল সি? সি স্পষ্ট শুনিছে কোনোবাই উশাহ নিশাহ লোৱাৰ শব্দ৷ নে কিবা সপোন দেখিছিল সি?

এক গিলাছ পানী ঘটঘটকৈ পি আকৌ বিছনালৈ গ'ল সি৷

তাৰ অসম্ভৱ ঠাণ্ডা লাগিছে৷ ইমান ঠাণ্ডা হঠাৎ পৰিল যে৷ এইবাৰ আকৌ লোডশ্বেডিং৷ কি যে হৈ আছে আজি৷ অস্বস্তি লাগিল শান্তনুৰ, কোঠাটোৰ পৰা বাহিৰলৈ ওলাই প্ৰথম মহলাত থকা সংলগ্ন বাৰাণ্ডাখনলৈ আহিল৷

তলত পোহনীয়া কুকুৰটো এৰি দিয়া আছে৷ সি শান্তনু ওলাই অহা শব্দ শুনি এবাৰ তাৰ ফালে চালে আৰু মুহুৰ্ততে চিৎকাৰ কৰি নেজ ডাঙি তৰানৰা চিঙি ৰাস্তাৰ পালে দৌৰ দিলে৷ শান্তনুৱে ধৰিব পৰা নাই আজি হৈছে কি৷

ৰাস্তাৰ পৰা চকু ফুৰাওতেই শান্তনুৰ বুকুখন চিৰিংকৈ গ'ল৷ বাৰাণ্ডাৰ সিটো মূৰে কিবা অদ্ভূত অন্ধকাৰ৷ এটা বস্তা জাতীয় কিবাই যেন বাৰে বাৰে আকৃতি সলনি কৰিছে৷ বাৰাণ্ডাৰ সেইপাৰে কি আছে একো দেখা নাই৷ ভয়ৰ এক শীতল স্ৰোত তাৰ ওপৰৰ পৰা তললৈ বৈ গ'ল৷ভূত প্ৰেতৰ গল্প ভাল পালেও সি এইবোৰ বিশ্বাস নকৰে, কিন্তু এইবোৰ হৈছে কি তাৰ লগত৷

হেলুচিনেশ্যন.... !!!

ভয়ঙ্কৰ হেলুচিনেশ্যনৰ কবলত পৰিছে তাৰ মস্তিস্ক৷ বেছিসময় বাৰাণ্ডাত থাকিব নোৱাৰিলে সি৷ কোনোমতে বিছনালৈ আহি বাগৰি দিলে৷

আকৌ সেই শব্দ৷ চকু মেলি চাবৰ সাহস নহ'ল তাৰ৷ আন্ধাৰত কিবা এটাই কোঠাটোৰ ভিতৰত ঘুৰি আছে৷ চকু মেলিলে সি দেখিলেহেতেন লাহে লাহে সেই কিবাটোৱে এজনী ছোৱালীৰ ৰুপ ধাৰণ কৰাৰ পথত৷ সেই দেৱপ্ৰতীমৰ পোষ্টৰ ছোৱালীজনী৷

কম্বলৰ তলত শান্তনু ঘামি জামি একাকাৰ৷ হাৰ্টবিট তুংগত৷

ছোৱালীজনী এতিয়া তাৰ নিচেই কাষত৷ বগা,মনিহীন, শেতা এযুৰি চকুৱে শান্তনুক চাই আছে৷ চকু মেল খাই গ'ল তাৰ৷

এয়া কি দেখিছে সি!!!

হিমশীতল এক স্পৰ্শ অনুভৱ কৰিলে সি৷ তাক কিহবাই হেঁচা মাৰি ধৰিছে৷ সি চিঞৰিছে, কিন্তু একো মাত ওলোৱা নাই৷ অসহ্য বিষ তাৰ সমগ্ৰ শৰীৰত৷ ছোৱালীজনীৰ মূখত এক ক্ৰুৰ হাঁহি ফুটি উঠিছে৷

তাৰ পিছত শান্তনুৰ একো মনত নাই৷

খকমককৈ সাৰ পালে শান্তনুৱে৷ লেপটপটো খোলা আছে৷ এটা এটাকৈ ৰাতিৰ ঘটনাবোৰ মনলৈ আহিল৷ কি আছিল সেয়া? সপোন নে সঁচা? একো ধৰিব পৰা নাই সি৷ কিছুপৰ বিছনাতেই পৰি থাকিল সি৷ গাটো অৱশ, পাতল কেনেকুৱা যে লাগিছে৷ বিছনাৰ পৰা উঠিব লওতেই সি আকৌ উচপ খাই উঠিল৷ তাৰ কাষতে কোনোবা দেখোন শুই আছে৷

কোন চাবলৈ একেটানে সি মানুহজনক লুটিযাই দিলে৷ আস, কি দেখিলে সি এয়া, তেজেৰে লুটুৰি পুতুৰি হৈ থকা এয়াচোন....... এয়াচোন সি নিজেই৷

Monday 25 November 2013

সপোনত শচীন




শচীনে অৱসৰ ল'লে৷ তেওঁক আকৌ ক্ৰিকেটৰ পথাৰত দপদপাই ফুৰা নেদেখিম৷

এইকেইদিন সকলো শচীনক লৈ ব্যস্ত৷ বজাৰ, হোটেল, টিভি, আড্ডা, ফেচবুক, ব্লগ সকলোতে কেৱল শচীন৷ ময়ো ব্যতিক্ৰম নহয়৷ শয়নে সপোনে কেৱল শচীন৷

শচীনো ব্যস্ত এইকেইদিন৷ এৱাৰ্ড লোৱা, মমেন্ট' সংগ্ৰহ কৰা, ফটো উঠা, ইন্টাৰভিউ দিয়া... কিমান যে কাম৷

শচীনৰ বিষয়ে ফেচবুকত অহা কমেন্টবোৰ পঢ়ি থাকোতেই কেতিয়া টোপনি আহিল কবই নোৱাৰিলো৷ টোপনিত গৈ শচীনৰ ওচৰ পালো৷ চাৰিওফালে মানুহে শচীনক ঘেৰি ধৰিছে, ইন্টাৰভিউ চলি আছে৷ হঠাৎ মনলৈ আহিল, ময়ো দেখোন ইন্টাৰভিউ এটা ল'ব পাৰো৷ সাহিত্য ডট অৰ্গলৈ পঠিয়াই দিম ইন্টাৰভিউটো৷ আগুৱাই গলো৷ পিছে যি ঠেলা হেঁচা, এশ মিটাৰ মান দূৰৰ পৰাই উৎসাহী জনতাই ছিটিকাই পঠিয়ালে৷

তেনেতে ড্ৰেছিং ৰুমত দেখিলো শচীনৰ বেটখনে আমন জিমনকৈ কোঠালিৰ এচুকত আউজি আছে৷ মই বোলো শচীনক নাপালো নাই, আজি এই বেটখনৰেই ইন্টাৰৰভিউ লোৱা যাওঁক৷ শচীনৰ সুখ দুখ, যশস্যা, সন্মানৰ চিৰসংগী এই বেটখন৷

চুচুক চামাককৈ আগুৱাই গৈ কথা আৰম্ভ কৰিলো৷

- নমস্কাৰ বেট মহাশয়৷ আপুনি অনুমতি দিলে মই আপোনাৰ ইন্টাৰভিউ ল'ব বিছাৰো৷

বেটে অবাক হৈ মোৰ ফালে চালে, তাৰ পিছত ক'লে,

- নিশ্চয়, নিশ্চয়৷ শচীনে গোটেই জীৱন ইন্টাৰভিউ দিলে৷ মোৰ ইন্টাৰভিউ আজিলৈ কোনেও লোৱা নাই৷ আপোনাক বহুত ধন্যবাদ৷

- বাৰু কওকচোন আজিৰ এই দিনটোত আপোনাৰ অনুভৱ কেনেকুৱা৷

- কিবা এক অদ্ভুত অনুভৱ হৈছে৷ বুকুৰ কোনোবাখিনিত এক বিষ অনুভৱ কৰিছো৷

- আপোনাক মই পুৰণা দিনলৈ লৈ যাব বিচাৰিছো৷ আপুনি কেতিয়া প্ৰথম গম পালে যে আপুনি এক মহান ব্যক্তিৰ হাতত পৰিছে?

- যদিও আগৰে পৰাই অলপ আভাস পাইছিলো তথাপি মই প্ৰথম এই বিষয়ে ১৯৯১-৯২ চনত অষ্ট্ৰেলিয়াত গম পাইছিলো৷ পাৰ্থত তেওঁৰ ইনিংছটো চাগে আপোনাৰ মনত আছে৷ পিটচখনত ইমানেই বাউঞ্চ আছিল যে মই বেছিভাগ সময় শচীনৰ বুকুৰ ওচৰে পাজৰেই ঘুৰি আছিলো৷ তথাপি বেছিভাগ সময় বল মোৰ বেটৰ মাজভাগতেই লাগিছিল৷ সেইদিনাই বুজিছিলো যে মই কোনো সাধাৰণ হাতত পৰা নাই৷

- আপুনি বাৰু কোন বলাৰৰ বল বাউণ্ডেৰীৰ বাহিৰলৈ পঠিয়াই আনন্দ পায়৷

- সাধাৰণতে মই অষ্ট্ৰেলিয়ান বলাৰৰ বলত কোবাবলৈ ভাল পাওঁ, বিশেষকৈ ৱাৰ্ণ আৰু মেকগ্ৰাথৰ৷ তেওঁলোকৰ বল বাউণ্ডেৰীৰ বাহিৰলৈ পঠিওৱাৰ মজাই বেলেগ৷ শাৰজাহত ৱাৰ্ণেৰ বলত কোবোৱাটো আপোনাৰ মনত আছেই চাগে৷

আৰু আখটাৰৰ কথা পাহৰিছিলোৱেই৷ তেওঁ ইমান দুৰৰ পৰা দৌৰে যে মোৰ দেখিয়েই বিৰক্তি লাগে৷ তেওঁ দলিওৱা বলত ছয় কোবোৱাৰ মজাই বেলেগ৷ শচীন বুলিহে সেইবোৰ বল কোবাব পাৰিছিল দেই৷

- বাৰু আপোনাৰ অন্য খেলুৱৈৰ বেটবোৰৰ লগত কেনেকুৱা সম্বন্ধ আছিল?

- সকলোৰে লগত মোৰ সম্বন্ধ ভালেই আছিল, অৱশ্যে পেটে পেটে মোক অলপ ইৰ্ষা কৰিছিল৷ কিন্তু আজাহাৰুদ্দিনৰ বেটখনৰ লগত মোৰ অহি নকুল সম্পৰ্ক আছিল৷ সি একেবাৰে ক্ষীণ আছিল আৰু মোক সদায় পেটলা বুলি জোকাই থাকিছিল৷ মই শকত বাবে মোক লৈ বিভিন্ন গাজাখুৰি কথা কৈছিল৷ অৱশ্যে পিছলৈ মই ভাল বন্ধু এজন পাইছিলো৷ মোৰ মনৰ কথা বুজা, মোৰ দৰে শকত আবত ধোনীৰ বেটখন৷ ভাল জমি থাকিছিল তাৰ লগত৷

- আৰু শচীনৰ সৈতে আপোনাৰ সম্পৰ্কৰ বিষয়ে অলপ জনাব নেকি৷

- অহ, সুন্দৰ সম্পৰ্ক আছে আমাৰ মাজত৷ মোৰ ওজন, গ্ৰিপ আদিৰ বিষয়ে তেওঁ সদা সচেতন আছিল৷ তেওঁৰ টেনিছ এলব'ৰ চিকিৎসাৰ পিছত ময়ো ওজন কমাব লগীয়া হ'ল৷ বহুত কষ্ট হৈছিল মোৰ, কাৰণ মই জন্মৰে পৰা শকত৷ কিন্তু আমি দুয়ো মিলি সময়ত সকলো সমস্যা সুচাৰুৰুপে সমাধান কৰিছিলো৷ আমি প্ৰায়ে ক্ৰিকেট, খেলৰ নতুন খবৰ, আমাৰ ফৰ্ম আদিৰ বিষয়ে বিতংভাবে কথা পাতিছিলো৷

- আপুনি শচীনৰ লগত ইমান বছৰ একেলগে থাকি কিবা কষ্ট অনুভৱ কৰিছিলনে? যিহেতু তেওঁ খুব পৰিশ্ৰমী আছিল, আপুনিওঁ নিশ্চয় তেওঁৰ লগত যথেষ্ট কষ্ট কৰিব লগা হৈছিল৷

- হয়, তেওঁৰ লগত থাকি যথেষ্ট পৰিশ্ৰম কৰিব লগীয়া কেতিয়াবা প্ৰসাদ, ইশান্ত, আগৰকাৰহঁতৰ বেটকেইখনৰ আৰাম দেখি মোৰ বৰ হিংসা হৈছিল৷

শচীনে একেৰাহে ঘন্টাৰ পিছত ঘন্টা অনুশীলন কৰিছিল৷ গধুলিলৈ মোৰ ভাগৰত মাত নোলোৱা হৈ যায়৷ বিদেশ যাত্ৰাৰ আগে আগে ৰবৰৰ বলবোৰ পানীত ডুবাই তেওঁ বাউন্সী পিটচৰ বাবে প্ৰস্তুতি চলাইছিল৷ ৰবৰৰ বলৰ সেই ৰোমান্টিক স্পৰ্শবোৰ মোৰ আটাইতকৈ প্ৰিয়৷ কিন্তু যেতিয়া শচীনে খেলৰ আগদিনা ৰাতি হোটেলৰ ৰুমত মোক লৈ শূণ্যতে বেটিং প্ৰেকটিছ কৰে, তেতিয়া মোৰ বিৰাট খং উঠে৷ হেৰৌ, গোটেই ৰাতি শুবলৈ নিদিলে মই পিছদিনা খেলিম কেনেকৈ৷ কিন্তু শচীন সদায় জিনিয়াছ দেই৷ তেনেকৈয়ে উজাগৰী নিশা কটাই উঠিও কিমান যে ক্লাছিক ইনিংছ খেলিলো আমি দুয়ো৷ এনেয়ে শচীনক ভগৱান বুলি নকয়৷

- আপোনাৰ প্ৰিয় শ্বট?

- ষ্ট্ৰেইট ড্ৰাইভ, এইটো শ্বটত মই বলটো সাৱটি ধৰিব পাৰো৷ স্কোৱেৰ কাট বা লেগ গ্লান্সত কেৱল হেণ্ডশ্যেক দিয়েই ক্ষান্ত থাকিব লাগে৷

- কি শ্বট আপুনি বেয়া পায়?

- পেডেল চুইপ্৷ পিটচত ঘঁহনি খালে বৰ দুখ পাওঁ মই৷

- শচীনৰ সৈতে আপোনাৰ এনে কিবা স্মৃতি যি আপুনি আমাক ক'বলৈ ভাল পাব৷

- মোৰ তেওঁৰ সৈতে যিমান স্মৃতি আছে সেয়া কৈ শেষ কৰিব নোৱাৰি৷ যদিও মই শকত, শচীন অবিহনে মোৰ কোনো ওজনেই নাই৷ মোৰ নিজকে এজন যাদুগৰৰ হাতত দণ্ডদাল যেন লাগে৷ যি দণ্ডৰে তেওঁ বিপক্ষক ধ্বংস কৰে, একে সময়তে শান্তিৰ বাণী বিয়পায়৷ মোক সাৰথি কৰিয়েই তেওঁ স্কুল, কলেজ, অফিচ আনকি সমগ্ৰ দেশকেই স্তব্ধ কৰি দিয়ে৷ আমি দুয়ো ক্ৰীজত থকালৈকে কোনেওঁ আশা এৰি নিদিয়ে৷ যুঁজাৰু মানসিকতা কি সেয়া আজিৰ প্ৰজন্মক আমি শিকাইছো৷ মোক ব্যৱহাৰ কৰি তেওঁ আনন্দৰ বাণী বিলাইছিল৷ কাশ্মীৰৰ পৰা অহা এটুকুৰা কাঠৰ টুকুৰাক ইয়াতকৈ বেছি আৰু কিনো সন্মান লাগে৷

- শচীনৰ অৱসৰৰ পিছত আপোনাৰ ভৱিষ্যত পৰিকল্পনা?

- (কিছু সময় ভাবি) সেই বিষয়ে এতিয়াও বিশেষ ভবাই নাই৷ কিছুদিন আৰাম কৰো৷ তাৰ পিছত শচীনে যেনেদৰে বিছাৰে সেইমতে জীৱন নিৰ্বাহ কৰিম৷ হয়তো অৰ্জুনৰ সংগী হ'ব পাৰো৷ অৱশ্যে মই সেই বিষয়ে গভীৰভাবে ভবা নাই এতিয়াও৷

ভগৱানক ধন্যবাদ যে মই আফ্ৰিদীৰ বেট নহ'লো৷ নহ'লে ৰিটায়াৰমেন্টৰ পিছতো আকৌ খেলিবলৈ যাব লাগিলহেতেন৷ আৰাম কৰিবলৈ সুযোগেই নাপালে আফ্ৰিদীৰ বেটে :)৷

- আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল৷ সময় দিয়াৰ বাবে ধন্যবাদ৷ আপোনাক লৈ দুটামান শ্বট দি চাব পাৰোনে?

- নিশ্চয়৷



শ্ৰীমতীৰ মাতত খকমককৈ সাৰ পালো৷ হাতখন টানি নিছিলো বোলে৷ এতিয়া এই ৰাতিখন কোনে তেওঁক বুজাই যে মই স্কোৱেৰ কাট এটাহে মাৰিছিলো৷

Saturday 9 November 2013

ডিভাইন পনিটেইল আৰু মোৰ বেদনা




২০০৭ চনৰ কথা৷ তেতিয়াৰ প্ৰেয়সী আৰু এতিয়াৰ পত্নীৰ লগত 'চক্ ডে ইণ্ডিয়া' চাবলৈ গৈছিলো৷ ভাৰত আৰু পাকিস্থানৰ মাজৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ হকী প্ৰতিযোগিতা৷ পেনাল্টী শ্বুট আউটত কবীৰ খানৰ এটা ভুলেই ভাৰতৰ পৰাজয় মাতি আনিলে আৰু তেওঁ আখ্যা পালে দেশদ্ৰোহীৰ৷ তাৰ পিছতেই চিনেমাখনৰ আছল কাহিনীটো আৰম্ভ হয়৷
মোৰ প্ৰিয় অভিনেতা শ্বাহৰুখ খানে নিপুনতাৰে কবীৰ খানৰ চৰিত্ৰত অভিনয় কৰা এই চিনেমাখনত কিন্তু মই একেবাৰে মন বহুৱাব নোৱাৰিলো৷ কাৰণ পেনাল্টী শ্বটত ' দিব নোৱাৰা দৃশ্যটো দেখাৰ পিছতেই মোৰ মনটো উৰা মাৰি গৈছিল ১৯৯৪ চনৰ বিশ্বকাপ ফুটবলৰ ফাইনেললৈ৷ বাৰে বাৰে মনত পৰিছিল ডিভাইন পনিটেইললৈ৷ হয়, ডিভাইন পনিটেইল ৰুপে খ্যাত মোৰ আতাইতকৈ প্ৰিয় খেলুৱৈ ৰবাৰ্ট বেজ্জিঅ'লৈ৷
১৯৯০ চনত প্ৰথম বিশ্বকাপ ফুটবল চাইছিলো৷ ফুটবল বুজি পোৱাৰ বয়সেই হোৱা নাছিল মোৰ৷ তথাপি দাদাহঁতৰ লগত সদায় বহি যাওঁ৷ সকলোৱে ব্ৰাজিল-আৰ্জেন্টিনাক লৈ ব্যস্ত৷ মোৰ কিন্তু ভাল লাগিছিল অন্য এটা দল৷ আজ্যুৰি নামেৰে খ্যাত ইটালী দল৷ আছলতে ইটালীৰ খেলুৱৈবোৰ দেখাত বৰ ধুনীয়া আছিল আৰু কেৱল সেইটো কাৰণতেই মই ইটালীৰ ফেন হৈ পৰিছিলো৷ ফুটবল একো বুজি নাপাইছিলো, কিন্তু ইটালীৰ খেল থাকিলে সদায় চাইছিলো৷ তেতিয়াই প্ৰথমবাৰ দেখিছিলো মোৰ হিৰ' ৰবাৰ্ট বেজ্জিঅ'ক৷ ছেমি ফাইনেলত প্ৰশিক্ষকে বেজ্জিঅ' খেলিব নিদিলে আৰু সেইদিনাই আৰ্জেন্টিনাৰ হাতত পৰাস্ত হৈ ইটালীয়ে বিদায় 'লে৷
এইবাৰ আহিল ১৯৯৪ চনৰ বিশ্ৱকাপ,স্থান আমেৰিকা৷ ইতিমধ্যে হাইস্কুলৰ দেওনা চুইছিলো৷ ফুটবল নিজে খেলাৰ লগতে বুজা 'লো৷ এইবাৰ বেজ্জিঅ' আৰু তেওঁৰ দলক সমৰ্থন কৰিবলৈ টঙালি বান্ধিলো৷ এইবাৰ বেজ্জিঅ' নতুন ৰুপত, পনিটেইল ষ্টাইলত চুলি ৰাখি খেলপথাৰত নামিল৷ এই ষ্টাইলৰ বাবে তেওঁ আজিও ডিভাইন পনিটেইল নামেৰে বিখ্যাত৷ ইতিমধ্যে ১৯৯৩ চনত ফিফাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰি তেওঁৰ আত্মবিশ্বাস তুংগত৷ বিখ্যাত পপষ্টাৰ মেডোনা তেওঁৰ জাৰ্চী এটা পাবলৈ পাগল হৈ আছে৷ সাতে সোতৰই মিলি বেজ্জিঅ' সেইবাৰৰ বিশ্বকাপৰ মূখ্য আকৰ্ষণ৷
নিজৰ সুনাম অনুযায়ী সেইবাৰ তেওঁ খেলপথাৰত নিজৰ বিক্ৰম দেখুৱালে৷ বিপক্ষৰ বেহু ভেদ কৰি তেওঁ বিপক্ষৰ ৰক্ষণ বিভাগ তচ্ নচ্ কৰি আগুৱাই 'ল৷ যোগ্য সহযোগিতা আগবঢ়ালে মালডিনি, পাগলিউকা,  বৰেছি,ডোনাডোনি,নেপ'লি, এলবাৰ্টিনি, বাৰ্গোমিহঁতে৷ ছেমি ফাইনেল পোৱালৈ তেওঁ পাচটা ' কৰিলে৷ আশা কৰা মতে ইটালী ফাইনেলত উপনীত 'ল৷ প্ৰতিপক্ষ ডুংগা, ৰোমাৰিঅ', বেবেটোহঁতৰ শক্তিশালী ব্ৰাজিল৷
ইটালীক ফাইনেলত উপনীত হোৱা দেখি মই আনন্দত আত্মহাৰা৷ স্কুল,ওচৰ চুবুৰীয়া, দোকানী সকলোকে ইটালী ফাইনেল পোৱা খবৰ কৈ কৈ আজিকালিৰ ভাষাত এটা মস্ত কামোৰ হৈ উঠিছিলো৷ সকলোতে বেজ্জিঅ' ভৰষাত ওফাইডাং মাৰি আহিছো৷ বেবেটো আৰু ৰোমাৰিঅ' হৈ পৰিছিল মোৰ ব্যক্তিগত শত্ৰু৷ ফাইনেলৰ আগে আগে গম পালো বেজ্জিঅ' হেমষ্ট্ৰিং হৈছে৷ তাৰ মানে কি লগৰ কোনেও নাজানো, তথাপি মন বেয়া হৈ 'ল৷ ঘৰৰ ভগৱানৰ থাপনাখনৰ ওচৰলৈ মনে মনে গৈ এটা ডীল কৰি আহিলো৷
যথা সময়ত খেল আৰম্ভ 'ল৷ ভূপেন হাজৰিকাৰ 'বুকু হম হম কৰে' অৰ্থ সেইদিনা বুজা যেন পালো৷ বেজ্জিঅ' সেইদিনা নিজৰ স্ৱাভাৱিক খেল খেলিব পৰা নাই৷ তথাপি চেষ্টা কৰি গৈছে৷ দুয়োফালৰ পৰা প্ৰচণ্ড হেঁচা৷ কোনোও কাৰো বেহু ভেদ কৰিব পৰা নাই৷ দুইপক্ষৰ 'লৰক্ষক টাফাৰেল আৰু পাগলিউকা দুৰ্ভেদ্য প্ৰাচীৰ হৈ থিয় দি আছে৷ আমাৰ কাৰো মুখৰ মাত নাই৷ বেবেটো, ৰোমাৰিঅ'হঁতে  ব'ল পালেই বুকুখন চিৰিংকৈ যায়৷
নিৰ্ধাৰিত সময়ত কোনেও গ'ল দিব নোৱাৰিলে, এক্স্ট্ৰা টাইমটো একেই অৱস্থা৷ ফলত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলৰ ফাইনেলত দুয়োটা দল পেনাল্টি শ্বুটৰ বাবে সাজু হ'ল৷ মই ব্ৰহ্মা, বিষ্নু, মহেশ্বৰ, আল্লা, গড, ছাই বাবা, বিবেকানন্দ কাকো এৰা নাই৷ জীৱনত আৰু একো নালাগে৷ কেৱল ইটালীক জিকাই দিয়া৷
ইটালীৰ হৈ প্ৰথম শ্বট ল'বলৈ আহিল অধিনায়ক বৰেছি৷ শ্বট এণ্ড মিছ, এইফালে মই ফিউজ৷ ব্ৰাজিলৰ হৈ আহিল চান্টোছ৷ এইবাৰ পাগলিউকাৰ এক দুৰ্দান্ত ছেভ৷ জীৱটো আকৌ ঘুৰি আহিল৷ স্ক'ৰ ০-০৷  এইবাৰ এলবাৰ্টিনি আৰু ৰোমাৰিঅ', দুয়ো সফল৷ স্ক'ৰ ১-১৷ এইবাৰ আহিল ইভানি, সফল শ্বট৷ ব্ৰাজিলৰ হৈ ব্ৰাংকোও সফল, স্ক'ৰ ২-২৷ এইবাৰ আহিল মাছাৰো৷ দুৰ্দান্ত ফৰ্মত থকা টাফাৰেলে ব'ল চিটিকাই দিলে৷ মুৰে কপালে হাত দি বহি পৰিলো৷ ডুংগাই কোনো ভুল নকৰিলে, স্ক'ৰ ৩-২৷ হে ভগৱান, এইবাৰলৈ বচোৱা৷
এইবাৰ আহিল বেজ্জিঅ'৷ সেইদিনা বুজিলো টেনশ্যন কি বস্তু, খেল কেৱল খেল হিচাপে নল'লে কি হ'ব পাৰে, উফফফফ... ৷ বেজ্জিঅ' আগুৱাই আহিল৷ কিন্তু এয়া কি?? হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় থানবান কৰি বেজ্জিঅ'ই  ব'লটো নেটৰ ওপৰেৰে মাৰি পঠিয়ালে৷
আস কি বেদনাদায়ক আছিল সেই মুহুৰ্ত৷ বেজ্জিঅ'ই মুক হৈ আকাশলৈ চাই ৰ'ল, বৰেছিহঁত কান্দোনত ভাঙি পৰিল৷ এইফালে ডুংগা বাহিনীৰ উল্লাসৰ সীমা নাই৷ হতাশ, বিধস্ত মই কোনোমতে আহি নিজৰ ৰুম পালোহি৷ বাহিৰত ইতিমধ্যে ব্ৰাজিল চেম্পিয়ন হোৱাৰ বাবে আবতৰীয়া দেৱালী আৰম্ভ হৈ গৈছে৷ মোৰ বাহিৰে যেন সকলো ব্ৰাজিলৰ সুখৰ সমভাগী৷
আৰু মই? মই কেৱল মোৰ হিৰ'ৰ দুখ অনুভৱ কৰাৰ চেষ্টা কৰিছো৷ মই নিজে অনুভৱ কৰা দুখখিনিৰ বাবে নিজেই আছৰিত হৈছো৷ ভাবি পোৱা নাছিলো কেৱল টিভিত দেখিয়েই কেনেকৈ এজনৰ প্ৰতি ইমান আত্মীয়তা অনুভৱ কৰিব পাৰি৷ কিন্তু সেই বেদনাৰ মাজতে জন্ম লৈছিল মোৰ ফুটব'ল খেলৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ৷ সেই খেলখনে মোক ফুটব'লৰ প্ৰতি এনেকুৱা নিচা বহুৱাই দিলে যি মই আজিলৈকে উপভোগ কৰি আছো৷ ফুটব'লেই হৈ ৰ'ব মোৰ প্ৰিয় খেল৷ বিফল হলেও বেজ্জিঅ' আজিও মোৰ হিৰ', ইটালীয়েই সদায় হৈ ৰ'ব মোৰ প্ৰিয় দল৷

ধ্ৰুৱ তৰা




প্ৰৱল আত্মবিশ্বাসী ল'ৰাজনৰ সৰুৰে পৰা লক্ষ্য আছিল ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা৷ দেউতাকেও নিজৰ অপূৰ্ণ আশা পুত্ৰৰ জৰিয়তে পূৰ্ণ কৰিবলৈ আহোপুৰুষাৰ্থ কৰিছিল৷ ল'ৰাজনে সৰুৰে পৰা নিজৰ প্ৰতিভাৰ উমান দিছিল৷ বাওহতীয়া অলৰাউণ্ডাৰ হিচাপে অতি কম বয়সতে নিজকে এক সুদক্ষ ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিছিল৷ ফলস্বৰুপে চৌধ্য বছৰ নহওতেই পঞ্জাবৰ হৈ হিমাচল প্ৰদেশৰ বিৰুদ্ধে তেওঁৰ ৰঞ্জী ট্ৰফীত অভিষেক ঘটে৷ জীৱনৰ প্ৰথম ৰঞ্জী মেচতে তেওঁ ৯৪ ৰানৰ সুন্দৰ ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷

দিনবোৰ বাগৰিব ধৰিলে৷ ল'ৰাজনে ইতিমধ্যে নিজৰ চমকেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ৰঞ্জী ট্ৰফীত এহেজাৰ ৰান সম্পূৰ্ণ কৰা সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়৷ বিক্ৰম ৰাথোড়, অজয় জাডেজা আদিৰ লগত একেলগে পৰম আত্মবিশ্বাসেৰে খেলি তেওঁ ইতিমধ্যে ঘৰুৱা ক্ৰিকেটত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ ইতিমধ্যে শচীন অতি কম বয়সতে ভাৰতীয় দলৰ এক অপৰিহাৰ্য্য অংগ হৈ পৰিছিল৷ ঘৰুৱা ক্ৰিকেটত দেখুওৱা প্ৰদৰ্শনৰ সুবাদত এই ল'ৰাজনেও যে শচীনৰ পথেই অনুসৰণ কৰিব সেই বিষয়ে বহু লোকেই নিশ্চিত আছিল৷ ঘৰুৱা ক্ৰিকেটত শচীনৰ নামত থকা কিবা কিবি ৰেকৰ্ড ভঙাৰ পিছত বহুতেই ইতিমধ্যে তেওঁক শচীনৰ লগত তুলনা কৰিবলৈ লৈছিল৷

১৯৯২ চন৷ ১৮ বছৰীয়া এই বিষ্ময় বালকৰ বিক্ৰমত নিৰ্বাচক মণ্ডলীয়ে এই প্ৰতিভাক ভাৰতীয় দলক স্থান দিবলৈ চিন্তা চৰ্চা আৰম্ভ কৰিলে৷ সেই সময়ত চম্বলপুৰত দেওধৰ ট্ৰফীত উত্তৰ মণ্ডল মুখামুখি হ'ব দক্ষিণ মণ্ডলৰ৷ সেইখন খেলত ভাল প্ৰদৰ্শন কৰিলে তেওঁৰ আগন্তুক নিৰ্বাচন কৰিবলগীয়া ভাৰতীয় দলত স্থান নিশ্চিত বুলি ইতিমধ্যে খবৰ এটা ওলাইছিল৷ দক্ষিণ মণ্ডলত সেই সময়ত অনিল কুম্বলেহঁতৰ দৰে বলাৰ আছিল৷ কিন্তু ল'ৰাজনে কাকো কেৰেপ নকৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে৷ দ্বিতীয় ইনিংছত তেওঁৰ ৭৩ ৰানৰ ইনিংছটো তেওঁৰ জীৱনৰ এক অন্যতম শ্ৰেষ্ঠ ইনিংছ আছিল৷ সেই খেলখনত তেওঁ 'মেন অফ দা মেচ্' বটাও পাইছিল৷ সেইদিনাৰ প্ৰদৰ্শনৰ পিছত তেওঁ অতিশয় আনন্দত আছিল, তেওঁ জানিছিল যে ভাৰতীয় দললৈ মাত্ৰ আৰু কেইখোজমানহে বাকী৷

খেল শেষ হোৱাৰ পিছদিনাই ভাৰতীয় দল নিৰ্বাচন হোৱাৰ কথা৷ ল'ৰাজনৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন তাক কৈছিল যে ঘোষিত হ'ব লগীয়া দলত স্থান নিশ্চিত৷ সেই বিশেষ মুহুৰ্তটোত ল'ৰাজনে ঘৰৰ মানুহৰ লগত থকাটো মনেপ্ৰাণে বিছাৰিছিল৷ গতিকে সেই ৰাতিয়েই কাৰো হকা বধা নামানি তেওঁ অকলে ঘৰলৈ বুলি আহিবলৈ ওলাল৷ দলৰ সকলোৱে পিছদিনা একেলগে আহিবলৈ কোৱা স্বত্তেও নিজৰ মতত আকোৰগোজ হৈ থাকি সেই ৰাতিয়েই অকলে এখন গাড়ী ভাড়া কৰি ঘৰলৈ বুলি ওলাল৷ দলৰ সদস্য চেতন শৰ্মাৰ পৰামৰ্শ মানি তেওঁ মেচ্ ফিজ খিনি লেগ গাৰ্ডৰ ভিতৰত ভালকৈ লুকুৱাই লৈ ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলে৷

কোনে জানিছিল সেয়াই তেওঁৰ শেষ যাত্ৰা আছিল৷ অম্বালাৰ ওচৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তেওঁ চিৰদিনৰ বাবে প্ৰাণ হেৰুৱালে৷ এক সম্ভাৱনাপূৰ্ণ ভৱিষ্যত নিমিষতে শেষ হৈ গ'ল৷ পৰিয়ালে হেৰুৱালে তেওঁলোকৰ সকলো, বন্ধুবৰ্গই কেতিয়াও পাহৰিব নোৱাৰা এক বন্ধু আৰু দেশে হেৰুৱালে এক উজ্বল প্ৰতিভা৷ হয়তো অনাগত দিনৰ শচীনৰ অপেনিঙৰ সঙ্গীজনক দেশবাসীয়ে দেখাৰ আগতেই তেওঁ এক নেদেখা দেশলৈ গুছি গ'ল৷

তেওঁৰ মৃত্যুৰ কিছুবছৰ পিছত চেতন শৰ্মা তেওঁৰ ঘৰলৈ গৈছিল৷ তেওঁৰ কিটবেগটো চাই থাকোতে হঠাৎ চেতন শৰ্মাৰ চকু তেওঁৰ লেগ গাৰ্ডলৈ গ'ল আৰু অতি সাৱধানে তাৰপৰা উলিয়াই আনিলে ল'ৰাজনৰ জীৱনৰ শেষ খেলখনৰ মেচ্ ফিজ৷ কান্দোনত ভাঙি পৰি চেতন শৰ্মা তেওঁৰ ঘৰৰ পৰা ওলাই আহিল৷

আজি শচীনৰ কেৰিয়াৰৰ বিদায়বেলাত এইজন ত্ৰিকেটাৰৰ কথা বৰকৈ মনত পৰিছে৷ কোনে জানে, কালে কুটিল হাঁহি নামাৰিলে আজি হয়তো শচীনৰ লগত নন্ ষ্ট্ৰাইকাৰ এণ্ডত থাকিলেহেতেন অকালতে হেৰাই যোৱা এই উজ্বল প্ৰতিভা৷

সৰুতে শুনিছিলো কোনোবা ভাল মানুহৰ মৃত্যু হ'লে তেওঁ গৈ আকাশৰ তৰা হয়৷ যদি সেয়া সঁচা হয় তেনেহ'লে আজি নিশ্চয় তেওঁ আকাশৰ পৰা ধ্ৰুৱ তৰা হৈ শচীনৰ খেল চাই আছে৷ অকালতে মৰহি যোৱা ধ্ৰুৱ পাণ্ডৱ নামৰ শচীনৰ একালৰ প্ৰতিদ্বন্দী জনক আজি শচীনৰ কেৰিয়াৰৰ বিদায়বেলাত শ্ৰদ্ধাৰে সুৱৰিছো৷