Monday 30 September 2013

গুণী জোঁৱাই




দত্তহঁত মুম্বাইৰ পৰা ঘুৰি অহা খবৰটো শুনি শইকীয়া খবৰ এটা কৰিবলৈ ওলাল৷ দত্তনীৰ ৰিটায়াৰমেন্টৰ পিছত দত্ত-দত্তনী জীয়েক মাজনীৰ তালৈ ফুৰিবলৈ গৈছিল৷ কলিংবেল টিপাৰ প্ৰায় লগে লগেই হাঁহিমুখে দত্ত ওলাই আহিল৷

: শইকীয়া, আহক আহক৷ আবেলিকৈ আপোনাৰ তালৈ পাক এটা মাৰিম বুলি ভাবিছিলোৱেই৷
: ভালনে দত্তদা৷ মই এইমাত্ৰ গোপাল দোকানীৰ পৰা আপোনালোক অহা খবৰটো পালো, বোলো খবৰ এটা কৰি যাওঁ৷
: হেঃ হেঃ, ভালেই কৰিলে৷ ঈশ্বৰৰ কৃপাত ভালে কুশলে আহি পালো দিয়ক৷
: মাজনীৰ খবৰ ভালনে?
: আছে দিয়ক তায়ো ভালে কুশলে৷ জোঁৱাই বৰ ভাল বুজিছে, স্বৰ্গসুখত ৰাখিছে তাইক৷
: , আমাৰ মানুহজনীয়ে কৈছিল মাজনীৰ দৰাটো বৰ ভাল ল'ৰা বুলি৷
: ভাল মানে খুবেই ভাল৷ সাধি পাইছে তাই এনেকুৱা ল'ৰা৷

তেনেতে দত্তনী আহি মেলত যোগ দিলে,

: আমাৰ জোঁৱাই ৰাতুল বৰ গুণী ল'ৰা বুজিছেনে৷ গৈয়েই দেখো মাজনীৰ ঘৰ একদম ফিট ফাট৷ আমি ভাবো বোলে মাজনী কেতিয়াৰ পৰা ইমান পৰিপাটী হ'ল৷ দুদিনমান থাকিহে গ'ম পালো ৰাতুলে গোটেই ঘৰ পৰিপাটীকৈ ৰাখে৷
আৰু ঘৰো কি ঘৰ, বাপৰে৷ অৱশ্যে তাৰ তেনেকুৱা কোনো বাৰ্ডেনো নাই নহয়৷ মাক দেউতাক দুয়ো চাকৰি কৰিছিল নহয়৷ গতিকে ঘৰত খৰছ পাতি দিয়াৰ একো লেঠা নাই৷ গতিকে টকাবোৰ কিনো কৰিব, ঘৰটোকে হেঁপাহ কৰি ধুনীয়া কৰি লৈছে আৰু৷
: বৰ সুখ পালো শুনি৷ মাজনীৰ সুখেই আমাৰ সুখ, নে কি কয় দত্তদা৷

দত্তৰ উত্তৰলৈ বাট নাচাই দত্তনীয়ে আকৌ ক'ব ধৰিলে,

: হয়হে শইকীয়া, বৰ পুণ্য কৰি তেনেকুৱা জোঁৱাই পাইছো আমি৷আমি থকা কেইদিন সদায় ৰাতুলেই আমাক ব্ৰেকফাষ্ট খুৱালে৷ মাজনী শুই নুঠোতেই তাৰ ব্ৰেকফাষ্ট ৰেডী৷ তাইৰ গাটো যে বেয়া হৈ থাকে, গতিকে সি তাইক কাম কৰিলে খঙেই কৰে৷ তাই ভালপোৱা বস্তু বিধে বিধে ৰান্ধি খূৱাই তাইক৷ এনেকুৱা জোঁৱাই কেইজনে পায় হে৷
আমাৰ মাজনীৰ বেছিসময় পানীৰ লগত লাগি থাকিলে আকৌ এলাৰ্জী হয়, সেইকাৰণে কাপোৰ কানি ধোৱা মেলাৰ বাবে পাৰ্টটাইম বাই এজনী ৰাখি দিছে৷ পিছে তাই কামত বৰ ফাঁকি দিয়ে৷ গতিকে তাইৰ কাপোৰবোৰ প্ৰায় ৰাতুলে নিজেই ধুই দিয়ে৷ যি ধুনীয়াকৈ ধুৱে নহয়, দেখিলেই ভাল লাগি যায়৷ হোষ্টেলত থকা ল'ৰা বাবে সেইবোৰ কাম বৰ ভালকৈ জানে দেই৷

এইবাৰ দত্তই মাত দিলে,

: আৰু আমি যাম বুলি শুনি সি দুদিন চুটী লৈ আমাক মুম্বাইখন দেখুৱালে৷ তাৰ নিজৰ মাক দেউতাক যাওতে বোলে চুটী ল'ব নোৱাৰিলে, কিবা বোলেনে অডিট চলি আছিল৷ আমাক পিছে বৰ ভালকৈয়ে ঘুৰালে দেই৷
আমি আকৌ আহোতে একেবাৰতে ডাঙৰ বাবাৰ তাতো সোমাই আহিলো নহয়৷ ৰাতুলে একেবাৰে এয়াৰপোৰ্টত নমাই দিহে ঘৰলৈ গৈছে৷

: আপোনালোকে ডাঙৰ বাবাৰ তাতেও গৈছিল নেকি? পৰহি সিহঁতৰ যে অংকৰ মাষ্টৰ আছিল বৰা, সেই বৰাই লগ পাই তাৰ কথা সুধিছিল৷ তাৰ দৰে ভাল ছাত্ৰ বোলে আজিকালি নায়েই৷

শইকীয়াই কথাখিনি ক'বহে পালে, দত্ত গৰজি উঠিল,

: ভাল, হুহ৷ ভাল ভাল কওতে সি কাল হ'লগৈ বুজিছেনে শইকীয়া৷ বিয়া কৰাই একেবাৰে অধমৰ শাৰীত পৰিল সি৷
: এনেকৈ কলে যে দত্ত দা? কি হ'লনো ডাঙৰ বাবাৰ?
: কি ক'ম শইকীয়া, ইমান দৰমহা পাই সি৷ ঘৰত আমাক এক নয়া পইছা দিবলৈ তাৰ হুছ নাই৷ এইফালে সি তাতে যি দালান উঠাইছে নহয়, আপোনাক কি ক'ম আৰু৷

এইবাৰ দত্তনীয়ে মাত দিলে,

: আৰু তাৰ এই ঘৈণীয়েকজনীযে হৈছে নহয়৷ দিনটো কাম বন নাই, কেৱল টিভিৰ আগত৷ তাইৰ বোলে কিবা বেমাৰ, জানো নহয় চব ফাঁকি তাইৰ৷
বেচেৰা আমাৰ ডাঙৰ বাবাক দি সকলো কাম কৰাই৷ ব্ৰেকফাষ্ট ৰেডী কৰাৰ পৰা ঘৰ চাফা কৰালৈ সকলো সি কৰিব লাগে৷

এইবাৰ আকৌ দত্তই আৰম্ভ কৰিলে,

: অকল তাইক দোষ দি লাভ নাই৷ আমাৰ সি জানো ক'ম৷ আমাক চহৰখন দেখুৱাবলৈ তাৰ সময় নহ'ল৷ অফিচত কোনোবা বছ আহিছে বোলে৷ হেৰৌ, আমি চাকৰি কৰি কৰি চুলি পকালো৷ আমাক শিকাবলৈ আহে সি৷ কেতিয়াবা খং উঠিব,মাটি বাৰী গোটেইবোৰ মাজনীৰ নামত লিখি দিম বাপ্পেকে,তেতিয়া ঘৰলৈ দৌৰি আহি তত নাপাব৷ চিনি পোৱা নাই মোক সি৷
শহুৰেকহঁতক কিন্তু ঠিকেই ফুৰাইছিল সি৷ এলবামত দেখিছো নহয় মই৷

কথাখিনি কৈ দত্ত দপদপাই উঠি গ'ল৷ এইফালে দত্তনীয়ে উচুপিবলৈ ধৰিলে৷ শইকীয়াই অলপ অপ্ৰস্তুত হৈ ক'লে,

: বৌ কি কৰিছে৷ নাকান্দিবছোন, ঠিক হৈ যাব দিয়ক সকলো৷ চিন্তা নকৰিব৷
: ( উচুপি উচুপি) নহয়হে শইকীয়া, আপুনি মোৰ দুখ নুবুজিব৷ হাজাৰ হ'লেও মোৰেই পো৷ তাই মোৰ ল'ৰাটোক বেয়াকৈ হাত কৰিলে৷
আপোনাক বিশ্বাসী মানুহ বুলি মনৰ দুখৰ কথা খুলি কৈছো৷ আছল কথাটো মই এওক ভয়তে কোৱাই নাই৷ আপোনাকে কৈ দুখ পাতলাও৷ আপুনি কিন্তু ভুলটো কাকো নক'ব দেই৷

: চিন্তা নকৰিব বৌ, মই কাকোৱেই নকও৷ কি কথা কওকচোন৷

দত্তনীয়ে শইকীয়াৰ ওচৰলৈ গৈ ফুচফুচাই ক'লে,

: জানেনে শইকীয়া, সি তাইৰ মেখেলাও ধুৱে৷

উচুপনি কেতিয়ানো গৈ কান্দোন হ'ল শইকীয়াই ধৰিবই নোৱাৰিলে৷
( প্ৰান্তিকৰ বহু পুৰণি সংখ্যা এটাৰ ‘দৈনন্দিন’ শিতানৰ লিখনী এটাৰ ছাঁ লৈ)

Saturday 28 September 2013

পূজাৰ কাপোৰ


দূৰ্গা পূজা সমাগত৷ পূজা বুলিলে আজিকালি বিশেষ একো উৎসাহ অনুভৱ নকৰো৷ কেইটামান বন্ধৰ দিন আৰু ঘৰৰ সকলোকে এদিন পূজা দেখাবলৈ নি যান জঁটত তৌবা তৌবা দেখা, বৰ্তমান এয়েই মোৰ পূজা বুলিলে অনুভৱ৷

কিন্তু আগতে পূজা বুলিলে এক বিৰাট উৎসাহ৷ কিমান দুৰৰ ঠাইলৈ যে খোজ কাঢ়ি কাঢ়ি পূজা চাবলৈ গৈছিলো৷ ভাগৰ বুলি একো অনুভৱেই নহৈছিল৷ জিলাপী, গজা, চপ... কি যে দিন আছিল সেইবোৰ৷

পূজাৰ সৈতে জড়িত সৰুকালৰ এক স্মৃতি আজি মনলৈ আহিছে৷ মোৰ বয়স চাগে তেতিয়া সাত-আঠ বছৰ মান আছিল৷ পূজাৰ আগে আগে মই আৰু দাদাই মিলি দেউতাক অতীষ্ঠ কৰি তুলিছিলো৷ কাৰণ এটাই, নতুন কাপোৰ লাগে দুয়োকে৷ আমাৰ খেচখেচনিত দেউতাই আমাক লৈ গনেশগুৰিলৈ ওলাল৷ কিবা কাৰণত মা নগ'ল৷

মহা আনন্দেৰে আমি দুয়ো ভাই নাচি বাগি দেউতাৰ লগত গনেশগুৰি পালো৷ যিমানদুৰ মনত পৰে এতিয়াৰ বি·কে টাৱাৰৰ ওচৰৰ ঠাইখিনিত থকা এখন দোকানত আমি সোমালো৷ দুয়োৰে দুজোৰ কাপোৰ পচন্দ হ'ল৷ দেউতা হ'ল শান্ত শিষ্ট মানুহ৷ তেওঁৰ পচন্দ নহলেও আমাক হকা বধা নকৰিলে৷আমি দুয়ো নতুন কাপোৰ লৈ আনন্দত আত্মহাৰা৷ দুয়ো ঠিক কৰিলো নতুন কাপোৰ পিন্ধি ঘৰলৈ যাম৷ দেউতাৰ কোনো আপত্তি নৰজিল, দুয়ো তাতেই নতুন কাপোৰ পিন্ধি ঘৰলৈ ওলালো৷

বাছত উঠি ঘৰলৈ গলো৷ বাছৰ পৰা নামি ঘৰলৈ যোৱা বাটত চিনাকী সকলোকে নতুন কাপোৰ দেখুৱালো৷ ঘৰ পাই মাক দেখুৱাবলৈ পিছফালৰ পৰা সাবট মাৰি ধৰিলো৷ মায়ে মৰমেৰে মোৰ ফালে ঘুৰি চালে৷ মোলৈ চায়েই মমতাময়ী মাতৃদেৱী খঙত জ্বলি পকি উঠিল৷ এবাৰ দেউতাক, এবাৰ মোক পাল পাতি গালি দিবলৈ ধৰিলে৷ মই হতবাক, ইমান ধুনীয়া কাপোৰজোৰ৷ মইতো নিশ্চিত যে এইবাৰ পূজাত লগৰ সকলোৱে মোক ঘুৰি ঘুৰি চাব৷ কিন্তু মাৰ কি হ'ল? অলপ মডাৰ্ণ বাৰু কাপোৰজোৰ, কিন্তু তাতে ইমান আপত্তি কৰিবলগীয়া কি আছে বুজি নাপালো৷

অলপ পিছতে মায়ে দেউতাক কলে সেইজোৰ বদলাই নতুন এজোৰ অনাৰ৷ দেউতাই গুৰুত্ব নিদিয়া দেখি মা নিজেই ওলাল৷ ইফালে মই কান্দি কাটি হায়ৰাণ, কোনো মতে ঘুৰাই নিদিও কাপোৰজোৰ৷

শেষত মায়ে দুই চৰ বহাই মোক চোচৰাই নি ৰিক্সা এখনত উঠাই গনেশগুৰিলৈ লৈ গ'ল৷ দোকানখনলৈ নি দোকানীৰ লগত মোক হেঁচা মাৰি ধৰি কাপোৰজোৰ খোলালে আৰু এজোৰ অতি সাধাৰণ কাপোৰ মোক দি ঘৰলৈ লৈ আহিলে৷গোটেই ৰাতি কান্দিলো৷ মনৰ বেজাৰত সেইবাৰ পূজা চাবলৈও নগলো৷ কিছুদিনলৈ বৰ মনত পৰি থাকিল কাপোৰজোৰৰ কথা৷

পাহৰিয়েই গৈছিলো শৈশৱৰ সেই ঘটনা৷ আজি পূজাৰ বতৰত মনত পৰি গ'ল৷ সেই পুৰণা স্মৃতি ৰোমন্থন কৰিবলৈ এতিয়া লেপটপটো খুলি লৈছো, ইংলিছ মুভি নামৰ ফোল্ডাৰটোত চিনেমা এখন বিছাৰি আছো৷ এয়া,পাই গলো চিনেমাখন৷ভাত খাই উঠি চিনেমাখন চাম আৰু নিজকে আকৌ এবাৰ মায়ে পিন্ধিবলৈ নিদিয়া পোচাকজোৰত কল্পনা কৰি চাম৷ অ, চিনেমাখনৰ নামটো কবলৈ পাহৰিছিলোৱেই৷ চিনেমাখন হৈছে 'চুপাৰমেন ৰিটাৰ্ণচ্'৷

কাপোৰজোৰ কি আছিল অনুমান কৰিছেই চাগে৷

Monday 23 September 2013

চিনাকী অচিনাকী


: আৰে কি খবৰ? ক'ত আজিকালি? ইয়াত কেনেকৈ?
: এই চলি আছে আৰু৷ ভালনে? কইনা মোৰ পত্নীৰ সম্পৰ্কীয় , সেই সুত্ৰেই মই বিয়াঘৰত৷

চকীৰ পৰা হাঁহি মাৰি উঠি গৈ আগন্তুকক হেণ্ডশ্বেক কৰিলো৷ মগজুত যিমান পাৰো জোৰ দিছো, খুব চিনাকী চেহেৰা, ক'ত দেখিছিলো বাৰু? মোৰ বয়সৰে হ'ব যেন লাগিছে৷

: বহুত বছৰৰ মূৰত লগ পালো দেই৷
: অ, বহুত বছৰেই হ'ল৷

টাইম মেছিমত উঠি উধাই মুধাই চাৰিওফালে অতীতত ঘুৰি ফুৰিছো, নাই কতো পোৱা নাই এই ব্যক্তিক৷ স্কুল নে কলেজ? কোনোবা আত্মীয়? শহুৰৰ ফালৰ কোনো নহয়তো?

এইবোৰ ভাবি থাকোতেই তেওঁ আকৌ মাত দিলে,

: বি কম পাছ কৰাৰ পিছত চাগে আজিয়েই লগ পালো৷

ইয়েচ- মনত পৰিল৷ কলেজত আমি একেলগে আছিলো, হোস্টেলত আছিল যিমান দুৰ মনত পৰে৷ এখন্তেক ভাবি মাত লগালো,

: দহ বছৰৰ বেছি হ'ল লগ নোপোৱা৷ এটা দশক, কম দিন নহয় দেই৷

তুমি নে তই??? আকৌ টাইম মেচিনত উঠি ল'লো৷ কলেজৰ ক্লাছৰুম, কমন ৰুম, কেন্টিন,আড্ডা সকলোতে এপাক মাৰি আহিলো৷ নাই,সকলোৱে ভেঙুচালি কৰি ঘূৰাই পঠিয়ালে৷ হ'ব একো নাই চম্ভালি ল'ম৷

: পিছে, চাকৰি নে ব্যৱসায় আজিকালি?
: চাকৰি ভাই, কোম্পানী এটাত কৰো৷ তই পিছে?

আস কি শান্তি৷ তই- ঠিক ঠিক, তই বুলিয়েই মাতিছিলো ইয়াক৷

: ময়ো চাকৰিয়েই কৰো দে৷

তাৰ পিছত তাৰ লগত বিভিন্ন আড্ডা৷ বহু ঠাইত ফচিব খোজো, আকৌ চেঙেলী মাছৰ দৰে ওলাই আহো৷ কলেজ, আড্ডা, পুৰণা প্ৰেম ইত্যাদি বিভিন্ন কথা ওলাল৷

লাহে লাহে তাক মনত পৰি আহিছে৷ কিন্তু নামটো কোনোমতে মনত নপৰে৷ স্মৃতিশক্তিয়ে বৰ বেয়া সময়ত লগ এৰা দিলে নহয়৷

মনত পৰিছে, সি আমাৰ ক্ৰিকেট দলৰ মুখ্য বলাৰ আছিল৷ আমি তাৰ ৱাছিম আক্ৰাম বুলি মাতিছিলো৷ আক্ৰাম? নে ইউনিছ বুলি মাতিছিলো তাক? মনত নপৰা হ'ল নহয়, নে আকিব জাভেদ বুলি মাতিছিলো? ধুৰৰ, নিজৰ ওপৰতে চুড়ান্ত খং উঠি গৈছে৷

মনত পৰিছে ইয়াৰ এজনী স্নিগ্ধা বুলি প্ৰেমিকা আছিল,তাইৰ কথা সোধো নেকি? অ স্নিগ্ধা নহয় সন্ধ্যা হে আছিল নেকি? ধেইত, আজি মোৰ কি হৈছে বাৰু? একোৱেই মনত পৰা নাই৷

: ঘৈণীয়েৰৰ লগত চিনাকী কৰাই দে আকৌ৷

এইবাৰহে সমস্যাত পৰিলো, চিনাকী কৰাই দিলে নামটো কবই লাগিব, কি কৰো এতিয়া?ভিতৰলৈ গৈ পত্নীক বিছাৰি পালো, গোটেই সমস্যাটো বুজাই ক'লো৷ তেওঁ বুদ্ধি দিলে,

: এই সৰু কথাটোতে ইমান টেনশ্যন? তোমাৰ বন্ধু কোম্পানীত চাকৰি কৰে যেতিয়া ভিজিটিং কাৰ্ড থাকিবই চাগে৷ ফোন নম্বৰ লোৱাৰ বুদ্ধি কৰি কাৰ্ডখন খুজি লোৱা৷ তোমাৰ ফোনটো কিবা বেয়া হৈছে কাৰণে ছেভ কৰি ল'ব নোৱাৰা বুলি কোৱা৷ তুমি কাৰ্ডখন লৈ মোক ইংগিতেৰে মাতিবা, তাৰ পিছত মই যাম৷

ফাটাফাটি আইদিয়া, মৰমেই লাগি গ'ল পত্নীলৈ৷ তেজপুৰীয়া ব্ৰেইন৷ ক'ম কথাত তেজপুৰীয়া বিয়া পাতিছোনে৷

এইবাৰ বীৰদৰ্পে গলো৷ মিচন চাকছেচফুল৷ মক্কেলটোৰ নাম বিক্ৰম আছিল৷ ৷ হিন্দী চিনেমাত হিৰোৰ স্মৃতিশক্তি ঘুৰি অহাদি মোৰো সকলো কথা মনত পৰি গ'ল, একেবাৰে 'জব তক হ্যে জান'ৰ শ্বাহৰুখ খানহে যেন মই৷ তাৰ প্ৰেমিকাৰ নাম সুৰভিহে আছিল দেই৷

ইংগিতেৰে পত্নীক মাতিলো৷

: হেৰা, এয়া বিক্ৰম দেই৷ কলেজৰ খাচ দোস্ত৷
: নমস্কাৰ৷

বিক্ৰমেও প্ৰতি নমস্কাৰ দিলে৷ সাধাৰণ কথা বাৰ্তা হোৱাৰ পিছত মোৰ পত্নীক সুধিলে,

: আপোনাৰ মাৰ ঘৰ ক'ত পিছে?
: তেজপুৰ৷

তেজপুৰ৷ এখন্তেক ভাবি বিক্ৰমে মোক ক'লে,

: সেইদিনা আমাৰ লগৰ ৰিদিপক পাইছিলো,আজিকালি সি তেজপুৰত থাকে নহয়৷ জাননে নাই?
: অ, গম পাওঁ৷ ফেচবুকত তাৰ লগত কথা হয় মাজে মাজে৷
: ৰিদিপে সেইদিনা ক'লে, আমাৰ লগৰ অমিতাভে বোলে তেজপুৰত বিয়া কৰাইছে৷

বেণ্ডপাৰ্টী বাজি উঠিল৷ ভাগ্য ভাল মোৰ পত্নীয়ে পিছফালে খুকখুককৈ মৰা হাঁহিটো বিক্ৰমে নুশুনিলে৷

জিচিচি কনফেশ্যন পেইজ



জিচিচি কনফেশ্যন পেইজ৷ ফেচবুকত চলি থকা হাজাৰ হাজাৰ কনফেশ্যন পেজৰ এটা৷ কোনো বিশেষত্ব নথকা এটা পেইজ৷ গুৱাহাটী কমাৰ্চ কলেজৰ নাম প্ৰকাশ কৰিবলৈ ভয় কৰা ছাত্ৰ ছাত্ৰীৰ পেনপেনীয়া প্ৰেম নিবেদন, গালি গালাজ, শিক্ষকক দিয়া গালিৰ বাবে উপযুক্ত ঠাই হ'ল এই পেইজ৷

কস্তুৰী গুৱাহাটী কমাৰ্চৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী৷ দেখিবলৈ ধুনীয়া বাবে মাহত গড় হিচাপত তাইক প্ৰেম নিবেদন কৰি দুটামান প্ৰেমৰ প্ৰস্তাৱ সেই পেইজটোত পোষ্ট হয়৷ আগতে তাইৰ নামত সেইবোৰ পোষ্ট হ'লে তাই খঙত একোনাই হৈ পৰিছিল৷ গালি শপনি পাৰি কমেন্ট হিচাপে পোষ্ট কৰিছিল৷ এতিয়া পিছে তাই সেইবোৰ বাদ দিছে৷ কিমান আৰু গালি দিব৷ আৰু সেইকেইটাৰ যিহেতু সম্মুখত আহি প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ সাহসেই নাই, গতিকে সিঁহতক গালি পাৰি শক্তি ক্ষয় কৰাহে কথা৷

যোৱা এসপ্তাহৰ পৰা ধাৰাসাৰ কস্তুৰীৰ নামত পোষ্ট আহি আছে৷ কনফেশ্যন একেজনেই কৰি আছে৷ কিন্তু এইবাৰ প্ৰেম নিবেদন কৰাৰ ষ্টাইলটো অলপ বেলেগ৷ মন চুই যোৱা কবিতা কিছুমানেৰে মনৰ ভাব প্ৰকাশ কৰিছে৷ তথাপি কস্তুৰীয়ে পাত্তা দিয়া নাই৷ অকল কবিতা পঢ়িয়েইটো ভাল পোৱা নহয়৷ তাৰোপৰি তাই ক'ব নোৱাৰাকৈয়ে চাগে ৰথী দাক ভাল পাই পেলাইছে৷

ৰথী দা, আছল নাম ৰনীল বৰুৱা৷ যোৰহাটৰ পৰা কস্তৰীহঁত গুৱাহাটীলৈ বদলি হৈ অহাৰ পিছত সিহঁত দুবছৰ মান ৰথীদাহঁতৰ ঘৰত ভাড়াত আছিল৷ বয়সত ৰথী দুবছৰমান ডাঙৰ হ'লেও অতি সোনকালে সিহঁত ভাল বন্ধু হৈ পৰিছিল৷ কলেজত ৰথীদা তাইতকৈ দুবছৰ চিনিয়ৰ আছিল৷ বৰ্তমান সি কলেজীয়া শিক্ষা সমাপ্ত কৰি মুম্বাইত কৰ্মৰত৷ তাই ৰথীৰ আগত সকলো কথা কয়, কলেজৰ সৰু কথাৰ পৰা আৰম্ভ কৰি পঢ়া শুনালৈ সকলো৷ কেৱল তাইৰ মনত তাৰ প্ৰতি থকা ভাৱৰ কথা কবলৈ গৈ তাই ৰৈ যায়৷ যদি সি তাইক ভাল নাপায়? যদি তাইৰ এই কামৰ ফলত সিহঁতৰ দুই ঘৰৰ মাজত থকা সু সম্পৰ্ক শেষ হৈ যায়? তাৰোপৰি তাই খবৰ পাইছে, একে অফিচত কাম কৰা লীনা বুলি এজনীৰ লগত তাৰ আত্মীয়তা বাঢ়ি আহিছে৷ তাক সুধিলে সি অৱশ্যে কেৱল ভাল বন্ধু বুলিয়েই কয়৷ কিন্তু তাই ঠিক জানে, এনেকৈয়ে টো সম্পৰ্কবোৰ আৰম্ভ হয়৷

কনফেশ্যন পেইজত আজি হুলস্থূল কাৰবাৰ৷ আজি কস্তুৰীৰ প্ৰেমিকে নিজৰ নাম সহ কনফেশ্যন পোষ্ট কৰিছে৷ কস্তুৰীয়ে কলেজৰ পৰা ঘৰলৈ গৈ থাকোতেই খবৰটো পালে৷ ঘৰ গৈয়েই ফেচবুক খুলি পোষ্টটো চালে ইতিমধ্যে দুশমান লাইক আৰু এশ বাৰটা কমেন্ট পৰিছেই৷ কোনোবা সিদ্ধাৰ্থ গোস্বামী৷ ফেচবুকত বিছাৰি চালে কস্তুৰীয়ে, অ... বপুৰা দেখোন তাইৰ ফ্ৰেইণ্ড লিষ্টতে আছে৷ ভালকৈ চাই দেখিলে সিঁহতৰ ক্লাছৰে ল'ৰা এটা৷ তাইৰ লগত কথা বাৰ্তা নাই, একে ক্লাছৰ বাবে তাৰ ৰিকুৱেস্ট একচেপ্ট কৰি থৈছিলে চাগে তাই৷ ধনী ঘৰৰ ল'ৰা হ'ব চাগে৷ প্ৰ'ফাইল দেখি তেনেকুৱাই লাগিছে৷ ল'ৰাটোৰ সাহসটো ক'ম নহয়, কালি তাক কলেজত গৈ দিব লাগিব৷

ৰাতি তাই ভাতখাই উঠি ফেচবুক খুলি বহি আছিল৷ তেনেতে চাট বক্সত ৰথীৰ মেছেজ আহিল,
: কি কৰিছ ছোৱালী?
: এনেই আছো অ৷
: আজিকালি দেখোন তই কনফেশ্যন পেইজত হিট৷
: হাঃ হাঃ, তয়ো আছ নেকি সেই ষ্টুপিদ পেইজটোত?
: কোন পিছে সেই সিদ্ধাৰ্থটো৷
: আমাৰ ক্লাছৰে, দেখাত খুব ঠাণ্ডা মুণ্ডা৷ কিন্তু তলে তলে যে পকি আছে আজিহে গম পালো৷
: ঠিক আছে দে, এইবোৰ অলপ চাই চিতি কৰিবি৷ প্ৰপ'জ কৰিলে বুলিয়েই একচেপ্ট কৰি নিদিবি৷
: কি যে কৈ থাক' নহয়৷ কোনোবাই প্ৰপ'জ কৰিলেই মই ইয়েচ ক'ম নেকি? আৰু তাৰ আগতে তোক কৈ ল'ম দে৷ হ'?
: হিঃ হিঃ, মোক নকলেওঁ নাই বাৰু, কেৱল মলুৱা এটা পচন্দ নকৰিবি৷
: আৰু লীনাৰ কি খবৰ? ঘৰত কলিনে নাই তাইৰ কথা?
: 'ই তোক মই কেইবাৰ ক'ম আমি কেৱল বন্ধু৷ আৰু বেলেগ একো নাই৷
: হৈছে৷ মোৰ জনা আছে৷ বাই দা ৱে, তোৰ প্ৰিয় বান্ধৱীয়ে মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে৷ একচেপ্ট কৰি দিলো আজি৷
: ভালেই কৰিলি৷ এতিয়া মই এৰো
দেই, কাইলৈ পুৱাই ট্যুৰত ওলাম৷
: ঠিক আছে৷ লীনাৰ লগত মেছেজ কৰি নাথাকিবি পিছে৷ হিঃ হিঃ৷

পিছদিনা পুৱা কলেজ পায়েই সিদ্ধাৰ্থক দেখা পালে তাই৷ তাইক দেখিয়েই একেবাৰে ফিল্মী ষ্টাইলত সি তাইক প্ৰপ'জ কৰিলে৷ তাই সকলোৰে আগত অপ্ৰস্তুত হৈ পৰিল৷ কোবাকুবিকৈ তাই ক্লাছলৈ লৰ ধৰিলে৷

আবেলি কলেজৰ পৰা বাহিৰে বাহিৰে তাই টিউশ্যনলৈ গ'ল৷ এয়া কি,টিউশ্যনটো দেখোন বপুৰা হাজিৰ৷ চাৰে চিনাকী কৰি দিলে টিউশ্যনৰ নতুন ছাত্ৰ বুলি৷ ভমককৈ খংটো মূৰলৈ উঠি আহিল তাইৰ৷

ৰাতি ফেচবুক খুলিও একেই, ইনবক্সত তাৰ এগালমান মেছেজ,লেপটপ বন্ধ কৰি শুই গ'ল তাই৷

লাহে লাহে দিনবোৰ আগুৱালে৷ তাই তাক এদিন ভালকৈ বুজাই দিলে যে তাইৰ ফালৰ পৰা একো নাই,গতিকে সি মিছাতে এইবোৰ কৰি একো লাভ নাই৷ কেৱল বন্ধু হৈ থাকিলে তাইৰ আপত্তি নাই৷

সময়ত দুয়ো ভাল বন্ধু হৈ পৰিল৷ একেলগে টিউশ্যন,কলেজ, চিনেমা আদিলৈ দুয়ো একেলগে যোৱা কৰিলে৷ ক'ব নোৱাৰাকৈ অতি সংগোপনে সিদ্ধাৰ্থে তাইৰ হৃদয়ত নিজৰ স্থান নিগাজী কৰি ল'লে৷

ৰথীৰ লগত তাইৰ কথা বতৰা আগৰ দৰে চলি থাকিল৷ তাই ৰথীক সকলো কথা কলেও সিদ্ধাৰ্থৰ কথা নক'লে৷ ক'ব ললেই কিবা সংকোচবোধে তাইক হেঁচি ধৰে৷ তাতে আজিকালি লীনায়ো তাইক খুব মেছেজ দিয়ে৷ সিহঁত দুয়োৰে সম্পৰ্কও চাগে ভালেখিনি আগবাঢ়িছে৷

বছৰ বাগৰিল৷ কস্তুৰীয়ে এম কম কৰি জুনিয়ৰ কলেজ এখনত চাকৰি পালে, সিদ্ধাৰ্থে অষ্ট্ৰেলিয়াত এম বি এ কৰি আহি এটা খুব ভাল কোম্পানীত সোমাল৷ লাহে লাহে দুয়ো ঘৰত কথাটো জনালে, ঘৰত আপত্তি কৰাৰ কোনো কথা নাছিল৷ দুয়ো ঘৰেই আনন্দৰে মান্তি হ'ল৷ অহা নৱেম্বৰত দুয়োৰে বিয়া৷

আজি কস্তুৰী বহুত সুখী৷ আজি তাইৰ প্ৰাৰ্থনা ভগৱানে শুনিলে৷ ৰাতি বহুদিনৰ মুৰত তাই ফেচবুক খুলি ষ্টেটাচ আপডেট কৰিলে,

" ইন এ ৰিলেচনছিপ উইথ সিদ্ধাৰ্থ গোস্বামী "৷

মুহুৰ্ততে লাইক, কমেন্টেৰে ফেচবুক ভৰি পৰিল৷ তাই সকলোকে ধন্যবাদ জনাই শুবলৈ লওতেই ৰথীৰ ফোন আহিল,

: হেল্ল'
: কি আপডেট দিলি এইটো? তই চিৰিয়াচ নে?
: অ৷
: আমি সৰুৰে পৰা একো নুলুকুৱাকৈ সকলো কথা পাতি আহিছো,তই ইমান ডাঙৰ কথা এটা লুকুৱালি যে?
: তোক কেনেকৈ কওঁ ভাবিয়েই নাপালো অ', বেয়া নাপাবি প্লিজ৷ আৰু তয়োতো মোক লীনাৰ কথা কোৱা নাই৷ হিচাপ বৰাবৰ৷
: লীনাৰ লগত মোৰ একো নাই ৷ বিশ্বাস কৰ৷
: ৱাহ কি টেলিপেথি, লীনাৰ কথা কওঁতেই তাইৰ ফোন ৱেইটিংত, ৰহ মই তাইৰ ফোনটো ধৰি লওঁ৷
: পিছত ধৰিবি তাইৰ ফোন, আগতে মই শেষ কৰি লওঁ৷ সিদ্ধাৰ্থ ল'ৰাটো জানো ভাল? তয়েই দেখোন কৈছিলি ঠিক নহয় ল'ৰাটো৷ অহংকাৰী, বদমাছ ইত্যাদি৷ হঠাৎ বদলি গলি যে তই?
: নহয় অ', সি ল'ৰাটো খুবেই ভাল৷ প্ৰথম মই তাক ভুল বুজিছিলো৷ এতিয়াহে জানিছো সি কিমান ভাল ল'ৰা৷ তই এবাৰ লগ পালেই বুজিবি৷ মই এতিয়া তাক এৰি থকাৰ কথা ভাবিবই নোৱাৰো৷ নৱেম্বৰত বিয়াৰ দিন ঠিক হৈছে৷ তই দুদিনমান আগতে আহিবি কিন্তু, তাৰ লগত তোক চিনাকী কৰাই দিব লাগিব নহয়৷
: নৱেম্বৰত মই নোৱাৰিম দে৷ অফিচৰ কামত ডুবাইত থাকিম৷
: সেইবোৰ মই নাজানো৷ তই আহিবই লাগিব৷
: চাওঁ দেছোন৷ অ'ই এতিয়া ফোন ৰাখিছো৷ জৰুৰী কাম এটা আছে৷
: ঠিক আছে৷ গুড নাইট৷

ফোনটো ৰাখিয়েই ৰথীয়ে লগে লগে লীনালৈ ফোন লগালে৷

: অ ৰনীল কোৱা৷
: তাইক কিয় ফোন কৰিছিলা?
: এনেই৷ আগে পিছে কৰো কেতিয়াবা তাইক ফোন৷
: লীনা, মই ভালকৈ জানো তুমি তাইক কিয় ফোন কৰিছিলা৷ তাই যাতে একো গম নাপায়৷ তোমাক মোৰ শপত৷
: কিন্তু কিয় ৰনীল? তুমি ভালকৈ জানা যে সেই ল'ৰাটো ভাল নহয়৷ তেনেহ'লে কিয়?
: চোৱা লীনা, তাই এতিয়া তাক গভীৰভাবে ভাল পায়৷ মই মাজত সোমাই একো খেলিমেলি কৰিব নিবিছাৰো৷ তুমি তাইক একো নকবা কিন্তু৷

তাই যেন ভুলটো গম নাপায় শেষৰ কনফেশ্যনটো বাদ দি বাকী গোটেইকেইটা মই পোষ্ট কৰিছিলো৷

মই একো নোকোৱা বাবে সিদ্ধাৰ্থে মোৰ কাপুৰুষালিৰ সুবিধা ল'লে৷ চলে বলে হ'লেও এই যুঁজত সিয়েই জয়ী৷

ৰথী, বেটাৰ লাক নেক্সট টাইম.....

জীৱনৰ নিমিলা অংক



চাওঁতে চাওঁতে ৰোহিত অষ্টম শ্ৰেণী পালে৷ ইতিমধ্যে বিভিন্ন বাতৰি কাকত, আলোচনীত ৰোহিতৰ বিভিন্ন লেখা প্ৰকাশ পাইছিল৷ ফলস্বৰুপে ৰোহিত বিদ্যালয়ত এক চিনাকী নাম হৈ পৰিছিল৷ পঢ়াৰ লগতে বাহিৰা দিশটো সি দেখুওৱা পাৰদৰ্শিতাৰ বাবে সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিছিল৷

ছেবাৰ নিয়ম অনুসৰি অষ্ঠম শ্ৰেণীত সকলোৱে ঐচ্ছিক বিষয় এটা ল'ব লাগে৷ ৰোহিতৰ মন আছিল বুৰঞ্জী লোৱাৰ৷ কিন্তু কথাটো ঘৰত কোৱাৰ লগে লগে তাৰ দেউতাক গৰজি উঠিল৷ ৰোহিত সৰু থকাৰ পৰা তেওঁলোকে সপোন দেখিছে তাক ডাক্তৰ নহলে ইঞ্জিনিয়াৰ কৰাৰ,আৰু আজি সি বুৰঞ্জী লৈ তেওঁলোকৰ আশাভঙ্গ কৰিব বিছাৰিছে৷ উচ্চ গণিত নপঢ়িলে পিছলৈ বিজ্ঞান শাখাত সি কেনেদৰে পঢ়িব আৰু বিজ্ঞান নপঢ়িলে কেনেকৈ সি তেওঁলোকৰ আশা কেনেকৈ পুৰণ কৰিব?ৰোহিতৰ মাক ডাক্তৰ, দেউতাক ইঞ্জিনিয়াৰ৷ তেওঁলোকৰ ল'ৰা হৈ সি যদি কলা বা বাণিজ্য শাখাত পঢ়ে, তেওঁলোকে দেখোন চছাইটীত মুখ দেখুৱাব নোৱাৰিব৷ গতিকে ৰোহিতৰ কোনো কথাই নৰজিল, তাক জোৰ কৰি উচ্চ গণিত ল'বলৈ বাধ্য কৰোৱা হ'ল৷

অংক কোনোদিনেই ৰোহিতৰ পচন্দৰ বিষয় নাছিল৷ কিন্তু সৌভাগ্য নে দুৰ্ভাগ্য নাজানো,তাৰ বহীবোৰত অংকৰ হিচাপবোৰ প্ৰায় সদায়েই মিলিছিল৷ পৰীক্ষা নামৰ মূল্যায়ন পদ্ধতিটোৱেও তাক অংকত কেঁচা বুলি প্ৰতিপন্ন কৰিবলৈ টান পাইছিল৷

তাৰ প্ৰিয় বিষয় আছিল সাহিত্য আৰু বুৰঞ্জী৷ কিন্তু অতি দুখৰ বিষয়, ভাৰতীয় মনস্তত্ব মতে এজন ছাত্ৰ বা ছাত্ৰীক তেতিয়াহে সাহিত্য আদি মুখ্য বিষয় হিচাপে পঢ়িবলৈ দিয়া হয় যেতিয়া তেওঁ অংক আয়ত্ব কৰিবলৈ অসমৰ্থ হয় আৰু সেই অসমৰ্থতাক তেওঁৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কচিটখনত চীল মোহৰ মাৰি দিয়ে৷ " ছোৱালী জনে অংকত কেঁচা বুজিছেনে,আৰ্টচতেই দিম দিয়ক" বা " এই অংক-চংক মোৰ দ্বাৰা ন'হব, মই আৰ্টচেই পঢ়িম", এইবোৰ সচৰাচৰ মেট্ৰিকৰ ৰিজাল্টৰ পাছত শুনা কথা৷ ব্যতিক্ৰম নিশ্চয় আছে, কিন্তু সেয়া বহুত ক'ম৷

গতিকে ৰোহিতেও উচ্ছ গণিত ঐচ্ছিক বিষয় হিচাপে লৈ ডাক্টৰ-ইঞ্জিনিয়াৰ হোৱাৰ সেই প্ৰচলিত যুঁজখনত ভৰি দিলে৷ আৰম্ভ হ'ল বেলেগক পিছ পেলাই আগুৱাই যোৱাৰ যুঁজ৷ গ্ৰন্থমেলাত কিনা "অসীমত যাৰ হেৰাল সীমা"খন আলমাৰীত ভৰাই থৈ তাৰকেশ্বৰ চৌধুৰীৰ উচ্চ গণিত খনৰ অংক সমাধান কৰাৰ যুঁজ৷ মনেৰে অংক ভাল নাপালেওঁ, সি মাক দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা ল'ৰা নাছিল৷ গতিকে সি দেহে কেহে খাটিছিল মেট্ৰিকৰ আশাপ্ৰদ ফলাফলৰ বাবে৷

মেট্ৰিকত সি ভালেই কৰিলে৷ অসমীয়া,ইংৰাজী, গণিত আৰু উচ্চ গণিতত লেটাৰ পালে সি৷ অৱধাৰিত ভাবে ৰোহিত আহি কটন কলেজ পালেহি৷ কটনত ইতিমধ্যে তাৰ সহপাঠীবোৰৰ মাজত আৰম্ভ হৈ গৈছে এক দৌৰ৷ এই দৌৰ নিজকে প্ৰতিষ্ঠা কৰাৰ দৌৰ৷ অফ পিৰিয়দৰ আড্ডাটো সকলোৰে কেৱল ভৱিষ্যতৰ কল্পনাৰ কথা৷ ৰাতিপুৱা টিউশ্যন,দিনত কলেজ, গধুলি কোচিং কৰি ৰোহিত যেতিয়া ঘৰ সোমাই তেতিয়া তাৰ নিজৰ বাবে অলপো সময় নাথাকে৷ সেই স্কুলীয়া দিনৰ ৰোহিত যেন কৰবাত হেৰাই গ'ল৷ ক'ব নোৱাৰাকৈ অংক তাৰ প্ৰিয় বিষয় হৈ পৰিল আৰু সাহিত্য আদিক মুখ্য বিষয় লৈ পঢ়াবোৰক সি অলপ হীন চকুৰে চোৱা আৰম্ভ কৰিলে৷ সময়ত নিজৰ লগতে মাক দেউতাকৰো সন্মান অক্ষুণ্ণ ৰাখি সি এখন ভাল ইঞ্জিনিয়াৰিং কলেজত এটা চিট যোগাৰ কৰি ল'লে৷

আজি ৰোহিত সমাজৰ এক সফল ব্যক্তি৷ জাৰ্মানীৰ এক বিশ্ববিখ্যাত প্ৰতিষ্ঠানত বৰ্তমান সি কৰ্মৰত৷ সেই আগৰ ৰোহিত এতিয়া নাই৷ ঘৰত সকলো তাক লৈ গৌৰৱান্বিত৷ তাৰ এতিয়া পিছলৈ চাবলৈ সময় নাই৷ বহু বছৰৰ মুৰত এইবাৰ সি ঘৰলৈ যাওঁতে সকলোৰে কাৰণে নিয়া অনেক উপহাৰৰ লগতে লৈ গৈছিল মাকহঁতৰ কাৰণে এজনী জাৰ্মান বোৱাৰী৷ মাক দেউতাকহঁতে আপত্তি কৰিবলৈ কোনো সুৰুঙাই নাপালে৷ অৱশ্যে সি ঘৰত গৈ গ'ম পাইছিল যে ঘৰৰ পৰা শ্যামল খুড়াহঁতৰ ছোৱালী তৃণাৰ লগত তাৰ বিয়াৰ কথা মাকহঁতে আগবঢ়াইছিল৷ তৃণা বৰ্তমান কলিকতাত এটা এন জি অত চাকৰি কৰে৷ সৰুতেই দুয়ো খুব সাহিত্য, আদৰ্শ আদিৰ কথা পাতিছিল৷ তাই আজিও সেইবোৰকে খামোচ মাৰি ৰৈ গ'ল আৰু সি বহুত ওপৰলৈ গুচি আহিল৷ তাৰ তৃণাৰ প্ৰতি এসময়ত থকা দুৰ্বলতাৰ কথা মাকে জানিছিল৷ দুয়ো এসময়ত এক হোৱাৰ সপোনো দেখিছিল৷ কিন্তু ইতিমধ্যে সি জীৱনৰ বাটত বহুদুৰ আগুৱাই আহিছিল, তাৰ বৰ্তমানৰ অভিজাত জীৱনশৈলীত তৃণা এতিয়া কতো খাপ নাখায়৷

বছৰ বাগৰিল৷ ঘৰুৱা মতানৈক্য কিছুমানৰ বাবে ৰোহিতৰ ডিভোৰ্চ হ'ল৷ এতিয়া সি জাৰ্মানীত অকলশৰীয়া৷ হঠাতে এদিন সি ঘৰৰ পৰা ফোন পালে দেউতাকৰ অসুখ বেছি হৈছে৷ প্ৰথম অৱস্থাত সি ভাল হৈ যাব বুলি বেছি গুৰুত্ব দিয়া নাছিল যদিও বেমাৰ দিনে দিনে বাঢ়ি যোৱাৰ খবৰে তাক চিন্তিত কৰি তুলিলে৷ দেউতাকক তেজৰ প্ৰয়োজন, এক অতি বিৰল গ্ৰুপৰ তেজ তাৰ আৰু দেউতাকৰ৷ গতিকে দৰকাৰ হ'ব পাৰে বুলি সি লৰালৰিকৈ ভাৰত অভিমূখী বিমানত উঠিল৷

মুম্বাইৰ পৰা সি মাকলৈ ফোন লগালে৷ গম পালে দেউতাকৰ অৱস্থা অতি গুৰুতৰ৷ সোনকালেই তেজ দিব লাগে, তেজৰ গ্ৰুপ মিলা মানুহ কতো পোৱা নাই৷ এইফালে সি ছয় ঘন্টাৰ আগত কোনোমতে গৈ নাপায়৷ এক চিন্তিত মনেৰে সি গুৱাহাটীমুখী বিমানত উঠিল৷

কলিকতাত বিমানখন ৰখাৰ লগে লগে আকৌ সি ঘৰলৈ ফোন লগালে৷ গম পালে কোনোবা ড'নাৰ এজন পাইছে৷ এক সাময়িক সকাহৰ দীৰ্ঘশ্বাস লৈ সি বাকীছোৱা যাত্ৰাৰ বাবে সাজু হ'ল৷

গুৱাহাটী পায়েই সি হস্পিতাললৈ ঢাপলি মেলিলে৷ মাক, পেহীয়েকহ'ত বাহিৰতে আছিল৷ দেউতাকক সি কেবিনলৈ গৈ লগ কৰিলে৷ কথা ক'ব পৰা অৱস্থাত নাথাকিলেওঁ দুয়ো চকুৰেই কথাখিনি ক'লে৷ৰোহিত বাহিৰলৈ ওলাই আহি ড'নাৰ গৰাকীক বিছাৰিলে, উদ্দেশ্য কৃতজ্ঞতা জনোৱা৷ সেইগৰাকী অন্য কোনো নাছিল,আছিল তৃণা৷ শ্যামল খুড়াৰ মুখেৰে খবৰ পায় তাই কলিকতাৰ পৰা তেজ দিবলৈ উধাতু খাই আহিছিল৷

ৰোহিত হতবাক৷ যিজনী তৃণাক নেওচি সি বেলেগক বিয়া কৰাইছিল, আজি তাই তাৰ দেউতাকক বচাবলৈ কলিকতাৰ পৰা আহিছে৷ জীৱনত প্ৰতিষ্ঠিত হোৱাৰ যুঁজত সি কিমান তললৈ গৈছিল সেয়া সি আজিহে অনুভৱ কৰিলে৷

স্কুলীয়া দিনলৈ মনত পৰি গ'ল তাৰ৷ তৃণা অংকত বৰ ভাল নাছিল৷ কিন্তু মাজে মাজে অংকৰ উত্তৰ ভুল হ'লেওঁ তাই শুদ্ধ নিয়মত কৰিছিল৷ গতিকে ৰজনী চাৰে তাইক ষ্টেপ মাৰ্কচ হিচাপে অলপ নম্বৰ দিছিল৷

আজি তাৰ জীৱনৰ অংক ভুল হৈ গৈছে,বহুত ডাঙৰ ভুল হৈছে৷ সফলতাৰ অংক মিলাবলৈ গৈ সি শেষত গোটেই জীৱনৰ অংকটোৱেই ভুল কৰি দিলে৷ এই ভুলৰ শুধৰণি নাই বুলি সি নিজেওঁ জানে৷ তথাপি সি এবাৰ শেষ চেষ্টা কৰি চাব খোজে৷ জীৱনৰ পৰীক্ষাত পাছ কৰিবলৈ তাক এতিয়া কেইটামান নম্বৰৰ খুবেই প্ৰয়োজন৷

দিবনে তৃণাই তাক কেইটামান নম্বৰ? ৰজনী চাৰে তাইক দিয়াৰ দৰে.....