Monday 29 July 2013

কণী বনাম গাড়ী


পত্নীয়ে পাকঘৰত কণী ভাজি আছিল৷ গোন্ধ শুঙি পতি উধাতু খাই পাকঘৰলৈ আহিল৷

পতি: হেৰা কি কৰিছা এয়া তুমি, ইমান কম তেল কিয় দিছা? হে ভগৱান..... তুমি দেখোন দুটা কণী একেলগে কেৰাহীত দিছা৷ তেল অলপ বেছিকৈ দি দিয়া এতিয়াই৷ হে ভগবান তেল আছেনে নাই বাৰু?

তুমিটো পৰহি মাংস ৰান্ধোতে বহুত তেল খৰছ কৰি দিছিলা হেৰা এবাৰ লুটিয়াই দিয়াহে৷ নহলে কেৰাহীত লাগি ধৰিব৷ সাবধান...... তুমি কেতিয়াও ৰান্ধোতে মোৰ কথা নুশুনা লুটিয়াই দিয়া, সোনকালে কৰা৷ কি ভাবি আছাহে তুমি? আজিকালি তোমাৰ মন ' থাকে বুজিবকে নোৱাৰি৷

 (অলপ ৰৈ) তুমি বাৰু নিমখ দিছানে?নিমখ দিবলৈ নাপাহৰিবা কিন্তু, নহলে গোটেই সোৱাদ নষ্ট হৈ যাব শুনিছানে মই কি 'লো, নিমখ দিয়া সোনকালে৷ পিছত বেয়া হলে নকবা কিন্তু মই সাবধান নকৰিলো বুলি

পত্নী: কি হৈছে তোমাৰ? পগলা 'লা নেকি ? আজি তিনি বছৰে কিমান কণীভাজি খুৱালো তোমাক৷ আজি আকৌ নতুনকৈ শিকাবলৈ কিহে পাইছে?

পতি: (অতি শান্তভাবে) মোৰ একো হোৱা নাই৷ মাত্ৰ তোমাক অনূভৱ কৰাব বিছাৰিছো যে তুমি লগত থাকিলে মোৰ গাড়ী চলাই কেনে লাগে৷

Sunday 28 July 2013

মোৰ প্ৰথম প্ৰেম৷




তেতিয়া মই অষ্ঠম শ্ৰেণীৰ ছাত্ৰ ৷ লগৰবোৰ লাহে লাহে প্ৰেমত পৰিবলৈ আৰম্ভ কৰিছেই৷ মইনো কেনেকৈ পিছ পৰি থাকো? গতিকে এদিন শ্ৰেণীকোঠাৰ শেষৰ ফালে বহি লৈ প্ৰেমিকাৰ সন্ধানত নামি পৰিলো৷ তিনিটামান ক্লাছ যোৱাৰ পিছত এজনী পচন্দ কৰিলো, লগৰ কেইটাৰ লগতো আলোছনা কৰি ললো যাতে কাৰো লগত ডাবল ক্ৰছিঙ নহয়৷ বচ, আৰু কোনে পাই, সেইদিনাৰ পৰা এক দুৰ্দান্ত প্ৰেমিক হৈ উঠিলো৷ তাই গ'ম নোপোৱাকৈ তাইৰ পিছ লোৱা হ'লো৷ ইমান একাগ্ৰতাৰে এই কামটো কৰিবলৈ ললো যে আজিৰ দিনত হোৱা হ'লে ভদাফোনৰ বিজ্ঞাপনত সেই কুকুৰটোৰ সলনি মোকেই ল'লেহেতেন৷ তাইৰ কাৰণেই মোৰ দৰে গুৰু গোসাই নমনাটোৱেও সংস্কৃত ঐচ্ছিক বিষয় হিচাপে লৈ সংস্কৃত শ্লোক মূখস্হ কৰাত লাগি গ'লো৷ প্ৰেম নিবেদন কৰাৰ সাহস কিন্তু নাছিল দেই৷ চেন্দেলৰ কোবলৈ বৰ ভয় লাগে মোৰ৷

আহক সেই সময়তে শ্বাহৰুখ খানৰ ঢৌ৷ কেশবিন্যাস, সাজ সজ্জাৰে শ্ৰেণীৰ আধাআধি ছাত্ৰ শ্বাহৰুখ হলেই৷ ময়ো তাৰে এজন অন্যতম৷ ইতিমধ্যে মুক্তি পালে শ্বাহৰুখ অভিনীত 'ডৰ ' খনে৷ তিনিবাৰ মান চালো৷ এদিন টিভিত অকলে অকলে সেইখন চাই থাকোতে এটা বাম্পাৰ পৰিকল্পনা মনলৈ আহিল৷ লগৰ কেইটাৰ লগত আলোছনা কৰোতে পৰিকল্পনাটোৱে পূৰ্ণ সমৰ্থন পালে৷ পৰিকল্পনা মতে, মই তাইক প্ৰেম নিবেদন নকৰো৷ মোৰ মনত তাইক ৰাখি প্ৰেম আৰু গভীৰ কৰি তুলিম৷ এদিন তাইৰ বিয়া হব, কোনো কথা নাই৷ তাৰ পিছতহে মোৰ আছল খেল আৰম্ভ হ'ব৷ বিয়াৰ এবছৰ মান পিছত তাইৰ গিৰিয়েকক মই ভাড়াতীয়া গুণ্ডাৰ হতুৱাই হত্যা কৰোৱাম৷ যেতিয়া তাই বিধৱা হৈ অকলশৰীয়া হৈ পৰিব, তেতিয়া মই তাইৰ শুভাকাঙ্খী হৈ তাইৰ ওচৰ চাপি যাম আৰু এদিন আমি বিবাহপাশত আবদ্ধ হ'ম৷ সেই সময়ত মোৰ পোন্ধৰ বছৰীয়া মগজুত এয়া এক নিখূত পৰিকল্পনা আছিল৷ এই পৰিকল্পনাৰ বাবে শ্বাহৰুখ খানৰ লগতে ৰঞ্জু হাজৰিকায়ো সমানেই কৃত্তিত্ব দাবী কৰিব পাৰে৷

ইতিমধ্যে মেট্ৰিক পৰীক্ষা ওচৰ চাপিল ৷ মনে মনে ঠিক কৰিলো, তাই যি কলেজত পঢ়ে ময়ো তাতেই পঢ়িম৷ বিজ্ঞান, কলা, বাণিজ্য তাই যি পঢ়ে ময়ো সেয়াই পঢ়িম৷ কিন্তু হায়ৰে কপাল, তাই গলগৈ সন্দিকৈ কলেজলৈ৷ ময়ো ঠোট মূখ চেলেকি গুৱাহাটী কমাৰ্চ কলেজ পালোহি৷

দিন বাগৰিল৷ বয়স, পঢ়া শুনা, ভৱিষ্যতৰ চিন্তাই প্ৰেমৰ চোক কমাই দিলে আৰু এদিন ক'ব নোৱাৰাকৈ প্ৰেমৰ ভূতটো কেনি জানো পলাই গ'ল৷

লাহে লাহে বিয়াৰ বয়স হ'ল৷ নিজৰ নহলেও লগৰবোৰৰ বিয়া বছৰত দহ খন মানকৈ খাব পোৱা হ'লো৷ ঠিক তেনে এখন বিয়াতেই আকৌ পাই গলো নহয় তাইক, এক আদৰ্শ বোৱাৰীৰ ৰুপত৷ গিৰিয়েক আমাৰেই অগ্ৰজ নীলিম দা ৷ ইতিমধ্যে বিয়াত পুৰনা বন্ধুবোৰ লগ হৈ স্কুলীয়া দিনৰ স্মৃতি ৰোমন্থন পূৰ্ণ গতিত চলাই আছে ৷ এসময়ত গৈ মোৰ সেই পৰিকল্পনাৰ কথাও ওলাল৷ ময়ো ধেমালিতে কলো যে পৰিকল্পনাটো এতিয়াও চলি আছে৷ নীলিম দাই জোৰ দি সুধিলে ছোৱালীজনী কোন৷ দৰকাৰ হ'লে গুণ্ডা বিছৰাত সহায় কৰি দিব বুলিও ক'লে৷ এটা মিচিকিয়া হাঁহিৰে আলোচনাটোৰ তাতেই অন্ত পেলালো৷

ইতিমধ্যে আমাৰ খোৱা বোৱা হৈ গ'ল৷ দৰাৰ লগত যাবলৈ আমি সাজু৷ নীলিম দা আৰু তাই যাবলৈ ওলাল, মই দৰাৰ লগত কিবা এটা হিচাপ কৰি আছিলো৷ সিহতে দৰাক মাত দিবলৈ আহি মোৰ পৰাও বিদায় ললে৷ নীলিম দাই মোক কলে, 'এইবাৰ ছাগে তোমাৰ বিয়া খাবলৈ পাম '৷ মই হাঁহি এটাৰে সন্মতি জনাবলৈ লওতেই দৰাই মাত দিলে, ' দাদা, তাৰ স্কুলৰ ড্ৰীমগাৰ্ল জনীক টো আপুনিয়েই বিয়া পাতিলে, এতিয়া আকৌ সি নতুনকৈ এজনী বিছাৰিব লাগিল ৰ'ব '৷

কথাটো শুনিয়েই মোৰ অৱস্হা তাহানিৰ শক্তিমান নামৰ ধাৰাবাহিকখনৰ গংগাধৰৰ দৰে হ'ল৷ কিন্তু পিছ মুহুৰ্ততে নীলিমদাৰ স্কুলীয়া দিনৰ মাধমাৰ কেইটালৈ মনত পৰাত মই শক্তিমানৰ দৰে মই তাৰ পৰা নিমিষতে নোহোৱা হৈ গলো৷

বি.দ্ৰ. : ঘটনাটোৰ পিছৰে পৰা মই শ্বাহৰুখ খানৰ চিনেমা আৰু ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ সোৱাদ লোৱাৰ সাহ গোটাব পৰা নাই৷

শচীন টেন্ডুলকাৰ



তেতিয়া মোৰ বয়স ছয় নে সাত বছৰ৷ এদিন টিভিত ক্ৰিকেট খেল চাই আছিলো, তেতিয়া ক্ৰিকেট কি বস্তু ভালকৈ বুজি নাপাৱেই৷ দেখিলো এজন কম বয়সীয়া যুৱকে খেলি আছে আৰু দেউতাই খূব মনোযোগেৰে চাই আছে৷ সুধিলো, দেউতা এয়া কোন? দেউতাই 'লে, "এয়া শচীন, শচীন টেন্ডুলকাৰ, বঢ়িয়া খেলে৷
লাহে লাহে বয়স বাঢ়িল ক্ৰিকেট অলপ অচৰপ বুজা 'লো৷ দহ বছৰ মান বয়সৰ পৰা আমি চুবুৰীৰ লৰা বোৰে শচীনক আদৰ্শ হিচাপে লৈ ক্ৰিকেট শিকিবলৈ আৰম্ভ কৰিলো৷
পোন্ধৰ বছৰমান বয়সত যেিতয়া আমি মেট্ৰিক পৰীক্ষা নামৰ এক যুদ্ধৰ বাবে সাজু হৈছিলো, তেতিয়া শচীনে মৰুভুমিৰ মাজত ৱাৰ্ণেৰ গৰিমা ধূলিসাৎ কৰাত ব্যস্ত আছিল৷
তেইছ বছৰ বয়সত জীৱনৰ প্ৰথম চাকৰিত যোগদান কৰিলো, আৰু সেইদিনাই গধূলি শচীনে এদিনীয়া ক্ৰিকেটত পোন্ধৰ হাজাৰ ৰান সম্পূৰ্ণ কৰিলে৷
বিয়া পাতিলো আঠাইছ বছৰত৷ আৰু বিয়াৰ কিছুদিন পিছতেই গৰ্বিত শচীনে ৱৰ্ল্ড কাপ হাতত তুলি লোৱা দেখি আমি আনন্দত আত্মহাৰা হৈ এই বিজয় ক্ৰিকেট অনুৰাগীৰ সৈতে উদযাপন কৰিবলৈ ৰাজপথলৈ ওলাই আহিলো৷
ত্ৰিশ বছৰ বয়সত পিতৃ 'লো৷ মোৰ তিনি মহীয়া কণমাণি জনীক নিচুকাই আই পি এল ফাইনেল চাই আছিলো, শচীনক চেম্পিয়নৰ ট্ৰফীৰ সৈতে দেখি মনটো আকৌ এবাৰ ভাল লাগি 'ল৷
আজি মই মোৰ কাৰ্য্যালয়ত বহি আছো, মনত পেলাবলৈ চেষ্টা কৰিছো কেতিয়া শেষবাৰৰ বাবে মই বেট বা বল হাতত তুলি লৈছিলো, আৰু শচীনে আজিও খেলি গৈছে, দেশৰ বাবে, আমাৰ দৰে গুনমুগ্ধৰ বাবে৷
এতিয়া মাত্ৰ এটাই কামনা, ভবিষ্যতে যাতে টিভিৰ পৰ্দাত শচীনক টেষ্ট ক্ৰিকেট খেলা দেখি মোৰ ছোৱালীয়ে সোধে, " দেউতা, এয়া কোন?"...............
আৰু মোৰ উত্তৰ ', শচীন,,,,, শচীন ৰমেশ টেণ্ডুলকাৰ, এক অসাধাৰণ খেলুৱৈ৷
(অন্য এক লেখনীৰপৰা সহায় লোৱা হৈছে৷)


নাৰীৰ বিষয়ে সাতটা তথ্য :




1: নাৰীৰ বাবে আৰ্থিক সুৰক্ষা অতি গুৰুত্বপূৰ্ণ৷

2: যদিও এয়া গুৰুত্বপূৰ্ণ, তথাপি তেওঁলোকে দামী দামী কাপোৰ, গহনা আদি কিনে৷

3: যদিও তেওঁলোকে দামী কাপোৰ, গহনা আদি কিনে, তথাপি কৰবালৈ যাবলৈ 'লে তেওঁলোকৰ পিন্ধিবলৈ ভাল একো নাথাকে৷

4: যদিও তেওঁলোকৰ পিন্ধিবলৈ ভাল একো নাথাকে, তথাপি সাজি কাছি 'লে তেওঁলোকক ধূনীয়া দেখি৷

5: যদিও ধূনীয়া দেখি, তেওঁলোক কেতিয়াও সন্তূষ্ট নহয়৷

6: যদিও তেওঁলোক সন্তূষ্ট নহয়, তেওঁলোকে সদায় পুৰুষে প্ৰশংসা কৰাতো বিছাৰে৷

7: যদিও তেওঁলোকে পুৰুষে প্ৰশংসা কৰাতো বিছাৰে, কিন্তূ যেতিয়া কোনো পুৰুষে তেওঁলোকক প্ৰশংসা কৰে, তেতিয়া তেওঁলোকে বিশ্বাস নকৰে৷ : -(


পু'হত অকবিয়ানৰ বিয়া



স্নেপ :
ৰাতিপুৱাৰে পৰা আদিত্যৰ মন বেয়া৷ কিমান উৎসাহেৰে ৰাতি ৰাতি কবিতা লিখি সি দিগন্তদাৰ তিনি নম্বৰ খুলশালী জনীক প্ৰেমৰ জালত পেলাব খুজিছিল আজি তায়েই তাক আনফ্ৰেণ্ড কৰি দিলে৷ এই জ্ঞানেশ্বৰেই তাৰ কাল 'ল৷ আদিত্যই তাইক কবিতা কেইটা দিয়াৰ আগতেই জ্ঞানেশ্বৰে সেইকেইটা চুৰ কৰি তাইক টেগ কৰি থৈছিল৷ আদিত্যই যেতিয়া তাইক কবিতা কেইটা দিলেগৈ,ওলোটা সিহে চুিৰৰ অপবাদ পালে৷ ধেৎ দিনটোৱেই বৰবাদ হৈ 'ল৷ মনৰ দূুখত ডিক্ৰং নদীৰ পাৰত বহি সি বাঁহী বজাই আছিল৷ অলপ আগতে জীৱেশ্ৱৰে দি যোৱা চাধাপালি খাইহে এতিয়া মনটো অলপ পাতল পাতল লাগিছে৷ নাই এনেকৈ থাকিলে নহ'ব৷ মাজুজনীক 'লেও নিজৰ কৰিবই লাগিব৷ সন্মানৰ কথা আছে৷ এই দিগন্ত দাৰো কাম নাই আৰু, তিনিজনী খুলশালী আছে বুলি ৰাজহুৱাকৈ জনাই দিলে৷ এতিয়া কাৰ কাৰ চকু পৰে ঠিক নাই৷ জ্যোিতটো উঠি পৰি লাগিছেই৷ তাতে ইফালে সেইজনীয়ে জ্যোতিৰ কমেন্টত লাইকো মাৰিছে৷ হে ভগৱান, সেইজনীক জ্যোতিলৈ যাব নিদিবা৷ সি প্ৰাইমত হে ওলাইছে, মই দিন ভালে থাকিলে বিবিচি ওলাম৷ এবাৰ কেৱল তাইৰ ভুল ভাঙি দিয়া৷
স্নেপ -
জ্যোতিপ্ৰকাশৰ ভাষাৰে- দিগন্ত দাৰ খুলশালী থকা শুনি মনটো ভাল লাগি আছে৷ বুকুখনেও কিবা লাভ লাভ কৰি থাকে আজিকালি৷ তাতে সেইদিনা তাৰে এজনীয়ে মোৰ কমেন্টত লাইক এটাও মাৰিছে৷ সেইদিনা বা টিভি মোক চালেনে নাই৷ চেহঃ, দাড়ি কেইদাল কাটি ষ্টুডিওলৈ যাব লাগিছিল৷ ভুল হৈ 'ল৷ সেইকেইজনীয়ে বোলে আকৌ অসমীয়া চিনেমা চাবলৈ বৰ ভাল পায়৷ সেয়াহে চিন্তাৰ কথা হৈছে৷ কেইদিনমান আগতে অকবত টেটুফালি কৈ আহিছো যা তা অসমীয়া চিনেমা নাচাও বুলি৷ এতিয়া তাইৰ লগত যাওঁতে বিতোপনে দেখিলে কম লাজৰ কথা হবনে?
স্নেপ :
এইকেইদিন মনজিৎ ব্যস্ত কইনা বিচৰাত৷ ঘৰত কৈ দিছে, অকল কানেক্টিং ইণ্ডিয়া কৰিলেই নহব, নিজকো সোনকালে এজনীৰ লগত কানেক্ট কৰ৷ নহলে ময়ুৰী শৰ্মাই যোৰা পাতি দিয়া দি কৰোবাৰ লগত বান্ধি দিম৷ বহুত চিন্তা তাৰ মুৰত৷ অকল ছোৱালী চালেই নহব, বিয়াৰ যোগাৰো নিজেই কৰিব লাগিব৷ অজয়লালো বোলে নাহে বিয়াত লুচি বিলাবলৈ৷ চিনাকীৰ মাজত কইনা পালে ভাল আছিল৷ সেইবোৰ কথাকে মনজিতে ৰবিবাৰ এটাত বাকৰ পুতেকৰ লগত আলোচনা কৰি আছিল৷ জুনিয়ৰ বাকে 'লে তই এবাৰ দিগন্তদাৰ খুলশালী এজনী চাই নাহ কিয়৷ মই যোৱা সপ্তাহত দিগন্তদাৰ শহুৰেকে অনা চিতল মাছটো চুৰ কৰিবলৈ যাওঁতে সেই তিনিজনীক দেখি আহিছো৷ ভাল মিলিব তোৰ লগত৷ একেলগে তিনিটা অপচন৷ জুনিয়ৰ বাকৰ কথা শুনি মনজিতৰ সুখ কুলায়ে পাছিয়ে নধৰা অৱস্হা৷
লাহে লাহে ত্ৰিমূৰ্তিৰ এই প্ৰেমৰ ঘটনা ঘুনুক ঘানাককৈ বহুতৰ কানত পৰিল৷ গতিকে এদিন তিনিও লগ হৈ খোলাখূলিকৈ কথাবোৰ আলোচনা কৰি ললে৷ আলোচনাৰ শেষত ঠিৰাঙ ' ডাঙৰজনী মনজিৎৰ, মাজুজনী জ্যোতিৰ আৰু সৰুজনী আদিত্যৰ৷
এতিয়া নিজৰ মাজত কথাবোৰ ঠিক ' যেতিয়া আগবঢ়াহে কথা৷ সুশান্তদাৰ মূখেৰে কথাটো দিগন্তদাৰ কানত পেলোৱাৰ পৰিকল্পনা কৰা 'ল৷ সুশান্ত দাক কওঁতে তেওঁৰ আৰু অলপ দূখ লাগি ' যদিও তেওঁ দিগন্ত দাৰ কাণত কথাখিনি পেলালে৷ দিগন্তদাৰ একো আপত্তি নাই৷ লৰাকেইজন ভালেই৷ শহুৰেকেও গোটেইখিনি তেওঁৰ ওপৰত এৰি দিছে৷ খুলশালী তিনিজনীক সোধোতে লাজকুৰীয়া হাঁহি মাৰি ভিতৰৰ কোঠালৈহে লৰ মাৰিলে৷
ঠিৰাং কৰা ' তাৰিখে তিনিও জন কোনোবা ডাঙৰ মানুহৰ সৈতে দিগন্তদাৰ ঘৰলৈ যাব৷ মাখন চাৰ, অঞ্জলী বাইদেউ, ময়ুৰী বাইদেউ আৰু প্ৰতিভূ দাক যাবলৈ ৰাজী কৰোৱা 'ল৷
চাওঁতে চাওঁতে সেই বহু আকাঙ্খিত দিনটো আহিল৷ দিগন্ত দাৰ ঘৰত উৎসৱ মুখৰ পৰিবেশ৷ তিনিজনকৈ ভাবী জোৱাই আহিব, কম কথানে৷ ৰাতিপুৱাৰে পৰা দিগন্তদাই নৰসিংহৰ পাত চিঙি দুডাল গছ টকলা কৰিছে৷ এইখিনি ধুই মেলি আকৌ মৃদুল দাৰ তালৈ ব্ৰয়লাৰ আনিব দৌৰিব লাগিব৷ মিঠাই খিনি কালিয়েই আনি থৈছে৷ কিম্তু চিলভাৰ ফইল খিনি হে গুছাবলৈ সময়েই নাপালে৷মাধুৰ্য্যই শুনিলে বৰ বেয়া পাব দেহি৷
যথা সময়ত তিনিও দলে বলে দিগন্তদাৰ ঘৰত হাজিৰ 'ল৷ দিগন্তদাৰ অনুৰোধত মেজিক মমেন্টবোৰ কেমেৰাত আবদ্ধ কৰিবলৈ বিক্ৰমজিৎ দা কেতিয়াবাৰ পৰাই হাজিৰ৷ ৰৈ ৰৈ আমনি লাগি ইতিমধ্যে তেওঁ চাৰিটামান কল খালেই৷
দিগন্তদাৰ পৰিয়ালে সকলোকে উষ্ম আদৰণি জনালে৷ ইমান ভাল অভ্যৰ্থনা দেখি ইমানপৰে গহীন হৈ থকা মাখন চাৰৰ মুখলৈ সেই বিখ্যাত হাঁহিটো ঘূৰি আহিল৷ আলোচনা কৰিব লগা বিশেষ নাছিল, সকলোৰে সন্মতি আছিলেই৷ সৰুজনীয়ে অলপ আপত্তি কৰিছিল আদিত্যৰ কবিতা চুৰিৰ কথা লৈ লগে লগে উচ্চজিৎ কলিতাক ফোন লগাই দিয়া 'ল৷ তেওঁ প্ৰমাণ সহকাৰে জ্ঞানেশ্বৰ পৰভূৰ কথাখিনি বুজায় দিয়াত তায়ো হাঁহিমূখে মান্তি 'ল৷
ভিতৰৰ কোঠাত বিয়নী মেল ইতিমধ্যে আৰম্ভ হৈ গৈছিল৷ ময়ুৰী বাইদেৱে ইতিমধ্যে লিমাৰিকৰ লেখীয়া যোৰা নাম লিখি উলিয়ালেই৷ অঞ্জলী বাইদেৱে নিজৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিলে যে বেবীৰ জোৰোনতকৈ এই ত্ৰিমুৰ্তিয়ে বেছি ভাল বস্তু দিব৷ শুনিয়েই তিনি কন্যাৰ মুখ উজলি উঠিল৷
এতিয়া বিয়াৰ দিনবাৰ ঠিক কৰিব লাগে৷ তিনিও আজিৰ যুগৰ ডেকা৷ পঞ্জিকাত কাৰো বিশ্ৱাস নাই৷ ভূ দাই প্ৰস্তাৱ দিলে প্ৰফেছাৰ হিজবিজৰ পৰামৰ্শ লোৱা যাওঁক৷ মনজিতে নিজৰ অফিছৰ পৰা প্ৰকাণ্ড এন্টেনা থকা এটা উঠাই আনিছিল৷ সেইটোৰে প্ৰফেছাৰক হটলাইনত লোৱা 'ল৷ প্ৰফেচাৰে টাইম মেচিনত চাই ৩১ ডিচেম্বৰ দিন দিলে৷ বাপতি সাহোন দিনটোত লঘোণে থাকিব লাগিব বাবে তিনিও অলপ দূখ পালে যদিওঁ ঠিক বিয়া হোৱাৰ আনন্দত সেয়া মানি 'লে৷ মনৰ সুখত তিনিও এবাৰ এবাৰকৈ দিগন্তদাৰ বেলকনীত গৈ দিক্ষুৰ বৰষুন বৰষুন গানটো গাই আহিল৷
ইতিমধ্যে বিয়াৰ খবৰ চাৰিওফালে বিয়পি পৰিল৷ অকবৰ সকলোৱে দায়িত্ব লবলৈ আগুৱাই আহিল৷ বনজিৎ,গীতাৰ্থ আৰু ছাজিদ ডাঙৰীয়াই তিনি কন্যাক ফেচবুকত অসমীয়া লিখিবলৈ শিকালে৷ হিমজ্যোতিয়ে 'লে এখন চিঠিতে সকলোৰে ফটো দি সম্পৰ্ক স্থাপন কৰোৱাই বিয়াৰ চিঠি ছপোৱা৷ দেৱব্ৰতে আলু,পিয়াজ যোগান দিয়াৰ দায়িত্ব 'লে৷ বিকাশে আনিব সৰভোগৰ দৈ৷ সুশান্ত দাই পায়সখিনি দিব৷ বিয়া বুলিলে নাচ গান টো লাগিবই৷ ঠিক ' দেৱপ্ৰতীমে হিলিবিলি মিউজিক বজাব আৰু দেবাংগই গাব৷ বিয়াৰ পিছত ভাড়াঘৰ বিছাৰি দিয়াৰ দায়িত্ব উদ্দীপ তালুকদাৰৰ৷ দৰাৰ ভৰি ধুৱাওতে দিবলগা খুচুৰা পইচাখিনি ইতিমধ্যে গীতুপনে যোগাৰ কৰিছেই৷ মুঠতে মানে সকলোৱে সহায় কৰিছে৷
পিছে দৰা তিনিজনৰ হে চিন্তাত ' নাই৷ ঘৰৰ মানুহ, বন্ধু-বান্ধৱী বাদ দিও কেৱল অকবতেই দহ হাজাৰ মানুহ৷ ' ৰান্ধিব, ' বহুৱাব৷ মুঠতে হাহাকাৰ অৱস্হা৷ জজ ফিল্ড খন পালে কাম 'লহেতেন অৱশ্যে৷ পিছে সেইখন কতনো বিয়া পাতিবলৈ দিব৷ অৱশ্যে সত্যকাম আৰু ইবুক দি চেষ্টা এটা কৰি চাব পৰা যায়৷ সেইবোৰ কিবা এটা কৰিব লাগিব আৰু, অসুবিধা 'লে ৰাইজ আছেই নহয় সহায় কৰিবলৈ৷
গতিকে ৰাইজ, অহা ৩১ ডিচেম্বৰত অন্য একো কাম নাৰাখিব৷ সকলোৱে বাট চাই থকা বিয়াখনলৈ মই তেওঁলোকৰ হৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালো৷