Friday, 12 January 2018

সাধুকথা… গছজোপাৰ

গছজোপা এদিন হঠাৎ মৰি থাকিল৷

অথচ মৰাৰ কথা নাছিল, কোনোকালে৷  আৰু মৰিবই বা কিয়? ওচৰে পাজৰে এনেকুৱা সতেজ গছ অন্য এজোপা আছিল জানো? যেনেকুৱা মসৃণ তাৰ গা, তেনেকুৱাই ধুনীয়া তাৰ পাতৰ বাহাৰ৷ নাজানো কৰ পৰা উফৰি আহি জন্ম ল'লে, গছজোপাই নিজেওঁ নাজানে৷ কেৱল গৰাকীৰ ঘৰৰ সন্মুখত অৱজ্ঞা আৰু অপৰিচিত ধুলিবোৰ গাত সানি অকাৰণত হাঁহি থাকে গছজোপাই৷ আবেলিৰ বতাহজাকে অবাক হৈ চাই থাকে গছজোপাক৷ দুষ্ট চৰাইবোৰে আনন্দত হাঁহি হাঁহি ঢলি পৰে তাৰ গাত৷ কাষৰ গছবোৰে তালৈ চাই থাকে, আৰু কোৱামেলা কৰে, " ইচচ্, তাৰ অহঙ্কাৰ চা৷ ইমান সাহস যে গৰাকীৰ অনুমতি নোহোৱাকৈ সি বতাহত উৰিবলৈ যায়৷"

  গছজোপাৰ বন্ধু বুলিবলৈ আছিল ফৰিং কেইটা, নানাৰঙী৷ সিঁহতে ভাল পাইছিল গছজোপাক৷ দুখে সুখে থিয় দিছিলহি কাষত৷ মৰ ঠাণ্ডাত যেতিয়া গছজোপা থকথককৈ কপিছিল, সিহতে আহি কৈছিল, "ভয় নকৰিবি, আমিওঁ আছো লগত৷" আৰু যিদিনা ধুমুহাজাকে অশান্ত ৰূপ লৈ তাণ্ডৱ সৃষ্টি কৰিছিল, সিহতেওঁ  সেইদিনা তাৰ লগতেই কান্দিছিল৷

তাৰপিছত? বুকুৰ কান্দোনবোৰ বসন্তৰ বতাহ হৈ ঘূৰি অহাৰ দিনা সিহতেওঁ আনন্দ কৰিছিল৷ আকাশখন সেইদিনা ৰঙীন হৈ উঠিছিল, ৰঙা- গেৰুৱা…… বগা! চৰাইবোৰৰ কলকলনিত ৰঙীন হৈ পৰিছিল সেই আবেলিটো৷ বিদেশী চৰাইজনীয়েওঁ উমাল চাদৰখন উৰাই দিছিল সেইদিনা৷ ঠাণ্ডা পাবি, ভালকৈ থাক৷ আহিছিল সিহত গছজোপাৰ মনৰ উমান ল'বলৈ৷ "আহ তোক লৈ যাম আমাৰ দেশলৈ, যাবি? আমাৰ দেশত ৰাতিৰ মায়াবী ৰাতিবোৰত আকাশৰ পৰা জলপৰীবোৰ নামি আহে৷ তাত বৰফবোৰ শুই আছে পাহাৰৰ কোলাত৷ সেইবোৰ সকলো আমাৰ বন্ধু৷ ৰাতি বতাহবোৰে অৰণ্যত সংগীতৰ মেলা পাতে৷ যাবি?"

সি আছিল নিজৰ মতেই৷ কাকো একো কোৱা নাছিল৷ আকাশখনক কথা দিছিল, "এদিন তোৰ বুকুত লিখি দিম সাহসৰ আখৰবোৰ৷" পশ্চিমৰ বতাহজাকক কৈছিল, " ভালদৰে যাবি, অহাবাৰ আকৌ দেখা হ'ব৷" গৰ্ভৱতী মেঘখিনিক কৈছিল, "সাৱধানে থাকিবি ভনী৷ পাহাৰৰ বুকুখন সাৱটি আলফুলে শুই থাকগৈ যা৷"

মায়াবোৰ বুকুতেই সাৱটি এদিন সি মৰি থাকিল৷ লৰি আহিল বৃক্ষ, পক্ষী, মেঘ, বতাহৰ সমদল৷ সকলোৱে বাহ্যিক দুখ প্ৰকাশ কৰিলে৷ দিন শেষ, সকলো গুছি গ'ল কামে কাজে৷ ৰৈ থাকিল "ৰ'দালীবোৰ"৷ সিহতক ভাড়া কৰি অনা সময়খিনি পাৰ হোৱা নাই যে এতিয়াওঁ৷

ৰৈ গ'ল ফৰিঙটো৷ কেৱল ফৰিঙটোৰ চকুত পৰিল মৃত গছজোপাৰ শুকাই যোৱা গুৰি, পঁচি যোৱা বাকলিবোৰ৷ দেখিলে গছজোপাৰ প্ৰতিটো পাতৰ আগত লাগি আছো বগা তেজবোৰ৷ আৰু সি কি দেখিলে জানা? গছজোপাৰ ফোঁপোলা শৰীৰটোৱে হাঃ হাঃ কৈ হাঁহিছে৷ হাঁহিটোত আছে তাহানিৰে পৰা কঢ়িয়াই ৰখা সুখ, দুখ, হাঁহি, কান্দোন, শুকোৱা অশ্ৰুকণাবোৰ৷

গছজোপাৰ গৰাকীয়েওঁ কান্দিছিল সিদিনা৷ তেতিয়াই নতুন মালীজনে সুধিলে, "কাটি পেলাই দিওঁনে গছজোপা?"

" কাটিবলগীয়া হৈ আছিলেই, পলমহে হ'ল৷ ভালকৈ কাটিবি৷ তই অনা নতুন পুলিটো কাষতে ৰুই দিবি৷ ঠাইখিনি খালী হৈ থাকিলে কিবা অসম্পূৰ্ণ যেন লাগিব৷"

ফৰিঙটোৱে শুনি আছে কথাখিনি৷ কথা দিছে সাক্ষী  হৈ থাকিব শেষ দৃশ্যটো শেষ হোৱাৰ পিছতো গছজোপাৰ লগত থিয় দিয়াৰ৷

Friday, 5 January 2018

:: বিবাহোত্তৰ::


বিয়া বাৰু যে ধেমালি কৰা বস্তু নহয় সেয়া বিজয়ে বিয়াৰ আগতেই অনুমান কৰি লৈছিল৷ নিজৰ প্ৰিয় পল্টন বজাৰত কিনা খাটখন দলিয়াই বেডৰুমলৈ ডিভান কিনি অনাৰ দিনাই বুকুখন মোঁচৰ খাই উঠিছিল৷ বুজি উঠিছিল, কিবা এটা হ'বলৈ গৈ আছে৷ ডিভানখনত ড্ৰয়াৰ নামৰ তিনিটা বিশাল বাকচো আছে৷ বিজয়ৰ মনটো পুৰণি দিনবোৰলৈ উৰা মাৰিলে৷ নিজৰ পঢ়া টেবুলৰ ড্ৰয়াৰটোকেই কোনোদিন ভৰ্তি কৰিব পৰা নাছিল সি, ফলক্ৰমে কোনোবা এদিন সি গম নোপোৱাকৈয়ে সেইটো গৈ পৰিণত হৈছিল এচট্ৰেত৷ ইতিমধ্যে সি ষ্টীল আলমাৰী, ডিভান কিনিলেই৷ তাত সোমোৱাবলৈ এক-দুই ট্ৰাক বাচন- বৰ্তন, কাপোৰ কিনিবলৈ আছেই৷ আৰু ভাবিবলৈ মন নগ'ল বিজয়ৰ৷

পৰিৱৰ্তন অাহিব বুলি জনা আছিলেই বাৰু৷ কিন্তু পৰিৱৰ্তনযে চুনামীৰ গতিত আহিবলৈ ৰৈ আছিল সেয়া বাৰু কোনে জানিছিল৷ পৰিৱৰ্তনৰ প্ৰথমজাক বতাহ আহিল বেডৰুমৰ চিলিং ফেনখনৰ পৰা৷ ফেনৰ ৰেগুলেটৰ তিনি নে পাঁচত থাকিব সেই লৈ ফুলশয্যাৰ নিশা হোৱা তুমুল বিতৰ্কৰ অন্তত বিজয়ে শৰীৰ আৰু মনৰ সমস্ত বিৰক্তি একগোট কৰি পুৱাই বাথৰুমলৈ খোজ ল'লে৷

বাথৰুমত সোমায়েই বিজয়ৰ মুৰটো ৰিমঝিম কৰিবলৈ ল'লে৷ কি ৰঙ, কি কাৰুকাৰ্য্য… ইমানদিনে বাথৰুম মানে আছিল লাইফবয় এটুকুৰা, ৰেজৰ, সস্তীয়া শ্বেভিং ক্ৰীম, অলপ ফিটকিৰী আৰু হাৰপিকৰ এটা গেলন৷ সেই ৰূপটোকেই অ'তদিনে মন্দিৰ জ্ঞান কৰি আহিছে সি৷ কিন্তু আজি এয়া কি! সেইদিনা যেন বিধাতাই সমগ্ৰ পৃথিৱীখন ওলট পালট কৰি বিজয়ৰ শান্ত পৃথিৱীখন তচনচ্ কৰি পেলাইছিল৷ যিখিনি ঠাইত ঠিয় হৈ বিজয়ে সদায় প্ৰাৰ্থনাৰ নামত বিৰবিৰ কৰিছিল, আজি তাতে এটা যান্ত্ৰিক লেবৰেটৰী বিৰাজমান৷ ৰেক এখনত বিভিন্ন বটল, কোনোবাটো প্লাষ্টিকৰ কোনোবাটো কাঁচৰ৷ তাতেই আছে পৃথিৱীৰ সমস্ত ৰঙৰ দোকানখন৷ ৰিমঝিম ভাৱটো সামান্য শাম কটাৰ পিছত বাথৰুমটো জৰীপ কৰাত নামি পৰিল বিজয়৷

চেম্পু দুই বটল, দেখিলেই ঘিণ লগা কণ্ডিচনাৰ এবটল, গা ধোৱা চাবোন, হাত ধোৱা চাবোন, চাৰি- পাঁচ ৰকমৰ অদ্ভূত বটল যাৰ কাম কি জানিবলৈ হ'লে চেলেকি চোৱাৰ বাহিৰে অন্য একো উপায় বিজয়ে দেখা নাই৷ তাৰোপৰি ৰেকত আৱিস্কাৰ হ'ল মুখ ধোৱাৰ চাবোন, মুখত সনা কিবা প্যেক, মুখত লগোৱা লোচন, মুখত লগোৱা জেল, মুখত লগোৱা স্ক্ৰাব, মুখত লগোৱা তেল, তাৰোপৰি আৰু মোটোমুটি পইত্ৰিশবিধ নাম নজনা ক্ৰীম৷

মুৰ ঘূৰণি আৰু বমিৰ ভাবটোৰ ৰেশ কাটিছিলহে মাত্ৰ, হঠাৎ এক দৃশ্য দেখি বিজয় ভুলুন্ঠিত হৈ পৰিল৷  বিজয়ৰ সেই কলেজীয়া দিনৰ চাবোনদানীটো আৰু লাইফবয়টুকুৰা ইতিমধ্যে স্থানচ্যুত হৈ অৱস্থান কৰিছে পাইখানাৰ মগটোৰ কাষত৷

দিব্যদৃষ্টিৰে বিজয়ে দেখিবলৈ পালে নিজৰ সুৰক্ষিত সাম্ৰাজ্য আজি মহম্মদ বিন টোগলকৰ আগ্ৰাসী আক্ৰমণৰ কবলত৷ ধুলিসাৎ হৈ পৰিছে সেই গৌৰৱ৷ মহন্ত বংশৰ ঐতিহ্যত যেন কোনোবাই ভেজাল কেৰাচিন ঢালি দিলে৷

খঙে ৰাগে উন্মত্ত বিজয়ে গীজাৰ বন্ধ কৰি বন্ধ দুৱাৰৰ ভিতৰৰ পৰা চিঞৰ লগালে,

-  বাথৰুমৰ এই দশা কিয়?

বিজয়ৰ গমগমীয়া কন্ঠ তেতিয়াওঁ দেৱালত থকা গণেশ হাৰ্ডৱেৰৰ কেলেণ্ডাৰত খুন্দা খাই অন্য দেৱালত থকা মাৰিয়া শ্বাৰাপ'ভাৰ পোষ্টাৰত খুন্দা খাই বতাহত ভাঁহি আছে৷ তেতিয়াই সেইফালৰ পৰা ভাঁহি আহিল এজাক মলয়া বতাহ৷

- কিবা কৈছা সোণটো?

- নাই মানে, হেৰি মানে...বাথৰুমত..."।

- বাথৰুমত কি"?

- মানে কৈ আছিলোঁ যে মোৰ স্কীণখনযে ইম্মান ডাঠ৷ কোনটো ফেইচৱাছ লগালে ভাল হ'ব কোৱানা! প্লিজ!

:হাই-ফাইভ::


ডেচমণ্ড হেইনচ্ ক্ৰীজত৷ ভাৰতীয় বলিং আক্ৰমণক তচ্‌নচ্ কৰি আকৌ এটা অৰ্ধশতকৰ দিশে অগ্ৰসৰ হৈছে৷ কপিলদেৱৰ নতুন অভাৰৰ প্ৰথম ব'লটোতেই এটা দৃষ্টিনন্দন স্কোৱেৰ কাট্, ব'ল বীটচ্ দ্যা ফিল্ডাৰ ফৰ য়েট এনাদাৰ ফ'ৰ৷ অভাৰৰ দ্বিতীয়টো ব'ল, হেইনচ্‌ৰ ক্ৰছ শ্বট্, বল বতাহত৷ শ্ৰীকান্ত বলৰ পিছে পিছে দৌৰিছে, এণ্ড ইটচ্ এ চুপাৰ্ব কেটচ্৷ হেইনচ্ আউট৷ ভাৰতীয় দল আনন্দত আত্মহাৰা৷ সকলো প্লেয়াৰ পথাৰৰ মাজলৈ দৌৰি আহিছে৷ শ্ৰীকান্ত আৰু কপিলদেৱে দুই হাত তুলি উভয়ৰে হাতৰ তলুৱাত জোৰে মাৰি দিলে৷

অলপ ডাঙৰ হ'লো৷ গম পালোঁ তেনেকৈ মৰাটোক "হাই ফাইভ" বোলে৷ আমিওঁ গলিৰ ক্ৰিকেট/ফুটবলত হাই ফাইভ মৰা আৰম্ভ কৰি দিলোঁ৷ আৰু অলপ ডাঙৰ হ'লোঁ, কলেজ পালোঁ৷ এতিয়া ক্ৰিকেট/ ফুটবলৰ বাহিৰেও লগৰবোৰক দেখাদেখি হ'লে হাই ফাইভ এটা মাৰি দিয়াৰ ট্ৰেণ্ড আহিল৷ অমিত, ৰাণাহঁতে মাজে মাজে ছোৱালীৰ লগতো হাই ফাইভ মাৰে৷ গতিকেই আমাৰ বন্ধুমহলত সিহঁতৰ বজাৰ দৰ বহুত ওপৰত৷ হিংসাত জ্বলি পুৰি মৰো, আৰুনো কি কৰিম!

কিবা লিখিবলৈ লৈ তেতিয়াৰ পৰা আকাশ চোপ্ৰাই অপেনিং কৰিবলৈ আহি ষ্টপ কৰি সময় নষ্ট কৰাৰ দৰে কৰি আছো৷ নৃত্যনাটিকা শেষ, আচল কথালৈ আহো৷ ঘটনাটোৰ হিৰ' বেলেগ, মই এনেয়েহে প্ৰথম পুৰুষত লিখি আছো দেই৷

ৰাতিপুৱাই নাথ চাৰৰ টিউচন৷ টোপনিৰ জাল কাটি কোনোমতে হাজিৰ হওঁ৷ চেন্টি, বাবন, পচা, আন্ধাৰ, গুটি আদিৰ সমষ্টিৰে পৃথিৱীৰ চাগে আটাইতকৈ গাধ টিউচন বেট্‌চ্৷ কোনো ৰস পম নথকা এটা টিউচন গ্ৰুপ৷ তাৰ মাজতে নাথ চাৰে এদিন মিহি ডাড়িকোঁচা  মোহাৰি এটা ভাল খবৰ দিলে৷

- অই চোলিহাত, গ'ধ্লা‌ৰ আপীৰ  বেটচ্‌টো কালিৰ পে তুহাৰ লগোত টিউচন কৰব'৷ ঠাণ্ডাৰ দিন, তাহাৰ ৰাতি ঘৰ পাউতে দেৰি হয়৷

সিদিনা ঘৰ যাওঁতে "এক্স হেয়াৰ জেল" এটা কিনি নিছো৷ পিছদিনা "জো জিতা ৱহী চিকন্দৰ"ৰ আমীৰ খানৰ দৰে চাইকেলখন লৈ টিউচনলৈ গৈ আছো৷ চাৰৰ ঘৰ পামেই আৰু, বাকীবোৰ মোতকৈ আগতেই হাজিৰ৷ সকলো ফুলবাবু হৈ গেইটত ৰৈ আছে৷ লগত আছে নিশা৷ আমাৰ সকলোৰে সপোন সুন্দৰী, দিল কী ধড়কন…… আৰু ক'ত যে কি! যেন "কুছ্ কুছ্ হোতা হ্যে"ৰ টিনা আৰু এইফালে আধা ডজন ৰাহুল৷  তুম নহী সমঝোগী!

হাই-ফাইভ! হাই-ফাইভ, মই আৰু নিশা! জীৱনত এনে এটা ক্ষণ আহিছিল যেতিয়া ময়ো অমিত, ৰাণাহঁতৰ দৰে হাই-ফাইভৰ সুযোগ পাইছিলোঁ, নিশাৰ স'তে৷ কিন্তু! জীৱন!

টিউচনৰ পৰা সেইবাৰ আমি পিকনিক খাবলৈ চানডুবিলৈ গৈছিলোঁ৷ সকলো আহি উপস্থিত৷ কেৱল নিশা নাই৷ কি বা হ'ল! মনটো মৰহি গৈছে৷ শেষ মূহুৰ্তত যেনিবা নিশা হাজিৰ হ'ল৷ জীউটো ঘূৰি আহিল৷ পিকনিকৰ বাছখন কিছুদুৰ আগুৱালে, মন কৰিলো নিশাৰ মনটো মৰা৷ ক'ত গ'ল তাইৰ সেই চঞ্চলতা যাৰ বাবে আমি সকলো হোলচেলত পাগল৷  সময়ত গৈ চানডুবি পালোঁ৷ ব্ৰেড, বাটাৰ, জাম, কমলাৰে ব্ৰেকফাষ্ট আৰম্ভ৷ মন কৰিলো তাই একো খোৱা নাই৷ মই আগুৱাই গৈ নিশাক বইল কণী এটা অফাৰ কৰিলোঁ৷ 

- মন নাই৷ তয়েই খা মোৰ ভাগৰটো৷

ইতিমধ্যে দুটা কণী খাইছিলোৱেই৷ তথাপি নিশাৰ কণী, এই সুযোগ আৰু জীৱনলৈ নাহে৷ ডিঙিত সোপা লাগি মৰিবলগীয়া হ'লেওঁ হাঁহি হাঁহি মৰিম৷ মাৰি দিলোঁ গোটে গোটে৷

সেইফালে খৰিয়ে ডিচপোজেবল্ গিলাচ কেইটা হাতত লৈ ৰৈ আছে৷ এতিয়া কোনোৱে নেদেখা ঠাই এটুকুৰা বিচাৰি বহাহে কথা৷ খৰিৰ ইঙ্গিতত যাবলৈ লৈছিলোহে৷ তেতিয়াই,

- শুনচোন৷

- কি?

- অলপ থাকচোন মোৰ লগত৷

নিশাই লগত থাকিবলৈ কৈছে! মাৰ গুলী খৰিক৷ চকুৰেই খৰিক ইঙ্গিত দিলোঁ, "তহঁত গৈ থাক"৷

- ব'লচোন অলপ খোজ কাঢ়ো৷ কথা আছে৷

বুকুখনে চিৰিঙকৈ মাৰিলে৷ তাৰমানে মোৰ প্ৰেম একপক্ষীয় নহয় নেকি? তায়ো? আগুৱাই গৈ আছো, চানডুবিৰ গভীৰলৈ, অৰণ্যৰ বুকু ফালি৷

- তোক মই বিশ্বাস কৰিব পাৰোঁ?

নিশাৰ চকুলৈ চালোঁ৷ ক্ৰন্দণৰত দুটা চকু৷ আস্ মই পাগল হৈ যাম৷

- কি হৈছে তোৰ৷ মই তোৰ বিশ্বাস নাভাঙো৷

- কালি ৰাতি চহৰীয়াৰ দোকানলৈ গৈছিলোঁ৷ পৰ্ক ম'ম' খাবলৈ৷

এই চেনী চহৰীয়াই এইক নিশ্চয় কিবা কৈছে৷ আজি গৈয়েই তপাক দি আছো৷

- কি কৰিলে সি?

- নাই  সি একো কৰা নাই৷ খোৱাৰ পিছৰ পৰা মোৰ পেটটো ঠিক নহয়৷ নাহিমেই বুলি ভাবিছিলোঁ পিকনিকলৈ৷ ব'লচোন অলপ ভিতৰলৈ যাওঁ৷

সেই মূহুৰ্তত কি কোৱা উচিত ভাবি নাপালোঁ৷ খৰিৰ হাতৰ ডিচপোজেবল গিলাচ কেইটা মনলৈ আহিল৷ এতিয়ালৈ শেষেই কৰিলে চাগে৷

অৰণ্যৰ মাজত এজোপা প্ৰকাণ্ড গছ৷

- তই অকণমান ৰ'বি হা৷ কোনোবা আহিলে মাতি দিবি৷

কৈয়েই গছজোপাৰ সিটো পাৰে অদৃশ্য হৈ গ'ল  তাই৷ ৰৈ আছো,মাজে মাজে চোৰাং চিকাৰীৰ আক্ৰমণ বুলি সচকিত হৈ উঠো৷ নাই সকলো ঠিকেই আছে৷ তাইহে!

গছৰ সিপাৰে তাই৷ মই এইপাৰে ৰৈ থকাটো নীতিগতভাৱে শুদ্ধ নে ভুল নাজানোঁ৷ কিছুপৰ তাতে ৰৈ শেষত ওচৰৰে গছ এজোপাৰ শিপাত বহি ভাবিবলৈ ধৰিলোঁ, এই যে নিশাই তাইৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অথচ জটিল সন্ধিক্ষণত মোকেই বাচি ল'লে তাৰে অৰ্থ কি? মোৰ পুৰুষত্বৰ বাবে সেয়া ভাল নে বেয়া? গৰ্ব কৰো নে কপাল থপৰিয়াওঁ? এই ঘটনা  বন্ধুমহলত গৈ শুনোৱাতো গৰ্ব নে অপমানৰ বিষয় হ'ব?

দ্বিধাগ্ৰস্থতাৰ মাজতেই সময়বোৰ উৰি গৈছে৷ নিশাৰ কোনো সাৰসুৰ নাই৷ শেষত ময়েই অধৈৰ্য্য হৈ মাত দিলো৷

- হোৱা নাই?

- হৈছে৷ পানী নাই লগত, কি কৰো?

বেগত এটা এক লিটাৰৰ পানীৰ বটল আছিল৷ দুইঢোক পানী পি বটলটো গছজোপালৈ লক্ষ্য কৰি দলি মাৰি দিলোঁ, বিৰক্তিত৷

- হৈছে৷ বল যাওঁগে৷

নিশাৰ মাতত চমকি উঠিলোঁ৷ পানীৰ বটলটো মোলৈ আগুৱাই দিছে৷ অলপো পানী নাই৷ থকাৰ আশায়েই বা কিয় কৰো৷

- দলিয়াই দে৷ পিকনিকত পানী পামেই, খাবলৈ৷

দুয়ো আগুৱাই গৈ আছো পিকনিকস্থলীলৈ৷ হঠাৎ মন কৰিলোঁ মোৰ অন্যমনস্কতাৰ সুযোগ লৈ নাকটো খুজোৱাৰ চল কৰি বাওঁহাতখন শুঙি চাইছে৷ শেষ! তাইৰ প্ৰতি থকা শেষ আকৰ্ষণখিনিওঁ হয়তো শেষ!

- মায়ে আহিবলৈ মানা কৰিছিল জান৷ কিয়যে আহিলোঁ নহয়৷ তই কাকো নক'বি হা৷ প্লিজ!

মুৰ দুপিয়াই তাইক বুজাই দিলোঁ কাকো নকওঁ৷ মনে মনে তাই নুশুনাকৈ অন্তৰেৰে কলোঁ,

- তই কিয় আহিলি নিশা, মাৰৰ কথা কিয় নুশুনিলি৷ মোৰ মন এনেকৈ ভাঙি দিয়াৰ অধিকাৰ তোক কোনে দিলে অ' নিশা৷

কাকো নকওঁ বুলি প্ৰতিশ্ৰুতি পোৱাৰ পিছত নিশাৰ মুখৰ হাঁহি আকৌ ঘূৰি আহিল৷ পিছমূহুৰ্ততে নিশাই দুই হাত ডাঙি মোৰ সেই বহু আকাংক্ষিত হাই-ফাইভ দিবলৈ আগুৱাই আহিল৷ বহুত ইচ্ছা গৈছিল, কিন্তু সোঁহাতখনে কিয় জানো নামানিলে৷ অগত্যা মোৰ বাওঁহাতখনেৰে তাইৰ সোঁহাতত খুন্দিয়াই "হাই-টু পইন্ট ফাইভ" কৰি সামৰিলোঁ৷

মোক ক্ষমা কৰি দিবি নিশা৷

Sunday, 17 September 2017

সমান্তৰাল

##

গোটেই কথাখিনি মন দি শুনিলে সমুদ্ৰই৷ সমুদ্ৰগুপ্ত দত্ত গুৱাহাটীৰ এজন নামজলা মনোবিজ্ঞানী৷ টেবুলৰ সিপাৰে বহি গোটেই কথাখিনি কৈ কান্দোনত ভাঙি পৰিছে বাসৱী৷ তাইৰ সৈতে একেলগে বহি থকা অতনু তাইৰ তুলনাত অনেক শান্ত, নিৰুত্তাপ৷ কিন্তু মন কৰিলেই বুজা যায়, অত্যন্ত মনোযোগেৰে গোটেইখিনি কথা শুনি আছে অতনুৱে৷ কিছুসময়ৰ নীৰৱতাৰ অন্তত সমুদ্ৰই কথা আৰম্ভ কৰিলে৷

- চাওঁক মেডাম, মই ইয়াত চিন্তাৰ বৰ বিশেষ কাৰণ দেখা নাই৷ চাইক'লজীত, ইন ফেক্ট চাইল্ড চাইক'লজীত এইটো নতুন কথা নহয়৷ বিশেষকৈ আজিৰ যুগত৷ আপোনালোকৰ উদাহৰণেই দিছো, দুয়োজনে চাকৰি কৰে৷ সন্তানৰ ভৱিষ্যতৰ চিন্তা কৰিয়েই দিন ৰাতি একাকাৰ কৰি টাৰগেট, প্ৰমোচনৰ পিছত দৌৰিছে৷ ল'ৰাটো হয়তো কামকৰা ছোৱালী এজনীৰ লগতেই ডাঙৰ হ'ব ধৰিছে৷ সময় কটাবলৈ, খেলিবলৈ তাৰ হয়তো কোনো বিশেষ লগ বন্ধু নাই৷ তাতে এইবাৰ আপোনালোকে তাক নতুন স্কুলত দিলে৷ এনে সময়ত শিশুবোৰ একাকীত্বত ভোগে৷ আৰু সেই একাকীত্বই জন্ম দিয়ে এনে কাল্পনিক চৰিত্ৰৰ৷ সিহঁতে বিশ্বাস কৰিবলৈ ধৰে যে এই চৰিত্ৰবোৰৰ বাস্তৱ অস্তিত্ব আছে, এই চৰিত্ৰবোৰৰ সৈতে কথা পাতিবলৈ লয়, বন্ধুত্ব গঢ় লৈ উঠে৷ 

সমুদ্ৰই কথাখিনি কৈ উঠি বাসৱীলৈ চালে৷ বাসৱীয়ে যেন সমুদ্ৰৰ কথা শেষ হোৱালৈহে ৰৈ আছিল৷

– ইজ ইট এ চাইক'লজিকেল ডিচঅৰ্ডাৰ ডাক্তৰ? মানে অঙ্গদৰ  কোনো মেডিকেল ট্ৰিটমেন্ট…

- না না, একদম না৷ এয়া কোনো মানসিক সমস্যা নহয়৷ এইটো এটা ফেইজ বুলি ধৰক৷ এটা বয়সৰ পিছত অঙ্গদে নিজেই বুজিব এয়া ইমাজিনেৰী ফ্ৰেইণ্ড, বাস্তৱত তাৰ কোনো অস্তিত্বই নাই৷ নতুন স্কুল, লাহে লাহে বন্ধু বান্ধৱ বাঢ়িব, বাস্তৱ জগতত পৰিপক্ক হ'ব… সি নিজেই ঠিক হৈ যাব৷ আপুনি একদম চিন্তা নকৰিব৷ বহুত প্ৰাপ্তবয়স্ক মানুহৰো এনেকুৱা ইমাজিনেৰী ফ্ৰেইণ্ড থাকে৷ তেতিয়া অৱশ্যে কিছুক্ষেত্ৰত ট্ৰিটমেন্ট, কাউন্সেলিং আদিৰ দৰকাৰ হ'ব পাৰে৷ অঙ্গদৰ ক্ষেত্ৰত আপোনালোকে চিন্তা নকৰিব৷  ইমান ভয় কৰিবলগীয়া একো নাই৷ মোৰ নিজৰ ছোৱালীজনীৰ বয়স চাৰি বছৰ৷ তাই পুতলাবোৰৰ নাম দি লৈছে, সিহঁতৰ সৈতে কথা পাতে৷ সিহঁতেওঁ হেনো তাইৰ সৈতে কথা পাতে৷ অঙ্গদৰো তেনেকুৱাই হৈছে৷ অৱশ্যে অঙ্গদৰ ক্ষেত্ৰত কথাখিনি অলপ বেলেগ৷ তাৰ বন্ধুৰ কোনো বাহ্যিক ৰূপ নাই, সম্পূৰ্ণ কল্পনাশক্তিৰে সি এটা কাল্পনিক চৰিত্ৰৰ সৈতে বন্ধু হৈ পৰিছে৷ 

অলপ ইতঃস্তত ভাবে বাসৱীয়ে সুধিলে,

- কিন্তু ডাক্তৰ ক'লা মেকুৰী??

- হ'ব পাৰে৷ ক'লা মেকুৰী মানে কিবা অদ্ভূত বুলি কিয় ভাবি লৈছে? অমংগলীয়া আদি কথা আমি নিজে ভাবি লোৱা৷ বাৰু মেকুৰীটোৰ কথা আৰু অলপ কওঁকচোন, ডিটেইলচত৷ 

- এটা সৰু, ক'লা মেকুৰী৷ তাৰ চকুদুটা বেলেগ বেলেগ ৰঙৰ৷ এটা হালধীয়া, এটা নীলা৷ অঙ্গদে ইমান ধুনীয়াকৈ বৰ্ণনা দিয়ে যে প্ৰথমতে আমি সঁচাকৈ মেকুৰীটো আছে বুলিয়েই ভাবিছিলোঁ৷ কিন্তু তেনে কোনো মেকুৰী আমি ক'তো নেদেখিলোৱেই৷ প্ৰথমে ময়ো সেয়া তাৰ কল্পনা বুলি ধৰি লৈছিলোঁ৷ কিন্তু আজিকালি অঙ্গদে তাৰ কথা লৈয়েই দিনটো ব্যস্ত৷ মেকুৰীটোক গা ধুৱাই দিয়া, মেকুৰীটোৰ সৈতে খেলা, হেৰালে তাক বিছাৰি যোৱা…… এইবোৰ জানো স্বাভাৱিক ডাক্তৰ?

- মই আপোনাক আগতেই ক'লো, স্বাভাৱিক যেন নালাগিলেওঁ শিশুমনত এনে ভাবে দোলা দিয়াটো বহুত ডাঙৰ কথা নহয়৷ তথাপি আমি অঙ্গদক অৱজাৰ্ভ কৰিম৷ অঙ্গদ ভাল হ'ব, আপুনি নিশ্চিন্ত থাকক৷ 

 

ইমানপৰে মনে মনে থকা অতনুৱে এইবাৰ মুখ মেলিলে,

- তেন্তে ডাক্তৰ, চিন্তাৰ ইমান কাৰণ নাই?

- নাই৷ কিন্তু আপোনালোকে তাক মেকুৰীটো যে মিছা কিবা এটা সেয়া এতিয়াই ক'বলৈ নাযাব৷ যেনেকৈ চলিছে চলিবলৈ দিয়ক৷ জোৰ কৰি বুজাবলৈ গ'লে হিতে বিপৰীত হ'ব৷ তাক সময় দিয়ক৷ বুজি পাওঁ, আপোনালোক দুয়ো ব্যস্ত… তথাপি কৈছো৷ অঙ্গদহঁতক বয়সৰ শিশুৰ এয়াই বুদ্ধি, স্মৃতি বিকাশৰ সময়৷ এই সময়খিনিত একাকীত্বই ভৱিষ্যতলৈ সমস্যা সৃষ্টি কৰিব পাৰে৷ 

##

- মা!

- উমম, কোৱা৷

- টুকটুক আকৌ কৰবাত হেৰাই গ'ল মা৷ 

কাইলৈ অফিচত প্ৰেজেন্টেচন আছে৷ লেপটপৰ পৰ্দাৰ পৰা মুৰ তুলি বাসৱীয়ে অঙ্গদলৈ চালে৷ মোলান পৰা মুখখনেৰে অঙ্গদে মাকলৈ চাই আছে৷ এই মুখখন বাসৱীৰ চিনাকী, অথচ তাইৰ সামৰ্থ্য নাই  অঙ্গদক বুজোৱাৰ, এয়াযে সঁচা নহয়৷ অঙ্গদৰ কল্পনা মাত্ৰ৷ 

- টুকটুক ইয়াতেই লুকাই আছে মা৷ বলানা বিছাৰো৷ 

" অলপ ৰৈ দিয়াচোন, সি নিজেই আহিব"- ক'ব খুজিওঁ ৰৈ গ'ল বাসৱী৷ সময় দিব লাগিব অঙ্গদক… সময়! পাৱাৰপইন্ট প্ৰেজেন্টেচনখনে মুখ মেলি ৰৈ থাকিল…

- ব'লা বিছাৰো৷ 

অঙ্গদে বাসৱীক পুৰণা ঘৰটোলৈ টানি আনিলে৷ বিল্ডিঙটো সজাৰ পিছত এই ঘৰটো এতিয়া এনেই পৰি আছে৷ 

- মা, টুকটুক ইয়াতে লুকাই থাকে জানা৷ তুমি এবাৰ বিছাৰি চোৱানা৷

- কিয়? তুমি নোচোৱা কিয়?

- আন্ধাৰ যে! মোৰ ভয় লাগে৷ 

- ব'লা আজি দুয়ো বিছাৰিম!

বাসৱীয়ে লাহেকৈ দুৱাৰখন খুলিলে৷ অন্ধকাৰ, অদ্ভূত গোন্ধৰ সংমিশ্ৰণ এটাই খেলি গ'ল৷ চুইচবোৰ্ডখন খেপিয়াবলৈ লওঁতেই চমকি উঠিল বাসৱী৷ 

পুৰণি আলমাৰীটোৰ ওপৰত দুটা উজ্বল কিবা৷ এটা হালধীয়া, এটা নীলা!!

বাল্বটো জ্বলায় দিয়াৰ লগে লগে একো নাই৷ একোৱেই নাই৷ 

- মা ব'লা টুকটুক ইযাত নাই৷ 

কি বা!! এক অস্বস্তি!!

## 

- ডাক্তৰ সমুদ্ৰ, অতনুৱে কৈছিলোঁ৷

- হয় হয়, কওঁক৷ 

- আপুনি সঁচাকৈ কি ভাবে কওঁকচোন৷ বৰ অশান্তিত ভুগিছো মই৷ 

- অতনু ডাঙৰীয়া, মই আপোনাৰ সতে ভালকৈ বহিম৷ এইবোৰ কথা ফোনত নহয়৷ আপুনি এদিন ইয়ালৈ আহক৷ ফোন কৰি আহিব৷ 

- ঠিক আছে৷ 

## 

- মা৷

- কোৱা৷

- টুকটুক আকৌ হেৰাইছে৷

- হয় নেকি? ব'লা আমি বিছাৰিম৷ 

- ব'লা৷ 

দুয়ো মিলি টুকটুকক বিছৰাত লাগিল৷ অঙ্গদ আগে আগে৷

-  এটা কথা কোৱাচোন৷ টুকটুক কিমান দিনৰ পৰা তোমাৰ লগত আছো৷

- মই দেখোন তোমাক কৈছিলোৱেই৷ তুমি মনেই নিদিলা চাগে৷

- মই আজিকালি বৰকৈ কথা পাহৰো অ'৷ আকৌ এবাৰ কোৱাচোন৷ 

- নাই নকওঁ, বেয়া পাইছো তোমাক৷ 

- বেয়া নাপাবাচোন৷ তুমি নক'লে দেখোন আমি টুকটুকৰ ঘৰ অহা এবছৰ চেলিব্ৰেট কৰিবই নোৱাৰিম৷ মই এটা ডাঙৰ কেক আনি চেলিব্ৰেট কৰিম বুলি ভাবি আছিলোঁ৷ 

অঙ্গদৰ চকুৱে মুখে উৎসাহৰ চিন স্পষ্ট৷ 

- সঁচাকৈ মা??

- একদম সঁচা৷ এতিয়া মোক কোৱা, টুকটুক কেতিয়াৰ পৰা ইয়াত আছে৷ 

- আমি যে আইভী মাহীৰ ঘৰলৈ যাওঁতে মেকুৰীৰ পোৱালি হৈছিল তোমাৰ মনত আছে?

- অ' আছে৷

- তাৰে এটা পোৱালিৰ লগত মোৰ দোস্তি হৈ গেছিল৷ তুমি যে কৈছিলা মেকুৰীয়ে চিন ৰাখিব পাৰে, মনত আছে৷

- অ' আছে৷

- টুকুটুকেওঁ মোৰ চিন ৰাখি থ'লে৷ এদিন বৰষুণত তিতি তিতি সি আমাৰ ঘৰ আহি ওলাইছে৷ 

এটা হুমুনিয়াহ কাঢ়িলে বাসৱীয়ে৷ আইভী থাকে দিল্লীত৷ বাসৱীহঁত গুৱাহাটীত৷ 

## 

- আহক, অতনু ডাঙৰীয়া৷ 

- অলপ পলম হ'ল ডাক্তৰ৷ বেয়া নাপাব, কওঁকচোন মাতি পঠিয়ালে যে৷ 

সমুদ্ৰ গম্ভীৰ হৈ বহি আছে৷ কিছুসময়ৰ নীৰবতাৰ অন্তত সমুদ্ৰই আৰম্ভ কৰিলে৷

- আপোনাক খোলাকৈ কৈছো৷ কেচটোত মই এতিয়া কনফিডেঞ্চ ফীল কৰা নাই৷ মানুহৰ মন, ডাক্তৰৰ কথা বাদেই দিয়ক, সেই ব্যক্তিজনে কেতিয়াবা নিজেওঁ ধৰিব নোৱাৰে৷ তথাপি মই কথা দিছো, মই এই কেচটো স্পেচিয়েলী লৈছো৷ যিমান পাৰো যুজিম৷ কিন্তু পেচেন্টৰ একো উন্নতিয়েই দেখা নাই৷ ক'ব টান পাইছো, মই লাহে লাহে নিজেই হতাশ হৈ পৰিছো৷ 

- এটা কথা সোধো ডাক্তৰ?

- নিশ্চয়৷

- সমস্যাটো ঠিক নহ'লে পিছলৈ কি হ'ব পাৰে?

- এনেকৈ কোৱা দিগদাৰ৷ আগতেওঁ কৈছো, সময় দিয়ক৷ মই লাগি আছো, বাহিৰৰ এক্সপাৰ্টৰ সৈতে যোগাযোগো কৰিছো৷

- চিধাচিধি ক'লে এয়া পাগল হোৱাৰ লক্ষণ?

- নহয়, পাগলামী বুলিলে ভুল হ'ব৷ ৰোগীৰ কথা বাৰ্তা, দৈনন্দিন জীৱন সকলোঁ স্বাভাৱিক৷ কেৱল সেই এটা ভ্ৰান্ত ধাৰণা… সেই কাল্পনিক চৰিত্ৰ… তাক লৈয়েই গোটেই চিন্তা ভাৱনা, কথাবাৰ্তা, পৃথিৱীখন৷ 

অতনুৰ চকু সেমেকি উঠিছে৷ 

- মই পৰা নাই৷ সদায় চকুৰ সন্মুখত এই দৃশ্য৷ মই দুৰ্বল হৈ পৰিলেওঁ ঘৰত প্ৰকাশ কৰিব নোৱাৰো৷ মই পৰা নাই ডাক্তৰ৷

সমুদ্ৰই কিবা ক'বলৈ গৈ ৰৈ গ'ল৷ 

অতনুৱে বিৰবিৰাই কৈ গৈছে…

- মই পৰা নাই ডাক্তৰ… নোৱাৰিছো অভিনয় কৰিব৷ মই কেনেকৈ বাসৱীক ক'ম এয়া যে এক ভাল নোহোৱা বেমাৰ? কেনেকৈ বাসৱীক ক'ম যে অঙ্গদ বুলি আমাৰ কোনো নাই, কেতিয়াওঁ নাছিলেই!

Sunday, 13 August 2017

দ্ৰোণ পৰ্ব

চাৰিওফালে তয়াময়া যুঁজ!!

অৱশ্যেই একপক্ষীয়৷ গুৰু দ্ৰোণ ফুল ফৰ্মত৷ এফালৰপৰা পাণ্ডৱ সৈন্য চাফা কৰি গৈ আছে৷ একেবাৰে "কালা হিট" এটা লৈ বেডৰুমত তাণ্ডৱ চলোৱা এটিটিউট্৷

অৱস্থা দেখি নকুলে কাষৰ ফাৰ্মাছীখনলৈ দৌৰ দিলে, কেইটামান লম'ফেন সোনকালে আনি থৈ দিয়াই ভাল হ'ব৷ সহদেৱে সেই তেতিয়াতেই লাইটাৰ আনিম বুলি যি শিবিৰলৈ খোজ ল'লে, এতিয়ালৈ পাত্তা নাই৷ ভীমৰো কৰিবলৈ বিশেষ কাম নাই৷ গদাৰ মুঠিটোৰে পিঠি খজুৱাই বহি আছে৷ এইফালে আউট্  অফ চিলেবাচ প্ৰশ্ন দেখি অৰ্জুন কৃষ্ণৰ ওপৰত গৰম৷  " ##, মই জানিছিলোৱেই এই কেচ হ'ব৷ সেইবাবেই আৰম্ভণিতে ফান্দা মাৰি ৱাক অভাৰ দি পলোৱাৰ ধাণ্ডা  কৰিছিলো৷ এইজনা আকৌ ওলাল গীতাগিৰি কৰিবলৈ৷ এতিয়া কেইচ্ দেখি চুপ হৈ বহি আছে৷"

যুধিস্থিৰৰো মুখৰ মাত নাই৷ যুদ্ধুক্ষেত্ৰৰ দক্ষিণ কোণত অকলে বহি লৈ এডাল্ট জোকচৰ কিতাপ পঢ়ি নাৰ্ভাচনেচ্ কমোৱাৰ চেষ্টাত ব্ৰতী৷

কৃষ্ণই দেখিলে কিবা এটা নকৰিলে বিপদ আছে৷ টীম ইণ্ডিয়াৰ দৰে পঞ্চ পাণ্ডৱক লৈ হাডল্ কৰি ষ্ট্ৰেটেজীৰ সন্ধানত নামি পৰিল কৃষ্ণ, সহদেৱৰ পিছে তেতিয়ালৈ ঘুৰি অহাৰ নাম নাই৷ শেষত গৈ এটাই ৰাস্তা ভাবি পোৱা গ'ল-
" আউট্ অফ বক্স চলিউচন্"

নকুলে মিহিকৈ অফাৰ দিলে, "সহদেৱে খুউব ভাল আউট অফ দা বক্স ভাবিব পাৰে৷ মই এটা কাম কৰো, শিবিৰলৈ গৈ তাৰ লগত বহি আউট অফ শিবিৰ কিবা ভাবি পাওঁ নেকি চেষ্টা কৰো৷

যুধিস্থিৰে মাত দিলে, "এইকেইদিন নতুন অনলাইন ৰামিৰ গেইম এটা ডাউনলোড কৰি খেলি আছো, এক্সপাৰ্টাইজো আহিছে ভালেখিনি৷ দুৰ্যোধনক চেলেঞ্জ কৰি দিম নেকি"?

" কিন্তু এই আউট অফ বক্সৰ বাকচটো ক'ত ভাইলোগ? তেতিয়াৰ পৰা বিচাৰি আছো" - বেকগ্ৰাউণ্ডত ভীমৰ মাত৷

পাণ্ডৱৰ পাৰফ'ৰমেঞ্চ দেখি অগত্যা কৃষ্ণ নিজেই আউট অফ বক্স চলিউচন ভবাত ব্যস্ত হ'ল৷ সত্যবাদী  যুধিস্থিৰে মিছা মাতিলেই গুৰু দ্ৰোণৰ পিলাই চমকি যাব, সেই সুযোগতে দ্ৰোণক দুৰ্বল কৰি কাম হাঁচিল কৰাৰ সোণালী সুঁযোগ৷ মিছা মাতিব লাগিব বাবে যুধিস্থিৰে অলপ আপত্তি দৰ্শাইছিল, পিছে আইডিয়েলিজমতকৈ ৰাজসিংহাসনৰ ৰেভিনিউ বেছি দেখি পিছত সুৰসুৰকৈ মান্তি হ'ল৷

কৃষ্ণই যুধিস্থিৰৰ কাণে কাণে মিছা কোৱাৰ প্লেন A আৰু প্লেন B বুজাই দিলে৷

প্লেনমতে কাম৷ দ্ৰোণক দেখাৰ লগে লগেই যুধিস্থিৰে প্লেন A ফায়াৰ কৰিলে, "অশ্বত্থামা হত, বিপ বিপ"। শুনিয়েই দ্ৰোণ থমকি ৰ'ল৷ যুধিস্থিৰৰ ফালে লাহেকৈ  চাই মাত দিলে, " আহ, ভেৰী ভেৰী চেড্, ৰহ তঁহতক এইবাৰ ডাবল ড'জ দি আছো"৷

ভয়ত যুধিস্থিৰৰ কেৱল সৰুপানী চুবলৈ বাকী৷ কোনোমতে মৰণত শৰণ দি প্লেন B এৰি দিলে, "আই  হেভ ৰেড্ অল দ্যা অফাৰ ডকুমেন্টছ্ কেয়াৰফুলি বিফোৰ ইনভেষ্টিং"৷

ধৰ্মৰাজৰ মুখত এনে গোকোট মিছা শুনি অসহায় বোধ কৰিলে দ্ৰোণে৷ চাৰিওঁফালে ধুৱলী কুঁৱলী দেখিলে৷ নিজকে চম্ভালিব নোৱাৰি ভূ লুন্ঠিত হৈ পৰিল গুৰু দ্ৰোণ৷ বাকী ৰৈ যোৱা কামখিনি ধৃষ্টদ্যুম্নই অতি সহজতে সমাধা কৰি ল'লে৷

গোটেই কথাখিনি বহলাই লিখি ব্যাসদেৱক এটা দীঘলীয়া হোৱাটচএপ্ এৰিলে ধৰ্মৰাজে৷ ব্যাসদেৱে মেছেজটো পঢ়াৰ আগতেই আৰু এটা মেছেজ এৰিলে,

- দাদা, প্লেন Bৰ ৰেফাৰেঞ্চটো মেইন স্ক্ৰিপ্টত নাৰাখিলে বেছি ভাল লাগিব নেকি? নে কি কয়"?